______________________________
আবূ হুৰায়ৰা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত। আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
যি ব্যক্তিয়ে এশ বাৰ এই দু’আটি পঢ়িব-
لاَإِلَهَ إِلاَّ اللهُ وَحْدَهُ لاَشَرِيْكَ لَهُ ؛ لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ وَهُوَعَلىكُلِّ شَيْءٍ قَدِيْرٌ
“লা ইলাহা ইল্লাল্লাহু ওৱাহদাহু লা শ্বাৰীকালাহু লাহুল মুলকু ওৱা লাহুল হামদু ওৱা হুৱা ‘আলা কুল্লি শ্বাইয়িন ক্কাদীৰ”
অর্থঃ আল্লাহৰ বাহিৰে প্রকৃত কোনো ইলাহ নাই, তেওঁ একক, তেওঁৰ কোনো শ্বৰীক নাই; ৰাজত্ব একমাত্র তেওঁৰেই, সকলো প্রশংসাও একমাত্র তেওঁৰেই কাৰণে, আৰু তেওঁ সকলো বিষয়ৰ ওপৰত ক্ষমতাৱান।
১- তেনেহ’লে দহটা গোলাম আযাদ কৰাৰ সমান ছওৱাব তাৰ হ’ব।
২- তাৰ কাৰণে এশটা ছওৱাব লিখা হ’ব আৰু
৩- এশটা গুনাহ মচি পেলোৱা হ’ব।
৪- সেইদিনা সন্ধিয়ালৈকে সি শ্বয়তানৰ ওচৰৰ পৰা মাহফুজ থাকিব।
৫- কোনো লোকে তাতকৈ উত্তম ছওৱাবৰ কাম কৰিব নোৱাৰিব। কিন্তু পাৰিব, সেই ব্যক্তি সক্ষম হ’ব, যিয়ে ইয়াতকৈ সেই দু’আটিৰ আমল অধিক পৰিমাণে কৰিব।
[ছহীহ বুখাৰী, পর্ব ৫৯ : সৃষ্টিৰ সূচনা, অধ্যায় ১১, হাঃ ৩২৯৩ ; ছহীহ মুছলিম, পর্ব ৪৮ :আল্লাহ তা’আলাৰ যিকিৰৰ প্রতি উৎসাহ প্রদান, অধ্যায় ১০, হাঃ ২৬৯১]
✍✍✍…, জুবাইৰ ৰহমান