প্ৰশ্ন :- আহলে হাদীছ / হাদিছ / হাদিচ কি ?

প্ৰশ্নঃ-#আহলে_হাদীছ কি?

“আহলে হাদীছ”–ৰ অর্থ হৈছে হাদীছৰ অনুসাৰী। যিসকলে কোনো মানুহ বা মানৱ ৰচিত মতবাদ যেনে- (মাযহাব, তৰীকা, পীৰ, ইমাম)-ৰ অন্ধ অনুসৰণ নকৰে, বিশুদ্ধভাৱে হাদীছক অনুসৰণ কৰে তেওঁলোকেই হৈছে আহলে হাদীছ। ইয়াত “হাদীছ”ৰ দ্বাৰা কুৰআনুল কাৰীম আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কথা উভয়কেই বুজোৱা হৈছে। কাৰণ কুৰআন আৰু হাদীছত “কুৰআনুল কাৰীমকো” হাদীছ বোলা হৈছে।যেনে –

فَلَعَلَّكَ بَاخِعٌ نَفْسَكَ عَلَىٰ آثَارِهِمْ إِنْ لَمْ يُؤْمِنُوا بِهَٰذَا الْحَدِيثِ أَسَفًا

“সিহঁতে (কাফিৰসকলে) এই হাদীছৰ (কুৰআনুল কাৰীম) প্রতি ঈমান পোষণ নকৰিলে সম্ভৱতঃ সিহঁতৰ পিছত ঘূৰি ঘূৰি তুমি দুখতে প্রাণ ধ্বংস কৰি দিবা! (ছুৰা কাহফ: ৬)।

اللَّهُ نَزَّلَ أَحْسَنَ الْحَدِيثِ كِتَابًا مُتَشَابِهًا مَثَانِيَ تَقْشَعِرُّ مِنْهُ جُلُودُ …

“আল্লাহে নাযিল কৰিছে “উত্তম হাদীছ” (উত্তম বাণী, কুৰআনুল কাৰীম), সামঞ্জস্যপূর্ণ এখন কিতাব, যাক বাৰে বাৰে পাঠ কৰা হয়।” (ছুৰা যুমাৰ: ২৩)।

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছেঃ

“ফা ইন্না খাইৰাল হাদীছী কিতাবুল্লাহ” – জানি লোৱা নিশ্চয় সর্বশ্রেষ্ঠ হাদীছ (কথা/বাণী) হৈছে আল্লাহৰ কিতাব (কুৰআনুল কাৰীম)। ছহীহ মুছলিম, মিশকাত।

আহলে হাদীছৰ অর্থ হৈছে “কুৰআন+ছুন্নাহৰ” অনুসাৰী।

ছুন্নাহ লিপিবদ্ধ আছে ছহীহ হাদীছত, আকৌ কুৰআনুল কাৰীমকো কুৰআন আৰু হাদীছত “হাদীছ” বুলি সম্বোধন কৰা হয়। উল্লেখ্য হাদীছ অর্থ হৈছে বাণী।
সেই দৃষ্টিকোণৰ পৰা আহলে ছুন্নাহৰ আন এটা নাম হৈছে আহলে হাদীছ। যদিও আমাৰ দেশৰ মানুহে আহলে ছুন্নাহ নামটোৰ সৈতে বেছি পৰিচিত, কিন্তু আৰব দেশসমূহত বিশেষকৈ প্রাচীনকালৰ আলিম উলামাসকলে আহলে ছুন্নাহ আৰু আহলে হাদীছ – এই দুয়োটা নামকেই সমার্থক হিচাবে ব্যৱহাৰ কৰিছে। এই বিষয়ে ইমাম আহমাদ ইবনে হাম্বাল, ইমাম বুখাৰীৰ ওস্তাদ ইবনুল মাদানী আৰু ইমাম বুখাৰী, ইমাম হাকিম, ইমাম তিৰমিযী, ইমাম খাত্তাবি, ইমাম ইবনে তাইমিয়্যা, ইমাম ইবনে কাইয়্যিম, ইমাম ইবনে কাচীৰ, আব্দুল কাদীৰ জিলানি…এনেদৰে অতীতৰ পৰা আজিলৈকে আলিম উলামাসকলে নাজাতপ্রাপ্ত দল হিচাবে আহলে ছুন্নাহ আৰু আহলে হাদীছৰ নাম উল্লেখ কৰিছে। এইটো এটা জামাতৰ দুটি সমার্থক নাম। ইয়াৰোপৰি এই জামাতৰ আন নামো আছে। কিন্তু মূল বিষয় হ’ল নাম যিয়েই নহওঁক কিয়, আনকি নাম থাকক বা নাথাকক – যিয়েই কুৰআন আৰু ছুন্নাহক ঠিক সেইভাৱে অনুসৰণ কৰিব যেনেকৈ চাহাবাসকলে অনুসৰণ কৰিছিল, তেওঁলোকেই হ’ল প্রকৃত নাজাতপ্রাপ্ত দল।

