সতৰ্কবাণী — ছালাত/নামাজ ত্যাগকাৰী সকল বা ছালাত/নামাজৰ হিফাজত নকৰা সকলৰ হাচৰ কাৰ লগত হব :-

⭕⭕ সতৰ্কবাণী ⭕⭕

ৰাছুলুল্লাহ  (ছাঃ) কৈছে ,  ,… ‘যি  ব্যক্তিয়ে  ছালাত (নামাজ) ৰ  হিফাজত নকৰিলে  …সেই  ব্যক্তি ক্বিয়ামতৰ  দিন ক্বাৰূণ, ফেৰাঊন, হামান আৰু  উবাই বিন খালাফৰ  লগতে থাকিব’।
( আহমদ হা /৬৫৭৬ হাচান , দাৰেমী হা/২৭২১ চহীহ )
ছালাত (নামাজ) ৰ  হিফাজত কৰাৰ  অর্থ ৰূকূ-চিজদা ইত্যাদি ফৰজ আৰু চুন্নাত সমূহ সঠিকভাবে আৰু  গভীৰ মনোযোগ সহকাৰে  আদায় কৰা ।
[ মোল্লা আলী ক্বাৰী হানাফী , মিৰক্বাতুল মাফাতীহ শ্বাৰহ মিচকাতুল মাচাবীহ ( দিল্লী :তাবি ) ২/১১৮ পৃ: ]
 উক্ত হাদীছৰ ব্যাখ্যাত  হাফিজ  ইবনুল ক্বাইয়িম (৬৯১-৭৫১ হিঃ) ক’লে ,
(১) যি ব্যক্তি  অর্থ-সম্পদৰ  মোহত  ছালাত (নামাজ) ৰ পৰা দূৰত থাকে, তাৰ  হাচৰ  হব মূচা  (আঃ)-ৰ খুৰাৰ লৰা বখীল ( কৃপণ)  ধনকুবেৰ  ক্বাৰূণ-ৰ লগত।

 (২) ৰাষ্ট্রীয় বা ৰাজনৈতিক ব্যস্ততাৰ অজুহাতত যি ব্যক্তি ছালাত (ছালাত) ৰ পৰা গাফিল  থাকে, তাৰ  হাচৰ  হব মিচৰৰ  অত্যাচাৰী  শাসক ফেৰাঊনেৰ লগত  ।
(৩) মন্ত্রীত্ব বা চাকৰিগত কাৰণত  যি ব্যক্তি  ছালাত (ছালাত ) ৰ পৰা গাফিল  থাকে, তাৰ হাচৰ  হব ফেৰঊনৰ  প্রধানমন্ত্রী হামান-ৰ লগত
 ।
 (৪) ব্যবসায়িক ব্যস্ততাৰ  অজুহাতত যি ব্যক্তি ছালাত (নামাজ) ৰ পৰা  গাফিল  থাকে, তাৰ  হাচৰ  হব মক্কাৰ কাফিৰ  ব্যবসায়ী নেতা উবাই বিন খালাফৰ লগত ।
[ ইবনুল ক্বাইয়িম ,  ‘ আছ- ছালাত ওৱা হুক্মু তাৰিকিহা ‘ ( বৈৰূত : দাৰ ইবনু হযম , ১ম সংস্কৰণ ১৪১৬/১৯৯৬ ) পৃ:৬৩; চাইয়িদ চাবিক্ব , ফিক্বহুচ চুন্নাহ , ( কায়ৰো : ১৪১২/১৯৯২) , ১/৭২]

 মন কৰিবলগীয়া যে  ক্বিয়ামতৰ  দিন কাফিৰ  নেতাসকলৰ লগতে  হাচৰ হোৱাৰ  অর্থই হ’ল জাহান্নামবাসী হোৱা। যদিও সি  দুনিয়াত এজন মুছল্লী আছিল। গতিকে কেৱল ছালাত ( নামাজ )  তৰক ( পৰিত্যাগ ) কৰাই নহয় বৰং  ছালাত (নামাজ) ৰ হিফাজত  বা ৰূকূ-চিজদা সঠিকভাবে আদায় নহ’লেও জাহান্নামী  হব লাগিব ।

 (আল্লাহে  আমালোকক ৰক্ষা কৰক । আমীন!)।

Leave a comment