যি কর্ম বা বিশ্বাস ৰাছূলুল্লাহ ছাঃ আৰু তাৰ চাহাবী সকলে দ্বীন বা ইবাদত হিচাবে পালন কৰা নাই তাক দ্বীন, ইবাদত বা চওৱাবৰ কর্ম বুলি ভবা বিদ‘আত। ইয়াত সংক্ষেপে বিদআতৰ কিছু বৈশিষ্ট্য উল্লেখ কৰিছোঁ।
(ক) বিদআত একান্তই ধার্মিকসকলৰ পাপ। ধার্মিক বাদে অইন কোনোৱেই বিদআতত লিপ্ত নহয়। বিদআতেই একমাত্র পাপ যি মানুহে পুণ্য বুলি ভাবি পালন কৰে।
(খ) কোনো কর্ম বিদআত বুলি গণ্য হোৱাৰ চর্ত তাক ইবাদত বুলি ভবা। যেনে এজন মানুহে থিয় হৈ, জপিয়াই বা নর্তন কুর্দন কৰি যিকৰ বা দৰুদ-চালাম পঢ়ে। এনেদৰে থিয় হোৱা, জপিওৱা বা নর্তন কুর্দন কৰা শৰীয়তত মূলত নিষিদ্ধ নহয়। কোনোবাই যদি জাগতিক কাৰণত এনে কৰে সেয়া পাপ নহয়। থিয় হৈ থকা বা নর্তন কুর্দনৰ সময়ত যিকৰ বা দৰুদ-চালাম পাঠ পাপ নহয়। দৰুদ-চালাম বা যিকৰৰ সময়ত কোনো কাৰণত বা অনিয়ন্ত্রিত আবেগত থিয় হোৱা বা জপিওৱা পাপ নহয়। কিন্তু যেতিয়া কোনোবাই ‘থিয় হোৱা’, ‘জপিওৱা’ বা ‘নর্তন-কুর্দন’-ক দ্বীন, ইবাদত বা ইবাদতৰ অংশ হিচাবে বিশ্বাস কৰিব তেতিয়া সেয়া বিদআতত পৰিণত হব।
ইবাদত হিচাবে বিশ্বাস কৰাৰ অৰ্থ: (১) যিকৰ বা দৰুদ-চালাম থিয় হোৱা বা জপিওৱা অবিহনে পালন কৰাতকৈ থিয় হৈ বা জপিয়াই পালন কৰা উত্তম, অধিক আদব, অধিক চওৱাব বা অধিক বৰকত বুলি ভবা বা (২) থিয় হোৱা বা জপিওৱা অবিহনে যিকৰ বা দৰুদ-চালাম পালন কৰোতে অস্বস্তি অনুভব কৰাৰ কাৰণে এই পদ্ধতিত এইবোৰ ইবাদত পালনক ৰীতিত পৰিণত কৰা।
(গ) সাধাৰণভাবে বিদআতক পাপ বুলি বুজা নাযায়; কাৰণ অধিকাংশ ক্ষেত্রতেই কর্মটি ইছলামত নিষিদ্ধ নহয়। তাক ইবাদত বনাই লোৱা বা ইবাদত বুলি বিশ্বাস কৰাই পাপ। বহু সময়ত শৰীয়ত নিষিদ্ধ কর্মও বিদআতত পৰিণত হয়। যেনে মদপান, ব্যভিচাৰ, গানবাদ্য, আল্লাহক বাদে অইনক চিজদা কৰা, কবৰ পকা কৰা, কবৰত অগ্নি প্ৰজ্বলন কৰা ইত্যাদি। কোনোবাই যদি সাধাৰণভাবে মদপান, ব্যভিচাৰ, গানবাদ্য ইত্যাদি কৰে তেন্তে সেয়া হাৰাম। আৰু যদি কোনোবাই এইবোৰ কর্মক ইবাদত বা আল্লাহৰ নৈকট্য লাভৰ কর্ম হিচাবে পালন কৰে সেয়া হাৰাম আৰু বিদআত। বাস্তবতে বহু ফকীৰ, মাৰফতী বা ছূফী নামধাৰী ব্যক্তি ধর্ম বা ইবাদতৰ নামত এনে মহাপাপত লিপ্ত হয়।