ভাৰত, পাকিস্থান আৰু বাংলাদেশত “আহলে হাদীছ” নামটোক লৈ কিছুমান কাৰণত (সামান্য কিছু যৌক্তিক, বেছি ভাগেই অযৌক্তিক আৰু হাস্যকৰ কাৰণ) ফিতনা, তর্ক-বিতর্ক, পৰস্পৰ বিৰোধী বক্তব্য লক্ষ্য কৰা যায়। সেয়ে আহলে হাদীছক লৈ অতীত যুগৰ পৰা আৰম্ভ কৰি বর্তমান যুগৰ আলিমসকলে কি কৈছে তাক তুলি ধৰা হ’ল-

১. ইমাম আহমাদ ইবনে হাম্বল (ৰহঃ)য়ে যেতিয়া ৭৩ ফির্ক্বাহৰ মাজত নাজিয়াহ ফির্ক্বাহ (নাজাতপ্রাপ্ত দল) সম্পর্কে কৈছে

“যদি তেওঁলোক “আহলে হাদীছ” নহয় তেনেহ’লে মই নাজানোঁ তেওঁলোক অন্য কোনসকল।”
চাওঁক ছহীহ বুখাৰীৰ ৭৩১১ নং হাদীছৰ ব্যাখ্যা, বুখাৰীৰ জগদ্বিখ্যাত বাখ্যাগ্রন্থ ইবনু হাজাৰ আল-আচকালানী (ৰহঃ)-ৰ ফাতহুল বাৰী, ১৩ দহ খণ্ড, ২৯৩ পৃ.।

ইবনু হাম্বল (ৰহঃ) পর্যন্ত এই কথাৰ চনদৰ বিষয়ে ফাতহুল বাৰীত কোৱা হৈছেঃ “ইমাম হাকিম (ৰহঃ)-য়ে তেখেতৰ মাৰিফাতু উলূমিল হাদীছ গ্রন্থত আহমাদ বিন হাম্বলৰ পৰা ছহীহ চনদত বর্ণনা কৰে যে এওঁলোক (নাজাতপ্রাপ্ত দল, আল-ফিৰ্কাহ আন-নাজিয়াহ) যদি আহলে হাদীছ নহয় তেনেহ’লে মই নাজানোঁ তেওঁলোক কোন।”

