ৰাফেউ’ল ইয়েদাইন কিয় বিৰোধ কৰে ? ৰাফাউল ইয়াদাইন

☞☞ৰাফেউ’ল ইয়েদাইন কিয় বিৰোধ কৰে ??☜☜
আমাৰ প্ৰত্যেক গৰাকী মুছলীম ব্যক্তিৰেই ইবাদতৰ মূখ্য উদ্দেশ্য হৈছে জান্নাত লাভ কৰা ! এই উদ্দেশ্য আগত লৈয়ে আমি চালাত আদায় কৰিছো, চিয়াম পালন কৰিছো ইত্যাদি বিভিন্ন আমল কৰিছোঁ । লক্ষ্যনীয় বিষয় যে আমি আদায় কৰা চালাতৰ এক অতি সুপ্ৰতিষ্ঠিত চুন্নতক লৈ আজি সৰ্বত্ৰে বিতৰ্ক ! বিশেষকৈ মাজহাবে হানাফীৰ লোকসকলে এই গুৰুত্বপূৰ্ণ চুন্নতক অতি স্পষ্টকৈ প্ৰত্যাখান কৰে আৰু যুগ যুগ ধৰি ইয়াৰ বিৰোধীতা কৰি অহা আমি দেখিবলৈ পাইছো । কিন্তু এই বিৰোধীতাৰ মূল কাৰণ হয়তো বহুতৰে বাবে বোধগম্য নহয় ।সেয়েহে আহক ইন শ্বা আল্লাহ এই সন্দৰ্ভত আমি কিছু ত্বথ্য পৰ্য্যালোচনা কৰাৰ চেষ্টা কৰো ।
ইছলামীয় শ্বৰীয়তৰ কান্দাৰী অসংখ্য মহান আলীমে দাঙি ধৰা ত্বথ্যভিত্তিক বিশ্লেষণ সমূহ পৰ্য্যালোচনা কৰিলে দেখা যায় যে – প্ৰায় চাৰি শতকৰো অধিক সুপ্ৰতিষ্ঠিত ৰাফেউ’ল-ইয়েদাইনৰ চহীহ হাদীছক উপমহাদেশ সমূহত হত্যা কৰিছে মাত্ৰ কেইটিমান অদ্ভুত মিছা ভিত্তিহীন হাদীছৰ ব্যাপক প্ৰচলনে !! এই প্ৰচলনৰ পৰিসৰ বৃদ্ধি পোৱাৰ মূল কাৰণ হৈছে এই চুন্নত হত্যাকাৰী হাদীছ কেইটা হানাফী মাজহাবৰ সকলো মাদ্ৰাছাৰ মূল পাঠ্যক্ৰম এক অন্যত্বম গ্ৰন্থ ” আল-হিদায়াহ ” অন্তৰ্ভুক্ত কৰি দিয়া হৈছে !! স্বাভাৱিকতে ৮-১০ বছৰ এনে মাদ্ৰাছা সমূহৰ পৰা যুগ যুগ ধৰি শিক্ষা গ্ৰহণ কৰি উলাই অহা লাখ লাখ আলীমৰ ৰক্তপ্ৰবাহৰ লগতো এই ভূৱা হাদীছ কেইটা একাকাৰ হৈ পৰিছে । এই আলীম সকলৰ মাধ্যমেৰেই সমাজত এই বাতিল মতবাদে সুপ্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে ।
উদাহৰণ স্বৰূপে আল-হিদায়াহৰ ১১০-১১১ পৃষ্ঠাত উল্লেখিত এক হাদীছ হৈছে -” আব্দুৰ ইবনু জুবায়েৰ ৰাজিয়াল্লাহু আনহুৱে এদিন এক ব্যক্তিক ৰুকুলৈ যোৱাৰ সময়ত আৰু ৰুকুৰ পৰা উঠাৰ পাছত ৰাফেউ’ল-ইয়েদাইন কৰা দেখিবলৈ পালে । তেখেতে ব্যক্তি গৰাকীক কলে , তুমি এই কাম নকৰিবা ! কিয়নো ই এনে এটা কাম যি মুহাম্মদ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে কৰিছিল কিন্তু পাছলৈ ইয়াক এৰি দিছে !!” মুআত্তাহ মুহাম্মদৰ বিশ্ববিখ্যাত টোকাকাৰ মুহাদ্দীচ্ ড০ তাকিউদ্দিন ( ৰহঃ) উক্ত হাদীছ সম্পৰ্কত মন্তব্য কৰি কৈছে , পৃথিৱীৰ সকলো মুহাদ্দীচেই ইয়াৰ চনদ কতো বিচাৰি পোৱা নাই বুলি স্পষ্টকৈ ঘোষণা কৰিছে । সেয়েহে হাদীছৰ নূন্যত্বম জ্ঞান থকা প্ৰত্যেক ব্যক্তিয়ে মানি লব লাগিব যে চনদবিহীন হাদীছ প্ৰকৃততে হাদীছেই নহয় !