(ঘ) বিদআতৰ পাপ কেইবা পর্যায়ৰ: (১) ই প্রত্যাখ্যাত। অর্থাৎ এই কর্ম আল্লাহই কবুল নকৰে আৰু ইয়াৰ বাবে চওৱাবো নহয়। (২) ই বিভ্রান্তি। কাৰণ তেও জানি বা নাজানি ৰাছূলুল্লাহ ছাঃ আৰু চাহাবী সকলৰ ইবাদতক অপূর্ণ বুলি ভাবে। (৩) বিদআত অন্যান্য ইবাদত কবুল হোৱাৰ প্রতিবন্ধক। (৪) গানবাদ্য, মদপান, কবৰ চিজদা ইত্যাদি মহাপাপকে ইবাদতৰ লগত সংযুক্ত কৰিলে তাৰ বাবে এইবোৰ মহাপাপৰ শাস্তি আৰু বিদআতৰ শাস্তিৰ লগতে ঈমান বিনষ্ট হোৱাৰ সমূহ সম্ভাবনা থাকে।
(ঙ) বিদআতৰ সকলোতকৈ ভয়ঙ্কৰ দিশ সেয়া ছুন্নাতৰ প্রতি অৱজ্ঞা সৃষ্টি কৰে। বিদআতত লিপ্ত ব্যক্তি নিজেকে ছুন্নী বা আহলূছ ছুন্নাত বুলি ভাবে। যি ছুন্নাতবোৰ তাৰ বিদআতৰ প্রতিপক্ষ নহয় সেইবোৰ তেও পালন বা মহব্বত কৰে। কিন্তু তাৰ পালিত বিদআত সংশ্লিষ্ট ছুন্নাতক তেও গ্রহণ কৰিব নোৱাৰে।
এপৰৰ উদাহৰণটো বিবেচনা কৰক। যি ব্যক্তিয়ে থিয় হৈ বা জপিয়াই যিকৰ বা ছালাম পালন কৰিছে তেও স্বীকাৰ কৰিব যে, ৰাছূলুল্লাহ ছাঃ বা সাহাবী সকলে থিয় হৈ বা জপিয়াই যিকৰ, দৰুদ বা ছালাম পালন কৰিছিল বা কৰিবলৈ উৎসাহ দিছিল বুলি তেও কতো দেখা নাই। তেও স্বীকাৰ কৰিব যে, ৰাছূলুল্লাহ ছাঃ আৰু চাহাবী সকলে বহি-বহি যিকৰ, দৰুদ আৰু ছালাম পাঠ কৰিছিল বুলি তেও বহু হাদীছৰ পৰা জানিছে। তাৰ পিছতো তেও বহি যিকৰ বা দৰুদ-চালাম পালনত অস্বস্তিবোধ কৰিব। বিভিন্ন ‘দলীল’ দি এইবোৰ ইবাদত বহি পালন কৰাতকৈ থিয় হৈ বা নাচি পালন কৰা উত্তম বুলি প্রমাণৰ চেষ্টা কৰিব।
তাৰ বিদআতক প্রমাণ কৰিবলৈ তেও বহু অপ্রাসঙ্গিক দলীল পেচ কৰিব আৰু ছুন্নাত-প্রমাণিত পদ্ধতিক অৱজ্ঞা কৰি তেও কব: ‘সকলো বস্তুৱেই কি ছুন্নাত মতে হয়? ফ্যান, মাইক… কিমান বস্তুই দেখুন নতুন। ইবাদতো অলপ নতুন পদ্ধতিত কৰিলে সমস্যা কি? ইয়াৰোপৰি ছুন্নাতৰ হুবহু অনুসৰণ কৰি বহি-বহি দৰুদ, ছালাম আৰু যিকৰ পালনকাৰীৰ প্রতি কম বা বেছি অৱজ্ঞা অনুভৱ কৰিব।