“মই মোৰ পিতা আহমাদ বিন হাম্বালক এজন ব্যক্তিৰ বিষয়ে প্ৰশ্ন কৰিলোঁ, যে তেওঁৰ দ্বীন সংক্রান্ত বিষয়- ‘তালাক্ব আৰু অন্যান্য বিষয়ৰ ক্বচম’ৰ বিষয়ে প্ৰশ্ন কৰিব বিচাৰে যি বিষয়ে তেওঁ পৰীক্ষাত অৱতীৰ্ণ হৈছে। তাত “আচহাবে ৰায়”ৰ এটি দল আৰু “আচহাবে হাদীছ”ৰ এনেকুৱা এটি দল আছে যিসকলে হাদীছ মুখস্থ নকৰে আৰু হাদীছৰ চনদ কোনটো দুর্বল আৰু কোনটো শক্তিশালী তাক চিনি নাপায়। এই দুই গ্রুপৰ উপস্থিতিত তেওঁ কাক ফাতওৱা সুধিব? আহলে ৰায়ক নে আহলে হাদীছৰ সেই গ্রুপটোক যদিও তেওঁলোকৰ হাদীছ সম্বন্ধে জ্ঞান কম? তেখেতে (আহমাদ বিন হাম্বল) ক’লে- আছহাবে হাদীছ বা আহলে হাদীছক (যদিও সেই আহলে হাদীছে হাদীছ কম জানে) প্ৰশ্ন কৰিব, কিয়নো য’ঈফ হাদীছ আৰু আবু ‘হানীফাহৰ ৰায়তকৈ শ্রেয়।
কিতাবুচ ছুন্নাহ, আব্দুল্লাহ বিন আহমাদ বিন হাম্বল, ১ম খণ্ড ১৮০ পৃষ্ঠা, মোৰ পিতা আৰু অন্য মাশায়েখসকলৰ ওচৰৰ পৰা আবূ হানীফাহৰ বিষয়ে কি মনত ৰাখিছোঁ অধ্যায়।

২. ফাতহুল বাৰীত অনুৰূপ আছে,
অর্থাৎ, ইমাম আত-তিৰমিযী (ৰহঃ)-য়ে উপৰোক্ত অধ্যায়ৰ হাদীছ উল্লেখ কৰি কৈছে, মই মুহাম্মাদ বিন ইছমাঈলক (ইমাম বুখাৰীৰ আচল নাম) কোৱা শুনিছোঁ যে তেখেতে তেখেতৰ উস্তাদ আলী ইবনুল মাদীনীক কোৱা শুনিছে যে, “তেওঁলোক (মুক্তিপ্রাপ্ত দল) হ’ল আচহাবুল হাদীছ।”
৭৩ ফির্কাহৰ আলোচনাত ইমাম আততিৰমিযীয়ে এই কথা আনিছে।

৩. সেইখুল ইছলাম, ইমাম ইবনে তাইমিয়া ৰহিমাহুল্লাহে সুন্দৰকৈ কৈছিলঃ
“গতিকে প্রতীয়মান হৈছে যে মানুহৰ মাজত আলফিৰক্বাহ আন না-জিয়াহ (নাজাত প্রাপ্ত দল) হোৱাৰ সর্বাধিক হক্বদাৰ হ’ল “আহলুল হাদীছ ওৱাচ ছুন্নাহ”, যিসকলৰ কোনো অনুসৃত নেতা নাই যাৰ ফালে তেওঁলোকে পক্ষাৱলম্বন কৰে, একমাত্র আল্লাহৰ ৰাছুল চাল্লাল্লাহু ‘আলাইহি ৱাছাল্লাম ব্যতীত..”..”তেওঁলোকৰ অগ্রগামী মানুহবোৰ ৰাছুল চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ বাণীসমূহৰ আৰু অৱস্থাৱলীৰ বিষয়ে ফাক্বীহ, তেওঁলোকে হাদীছৰ মর্ম বুজে আৰু সত্যায়ন, আমল কৰা, আৰু ভালপোৱাৰ মাধ্যমত তাৰ ইত্তিবা (অনুসৰণ) কৰে…যিসকলে এই নীতি ভাল পায়, তেওঁলোকক আহলে হাদীছৰ আলিমসকলে ভাল পায়। আকৌ যিসকলে এই নীতিৰ সৈতে শত্রুতা কৰে তেওঁলোকক আহলে হাদীছৰ আলিমসকলে শত্রু জ্ঞান কৰে…আকৌ যিবোৰ বিষয়ত মানুহে বিবাদ কৰিছে, যেনে- আল্লাহৰ মহান গুণাৱলী, তাক্বদীৰ, শাস্তিৰ ভীতি প্রদর্শন, আল্লাহৰ নামসমূহ, সৎ কামৰ আদেশ, অসৎ কামত নিষেধ ইত্যাদি, এই সকলো ক্ষেত্ৰত তেওঁলোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালে অৰ্পন কৰে….”
ইবনু তাইমিয়াৰ মাজমূউল ফাতাওৱা, ৩য় খণ্ড, ৩৪৭ পৃ.।

