এতিমৰ আৰ্তনাদ

📝📝এতিমৰ আৰ্তনাদ

হয়, আমি এতিম হওঁ, মনত বৰ বিষাদ
কোনেনো শুনিব বাৰু আমাৰ এই আৰ্তনাদ?
মা-বাবা নাই বুলিয়েই আজি
এতিম আমাৰ নাম।
এই পৃথিৱীৰ পৰা গুচি গ’লে কিজানি
আমি শান্তি পাম!!
আপোন আমাৰো নথকা নহয়
কিন্তু আত্মীয়তা নাই।
সম্পত্তিশালী হ’লে কি হ’ল,
কাৰোঁ সহানুভূতি যে নাই।
হৃদয় আমাৰো আছে, দুখ আমিও পাওঁ
প্ৰকাশ কৰাৰ ঠাই কিন্তু আমাৰ ক’তো নাই।
লাঞ্চিত বঞ্চিত সকলোতে আমি
নীৰৱে আপোনালোকৰ অত্যাচাৰো আমি সহ্য কৰি যাওঁ।
হয় এতিম হওঁ আমি
আমাৰ নাই ঘৰ বাৰী।
ৰাষ্টা ঘাট ব্ৰীজৰ তলতেই আমাৰ ঘৰ আমাৰ শোৱাপাটী,
মহৰ কামোৰণীৰ মাজত আমাৰ নিদ্ৰা
সেয়াই আমাৰ ফুলনীবাৰী।
পাথৰ বুকুত লৈ শুই পৰোঁ আমি!!
হয়, আমাৰ মূৰ থবলৈ ‘মা’ৰ
মৰমৰ বুকু যে নাই।
হয়, আমাক মৰম কৰোঁতা কোনো আমাৰ ওচৰত নাই।
আমাৰ কপালৰ ঘাম আমি নিজেই মচো,
ৰুমালেৰে নহয়।
ধূলি-বালিৰে ভৰা আমাৰ এই লেতেৰা হাতেৰে
হয়, এই লেতেৰা হাতেৰেই।
আমাক দেখিলে আপোনালোকৰ ঘিন লাগে
হয়, লাগিবই আমি যে লেতেৰা
কিন্তু আপুনি এবাৰ ভাৱি চাইছে নে?
আপোনাৰ সন্তানৰ দৰেই আমাৰ যত্ন লওঁতা যে কোনো নাই।
লিখা পঢ়াতো দূৰৰ কথা চাহেব
আমাৰ তো খোৱা বোৱাৰো নাই কোনো ঠিকনা!!
খাবলৈ নাপালে বহুত কষ্ট পাওঁ চাহেব
আপুনি পেট ভৰাই খোৱা মানুহ
কেনেকৈ বুজিব ভোকৰ কি যন্ত্ৰণা।
কেতিয়াবা ভোকৰ তাড়নাত আমি হাবাথুৰি খাওঁ
ইফাল সিফাল চাৰিওফালে চাওঁ,
কাকো একো কবলৈ আমি সাহস নাপাওঁ।
কাৰণ আমি এতিম হওঁ
আপোনাৰ ওচৰত আমি লেতেৰা আমি অভদ্ৰ।
কিন্তু সচাঁ কৈছোঁ চাহাব
আমি অসভ্য নহওঁ।
মা আৰু আব্বা লৈ বহুত মনত পৰে তেতিয়া!!
যেতিয়া আপোনাৰ দৰে লোকসকলে
আপোনাৰ সন্তানসকলক অতি আদৰ কৰে
স্কুলত লৈ যায়
ৰেষ্টুৰেণ্টত বহি নানা ধৰণৰ বস্তু খায়!!
আমাৰো মন যায়।
আমাৰ মনে কান্দে,
চকু চলচলীয়া হয়
বুকু বিষাই যায়।

এতিম হোৱাটো আমাৰ অপৰাধ নেকি?
আজি কিয় আমাৰ লগত এনে বৈষম্য?
আমাৰ কি কোনো আশা নাই?
আমাৰ কি কোনো অধিকাৰ নাই?
আপোনাৰ দৰে আমাৰ কি এখন হৃদয় নাই?
এতিমসকলৰ প্ৰতি কি
আপোনালোকৰ কোন দায়িত্ব নাই?
হয় এতিম হোৱাৰ কাৰণেই আজি আমাৰ এই লাঞ্চনা।