(চ) তাওহীদৰ বিশ্বাসৰ ঘাটতিৰ পৰা শিৰকৰ উৎপত্তি আৰু ৰিছালাতৰ বিশ্বাসৰ ঘাটতিৰ পৰা বিদআতৰ উৎপত্তি। বিদআত মূলত মুহাম্মাদ ছাঃ-ৰ ৰিছালাতৰ লগত অইন কোনোবাক শৰীক কৰা বা ৰিছালাতৰ পূর্ণতাত অনাস্থা। শিৰকত লিপ্ত ব্যক্তি যেনে শিৰক সংশ্লিষ্ট বিষয়ে ‘গাইৰুল্লাহ’ (আল্লাহক বাদে অইন)-ৰ প্রতি হৃদয়ৰ আস্থা অধিক অনুভব কৰে তেনে বিদআতত লিপ্ত ব্যক্তি বিদআতৰ ক্ষেত্রত ‘গাইৰুন্নবী’ (নবীক বাদে অইন)-ৰ অনুসৰণ-অনুকৰণত অধিক স্বস্তি বোধ কৰে। তেও সর্বদা সংশ্লিষ্ট বিষয়ত ‘সকলো বস্তু কি নবীৰ তৰীকাত হয়?’ কয় আৰু নানাবিধ ‘দলীল’ দি ইত্তিবায়ে ৰাছূল ছাঃ গুৰুত্বহীন বা কম গুৰুত্বপূর্ণ প্রমাণ কৰিবলৈ সচেষ্ট থাকে। লগতে তাৰ ‘বিদআত’ আমল বা পদ্ধতিক উত্তম প্রমাণ কৰিবলৈ ‘গাইৰুন্নবী’ অর্থাৎ বিভিন্ন বুজুর্গৰ কর্মৰ প্রমাণ প্রদান কৰে।
(ছ) মুচৰিক সকলে আল্লাহৰ প্রতিপালনৰ একত্বত বিশ্বাস কৰিছিল আৰু তাৰ ইবাদত কৰিছিল, কিন্তু কেৱল তাৰ অকলশৰীয়া বন্দনাত তৃপ্তি পোৱা নাছিল। তাৰ যিকৰ বা বন্দনাৰ লগতে ‘গাইৰুল্লাহ’-ৰ যিকৰ-বন্দনা হলে সিহঁতৰ হৃদয় তৃপ্ত হৈছিল। আল্লাহই কৈছে: ‘যেতিয়া কেৱল আল্লাহৰ যিকৰ হয় তেতিয়া আখিৰাতত অবিশ্বাসী সকলৰ হৃদয় বিতৃষ্ণাত সংকুচিত হয়। আৰু তাক বাদে অইনসকলৰ যিকৰ হয় তেতিয়া সিহঁতে আনন্দত উল্লসিত হয়।” (ছুৰা ৩৯-যুমাৰ: আয়াত ৪৫) আমি দেখো যে, বিদআতত লিপ্ত মানুহ সকলৰ হৃদয়ৰ অৱস্থা মুহাম্মাদ (ছাঃ)-ৰ ক্ষেত্রতো ঠিক একেই ৰূপ হৈ যায়। সিহঁতে তাক মানে। কিন্তু যেতিয়া কেৱল তাৰেই অনুসৰণ অনুকৰণৰ কথা কোৱা হয় তেতিয়া সিহঁতে বিৰক্তি অনুভৱ কৰে। কিন্তু তাৰ লগতে অন্যান্য বুজুর্গৰ কথা কলে হলে সিহঁত তৃপ্তি বোধ কৰে।
