#প্ৰশ্ন:- দেওবন্দী ভাইসকলে হাদীছ অনুসৰণ নকৰি কিয় ছুন্নাহ অনুসৰণৰ কথা কয়???
#উত্তৰ:- এই ক্ষেত্রত তেওঁলোকৰ নিকৃষ্ট স্বাৰ্থ নিহিত হৈ আছে। অধিকাংশই সেইটো নবুজে। ছুন্নাহৰ পৰিধি ব্যাপক। ছুন্নাহৰ অনুসৰণ কৰিলে:– আমাৰ ছুন্নাত¸ আপোনাৰ ছুন্নাত, ওলি আল্লাৰ ছুন্নাত, পীৰৰ ছুন্নাত¸ নিজৰ ছুন্নাত¸ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ছুন্নাত ইত্যাদি ইত্যাদি সকলোৰে অনুসৰণ কৰিব পাৰি। আনহাতে হাদীছ অনুসৰণৰ কথা ক’লে¸ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ছুন্নাত ব্যতীত সকলোবোৰেই বাদ পৰি যাব আৰু যাৱতীয় বিদাতৰ দৰ্জাও বন্ধ হৈ যাব।
দেওবন্দী জ্ঞানীসকলৰ লিখনী আৰু বক্তব্যত প্ৰায়ে কৈ থাকে যে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আমাক হাদীছ অনুসৰণ কৰিবলৈ কোৱা নাই¸ তেখেতৰ ছুন্নাহ অনুসৰণ কৰিবলৈ কৈছে। সেইকাৰণে তেওঁলোকে আহলে ছুন্নাহ বুলি কয়। যিসকল জ্ঞানীয়ে এনেকুৱা মূর্খতাপূর্ণ কথা কয়, তেওঁলোকে আচলতে নিজৰ জ্ঞান আনৰ ওচৰত বন্ধকত থৈছে। সেয়ে সেই সুৰত তাল মিলাই কথা কয়। ১% জ্ঞান যদি তেওঁলোকৰ নিজস্ব হ’লহেতেন¸ তেনেহ’লে এনেকুৱা মূর্খতাৰ পৰিচয় নিদিলেহেঁতেন।
তেওঁলোকলৈ আমাৰ প্রশ্ন :–
(১) ছুন্নাহ জানিবলৈ হ’লে ক’ত বিচাৰিব? আকাশে-বতাহে নে নির্দিষ্ট কোনো ঠিকনা আছে? যদি কোনো নিৰ্দিষ্ট ঠিকনা আছে তাৰ পৰিচয় ক’ত?
(২) আমি বহুতো আমল চাহাবীসকলৰ মাজত পাওঁ যিবোৰ প্ৰত্যক্ষভাৱে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পৰা প্রমাণিত নহয় তাক জনাৰ কাৰণে ঠিকনা কি?
(৩) আপোনালোকে কয়, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ হাদীছ অনুসৰণ কৰিবলৈ নহয় ছুন্নাহ অনুসৰণ কৰিবলৈ কৈছে। সেয়ে আপোনালোক আহলে ছুন্নাহ ওৱাল জামাত¸ আহলে হাদীছ নহয়। আমি কম ভাই! ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কুৰআন আৰু ছুন্নাহ দুয়োটা মানিবলৈ কৈছে। তেনেহ’লে কেৱল আহলে ছুন্নাহ নুবুলি আহলে কুৰআন ছুন্নাহ ওৱাল জামাত বোলা উচিত নহয় নেকি? হাদীছৰ অনুসৰণ অবিহনে ছুন্নাহ আমল কৰাটো জানো সম্ভব?
আমি ভাৱোঁ যিসকলে আহলে হাদীছ পৰিচয় দিয়ে তেওঁলোকেই সঠিক পৰিচয় দিয়ে। কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ছুন্নাহ আৰু চাহাবীসকলৰ আমল জানিবলৈ হ’লে হাদীছৰ অনুসৰণ অনিবাৰ্য আৰু আল্লাহৰ কিতাব কুৰআনক আল্লাহে আহচানুল হাদীছ বুলি কৈছে। সেয়ে উভয়েই অহি হাদীছ। গতিকে আহলে হাদীছ পৰিচয় দিয়াটোৱেই সমিচীন হ’ব।