এজন মুছলিমৰ ব্যক্তিত্ব কেনে হোৱা উচিত ?

_এজন মুছলিমৰ ব্যক্তিত্ব কেনে হোৱা উচিত?*_
▬▬▬🔸🔹🔸▬▬▬
প্রিয় দ্বিনী ভাই_ভনীসকল
মুছলিম হোৱা নি:সন্দেহে বিৰাট সৌভাগ্যৰ কথা। ইছলাম আমাৰ গৌৰৱ; ইছলাম আমাৰ মৰ্য্যাদাৰ প্রতীক। ইয়াৰ মাধ্যমতেই এই পার্থিব জগতত যিমান শান্তি ও সাফল্য পোৱা যাব ঠিক তেনেদৰে পৰকালীন জীৱনত পোৱা যাব জাহান্নামৰ পৰা মুক্তিৰ নিশ্চয়তা। কিন্তু আজি অনেকে মুছলিম পৰিচয় দিবলৈ হীনমন্যতাত ভোগে; লজ্জিত হয়। ইয়াৰ কাৰণ, ইছলাম সম্পর্কে সঠিক ধাৰণা নথকা। ইছলামৰ সৌন্দর্য মণ্ডিত দিশসমূহৰ বিষয়ে অসচেতন হোৱা। যাৰ কাৰণে তেওঁৰ মাজত ইছলামী ব্যক্তিত্বৰ ছায়া পৰিলক্ষিত নহয়। আহক আমি ইছলামী জীৱন আদর্শক আকোৱালি লৈ আৰু সেই ইছলামৰ আলোকত গঢ়ি তোলো আমাৰ লাইফ ষ্টাইল আৰু ব্যক্তিত্বক।

_*এইখিনিতে এজন মুছলিমৰ ব্যক্তিত্ব কেনে হোৱা উচিত সেই বিষয়ে ১৩টি প‌ইন্ট তুলি ধৰা হ’ল:*_

● ১. মুছলিম ব্যক্তি সকলো সময়তে সত্য কথা ক’ব। মিছা কেতিয়াও নকব।
● ২. তেওঁ কেতিয়াও প্রতাৰনাৰ আশ্রয় নলব। তেওঁ হ’ব বিশ্বাসযোগ্য আৰু আস্থা ভাজন।
● ৩. তেওঁ অগোচৰে কাৰো সমালোচনা নকৰিব বা কাৰো সম্পর্কে বেয়া মন্তব্য নকৰিব।
● ৪. তেওঁ হ’ব সাহসী। কাপুৰুষতাক তেওঁ ঘৃণা কৰিব।
● ৫. ন্যায়ৰ পক্ষত তেওঁ অত্যন্ত দৃঢ়তাৰ পৰিচয় দিব। সত্য আৰু বাস্তৱ বিষয়ত দ্বিধা হীনভাবে নিঃসংকোচে কথা ক’ব।
● ৬. তেওঁ হ’ব ন্যায়-নিষ্ঠাবান যদিও ইয়াতে তেওঁৰ ক্ষতি হয় বা তেওঁৰ বিপক্ষে যায়।
● ৭. তেওঁ অন্যৰ অধিকাৰত কেতিয়াও হস্তক্ষেপ নকৰিব।
● কোনোৱে তেওঁৰ প্রতি অন্যায় কৰক বা জুলুম কৰক তাক তেওঁ কেতিয়াও বৰদাস্ত নকৰিব।
● ৮. তেওঁ হ’ব শক্তিশালী। অন্যৰ পক্ষৰ পৰা তেওঁ লাঞ্ছনাৰ চিকাৰ হবলৈ মুঠেও ৰাজি নহব।
● ৯. মুছলিম ব্যক্তি সকলো কামত বিজ্ঞজনৰ পৰামর্শ ল’ব। আৰু সিদ্ধান্ত লৈ পেলালে মহান আল্লাহৰ প্রতি ভৰসা ৰাখি সিদ্ধান্তত অবিচল থাকিব।
● ১০. তেওঁ তেওঁৰ ওপৰত অর্পিত দায়িত্ব যথাসাধ্য পূর্ণাঙ্গ ৰূপে পালন কৰিব।
● তেওঁ হ’ব বিনয়ী আৰু দয়ালু।
● ১১. তেওঁ সকলো সময়ত ভাল আৰু জনকল্যাণ মূলক কাম নিজে কৰিব আৰু অন্যকো সেয়া কৰাৰ প্রতি উৎসাহিত কৰিব আৰু বেয়া কামৰ পৰা দূৰত থাকিব আৰু অন্যকো সেয়া কৰিবলৈ নিষেধ কৰিব।
● ১২. তেওঁ আল্লাহৰ  দ্বীনৰ সাহায্যত সর্বাত্মক চেষ্টা কৰিব।
● ১৩. এজনী মুছলিম নাৰীয়ে হিজাব পৰিধান কৰিব আৰু পৰপুৰুষৰ সন্মূখত নিজকে পূর্ণাঙ্গৰূপে ঢাকি ৰাখিব।
মহান আল্লাহে আমাক সকলোকে প্রকৃত ও  আদর্শবান মুছলিম হোৱাৰ তৌফিক দান কৰক। আমিন।
▬▬▬🔸🔹🔸▬▬▬
_*আব্দুল্লাহিল হাদী বিন আব্দুল জলীল*_
AbdullaahilHadi
_দা‌ঈ জুবাইল দাওয়াহ এন্ড গাইডেঞ্চ চেন্টাৰ_

Leave a comment