চকুৰ পলকতে ফাজাইলে আমাল : পৃষ্ঠাবোৰ মিলাই চাব

চকুৰ পলকতে ফাজাইলে আমাল : পৃষ্ঠাবোৰ মিলাই চাব

১. আহমদ বিন হাম্বল (ৰঃ) এ আল্লাহক সপোনত দেখা পাইছিল । (ফজ্বাইলে কোৰআন , পৃষ্ঠা নং ১৪৯)

২. ছাবিত (ৰঃ) এ মৃত্যুৰ পিছত কবৰৰ ভিতৰত থিয় হৈ নামাজ পঢ়ি আছিল । দাফন কৰি থকা অৱস্থাত সেই দৃশ্য দেখিছিল হজৰত আবু চিনানে । (ফজ্বাইলে নামাজ, পৃষ্ঠা নং ৮১)

৩. হজৰত আব্দুৰ ৰহমানৰ লগত দুজন ফৰিশ্বতাই কথা পাতিছিল । (ফজ্বাইলে নামাজ , পৃষ্ঠা নং ১০)

৪. মুহাম্মাদ (ছঃ) এ আল্লাহক অতি সুন্দৰ ছুৰতত দৰ্শন কৰিছিল । (ফজ্বাইলে নামাজ ,পৃষ্ঠা নং ৪০)

৫. শ্বেখ আব্বুল ওৱাহিদে এজনী সুন্দৰীক সপোনত দেখা পাইছিল । তেওঁৰ ভৰিৰ জোতাযোৰে তচবীহ পাঠ কৰি আছে । সুন্দৰীজনীয়ে আব্দুৰ ৰহমানক কলে, তুমি মোক পাবৰ কাৰণে চেষ্টা কৰা, ময়ো তোমাক পোৱাৰ চেষ্টা কৰিছো । (ফজ্বাইলে নামাজ ,পৃষ্ঠা নং ৭৪)

৬. এজন চৈয়দ চাহাবে ১২ দিনলৈ এক অজুৰে সকলো নামাজ পঢ়িছিল । (ফজ্বাইলে নামাজ, পৃষ্ঠা নং ৭৮)

৭. হজৰত চয়ীদ বিন জুবাইৰে এক ৰাকাত নামাজত এক খতম কোৰআন শ্বৰীফ পঢ়িছিল । (ফজ্বাইলে নামাজ ,পৃষ্ঠা নং ৮০)

৮. হজৰত বাকী বিন মুখলদ (ৰঃ) এ সদায় তাহাজ্জুদ আৰু বিতিৰ ১৩ ৰাকাত নামাজত এক খতম কোৰআন পঢ়িছিল (ফজ্বাইলে নামাজ, পৃষ্ঠা নং ৮১)

৯. ৪০ জন তাবিয়িনে ৪০ বছৰ ঈশ্বা নামাজৰ অজুৰে ফজৰৰ নামাজ পঢ়িছিল । (ফজ্বাইলে নামাজ, পৃষ্ঠা নং ৮২)
১০. ছুফীসকলে কৈছে, নামাজত ১২ হাজাৰ বস্তু আছে । (ফজ্বাইলে নামাজ ,পৃষ্ঠা নং ৯৬)

১১. হজৰত যয়নুল আবদীন (ৰঃ) এ সদায় ১,০০০ ৰাকাত নামাজ পঢ়িছিল ।(ফজ্বাইলে নামাজ ,পৃষ্ঠা নং ১০০)
১২. হজৰত ওৱাইচ ক্কৰনীয়ে কেতিয়াবা ৰুকুৰ অৱস্থাত, কেতিয়াবা চিজদাহৰ অৱস্থাত গোটেই ৰাতি কটাই দিছিল ।  (ফজ্বাইলে নামাজ ,পৃষ্ঠা নং ১০১)

১৩. উছমান (ৰাঃ) এ বিতিৰ এক ৰাকাত নামাজত এক খতম কোৰআন শ্বৰীফ পঢ়িছিল । আৰু হজৰত চয়ীদ বিন জুবাইৰে দুই ৰাকাত নামাজত এক খতম কোৰআন শ্বৰীফ পঢ়িছিল । (ফজ্বাইলে কোৰআন , পৃষ্ঠা নং ১৬৩)

১৪. মনছুৰ ইবনে জায়ান (ৰঃ) এ চাশ্বতৰ নামাজত এক খতম আৰু জোহৰৰ পৰা আচাৰলৈ থকা মাজৰ সময়চোৱাত এক খতম কোৰআন পঢ়িছিল । (ফজ্বাইলে কোৰআন ,পৃষ্ঠা নং ১৬৩)

