ওচৰত , যে আমাৰ
ইয়াত ইছলামক এটা নতুন
চেহাৰা দিয়া হৈছে যি
তাবলীগ নামে পৰিচিত ।
যত মুছলিমসকলে তেওঁলোকৰ ঘৰবাৰী এৰি চল্লিশ (৪০) দিনৰ
বাবে মছজিদে মছজিদে ঘূৰি ফুৰে আৰু তাত এনে এখন কিতাপ পঢ়া হয় , যিখনৰ লগত কোৰআন আৰু
ছহীহ হাদীছৰ সৈতে বেছি এটা
সম্পর্ক নাই , সেই
কিতাপত জাল হাদীছে ভৰপূৰ , যি ফাজায়েল আমল বা তাবলীগী নিছাব নামে পৰিচিত । দয়া কৰি আপুনি এই বিষয়ে কিবা কওঁক।
ডঃ জাকিৰ নায়কৰ
উত্তৰঃ সাধাৰণতে এই ধৰনৰ প্রশ্নৰ উত্তৰ মই
বেছি নিদিওঁ ।
যিহেতু এইটো এই অনুষ্ঠানৰ শেষ প্রশ্ন , সেয়ে ইয়াৰ
উত্তৰটো দিছো ; যাতে মানুহে এই
অভিযোগ কৰিব নোৱাৰে যে মই প্রশ্নকাৰীৰ
উত্তৰটো দিয়া নাই । তেওঁ প্রশ্ন কৰিছে মুছলিম সকলৰ মাজত তাবলীগ জামাত নামৰ যি দলটো আছে সেই সম্পর্কে।
যত তাবলীগী নিছাব
(ফাজায়েল আমল) নামৰ
কিতাপখন পঢ়া হয় , যাৰ ভিতৰত বিভিন্ন
হাদীছৰ মিশ্রণ
আছে । হয় , আপুনি ঠিকেই কৈছে ,
সেইটোকেই তাবলীগী নিছাব বা
ফাজায়েল আমল বুলি কোৱা হয়
যিখন যাকাৰিয়া চাহাবে
লিখিছে। ইয়াৰ ভিতৰত মিশ্রণ আছে ,চহীহ হাদীছ আছে , যঈফ হাদীছ আছে , জাল হাদিছো আছে , আকৌ কাহিনী কিচ্ছাও আছে। ফলত এই কিতাপৰ সকলো দলীলবোৰ মানি
লোৱা বা আমল কৰা ঠিক নহ’ব । আমি আমল কৰিব লাগিব কেৱল চহীহ হাদীছক।
চহীহ হাদিছেই আমাৰ পথ আৰু দলীল হব। যদি কোনো যঈফ হাদীছ , কোনো চহীহ
হাদীছৰ পক্ষত বা সমর্থনত
তেনেহ’লে বেলেগ কথা। তাৰোপৰি বাকী যঈফ আৰু জাল হাদীছ. বোৰক পথ আৰু দলীল বুলি ভৱা , এইটো ইছলামিক চৰীয়তৰ পৰিপন্থী । আমল কৰিব লাগিব কোৰআন আৰু চহীহ হাদীছৰ দ্বাৰা । এইটো খুবেই আফচোচৰ বিষয় যে , কিছুমান মুছলিমসকলে তাবলীগী নিছাব (ফাজায়েল আমল) ৰ দৰে কিতাপবোৰক কোৰআন আৰু চহীহ হাদীছতকৈ বেছি গুৰুত্ব দি থাকে , আৰু পাঠ কৰি থাকে , যিটো ভুল। বৰং আমি কোৰআন আৰু চহীহ
হাদীছক গুৰুত্ব দিব লাগিব,
যেনেঃ চহীহ বুখাৰী আৰু চহীহ মুছলিম ;
এই দুই গ্রন্থৰ সকলোবোৰ হাদিছেই চহীহ , অৰ্থাৎ এই দুই গ্রন্থৰ হাদীছবোৰ লৈ সংশয় থকাৰ কোনো প্রয়োজন নাই কাৰণ সকলো বোৰ হাদীছেই চহীহ । তাৰপিছত
আপুনি পঢ়িব পাৰে চুনানে আবু
দাউদ , তিৰমিযী শৰীফ , চুনানে ইবনু মাজাহ , চুনানে নাছাঈ শৰীফ। তাৰ ভিতৰৰ অধিকাংশ হাদীছ চহীহ , কিন্তু সকলোবোৰ বুখাৰী আৰু মুছলিমৰ দৰে নহয়।
এতিয়া কওঁ ৪০ দিন চিল্লা সম্পর্কে। মই (ডঃ জাকিৰ নায়ক) কোৰআনৰ এনে কোনো আয়াত
নাজানো যত কোৱা হৈছে ৪০ দিনৰ বাবে চিল্লা দিব লাগিব , এনে কোনো চহীহ হাদীছো নাজানো যত এই
চিল্লা সম্পর্কে কোৱা হৈছে ,যিটোক গাস্ত বুলিও কোৱা হয় ।
যেনেকৈ বছৰত ৪০ দিন বা মাহত ৩ দিন , জীৱনত অন্তত ১ বাৰ। এইবোৰ কোৰআন আৰু চহীহ হাদীছৰ দ্বাৰা প্রমাণিত নহয় । কিন্তু আমি আমাৰ মুছলিম ভাইসকলৰ লগত ভালপোৱাৰ সৈতে ব্যৱহাৰ কৰা উচিত। আফচোচৰ বিষয় এই যে , আমাৰ মুছলিম ভাইসকলৰ মাজত গৱেষণাৰ দৃষ্টিভঙ্গি নাই , ইয়াৰ অন্যতম কাৰণ হল অলপ জ্ঞান। অথবা তেওঁলোকৰ লগত হিকমতৰ সৈতে কথা কব লাগিব আৰু তেওঁলোকৰ (চিল্লা পন্থিসকলৰ) কোৰআন আৰু চহীহ হাদীছৰ পথত অহাৰ বাবে দাওয়াত দিব লাগিব ।