বহুতেই কয়: ‘মই কেৱল অমুক বুজুর্গক অনুসৰণ কৰিম। অইন কোনোবাৰ প্ৰতি মোৰ অভিযোগ নাই। কিন্তু মই অনুসৰণ কৰিম কেৱল তাকেই। তেও যি কৰিছে সেয়া কৰিম আৰু যি কৰা নাই সেয়া নকৰিম। তেও জান্নাতত গলে ময়ো যাম। …।’ বর্তমান যুগৰ পৰা অতীতৰ যিকোনো ‘গাইৰুন্নবী’ আলিম, ইমাম বা বুজুর্গৰ নামত এই কথাটি কোৱা হলে তাত সাধাৰণতে আপত্তি কৰা নহয়। কিন্তু যদি এই কথাটিকেই মুহাম্মাদ ছাঃ-ৰ ক্ষেত্ৰত কলে বিদআতত আক্রান্ত মুমিন সকলে সেয়া পছন্দ নকৰে।
সকলো বিদআতৰ ক্ষেত্রতেই এয়া সুস্পষ্ট। মুমিনৰ কাৰণে ইয়াতকৈ ডাঙৰ অধঃপতন আন একোৱেই হব নোৱাৰে যে, তাৰ হৃদয় ৰাছূলুল্লাহ ছাঃ-ৰ ছুন্নাত গ্রহণ কৰোতে অস্বস্তি বা অৱজ্ঞা বোধ কৰে। বিভিন্ন হাদীছত ৰাছূলুল্লাহ ছাঃ বাৰে বাৰে কৈছে: “তাৰ ছুন্নাত যিয়ে অপছন্দ বা অৱজ্ঞা কৰিব সি তাৰ উম্মাত নয়।”
(জ) অন্যান্য পাপ যিমানেই ভয়ঙ্কৰ হওক, মুমিন সাধাৰণতে এইবোৰৰ পৰা তাওবা কৰিব পাৰে, কিন্তু বিদআতৰ পৰা তাওবা কৰা খুবেই কঠিন। কাৰণ সকলো পাপৰ ক্ষেত্রতে মুমিনে জানে যে তেও পাপ কৰিছে; ফলত তাওবাৰ এটি সম্ভাবনা থাকে। পক্ষান্তৰত বিদআত পালনকাৰী তাৰ বিদআতক নেক আমল বুলি পালন কৰে। গতিকে ইয়াৰ কাৰণে তাওবার কথা তেও কল্পনাও কৰিব নোৱাৰে।
এই কাৰণে তাবিয়ী সকলে কৈছিল: কোনোবাক সাধাৰণ পাপত লিপ্ত কৰাতকৈ বিদআতত লিপ্ত কৰাব পাৰিলে ইবলীছ বহুত বেছি আনন্দিত হয়। সম্ভৱত এই কাৰণেই বিদআত যিমান সাধাৰণেই হওক তাৰ প্রতি আকর্ষণ সর্বদা খুবেই বেছি হয়। যেনে থিয় হৈ, জপিয়াই বা নাচি যিকৰ, দৰুদ বা ছালাম পালনকাৰী দাবি কৰিব যে, থিয় হোৱা, জপিওৱা বা নর্তন-কুর্দন কৰা মুস্তাহাব বা মুস্তাহাছান; জৰুৰী নয়। কিন্তু অইন বহু ফৰয-ৱাজিবৰ পৰা ইয়াৰ প্রতি তাৰ আকর্ষণ বেছি থাকে। ইয়াৰ পৰা তাওবা তো দূৰৈৰ কথা ইয়াৰ কাৰণে তেও জীৱন দিবলৈও প্রস্তুত থাকে।
(ঝ) বিদআতৰ অইন অপৰাধ ই ছুন্নাত হত্যা কৰে। ছুন্নাত বহির্ভুত কোনো কর্ম বা পদ্ধতি ইবাদতত পৰিণত হোৱাৰ অর্থ সংশ্লিষ্ট মাছনূন ইবাদত বা পদ্ধতিৰ মৃত্যু। যিয়ে থিয় হৈ বা জপিয়াই যিকৰ বা ছালাম পাঠ উত্তম বুলি গণ্য কৰে ৰাছূলুল্লাহ ছাঃ আৰু চাহাবী সকলৰ পদ্ধতিত বহি যিকৰ বা ছালাম তাৰ জীৱনৰ হেৰাই যাব। এনেদৰে সমাজৰ অন্যান্য মানুহে যেতিয়া এনেদৰে ইবাদতটি পালন কৰি থাকিব তেতিয়া সমাজৰ পৰাও ছুন্নাতটো অপসাৰিত হব।