১৫. আবু হানিফা (ৰঃ) এ ৰমজান মাহত ৬১ বাৰ কোৰআন খতম কৰিছিল । (ফজ্বাইলে কোৰআন , পৃষ্ঠা নং ১৬৪)

১৬. বাহ্যিক প্ৰেমত কোনোবাই যদি তাৰ প্ৰেমিকাৰ সুন্দৰ হাত বা চেহেৰা দেখিবলৈ পায়, তেন্তে অধিক মুহব্বত সৃষ্টিৰ বাবে সি শৰীৰৰ বাকী অংগসমূহ দেখিবলৈ উদগ্ৰীৱ হৈ পৰে ।…. (ফজ্বাইলে কোৰআন,  পৃষ্ঠা নং ১৮৩)

১৭. ইয়াহইয়াৰ মৃত্যুৰ পিছত কোনোবাই সপোনযোগে তেওঁক সুধিছিল যে, আপুনি কেনে আছে? উত্তৰত তেওঁ কৈছিল- চুফিয়ানৰ দোৱাৰ বৰ্কতত মোক মাগ্বফিৰাত কৰি দিয়া হৈছে । (ফজ্বাইলে ৰমজ্বান , পৃষ্ঠা নং ২০৮)

১৮. আবু হানিফা (ৰঃ) এ  ৪০ বছৰ ধৰি ঈশ্বা নামাজৰ
 অজুৰে ফজৰৰ নামাজ পঢ়িছিল । (ফজ্বাইলে ৰমজ্বান , পৃষ্ঠা ২৪৫)

১৯. হজৰত জুনাইদে শ্বয়তানক সম্পূৰ্ণ উলংগ অৱস্থাত সপোনত দেখিছিল । (ফজ্বাইলে জিকিৰ , পৃষ্ঠা নং ৬০৫)

২০. জিকিৰ এজোপা বৃক্ষ স্বৰূপ, তাত মাৰিফাতৰ ফল লাগি থাকে । (ফজ্বাইলে জিকিৰ, পৃষ্ঠা নং ৬১৬)

২১. মুহাম্মাদ (ছঃ) এ কাফিৰৰ বাবে চুপাৰিশ্ব কৰিব । (ফজ্বাইলে জিকিৰ, পৃষ্ঠা নং ৬৩৭)

২২. ক্কৰতবীৰ লগত এজন যুৱকে খানা খাই আছিল । তেনেতে যুৱকজনে ক্কৰতবীক চিঞৰ মাৰি কলে, মোৰ মা দোজোখত জ্বলি আছে । যুৱকজনৰ অৱস্থা দেখি ক্কৰতবীয়ে মনে মনে মাকৰ কবৰলৈ ৭০ হাজাৰ জিকিৰৰ এটি কোৰ্চ বখশ্বী দিলে । হঠাৎ যুৱকজনে কলে, চাচাজান মোৰ মায়ে দোজোখৰ শাস্তিৰ পৰা মুক্তি পালে । (ফজ্বাইলে জিকিৰ ,পৃষ্ঠা নং ৬৫২)

২৩. মাংসৰ তৰকাৰীয়ে তছবিহ পাঠ কৰে । (ফজ্বাইলে জিকিৰ , পৃষ্ঠা নং ৭২৮)

২৮. কোনোবাই অজু কৰি থাকিলে আবু হানিফা (ৰঃ) এ সেই অজুৰ পানীৰ দ্বাৰাই জানিছিল তেওঁ কোন ধৰণৰ পাপ কৰিছে । (ফজ্বাইলে জিকিৰ , পৃষ্ঠা নং ৭২৯)

২৯. কোনোবা এজনে বহুদিনলৈ পেচাব-পায়খানা কৰা নাছিল, কাৰণ তেওঁ প্ৰত্যেক ঠাইতে নুৰ দেখা পাইছিল । (মানে পেচাব-পায়খানাতো) (ফজ্বাইলে জিকিৰ , পৃষ্ঠা নং ৭২৯)

৩০. এজন বুজুৰ্গৰ সম্মুখত ৩০ বছৰ ধৰি জান্নাত সুসজ্জিত হৈ সদায় হাজিৰ হৈছিল । (ফজ্বাইলে জিকিৰ , পৃষ্ঠা নং ৭৪২)  ।
 
      ওপৰত আপোনালোকৰ বিবেচনাৰ অৰ্থে ফাজাইলে আমালৰ কিছু সংখ্যক তথ্য উপস্থাপন কৰিলোঁ । সিদ্ধান্ত আপোনালোকৰ ।

✍✍.. Nurul Hoque

Leave a comment