ইছলাম প্ৰচাৰ কৰোতে মহিলাৰ ছবি / ফটো ব্যাৱহাৰ কৰা জায়েয নে?

ইছলাম প্ৰচাৰ কৰোতে মহিলাৰ ছবি ব্যাৱহাৰ কৰা জায়েয নে?
মহিলাৰ ছবিৰে ইছলাম প্ৰচাৰ কৰা জায়েয নহয়। ফেচবুত বা অন্য মিডিয়াত মহিলাৰ ছবি শ্বেয়াৰ কৰাও জায়েজ নহয়। শ্বেইখ ছালিহ আল ফাওযান হাফিজুল্লাই পুৰুষৰ ছবিৰে ইছলাম প্ৰচাৰ কৰাটোও সমালোচনা কৰিছে। কিছু অজ্ঞ ব্যক্তিয়ে আজিকালি ইছলাম প্ৰচাৰৰ নামত এনেকুৱা ছবি শ্বেয়াৰ কৰে য’ত অৰ্দ্ধ নগ্ন ছবিৰ সৈতে হিজাব পৰিধান কৰা ছবি দি ওপৰত লিখি দিয়ে, কোনটো ভাল লাগে কমেণ্ট দিয়ক। আউজুবিল্লাহ। এইটো ইছলামৰ খিদমত হল নে? নাউজুবিল্লাহ।
আৰু কোনো কোনো ব্যক্তিয়ে ছবিৰ লগত লিখি দিয়ে উক্ত মহিলাজনী ইছলাম গ্ৰহন কৰাৰ আগত এনে(নগ্ন) কাপোৰ পিন্ধিছিল আৰু এতিয়া এনেকুৱা ইছলামী পোছাক পৰিধান কৰে (অথচ মুখ মণ্ডল খোলা)। এইবোৰ ইছলামৰ কোনো খিদমত হৈ আছে নাকি? এইবোৰ নিশ্চয় গুনাহৰ কাম।
এতিয়া যদি প্ৰশ্ন কৰা হয়, মহিলা সম্পূৰ্ণ পৰ্দাত থাকিলে তেনেকুৱা ছবি শ্বেয়াৰ কৰা জায়েয নে?
মহিলা যদি সম্পূৰ্ণ পৰ্দাৰ মাজত থাকে তথাপিও পুৰুষৰ মনত অলপ বেয়া চিন্তা আহিব পাৰে। মহিলাৰ ছবি দিয়াই এক প্ৰকাৰ ফিতনা সৃষ্টি কৰা।
আপুনি মহিলাৰ ছবি শ্বেয়াৰ কৰাৰ বাবে যদি কোনো পুৰুষ ফিতনাত লিপ্ত হয়, তেনেহলে তাৰ বাৰে আপুনিও দ্বায়ী হব।
ইছলাম প্ৰচাৰত মহিলাৰ ছবি লাগিব এইটোৱাটে এটা ভ্ৰান্ত ধাৰণা।
ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম কৈছে, সেই শ্রেণীৰ নাৰী জাহান্নামত যাবই, যিহতে পোছাক পৰিধান কৰিব কিন্তু উলঙ্গ থাকিব, সিহতেও অন্য (পুৰুষৰ) প্রতি আকৃষ্ট আৰু অন্যকো সিহতৰ প্রতি আকৃষ্ট কৰিব, সিহতে জান্নাতত প্রবেশ নকৰে। জান্নাতৰ গন্ধও নাপায। অথচ জান্নাতৰ সুগন্ধ বহুত দূরবর্তী স্থানৰ পৰাও পোৱা যাব।
( ছহীহ মুছলিম: ২১২৮)
সাৱধান এনে অৰ্ধ নগ্ন মহিলাৰ পৰা ইছলামৰ জ্ঞান নলব। যিসকল নিজেই জাহান্নামী তেওলোকে আপুনাক কেবল ফিতনাৰ ফালেই আহ্বান কৰিব পাৰিব।

Leave a comment