চাৰিওজন ইমাম (ৰহঃ)ক আমাৰ তৰফৰ পৰা আল্লাহে উত্তম প্ৰতিফল দান কৰক।
তেখেতসকলৰ প্রত্যেকেই নিজৰ নিজৰ ওচৰত যি হাদীছসমূহ আহি পাইছিল সেই অনুযায়ী ইজতেহাদ কৰিছিলে। তেখেতসকলৰ মাজত যিবোৰ বিষয়ত মতানৈক্য হৈছিল তাৰ বিশেষ কাৰণ হ’ল এই যে, কোনোবা এজনৰ ওচৰত কিছুমান হাদীছ আছিল যি আনজনৰ ওচৰত নাছিল, কাৰণ তদানীন্তন যুগত হাদীছসমুহ সংকলিত হোৱা নাছিল। ইয়াৰোপৰি হাদীছৰ হাফিজসকল বিভিন্ন ঠাইত সিচঁৰিত হৈ আছিল, কোনোবাই আছিল হিজাযত (মক্কা আৰু মদীনা), আৰু কোনোবাই আছিল শ্যামত (চিৰিয়া), কোনোবাই আছিল ইৰাকত, কোনোবা আকৌ মিছৰত অথবা অন্যান্য ইছলামী দেশত। সেই যুগত এঠাইৰ পৰা আনঠাইলৈ যোগাযোগৰ ব্যৱস্থা অত্যন্ত কঠিন আৰু কষ্টকৰ আছিল। গতিকে ইতিহাস পঢ়িলে আমি দেখিবলৈ পাওঁ যে, ইমাম শাফেয়ী (ৰহঃ) যেতিয়া ইৰাক এৰি মিছৰলৈ গ’ল তেতিয়া তেওঁ ইৰাকৰ পুৰণি মাযহাব ত্যাগ কৰিলে। কাৰণ সেইসময়ত তেওঁৰ সন্মুখত বহু নতুন নতুন ছহীহ হাদীছ উপস্থাপিত হৈছিল।
ইমামসকলৰ মাজত মতানৈক্যৰ এটা উদাহৰণ উল্লেখ কৰিব পাৰি যে, ইমাম শাফেয়ী (ৰহঃ)ৰ মতে কোনো মহিলাক স্পর্শ কৰিলে অজু নষ্ট হয়। আনহাতে ইমাম আবু হানিফা (ৰহঃ)ৰ মতে অজু নষ্ট নহয়। দুই ইমামৰ মতামতৰ এই বৈষম্যতাৰ কাৰণে আজি আমাৰ অপৰিহার্য কর্তব্য হ’ল, কুৰআন আৰু ছহীহ হাদীচৰ পিনে প্রত্যাৱর্তন কৰা। কাৰণ মহান আল্লাহ তা’আলাই কৈছে–
“অৰ্থাৎ যিকোনো বিষয়ত তোমালোকে যদি এজনে আনজনৰ লগত মতবিৰোধ কৰা, তেনেহ’লে সেই বিষয়টো (মীমাংসাৰ বাবে) আল্লাহ তা’আলা আৰু তেওঁৰ ৰাছূলৰ (চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ) ফালে পঠিয়াই দিয়া, যদি তোমালোকে (প্ৰকৃততে) আল্লাহৰ ওপৰত আৰু শেষ বিচাৰৰ দিনৰ ওপৰত ঈমান আনি থাকা! (তেনেহ’লে) এই পদ্ধতিয়েই হ’ব (তোমালোকৰ মাজৰ বিৰোধ মীমাংসাৰ) সর্বোৎকৃষ্ট উপায় আৰু বিৰোধপূর্ণ বিষয়সমূহৰ ব্যাখ্যাৰ ফালৰ পৰাও (এইটো) হৈছে উত্তম পন্থা। {ছুৰা আন্ নিছা, আয়াত ৫৯}
আৰু আমি কেৱলমাত্ৰ আল্লাহৰ পৰা অৱতীৰ্ণ কুৰআনৰ অনুসৰণ কৰাৰ বাবেই আদেশ প্ৰাপ্ত হৈছোঁ। আৰু ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ছহীহ হাদীছৰ মাধ্যমত তাৰ ব্যাখ্যা প্ৰদান কৰিছে। আল্লাহে কৈছে–
“তোমালোকৰ পালনকৰ্তাৰ পক্ষৰ পৰা তোমালোকৰ ওপৰত যি অৱতীৰ্ণ হৈছে তোমালোকে তাৰ (যথাযথ) অনুসৰণ কৰা আৰু তাক বাদ দি অন্য কোনো আউলিয়াৰ অনুসৰণ নকৰিবা; (প্ৰকৃততে) তোমালোকৰ অলপ সংখ্যকেই উপদেশ মানি চলা।” {ছুৰা আল আ’ৰাফ, আয়াত ৩}
সত্য কেতিয়াও একাধিক হ’ব নোৱাৰে। প্রকৃত সত্য হ’ল, অজু ভঙাৰ কাৰণসমুহৰ ভিতৰত “কোনো মহিলাক স্পর্শ কৰা” অন্তর্ভুক্ত নহয়। অৰ্থাৎ কোনো মহিলাৰ শৰীৰ স্পর্শ কৰিলে অজু ভঙ্গ নহয়।
অৰ্থাৎ কোনো মুছলিমৰ সন্মুখত কোনো ছহীহ হাদীছ উপস্থাপিত হ’লে তেওঁ এইকথা কোৱা জায়েয নহয় যে, এইটো আমাৰ মাযহাবৰ বিৰোধী। কাৰণ আটাইকেইজন ইমামৰ ইজমা (ঐকমত্য) হৈছে যে ছহীহ হাদীছ গ্রহণ কৰিব আৰু সেইবোৰ মতবাদ পৰিহাৰ কৰিব যি ছহীহ হাদীছৰ পৰিপন্থী।