প্রশ্ন কৰিব, উত্তৰ নাপায়, কিন্তু মজা পাব…….
১। প্রশ্নঃ হুজুৰ শাফেঈসকলে যে চালাতত বুকু্ত হাত বান্ধে, ৰাফউল ইয়াদাইন কৰে, ডাঙৰকৈ কৈ আমীন কয় ,১২ তাকবীৰত ২ ঈদৰ চালাত আদায় কৰে …..তেওঁলোকৰ চালাত হবন?
উত্তৰ আহিব ‘অ’ হব’।
আৰু এজন হানাফীয়ে যদি তেনেকৈ পঢ়ে?
উত্তৰ আহিব, “তাৰ নামাজ নহব। কাৰণ হানাফী মাযহাবত থাকি শাফেঈসকলৰ আমল কৰা নচলিব।”
প্রঃ কিয়? উভয়েইতো মুছলিম।আপুনিইতো কলে যে ৪ মাযহাবেই হক্কৰ ওপৰত আছে?” আৰু হানাফী মাযহাবৰ ফিকাহ্ তো আছে যে গাৱৰ মছজিদত জুম্মাৰ ছালাত পঢ়া নাযাব, চহৰৰ মছজিদতহে পপঢ়িব লাগিব,,,,আৰু অন্য ৩ মাযহাবত কৈছে সকলো ঠাইতেই জুম্মাৰ চালাত বৈধ,,, তেনেহলে আপোনালোকে কিয় হানাফী মাযহাবৰ পৰা অন্য মাযহাবৰ মত অনুসৰণ কৰি গাৱত জুম্মা পঢ়ে..??
এই প্রশ্নৰ উত্তৰ নাপায়, কিন্তু মজা পাব।
২। প্রশ্নঃ হুজুৰ; আৰবসকলে দেখোন কাছ, কেকোৰা সহ বহু ধৰণৰ জলচৰ আৰু স্থলচৰ প্রাণী খায় যিবোৰ আমিস নাখাওঁ। এনেকুৱা কিয়?
উত্তৰ আহিব, কাৰণ তেওঁলোকৰ মাযহাবত সেইবোৰ হালাল।
প্রশ্নঃ হানাফীসকলেও যদি ইচ্ছা কৰে সেইবোৰ খাব পাৰিবনে?
হুজুৰৰ উত্তৰ আহিব, “কেতিয়াওঁ নহয়। কাৰণ সেইবোৰ হানাফীসকলৰ বাবে মাকৰুহ।”
প্রশ্নঃ একে বস্তু কিছুমান মুছলিমৰ বাবে হালাল আকৌ কিছুমান মুছলিমৰ বাবে মাকৰুহ, সেয়া কেনেকৈ সম্ভৱ হয়? কাহিনী কব। উদ্ভট যুক্তি দিব। উত্তৰ নাপায়, কিন্তু মজা পাব।
৩। প্রশ্নঃ হুজুৰ; ছৌদি আৰবত দেখিলো এটা পৰিয়ালৰ বাবে এটা মাত্র ছাগলী, ভেৰা, বা দুম্বা দি কোৰবানী কৰে। তেওঁলোকে কয় এইটোৱেই ছূন্নত। তেওঁলোকৰ কোৰবানী হবনে?
উত্তৰ আহিব, হব।
প্রশ্নঃ হানাফীসকলেও যদি তেওঁলোকৰ দৰে কৰে কোৰবানী বৈধ হবনে?
উঃ নাই, নহব। কাৰণ এইটো তেওঁলোকৰ বাবে যায়েজ, হানাফীসকলৰ বাবে জায়েয নহয়।
প্রশ্নঃ উভয়ে দেখোন একে নবীৰ উম্মত কিন্তু বেলেগ ধৰণৰ নিয়ম কিয়?
