দ্বীন ইছলামত আজি ৰাছূল (চঃ) ৰ বিভিন্ন চুন্নতক লৈ সবত্ৰে মাথোঁ বিতৰ্ক আৰু বিতৰ্ক ! আমাৰ সমাজত চুন্নাতুল জামাত বুলি দাবী কৰা মুচলীমৰ মাজতেই আজি উলম্ব বিভাজন ! এটি হৈছে মাজহাব পন্থী আৰু আনটো হৈছে প্ৰত্যক্ষ ভাবে কোৰআন হাদীছৰ অনুসাৰী ! দোয়োটি ভাগৰেই লগত আজি মূল বিতৰ্কিত বিষয় সমূহক লৈ দলীল বিদ্যমান !!
আজিৰ মূল আলোচ্য বিষয় হৈছে – দুয়োটি পক্ষৰ সৈতে নিজা দলীল সম্ভৱ হল কেনেকৈ ?? এই বিষয়টিক লৈ কিছু ত্বথ্যভিত্তিক অনুসন্ধান কৰাৰ চেষ্টা কৰিছিলো , যাৰ কিছু আভাস পাঠক ভাই সকলৰ জ্ঞাতাৰ্থে ইন শ্বা আল্লাহ দাঙি ধৰাৰ চেষ্টা কৰিম ।
অনুসন্ধানপ্ৰাপ্ত ত্বথ্য অনুসৰি দেখা গৈছে যে , বিশেষভাৱে ভাৰত উপমহাদেশত চপা হোৱা মূল হাদীছ গ্ৰন্থৰ সৈতে ইছলামীয় দেশ সমূহত চপা হোৱা হাদীছৰ মাজতেই বহুতো পাৰ্থক্য স্পষ্ট হৈ আছে ! উদাহৰণ স্বৰূপে –
১] চৌদী আৰৱ , কুৱেইট , কাটাৰ , মিছৰ , চিৰিয়া , বইৰুট, বাহৰাইন আদি দেশ সমূহত চপা হোৱা মূল আবু দাউদৰ ১১০ পৃষ্ঠাত ইবনু মাউচুদ (ৰাঃ) দ্বাৰা বৰ্ণিত এটি হাদীছত উল্লেখ কৰা হৈছে যে – নবী (চঃ) চালাতৰ আৰম্ভনীত তকবীৰে তাহৰীমাৰ ব্যতিত আন কোনো স্থানত ৰাফেউল ইয়েদাইন কৰা নাছিল । উল্লেখযোগ্য যে উক্ত হাদীছটিৰ তলতেই স্বয়ং সংকলক আবু দাউদ (ৰহঃ) উল্লেখ কৰিছে –
هَذَا حَدِيْثُُ مُخْتَصَرُُ مَّنْ حَدِيْثِِ طَوِيْلِِ وَلَيْسَ هُوَ بِصَحٍِيْحِِ عَلَى هَذَا اللَّفْظِ
অৰ্থাৎ, এই হাদীছটি দীঘল এটি হাদীছৰ সংক্ষিপ্ত ৰূপ , শব্দ সম্ভাৰৰ দিশৰ পৰাও এই হাদীছটি চহীহ নহয়” । ৰহস্যজনক বিষয় যে , ভাৰত উপমহাদেশত চপা হোৱা আবু দাউদ হাদীছ , যিখন আমাৰ কৌমি , খাৰেজী আদি মাদ্ৰাছা সমূহৰ পাঠ্যক্ৰম হিচাবে ব্যৱহৃত হৈ আছে , তাত নিম্ন এই মূল মন্তব্য উঠাই দিয়া হৈছে । এই হাদীছটিকেই ৰাফেউল ইয়েদাইন নকৰা সকলে সদায় মূখ্য দলীল হিচাবে পেচ কৰি আহিছে ! যাৰ বাবেই ৰাফেউল ইয়েদাইনৰ বিতৰ্কৰ অন্ত নপৰে ।
২] ইছলামীয় দেশ সমূহত চপা হোৱা মূল চহীহ বুখাৰীৰ ২৬৯ পৃষ্ঠাত উল্লেখ থকা ” কিতাবুচ চালাতে তাৰাবীহ ” অংশটি আমাৰ ইয়াত চপা হোৱা চহীহ বুখাৰীত পোৱা নাযায় । ইয়াৰ ফলতেই তাৰাবীৰ চালাত লৈ আজি বিভিন্ন বিতৰ্ক অব্যাহত আছে !
