এজন ব্যক্তিয়ে এটা মাখিৰ কাৰণে জান্নাতত প্রৱেশ কৰিছে। আকৌ এজন ব্যক্তিয়ে এটা মাখিৰ কাৰণে জাহান্নামত গৈছে।

তাৰিক বিন চিহাব কর্তৃক বর্ণিত হাদীছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে :
دخل الجنة رجل فى ذباب ودخل النار رجل فى ذباب قالوا وكيف ذلك يا رسول الله قال: مر رجلان على قوم لهم صنم لا يجوزه أحد حتى يقرب له شيئا فقالوا لاحدهما : قرب قال: ليس عندي شئ أقرب، قالوا له: قرب ولو ذباب فقرب ذباب فخلوا سبيله فدخل النار، وقالوا للآخر: قرب، قال ما كنت أقرب شيئا دون الله عز وجل فضربوا عنقه فدخل الجنة. (رواه احمد)
‘‘এজন ব্যক্তিয়ে এটা মাখিৰ কাৰণে জান্নাতত প্রৱেশ কৰিছে। আকৌ এজন ব্যক্তিয়ে এটা মাখিৰ কাৰণে জাহান্নামত গৈছে। চাহাবায়ে কিৰাম (ৰাঃ)-য়ে কৈছে, ইয়া ৰাছুলুল্লাহ, এইটো কেনেকৈ হ’ল? তেখেতে ক’লে, দুয়োজন লোকে এনেকুৱা এটি কওমৰ ওচৰেদি গৈছিল যাৰ কাৰণে এটি মূর্তি নির্ধাৰিত আছিল। উক্ত মূর্তিক কিবা নহয় কিবা নযৰানা বা উপহাৰ নিদিয়াকৈ কোনেও সেই স্থান অতিক্রম কৰিব নোৱাৰে। উক্ত কওমৰ লোকসকলে দুয়োজনৰ এজনক ক’লে, ‘মূর্তিৰ কাৰণে তুমি কিবা নযৰানা পেচ কৰা’। তেওঁ ক’লে,
‘নযৰানা দিয়াৰ বাবে মোৰ ওচৰত একোৱেই নাই’ সিহঁতে ক’লে, ‘অন্ততঃ এটা মাখি হ’লেও নযৰানা স্বৰূপে দি যোৱা’। গতিকে তেওঁ এটা মাখি মূর্তিটোক উপহাৰ দিলে। সিহঁতেও মানুহজনক পথ এৰি দিলে। ইয়াৰ ফলত মৃত্যুৰ পিছত তেওঁ জাহান্নামলৈ গ’ল। আনজন ব্যক্তিক সিহঁতে ক’লে, ‘‘মূর্তিৰ কাৰণে তুমিও কিবা নযৰানা দি যোৱা। তেওঁ ক’লে, ‘একমাত্র আল্লাহৰ বাহিৰে অন্য কাৰো নৈকট্য লাভৰ কাৰণে মই কাকো কোনো নযৰানা দিব নোৱাৰোঁ’ ইয়াৰ ফলত সিহঁতে তেওঁক হত্যা কৰিলে। [শ্বিৰ্কৰ পৰা বিৰত থকাৰ কাৰণে] মৃত্যুৰ পিছত তেওঁ জান্নাতত প্রৱেশ কৰিলে।’’ (আহমদ)

✍✍.. জুবাইৰ ৰহমান 

Leave a comment