উত্তৰ নাপায়, কিন্তু মজা পাব।
৪। প্রশ্নঃ মৌলভী চাহাবক সুধিব, বাৰু হুজুৰ, যিসকলে কোনো নির্দিষ্ট মাযহাব নামানে ক্বুৰআন আৰু ছহীহ হাদীছৰ লগত যি মাজহাবৰেই মিলে তাকে মানে, মৃত্যূৰ পিছত কবৰত যদি ফিৰিশ্তাসকলে তেওঁক প্ৰশ্ন কৰে “তোমাৰ মাযহাব কি?” তেতিয়া তেওঁ কি উত্তৰ দিব?
হুজুৰ চাহাবে তেতিয়া যি উত্তৰ দিব সেয়া হল, এই ধৰণৰ প্রশ্ন ফিৰিশ্তাৰ লিষ্টত আছে বুলি মোৰ জনা নাই।
৫। প্রশ্নঃ শেষ বিচাৰৰ দিনা আল্লাহ তাআলাই জানো আমাক সুধিব যে তুমি “হানাফী নে শাফেঈ নে মালিকী নে হাম্বলী ইত্যাদি?
হুজুৰে কব “অৱশ্যেই নকৰে”।
প্রঃ তেনেহলে সেইবোৰ মাযহাব মনাৰনো কি দৰকাৰ?
হুজুৰৰ দীর্ঘ উত্তৰৰ সাৰ সংক্ষেপ হল – মাযহাব নমনাকৈ ৰাছূলক (চাল্লাল্লাহু আলাইহি ৱাছাল্লাম) মানা সম্ভৱেই নহয়। প্ৰতিজন ইমামে ৰাছূলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱাছাল্লাম)ৰ ৰিছালতৰ সকলো কর্মকাণ্ড নিজৰ মাজত আত্মস্থ কৰিছে। তেওঁলোকৰ আগত বা পিছত কোনো আল্লাহৰ বান্দাই এই কাম কৰিবলৈ সক্ষম হোৱা নাই, আৰু নহয়ো। মাযহাব ৪ টা টানেলৰ দৰে। এই ৪ টাৰ যিকোনো এটা দি গলেই আপুনি ৰাছূলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱাছাল্লাম)ৰ সন্ধান পাব, নহলে নাপায়। (আউজুবিল্লাহি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম)।
৬। প্রশ্নঃ প্রশ্ন কৰক এই টানেল জাতীয় হাদীছটো কত পালে?
উত্তৰ নাপায়, কিন্তু মজা পাব।
এনেদৰে অজু, ইকামত, চালাত (নামাজ), ছিয়াম (ৰোজা), হজ্ব, বিবাহ, তালাক্ব, ঈদ, আক্বীকাহ, দাফন, ক্ববৰ জিয়াৰত, জাকাত, ফিতৰা সহ প্রায় প্রতিটো ক্ষেত্রতে মাযহাবভেদে আৰু ক্বুৰআন আৰু ছহীহ হাদীছৰ লগত ভিন্নতা দেখা পাব আৰু প্রশ্ন কৰিলে আজগুবি ধৰণৰ গোলমলীয়া আৰু স্ববিৰোধী উত্তৰ পাব। আৰু চুড়ান্ত প্রশ্নৰ কোনো উত্তৰেই নাপায়।
কিন্তু হয়!!!!!!!!!!
এটা বস্তু নিশ্চিতকৈ পাব। সেয়া হল গালি।
আপোনাক লা-মাযহাবী, ইয়াহুদী- নাছাৰাৰ দালাল, ইছলামৰ শত্রু, ৰাফেজী-খাৰেজী, শিয়া, কাদিয়ানি, গেইৰ মুকাল্লীদ, ওৱাহাবী, নাজদী এনেকি কাফিৰ কবলৈও দ্বিধাবোধ নকৰে। গতিকে, আপোনাৰ গাৰ ছাল যদি গড়ৰ ছালৰ দৰে বা তেনেকুৱা ওচৰা-ওচৰি হয় তেতিয়াহে এই ধৰণৰ Risk নিব পাৰে, নহলে নহয়। আল্লাহু ছূবহানাহু তাআলাই আমাক সঠিক জ্ঞান দান কৰক। (আমীন)
✍✍.. Dr. Arfan Ali