৩] মূল আবু দাউদৰ ১০৯-১১০ পৃষ্ঠাত চালাতত হাত বন্ধাৰ স্থান সম্পৰ্কত একাদিক্ৰমে পাঁচটি হাদীছ উল্লেখিত হৈছে। ইয়াৰে চাৰিটি হাদীছতেই হাত বন্ধাৰ স্থান নাভীৰ তলত বুলি উল্লেখ কৰিছে যদিও আটাইকেইটি হাদীছতেই পৃথকে পৃথকে সংকলক তথা কেইবাগৰাকী মুহাদ্দীচে গ্ৰহণ শক্তিশালী নহয় , জয়ীফ বুলি স্পষ্ট মতপোষণ কৰিছে । পঞ্চম হাদীছটিত হাত বন্ধাৰ স্থান বুকুত বুলি উল্লেখ কৰিছে যদিও এই হাদীছ সম্পৰ্কে কোনো ধৰণৰ মন্তব্য কৰা হোৱা নাই । যিহেতু এই পৰিঘটনাই হাত বন্ধাৰ প্ৰকৃত স্থান বুকু বুলি স্পষ্টকৈ প্ৰমাণ কৰাৰ হেতুকেই নিশ্চয় আমাৰ ইয়াত চপা হোৱা আবু দাউদত এই পাঁচোটি হাদীছেই উঠাই দিয়া হৈছে । যাৰ ফলস্বৰূপেই আজি এই স্থান লৈ সৰ্বত্ৰে বিতৰ্ক অব্যাহত আছে ।
এনেবোৰ বিশ্লেষণে নিশ্চিত ভাবে আমাক ভাবিবলৈ বাধ্য কৰিছে যে নিশ্চয় আজি ইছলামীয় গ্ৰন্থ সমূহ প্ৰিন্টিং দূৰ্নীতিৰ পৰা মুক্ত নহয় । এই দূৰ্নীতিৰ আভাস প্ৰতিজন মুচলীমেই অতি সহজতেই প্ৰমাণ চাবলৈ আন এটি উদাহৰণ আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ , যাৰ প্ৰভাৱ হাদীছ গ্ৰন্থটেই সীমাবদ্ধ নাথাকি এখোপ আগুৱাই গৈ আল্লাহৰ পবিত্ৰ কালাম কোৰআন মজিদতো স্পৰ্শ কৰিছে ! ভাৰত উপমহাদেশত চপা হোৱা প্ৰতিখন কোৰআনৰ ২২ নং ” চুৰা হজ্জ ” ৰ দ্বিতীয় চিজদাহটোলৈ মন কৰক । দেখিবলৈ পাব কাষত লিখা আছে ” আচ্ছিদ্দাতুল ইন্দাছ্ শ্বাঈফী “, অৰ্থাৎ এইটো শ্বাঈফী মাজহাবৰ চিজদাহ । সেয়েহে আমি এই চিজদাহটি পৰিত্যাগ কৰি কোৰআনৰ সৰ্বমুঠ ১৫ টি চিজদাহৰ স্থানত ১৪ টি চিজদাহহে দি আহিছোঁ । এতিয়া হজ্জ কৰি অহা যিকোনো ব্যক্তিৰ হাতত থকা চৌদী আৰবৰ প্ৰিন্টৰ কোৰআন খনি মেলি এই নিদিষ্ট চিজদাহটি চাওক , দেখিব তাত কোনো ধৰণৰ মন্তব্য উল্লেখ নাই । অৰ্থাৎ তেখেত সকলে কোৰআনৰ ১৫ টি স্থানতেই গুৰুত্বপূৰ্ণ চিজদাহ অব্যাহত ৰাখিছে । সন্মানিত দ্বীনি ভাইসকল ! আল্লাহক ভয় কৰি অন্ততঃ এই ক্ষুদ্ৰ কথাটি ক্ষন্তেকৰ বাবে হলেও চিন্তা কৰি চাওক যে , পবিত্ৰ কোৰআন নাজিল হোৱাৰ সময়ত এই মহান ইমাম সকল , যিসকলৰ ব্ৰেণ্ড নেইম ব্যৱহাৰ কৰি পবিত্ৰ ইছলামক আজি খণ্ড খণ্ড কৰি পেলোৱা হল , তেখেতসকলৰ উক্ত সময়ত জন্ম হৈছিল নে অস্তিত্ব আছিল ?? তেনে অৱস্থাত ইমাম শ্বাঈফী ( ৰহঃ) ৰ নামত কোৰআনৰ চিজদাহ পৃথক কৰাটো এক ভয়ঙ্কৰ প্ৰিন্টিং দূৰ্নীতি নহয় নে ??
এনে বহুতো নেপথ্যত ক্ৰিয়া কৰি থকা দূৰ্ভাগ্যজনক উৎসহেই আজি অসংখ্য মুচলীমক বিপথগামী কৰি তুলিছে , আমাৰ মাজত ভাতৃত্ববোধৰ এনাজৰীডাল চিঙি এজনক আনজনৰ শত্ৰু কৰি তুলিছে ! ফিৰকাবাজীৰ ভয়াবহতাই ইছলামীক ঐক্য বিনষ্ট কৰিছে , কোৰআন হাদীছৰ পৰা মানুহ আঁতৰি গৈ মৰিচিকাৰ পাছত দৌৰি ফুৰিছে !!
সেয়েহে আহক ইন শ্বা আল্লাহ , বিশুদ্ধ ইছলামৰ সন্ধান পাবলৈ আমি সকলোৱে হৃদয় উজাৰি আল্লাহৰ হিদায়তৰ ভিক্ষা বিচাৰোঁ , সঠিক পদ্ধতিৰে ইবাদত কৰোঁ , সকলো প্ৰকাৰৰ ফিৰকা বাজীৰ পৰা নিজক প্ৰথমে আঁতৰাই আনো । অন্যথা জাহান্নামেই হয়তো হব আমাৰ অনন্ত স্থান ।
আল্লাহে আমাক সকলোকে সুমতি দিয়ক , ভয়ানক জাহান্নামৰ পৰা হিফাজত কৰি জান্নাতুল ফিৰদৌচ নচিব কৰক ! আমীন …………. চুম্মা আমীন ।
✍✍.., মোক্তাবুল হুছেইন