আমাৰ সমাজৰ তথাকথিত আলিমৰ মূখৰ জাল কথা আৰু তাৰ ভয়াবহ পৰিণাম শুনকঃ
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আদম আঃ ৰ সৃষ্টিৰ পূর্বে তাৰকা ৰূপে বিদ্যমান আছিল!
এই বিষয়ে হাদীছ বর্ণনা কৰা হয় এনেকৈ:
হযৰত আবূ হুৰাইৰা ৰা: পৰা বর্ণিত, হযৰত ৰাছূলে কাৰীম চাল্লাল্লাহু আলাইহি অছাল্লামে হযৰত জিবৰাঈল আঃ ক সুধিলে, হে জিবৰঈল, আপোনাৰ বয়স কিমান? তেওঁ উত্তৰ দিলে, ইয়া ৰাছূলাল্লাহ, (চাল্লাল্লাহু আলাইহি অছাল্লাম) মই এই সম্পর্কে একো নাজানো। কিন্তু ইমানখিনি কব পাৰো যে, চতুর্থ পর্দাত (আছমানত) এটি তৰা বা নক্ষত্ৰ আছে যি প্রতি ৭০ হাজাৰ বছৰ পিছত তাত উদিত হয়। মই সেইটো এতিয়ালৈকে ৭০ হাজাৰ বাৰ উদিত হওঁতে দেখিছো। এইখিনি শুনি হুজুৰ চাল্লাল্লাহু আলাইহি অছাল্লামে কলে: হে জিবৰাঈল, শপথ মহান আল্লাহৰ ইজ্জতৰ, ময়েই সেই তৰা।
এই জঘন্য মিছা কথাটো ছাৰছিনাৰ পৰা প্রকাশিত খুতবায়ে ছালেহীয়া, পৃষ্ঠা ৫২ ত লিখা হৈছে বুখাৰীৰ নামত।
আকৌ কোনো কোনোৱে বুখাৰী আৰু মুছলিম উভয়ৰ নামতেই চালাই আছে।
(নাউজুবিল্লাহ!) বিস্তাৰিত জানিবলৈ ড০ খোন্দকাৰ আব্দুল্লাহ জাহাঙ্গীৰ ৰ লেখা কিতাপ “হাদীসেৰ নামে জালিয়াতিঃ প্রচলিত মিথ্যা হাদীস ও ভিত্তিহীন কথা” পঢ়ক।
হে মুছলিম ভাই-ভনী সকল! এনেকুৱা বহু জঘন্য মিছা কথা আমাৰ দেশত প্রচলিত আছে আৰু সেইবোৰ বুখাৰী মুছলিম সহ অন্যান্য হাদীছৰ কিতাপৰ নামতে চলি আছে। এই মিছা কথাবোৰ লিখি শেষত ব্ৰেকেটত লিখি দিয়া হয় ‘আল হাদীছ’ ।
আছতাগফিৰুল্লাহ!
হাদীছৰ নামত কেনে জালিয়াতি।
আৰু হাদীছৰ কিতাপৰ নাম থাকিলেও সেই হাদীছৰ বিষয়ে কিতাপৰ লেখকে কি মন্তব্য কৰিছে সেয়া নিলিখে !!!!!!!!!
আৰু দুঃখজনক হল আমি এইবোৰ মনগঢ়া লেতেৰা কথা শুনি ছূবহানাল্লাহ! আল্লাহু আকবাৰ! বুলি মজলিছ ভাৰী কৰি থাকো!!!!!!!!!
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত মিছা ৰচনা কৰাৰ পৰিণাম শুনক এইবাৰ:
ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে: “যি ব্যক্তিয়ে ইচ্ছাপূর্বক মোৰ উপৰত মিথ্যাৰোপ কৰিব, সি যেন জাহান্নামত তাৰ ঠিকনা বিচাৰি লয়।” (ছহীহ বুখাৰী ১/২১,হাঃ ১১০;ছহীহ মুছলিম ১/৭,হাঃ ৩)।
ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে আৰু কৈছে “মোৰ উপৰত মিথ্যাৰোপ কৰা, অন্য কাৰোৰ উপৰত মিথ্যাৰোপ কৰাৰ নিচিনা নহয়। যিয়ে মোৰ উপৰত মিথ্যাৰোপ কৰিব, সি যেন জাহান্নামত তাৰ ঠিকনা বনাই নিয়ে।”(ছহীহুল বুখাৰী ১/৭২,হাঃ ১২৯১; ছহীহ মুছলিম ১/৭,হাঃ ৪)।
আল্লাহ তাআলাই আমাক ক্ষমা কৰক। ধৰ্মৰ নামত থকা সকলো ভ্রান্তিৰ পৰা ৰক্ষা কাৰক। আমীন।
✍✍.. Dr. Arfan Ali