৪. তাফচীৰ ইবনে কাচীৰত ছুৰাহ বানী ইছৰাঈলৰ ৭১ নং আয়াত [ يوم ندعو كل أناس بإمامهم ] “যিদিনা আমি প্রত্যেক মানুহক তাৰ “ইমাম” ধৰি মাতিম” ৰ তাফছীৰত ইবনু কাচীৰ (ৰহঃ)-য়ে কৈছে,
هذا أكبر شرف لاصحاب الحديث لأن إمامهمالنبي صلى الله عليه و سلم
অর্থাৎ, এইটো আচহাবুল হাদীছ তথা আহলে হাদীছৰ সর্বোচ্চ সন্মান¸ কাৰণ তেওঁলোকৰ ইমাম স্বয়ং নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লাম।

৫. “দুনিয়াত় এনে কোনো বিদআ’তী নাই যিয়ে আহলে হাদীছসকলৰ প্রতি বিদ্বেষ নাৰাখে।”
বুলি কৈছে মুহাদ্দিছ আহমাদ বিন চিনান আল ক্বাত্তান(ৰহঃ)-য়ে।
ইমাম ‘হাকিমৰ মা’ৰিফাতু উলুমিলহাদীছ পৃ ৪.।

৬. চৌদি আৰবৰ চাবেকগ্র্যাণ্ড মুফতী চামাহাতুচ সেইখ আব্দুল আজীজ বিন বায ৰহিমাহুল্লাহে এটা প্রশ্নৰ উত্তৰত ফির্কাবাজী আৰু বিভিন্ন বিদ’আতী দল সম্পর্কে সতর্ক কৰাৰ পিছত আদর্শ ইছলামী দলৰ উদাহৰণ দিবলৈ গৈ কৈছেঃ
“যেতিয়া কোনো মুছলিমে এনে কোনো দল অথবা মাৰকায অথবা জামাত (সংস্থা/সমাজ/সমিতি) বিচাৰি পাব যিটো আল্লাহৰ কিতাব আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ চুন্নাহৰ ফালে আহ্বান কৰে, যেনে- মিছৰ আৰু চুদানত “অনচাৰুচ ছুন্নাহ” আৰু ভাৰত আৰু পাকিস্তানত “জম’ঈয়াতে আহলে হাদীছ”, তেতিয়া তেওঁৰ উচিত তাৰ অনুগামী হোৱা আৰু তাক আঁকোৱালি লোৱা।” মাজমূ ফাতওৱা ওমাক্বালাত মুতানাওওয়ি’আহ লিচামাহাতিচ সেইখ আল আল্লামাহ আব্দুল আযীয বিনআব্দিল্লাহ বিন বায (ৰহঃ) – ৮ম খণ্ড ১৭৯ পৃ.।

৭. আমাৰ অতি পৰিচিত কাবাৰ ইমাম চাউদ আচ-চুৰাইম ও আব্দুৰ ৰহমান আচ-চুদাইচঃ
***মাক্কাহৰ হাৰাম শ্বৰীফৰ সন্মানীত ইমাম আৰু মাক্কাহৰ উম্মুল ক্বুৰা বিশ্ববিদ্যালয়ৰ কুল্লিয়াতুচ শ্বাৰী’আহ ওৱাদ দিৰাচা-তিলইছলামিয়্য়াহৰ সন্মানীত দ্বীন, ফাদ্বীলাতুচ সেইখ প্রফেচাৰ ড. চঊদ বিন ইব্রাহীম আচ চুৰাইম মুম্বাই চহৰৰ আহলে হাদীছ ভাইসকলৰ উদ্দেশ্যে আহলে হাদীছৰ কি ফযীলত বয়ান কৰিছে জানিবলৈ চাওঁক!

http://www.youtube.com/watch?v=c4_RiwFf0RU
http://www.youtube.com/watch?v=iN1x5YOLjLg