সম্মানিত পাঠক, বিদআত শিৰকৰ পথ উন্মুক্ত কৰে আৰু শিৰক আল্লাহৰ বেলায়াতৰ পথ চিৰৰুদ্ধ কৰে। মক্কাৰ কাফিৰ সকল ইবৰাহীম (আ)-ৰ উম্মাত আছিল। সিহঁত প্রথমে ইত্তিবায়ে ৰাছূল অবহেলা কৰে। দ্বীনৰ বিভিন্ন বিষয়ে ইবৰাহীম (আ)-ৰ হুবহু অনুসৰণ নকৰি যুক্তি দি নতুন কর্ম কৰিবলৈ আৰম্ভ কৰে। যেনে হজ্জৰ সময়ত আৰাফাত নগৈ মুযদালিফাত অৱস্থান, তাৱাফৰ সময়ত উলঙ্গ হোৱা, তালি বজাই যিকৰ কৰা ইত্যাদি। ইয়াৰ ধাৰাবাহিকতাত যুক্তি আৰু দলীলৰ পথ ধৰি সিহঁতৰ মাজত শিৰক প্রবেশ কৰে। উম্মাতে মুহাম্মাদীৰ শিৰকত লিপ্ত মানুহ সকলৰ পিনে দৃষ্টিপাত কৰিলে আপুনি একেই অৱস্থা দেখিব।
আল্লাহৰ বেলায়াত বা নৈকট্য অর্জনৰ অর্থ তো সর্বদা তাৰেই নৈকট্য অনুভৱ কৰা। সর্বদা হৃদয়ত তাৰেই ৰহমতৰ স্পর্শ, সকলো আনন্দ-বেদনাত কেৱল তাৰেই কথা মনত পৰা, তাৰেই লগত কথা কোৱা, তেও লগতে আছে আৰু তাৰ ৰহমতময় দৃষ্টি মোক আগুৰি আছে বুলি সর্বদা অনুভৱ কৰা। শিৰকত লিপ্ত ব্যক্তিৰ অৱস্থা সম্পূর্ণ ভিন্ন। তেও আল্লাহৰ ইবাদত কৰে। কিন্তু আনন্দ-বেদনাত তাৰ মনত আহে ‘গাইৰুল্লাহ’ৰ কথা। অর্থাৎ যি বুজুর্গক তেও ‘ভক্তি’ কৰে তাৰেই কথা তাৰ মনত আহে, তাকেই স্মৰণ কৰে, তাৰেই দৰদভৰা দৃষ্টি অনুভৱ কৰে, আনন্দত তাৰেই প্রতি কৃতজ্ঞতা আৰু বিপদত তাৰেই প্রতি আকুতি তাৰ হৃদয় আলোড়িত কৰে। শিৰকৰ এই বৃত্ত আল্লাহৰ বেলায়াতৰ পথ চিৰতৰে ৰুদ্ধ কৰে।
বিস্তাৰিত আলোচনা, তথ্য, তথ্যসূত্রৰ কাৰণে আস-সুন্নাহ পাবলিকেশন্স প্রকাশিত, ড. আব্দুল্লাহ জাহাঙ্গীৰ ৰচিত ‘এহইয়াউস সুনান’ গ্রন্থটি চাওক।
মূল- ড. খোন্দকাৰ আব্দুল্লাহ জাহাঙ্গীৰ অধ্যাপক, আল-হাদীছ বিভাগ, ইছলামী বিশ্ববিদ্যালয়, কুষ্টিয়া চেয়াৰম্যান, আস-সুন্নাহ ট্রাস্ট (আস-সুন্নাহ ট্রাস্ট, আগস্ট 8, 2015)
ভাল লাগিলে অবশ্যই শেয়াৰ কৰিব।