ৰাছূলুল্লাহ ছাল্লাল্লাহুু আলাইহি ৱাছাল্লামে কৈছে, মোৰ বিদায়ৰ পিছত পূৰ্বৰ দেশসমূহৰ মাজৰ কোনো এখন দেশৰ পৰা মোৰ উম্মতৰ ভিতৰৰ পৰা এটা দল বাহিৰ হব।

চাহাবী আবু চাঈদ খুদৰী আৰু হজৰত আলী ৰাদ্বিয়াল্লাহু আনহুমাই কৈছে যে,
“ৰাছূলুল্লাহ ছাল্লাল্লাহুু আলাইহি ৱাছাল্লামে কৈছে, মোৰ বিদায়ৰ পিছত পূৰ্বৰ দেশসমূহৰ মাজৰ কোনো এখন দেশৰ পৰা মোৰ উম্মতৰ ভিতৰৰ পৰা এটা দল বাহিৰ হব। সেই দলৰ সদস্যসকল হব অশিক্ষিত আৰু মূৰ্খ। তেওঁলোকৰ সংস্পৰ্শলৈ কোনো শিক্ষিত লোক গ’লে তেওঁলোকো মূৰ্খৰ দৰে হৈ পৰিব। তেওঁলোকৰ বক্তৃতা হব বহুগুণৰ ফজিলতৰ। তেওঁলোকৰ দৰে বক্তৃতা বা বয়ান কাৰো নহব। তেওঁলোকৰ সকলো আমল হব খুবই নিখুত আৰু সুন্দৰ। তেওঁলোকৰ  নামাজৰ তুলনাত তোমালোকৰ  নামাজক তুচ্ছ বুলি ভাৱিবা, তেওঁলোকৰ ৰোজা দেখি তোমালোকে তোমালোকৰ ৰোজাক তুচ্ছ আৰু নগণ্য বুলি ভাৱিবা। তেওঁলোকৰ আমল দেখি তোমালোকৰ আমলক হেয় বুলি ভাৱিবা। তেওঁলোকে কুৰআন মাজিদ পঢ়িব কিন্তু কুৰআন তেওঁলোকৰ গলৰ তললৈ প্ৰৱেশ নকৰিব। তেওঁলোকে কৰআনৰ ওপৰত আমল বা কুৰআন প্রতিষ্ঠাৰ কোনো চেষ্টাও নকৰিব। তেওঁলোকৰ আমলে তোমালোকক যিমানেই আকৃষ্ট নকৰক কিয়, কেতিয়াও তেওঁলোকৰ দললৈ নাযাবা। কাৰণ প্রকৃতপক্ষে তেওঁলোকে  ইছলামৰ পৰা খাৰিজ, দ্বীনৰ পৰা বহির্ভূত । তীৰ যেনেকৈ  ধেনুৰ পৰা বাহিৰ হৈ যায়, তেওঁলোকেও পুনৰ কেতিয়াও ধেনুৰ ওচৰলৈ উভতি নাহে। তেনেকৈ এইসকল লোক দ্বীনৰ পৰা বাহিৰ হৈ যাব, পুনৰ কেতিয়াও দ্বীনৰ পথত, কুৰআন ছুন্নাহৰ পথত উভতি নাহিব”।
( ফতহুল বাৰী ১২ তম খন্ড ৩৫০ পৃষ্ঠা, মিৰকাত ৭ম খন্ড ১০৭ পৃষ্ঠা )

Leave a comment