মই নিজেই অবাক হৈ গৈছোঁ! তেওঁ কৈছে-

সেইখ চ’উদ আচ চুৰাইমে কৈছে, “আপোনালোকক সু-স্বাগতম এই মোবাৰক-মোলাকাতে! আপোনালোকৰ সৈতে এই মোলাকাত কৰাকে মই মোৰ ওপৰত একান্ত কর্তব্য (ওয়াজিব) বুলি ভাৱোঁ! যি সময়ত মোৰ দুই ভৰি ভাৰতৰ মাটিত আৰু মুম্বাই চহৰত পৰিল, তেতিয়াই মই ভাৱিছোঁ মই দেখা কৰি যাব লাগিব মোৰ বন্ধু, ভাই আৰু মহাব্বাতৰ পাত্র আহলে হাদীছসকলৰ সৈতে! আহলে হাদীছ হ’ল আত-ত-ইফাতুল মানছুৰাহ (সাহায্য-প্রাপ্ত দল), যিটো আলিমসকলে কৈ গৈছে। ৰাছলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে যেতিয়া ক’লে, “মোৰ উম্মতৰ এটি দল সর্বদা হক্কৰ ওপৰত বিজয়ী থাকিব, তেওঁলোকক যিসকলে পৰিত্যাগ কৰিব বা বিৰোধিতা কৰিব সিহঁতে তেওঁলোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব (অর্থাৎ হক্বৰ ওপৰত বিজয়ী থকাৰ পৰা বিৰত ৰাখিব নোৱাৰিব) ক্বিয়ামত পর্যন্ত” তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামক তেওঁলোকৰ বিষয়ে প্ৰশ্ন কৰা হ’ল, তেখেতে ক’লে, তেওঁলোক সেই বস্তুৰ ওপৰতেই থাকিব যাৰ ওপৰত আজি মই আছোঁ আৰু মোৰ চাহাবাহ আছে। বহুতো বিদ্বান যিসকলৰ মাজত আছে ইমাম বুখাৰী (ৰহঃ) আৰু আনসকলে কৈ গৈছে যে, “তেওঁলোক হ’ল আহলে হাদীছ”… চালাফসকলৰ (পূৰ্ৱৱর্তী আলিমসকলৰ) কিছুমানে কৈছে, “তেওঁলোক যদি আহলে হাদীছ নহয় তেনেহ’লে আন কোনসকল?”… আৰু কিয় নহয়, এই পৰিচয়ৰ সম্বন্ধিকৰণ তো একেবাৰে মানৱজাতিৰ চর্দাৰ আৰু ক্বিয়ামাতৰ দিনা বনী-আদমৰ নেতা চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ফালেই উভতি গৈছে!..আমি যিসকলে হাৰামাইন শ্বৰীফাইনৰ দেশ চৌদি আৰবত আছোঁ, তেওঁলোকে আমাৰ ভাই ভাৰতৰ আহলে হাদীছসকলক ভাল পাওঁ, কিয়নো আমাৰ মানহাজ (পথৰ বুজ) একেই, আক্বীদাহ একেই…ক’লে সেইখ চুৰাইমে।

***একেই ধৰণৰ কথা মাক্কাহৰ প্রধান ইমাম আৰু খত্বীব আৰু উম্মুল ক্বুৰা বিশ্ববিদ্যালয়ৰ সন্মানীত প্রফেচাৰ আৰু বিশ্বখ্যাত ক্বাৰী ফাদ্বীলাতুচ সেইখ ড. আব্দুৰ ৰহমান আচ চুদাইচে কৈছে। youtube ত চাওঁক!

http://www.youtube.com/watch?v=aBKFcNW2S0g
http://www.youtube.com/watch?v=B2_iohd2XIA&feature=related
http://www.youtube.com/watch?v=z6CKozX8vWk
তেওঁ তো কৈছে¸

“এইটো কোনো অন্ধ পক্ষাৱলম্বন নহয় বা কোনো দলীয়তাও নহয়, বৰং প্রত্যেক মুছলিমেই আহলে হাদীছ হোৱা উচিত!”

৮. IslamQA ত সেইখ চালিহআল-মুনাজ্জিদৰ ফাতওৱাঃ
http://www.islamqa.com/en/ref/12761
http://islamqa.info/en

Islam Question and Answer – English –
Islam Question & Answer is a site that aims to provide intelligent, authoritative responses to anyone’s question about Islam
islamqa.info

Leave a comment