পুনৰ আল-হিদায়াহৰ ১১ পৃষ্ঠাত উল্লেখ কৰা হৈছে যে সম্ভৱতঃ ৰাফেউ’ল-ইয়েদাইনৰ হাদীছটি নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ আগৰ যুগৰ হে আমল যিদৰে জুবায়েৰ ৰাজিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে ! ইছলামীক ফাউন্ডেচনে আল-হিদায়াহ অনুবাদ কৰি প্ৰথম খণ্ডৰ ৮৬ পৃষ্ঠাত এই ৰাফেউ’ল-ইয়েদাইনৰ হাদীছটিক মানছুখ ( পৰৱৰ্তী সময়ত বাতিল ) বুলি উল্লেখ কৰিছে । আশ্চৰ্য্যজনক বিষয় যে যি হাদীছ কোনো হাদীছ গ্ৰন্থটেই নাই ! যাৰ কোনো চনদেই নাই, তাত মানছুখৰ প্ৰশ্ন আহিল কেনেকৈ ?? ৰহস্যজনক বিষয় যে মূল চহীহ বুখাৰীত উল্লেখ হোৱা পাঁচটা ৰাফেউ’ল-ইয়েদাইনৰ হাদীছ ধ্বংস কৰাৰ উদ্দেশ্যৰে আমাৰ মাদ্ৰাছা সমূহত প্ৰচলন থকা উপমহাদেশত প্ৰিন্টিং হোৱা আধুনিক প্ৰকাশনৰ বুখাৰী হাদীছৰ ১ম খণ্ডৰ ১০২ পৃষ্ঠাত আহমদ চাহাৰানপুৰী( ৰহঃ) য়ে ৰাফেউ’ল-ইয়েদাইন হাদীছৰ টোকাত জুবায়েৰ ৰাজিয়াল্লাহু আনহুৰ নামত উল্লেখিত ভুৱা হাদীছটি অন্তৰ্ভুক্ত কৰিছে । ইয়াৰ উপৰিও একে প্ৰকাশনৰে ১ম খণ্ডৰ ৩২১-৩২২ পৃষ্ঠাত বিভিন্ন অপ্ৰাসংগিক পৰ্য্যালোচনাৰে ৰাফেউ’ল-ইয়েদাইনৰ মূল হাদীছটি বিৰোধ কৰা হৈছে , যি সমূহ পৰ্য্যালোচনা চহীহ বুখাৰীৰ মূল হাদীছত পাবলৈ নাই !!
নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ বিশেষ দোৱা প্ৰাপ্ত আন এগৰাকী মহান চাহাবা ইবনু আব্বাচ ৰাজিয়াল্লাহু আনহুৰ নামতো একে ধৰণৰেই মিছা হাদীছ ৰচনা কৰি ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে । এই ভূৱা হাদীছটিত কোৱা হৈছে , ইবনু আব্বাচ ৰাজিয়াল্লাহু আনহুৱে কৈছে , “নবী চল্লাল্লাহু আলাইহি অছাল্লামে প্ৰথমে ৰুকুলৈ যোৱাৰ সময়ত আৰু ৰুকুৰ পৰা উঠোতে ৰাফেউ’ল-ইয়েদাইন কৰিছিল যদিও পাছলৈ কেৱল আৰম্ভণিত এবাৰহে ৰাফেউ’ল-ইয়েদাইন কৰিছিল “!! এই দুটি ভূৱা হাদীছ সম্পৰ্কত ইবনু জাওজী( ৰহঃ) য়ে কৈছে যে, এই দুটি হাদীছ কোনো পৰিচিত নহয় ও কোনো মূল হাদীছ গ্ৰন্থত পাবলৈ নাই, সেয়েহে ইয়াৰ কোনো ভিত্তি নাই । বৰং এই দুই মহান চাহাবাৰ দ্বাৰা ইয়াৰ সম্পূৰ্ণ বিপৰীত হাদীছহে মূল হাদীছত পোৱা যায়। অৰ্থাৎ এই দুই গৰাকী চাহাবাই নিজেই জীৱনৰ অন্তিম সময়লৈকে ৰাফেউ’ল-ইয়েদাইন কৰাৰ চহীহ হাদীছ স্পষ্ট হৈ আছে । এই দুগৰাকী মহান চাহাবৰ ওপৰিও আন এগৰাকী মহান চাহাবা আব্দুল ইবনু মাছউদ ৰাজিয়াল্লাহু আনহুৰ নামটো একেধৰণেৰেই হাদীছ জাল কৰা হৈছে !! হানাফী মাজহাবৰ দুই বিখ্যাত আলীম আল্লামা জায়েলাই(ৰহঃ) ৰ গ্ৰন্থ ” নাছবুৰ ৰাইৰ” আৰু আলাউদ্দিন আল কাছানী( ৰহঃ) ৰ গ্ৰন্থ “বাদায়েহ চানাই” ৰ পৰা এই অস্তিত্বহীন ভূৱা হাদীছ সমূহ আল-হিদায়াহ কিতাবলৈ আমদানী কৰি সমগ্র ভাৰতবৰ্ষতেই এক গুৰুত্বপূৰ্ণ চুন্নতৰ অস্তিত্ব নোহোৱা কৰি দিয়া হৈছে !! নিশ্চিত ভাবে কোনো বিবেচনা নকৰাকৈ চকু মুদি থকা সকলে ৰোজ হাছৰত কঠোৰ পৰিস্থিতিৰ সন্মুখীন হব লাগিব ।
এই ভূৱা হাদীছ সমূহৰ উপৰিও চহীহ হাদীছৰ অপবাখ্যাৰ দ্বাৰাও ৰাফেউ’ল-ইয়েদাইনৰ বিৰোধ কৰাৰ কৌশল প্ৰয়োগ কৰা হৈছে ! উদাহৰণ স্বৰূপে চহীহ মুচলীমৰ ৮৮৭-৮৯১ নং হাদীছ কেইটা ৰাফেউ’ল-ইয়েদাইন কৰাৰ সম্পৰ্কে আহিছে । ইয়াৰ প্ৰায় একশ হাদীছৰ পাছত ৯৯৬-৯৯৯ নং হাদীছ কেইটাত চালাতৰত অৱস্থাত কোনো মুছল্লীক ঘোঁৰাৰ নেজৰ দৰে হাত দাঙি দাঙি চালামৰ জবাব দিবলৈ নবী চল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে , যিহেতু প্ৰাৰম্ভিক অৱস্থাত চালাতৰ মাজতো কথা পতাৰ নিতী প্ৰচলিত আছিল । এই হাদীছটিৰ অপবাখ্যা কৰি চালাতৰ মাজত ঘোঁৰাৰ নেজৰ দৰে হাত দাঙি দাঙি ৰাফেউ’ল-ইয়েদাইন নকৰিবলৈ নবী চল্লাল্লাহু আলাইহি অছাল্লামে আদেশ কৰিছে বুলি “নবীজীৰ নামাজ” নামৰ গ্ৰন্থত অপবাখ্যা দাঙি ধৰিছে !!
এনেবোৰ বিভিন্ন কৌশলগত কাৰণত আজি ৰাফেউ’ল-ইয়েদাইনৰ দৰে এক অতি গুৰুত্বপূৰ্ণ চুন্নতক ভাৰত তথা উপমহাদেশ সমূহত জীৱন্তে সমাধি কৰি দিয়া হৈছে !! আমাৰ ত্বথ্যভিত্তিক পৰ্য্যালোচনা আপোনালোকৰ সন্মুখত স্পষ্ট ভাবে দাঙি ধৰিছো একমাত্র সত্য প্ৰচাৰৰ স্বাৰ্থত , কাকো হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যৰে নহয় । নিশ্চয় আপোনালোকৰ বিশ্লেষাত্মক অনুসন্ধান আৰু সিদ্ধান্তই হব আপোনাৰ ফলাফল ……….

✍✍..  মোক্তাবুল হুছেইন 

Leave a comment