সমস্ত প্রশংসা আল্লাহৰ বাবে। পোনপ্ৰথমেই এটা কথা জানি থোৱা উচিত যে বেনামাজীৰ যাকাত, ৰোজা, হজ্জ ইত্যাদি কোনো আমলেই কবুল নহয় ৷
ইমাম বুখাৰী (৫২০) বুৰাইদা (ৰাঃ)ৰ পৰা বর্ণিত আছে যে, তেঁও কৈছে ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম কৈছিল َ “যি ব্যক্তিয়ে আছৰৰ নামায ত্যাগ কৰে তাৰ সকলো আমল নিষ্ফল হৈ যায়।”
“তাৰ আমল নিষ্ফল হৈ যায়” ইয়াৰ অর্থ হল: আমল বাতিল হৈ যায় আৰু সেই আমল তাৰ কোনো কামত নাহে, এই হাদিছে প্রমাণ কৰে যে, বেনামাজীৰ কোনো আমল আল্লাহে কবুল নকৰে আৰু বেনামাজীয়ে সেই আমলৰ দ্বাৰা কোনো ভাবেই উপকৃত নহব। তাৰ কোনো আমলেই আল্লাহৰ ওচৰত উপস্থাপন কৰা নহব ৷
ইবনুল কায়্যিম তাঁৰ ‘আছ-স্বালাত’ (পৃ-৬৫) নামৰ গ্রন্থত এই হাদিছৰ আলোচনা কৰি কৈছে – “এই হাদিছৰ পৰা বুজা যায় যে, নামায ত্যাগ কৰা দুই প্রকাৰ:
(১) সম্পূর্ণভাবে ত্যাগ কৰা যেনে কোনো নামাজেই নপঢ়া। এই ব্যক্তিৰ সমস্ত আমল বিফল হৈ যাব।
(২) বিশেষ কোনো দিনত বিশেষ কোনো নামাজ ত্যাগ কৰা। এইক্ষেত্রত তাৰ উক্ত দিনৰ আমল বিফলত যাব। অর্থাৎ স্বাভাৱিকভাবে নামাজ ত্যাগ কৰিলে তাৰ সকলো আমল বিফলত যাব। আৰু বিশেষ নামায ত্যাগ কৰিলে সেই বিশেষ দিনৰ আমল বিফলত যাব ৷”
“ফাতাওয়াছ ছিয়াম” (পৃ-৮৭) গ্রন্থত আছে শাইখ ইবনে উছাইমীনক বেনামাজীৰ ৰোজা ৰখাৰ হুকুম সম্পর্কে প্রশ্ন কৰা হৈছিল, তেখেতে উত্তৰত কৈছিল: বেনামাজীৰ ৰোজা শুদ্ধ নহয় আৰু সেইয়া গ্রহনযোগ্যও নহয়। কাৰণ নামাজ ত্যাগকাৰী কাফেৰ, মুৰতাদ।
ইয়াৰ সপক্ষে দলিল হৈছে- আল্লাহ্ তাআলাৰ বাণী:
“আৰু যদি সিহতে তওবা কৰে, নামাজ পঢ়ে আৰু যাকাত দিয়ে তেনেহলে সিঁহতে তোমাৰ দ্বীনি ভাই।”
[৯ ছুৰাা আত্ তওবা: ১১]
নবী ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম ৰ বাণী:
“কোন ব্যক্তিৰ মাজত আৰু শির্ক- কুফৰিৰ মাজত পার্থক্য হৈছে নামাজ বর্জন কৰা।”
[সহিহ মুসলিম (৮২)]
আৰু ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম ৰ বাণী –
“আমাৰ আৰু সিঁহতৰ মাজত চুক্তি হল নামাজৰ। গতিকে যি ব্যক্তিয়ে নামাজ ত্যাগ কৰিলে তেঁও কুফৰি কৰিল।”
[জামে তিৰমিযী (২৬২১), আলবানী ‘ছহীহ আত-তিরমিযী’ গ্রন্থত হাদিছটোক ছহিহ বুলি চিহ্নিত কৰিছে ]
প্রসিদ্ধ তাবেয়ী আব্দুল্লাহ ইবনে শাক্বিক ৰাহিমাহুমুল্লাহ কৈছিল: “নবী ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লামৰ ছাহাবীসকলে নামাজ ব্যতিত অন্য কোনে আমল ত্যাগ কৰাক কুফৰি বুলি নাভাবিছিল ৷”
পূর্বোক্ত আলোচনাৰ ভিত্তিত কব পাৰি, যদি কোন ব্যক্তিয়ে ৰোজা ৰাখে; কিন্তু নামায নপঢ়ে তেনেহলে তাৰ ৰোজা গ্রহণযোগ্য নহয় আৰু সেই ৰোজাৰ পূণ্য কিয়ামতৰ দিনা কোন উপকাৰত নাহে ৷ আমি এনে ব্যক্তিক কম আগত নামাজ পঢ়ক , তাৰ পাছত ৰোজা ৰাখক। আপুনি যদি নামাজ নপঢ়ে, কিন্তু ৰোজা ৰাখে তেনেহলে আপুনাৰ ৰোজা প্রত্যাখ্যাত হব; কাৰণ কাফেৰৰ কোনো ইবাদত কবুল নহয়।”
শ্বেইখ ইবনে উছাইমিন (ৰাহিমাহুল্লা) কৈছে বেনামাজিৰ অমুছলিম আৰু তেওঁৰ ৰোজা কবুল নহয়।
Fataawa al- Siyaam (p. 87)