যিভাৱে মই কওঁ – আহা সেই ফালে যিটো তোমালোকৰ আৰু আমাৰ মাজত মিল আছে (ছুৰাঃ আলে ইমৰাণ, আয়াত নং- ৬৪)। এই আয়াত মুছলিমসকলৰ বাবেও প্রযোজ্য। আহা সেই ফালে যিটো তোমালোকৰ আৰু আমাৰ মাজত মিলো একেই। সেই মিল বস্তুটো কি? সেইটো হল কোৰআন আৰু চহীহ হাদীছ । এইবাৰ এই দুটাৰ ওপৰত আমল কৰা। বহুত আআফচোচৰ বিষয় যে তেওঁলোকৰ লগত আমি হিকমত ব্যবহাৰ নকৰো। এই বাবেই ইমান ভেদাভেদ বা সমস্যা। মই এটা লেকচাৰ দিছিলো , যাৰ নামঃ ” মুছলিম উম্মাহৰ মাজত একতা “
এই লেকচাৰত মই কৈ দিছো যে কোৱা চহীহ হাদীছৰ ওপৰত আমল কৰিব লাগিব । ইন-শ্বা-আল্লাহ সকলো মুছলিমে গৱেষণা কৰিব। আৰু আল্লাহ কৈছেঃ
** আৰু তোমালোকে সকলোৱেই ঐক্যবদ্ধ হৈ দৃঢ়ভাৱে আল্লাহৰ ৰজ্জু (কোৰআন আৰু চহীহ হাদীছ) ধাৰণ কৰা , আৰু পৰস্পৰ বিচ্ছিন্ন হৈ নাযাবা । (ছুৰা আলে ইমৰাণ,আয়াত নং- ১০৩)
আল্লাহৰ ৰজ্জু কি? কোৰআন আৰু চহীহ হাদীছ । কিন্তু আফচোচৰ বিষয় এই যে , আমি কোৰআন অর্থ বুজি নপঢ়ো। কিছু সংখ্যক মুছলিমে কোৰআন অর্থ সহ জানে , বাকী সকলে কেৱল নুবুজিয়েই তিলাওয়াত কৰে। কিন্তু কেৱল তিলাওয়াত কৰিলো আৰু নুবুজাৰ কাৰণে আমল কৰিব নোৱাৰিলো , তেনেহ’লে ইয়াত
কিন্তু আপোনাৰ জান্নাতত যোৱাৰ গ্যাৰান্টি নাই । তিলাওয়াত কৰক , লগেলগে অর্থ সহ
তৰজমা পঢ়ক। উর্দুতে পঢ়ক ,হিন্দীত পঢ়ক ,ইংৰাজীত পঢ়ক , যি ভাষা আপুনি ভালকৈ বুজি পায় সেই ভাষাতেই পঢ়ক।বুখাৰী আৰু মুছলিম শৰীফৰ তৰজমা পঢ়ক। অর্থ সহ বুজি পঢ়ক আৰু আমল কৰক। বহুত আফচোচৰ বিষয় আমি কোৰআনৰ অর্থ বুজি নপঢ়ো, এইবাবে যি কোনোবাই আপোনাক আলেম পৰিচয় দি
আন পথভ্রষ্টৰ ঠাইত লৈ যায়। যি কোনোবাই ফতোয়া
দি দিলে আৰু আপোনালোকেও সেয়া মানি ললে।মই ডঃ জাকিৰ নায়ক ইছলামৰ ভিতৰত কিবা
কলে সেইটো মূল্যহীন। এইবাবেই মই ৰেফাৰেন্স দি কওঁ যে মই নহয় বৰং আল্লাহই কৈছেঃ , এই ছুৰাৰ সেই আয়াতত।
অথবা মই নিজৰ পৰা কিবা কলে সেইটো মূল্যহীন।
মানিব লাগিব কেৱল কোৰআন আৰু চহীহ হাদীছৰ কথা। অথবা যি কোনো আলেমে যদি আপোনাক কিবা কয় তেনেহলে আপুনি তাৰ ওচৰত সেইটোৰ প্রমান বিচাৰক বা প্রমান লওক আৰু চাওক সেইটো চহীহ চনদত বর্ণিত হয়নে নহয়।
আল্লাহ কৈছেঃ
**
যদি তোমালোক সত্যবাদী হৈ থাকা ,তেনেহ’লে প্রমান লৈ আহা।(ছুৰাঃ বাক্কাৰাহ , আয়াত নং- ১১১) যদি আপুনি চহীহ চনদত প্রমান পেচ কৰি কয় , আপুনি ডঃ
জাকিৰ নায়ক ৪০ দিনৰ চিল্লাত যাব। মই (ডঃ জাকিৰ নায়ক) কমঃ অৱশ্যেই , কিয় নহয়।
যদি আপুনি চহীহ চনদত প্রমান
পেচ কৰি কয় , আপুনি ডঃ জাকিৰ নায়ক ৪ মাহৰ চিল্লাত যাব। মই (ডঃ জাকিৰ নায়ক)
কমঃ অৱশ্যেই , কিয় নহয়।
আশাকৰো আপুনি আপোনাৰ উত্তৰ পাইছে।