দুখ আৰু বেদনাত আমি আৰ্তনাদ কৰোঁ
হয় আমি আৰ্তনাদ কৰোঁ!!
কিন্তু এই সভ্য সমাজৰ কোনেও
আমাৰ আৰ্তনাদ নুশুনে নেদেখে।

স্বাৰ্থপৰ এই পৃথিৱীত আমি সচাঁকৈয়ে দুৰ্ভগীয়া।
বহুত দুৰ্ভগীয়া।

✿✿✿✿✿❀✿✿✿✿✿❀⏰✿✿✿⏰✿✿✿✿

এতিম মিছকিন সকলৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবলৈ কোৰআনত আল্লাহে নিৰ্দেশ দিছে

(কুৰআন ২:৮৯) ” ……. আৰু এতিমসকলৰ
আৰু মিছকিন সকলৰ প্ৰতি ( সদ্ব্যৱহাৰ
কৰিবা ) ; আৰু লোকসকলৰ সৈতে ভদ্ৰ
কথা কবা …..”
(কুৰআন ২:১৭৭ ) ” ধাৰ্মিকতা ইটো নহয়
যে ( নামাযৰ কেৱল বাহ্যিক দিশতে )
তোমালোকৰ মুখ পূব বা পশ্চিম দিশত
ঘূৰুৱা , বৰং ধাৰ্মিকতা হৈছে ( তাৰ
মাজত ) যি ঈমান আনে আল্লাহৰ
প্ৰতি , আৰু আখেৰাতৰ দিনৰ প্ৰতি ,
আৰু ফিৰিশ্বতাসকলৰ প্ৰতি , আৰু
( কুৰআন) গ্ৰন্থখনত , আৰু নবীসকলৰ
প্ৰতি , আৰু যিয়ে তেওঁৰ ( আল্লাহৰ )
প্ৰতি মহব্বতবশত : ধন দান কৰে
আত্মীয় – স্বজনক , আৰু এতীমসকলক
আৰু মিছকিন সকলক , আৰু ( অসহায় হৈ
পৰা ) বাটৰুৱাসকলক , আৰু
ভিখাৰীসকলক আৰু ( দাসবিলাকৰ)
মুক্তিপ বাবদ , আৰু যিয়ে নামায
কায়েম কৰে আৰু যাকাত আদায় কৰে
আৰু নিজৰ প্ৰতিজ্ঞা পালনকাৰি
সকল যেতিয়া সেইসকলে ওৱাদ কৰি
থাকে ; আৰু অভাৱ অনাটনত আৰু
আপদকালত আৰু আতঙ্কৰ সময়ত
ধৈযশীলসকলক এওঁলোকেই তেওঁলোক
যিয়ে সত্যনিষ্ঠ, আৰু এওঁলোক নিজেই
ধৰ্মপৰায়ণ “

⏰⏰⏰⏰⏰⏰⏰⏰

💢 সত্যৰ সদায় জয় আলহামদুলিল্লাহ 💢

কাক নো বুলিম ককা
সকলোৰে দাঢ়ি চুলি পকা!!
বিশ্বাস কৰিম নো কাক  ?
সকলোৱে দিয়ে মাথোন মনতে আঘাত !
যিফালেই খোজ দিওঁ
বিশ্বাসৰ জোৰত
হাবাথুৰি খাই পৰোঁ ঘাত প্ৰতিঘাতত  ।
আপোন যেতিয়া পৰ হয়
বন্ধু ও তেতিয়া শত্ৰু হয় ।
সুন্দৰ ঘৰ আমাৰ
 ভাঙি চূৰমাৰ হয় ।
মোৰ কাৰণে প্ৰাণ দিবলৈ যোৱা বন্ধুৱেই
আজি মোৰ প্ৰাণৰ শত্ৰু হল ।
মোৰ ভৰষাৰ আকাশ ও যেন
সচাকৈয়ে আজি খহি গ’ল ।
মোৰ চকুপানীক মোৰ দুৰ্বলতা বুলি নাভাবিব
মোৰ এই চকুপানীয়েই মোৰ প্ৰেৰণা ।
মোৰ উৎসাহ মোৰ উদ্বিপনা ।
শুনা বন্ধু !!!
মৃত্যুক ভয় কৰে সেইজনে
যিজনে মৰিব নিবিচাৰে ।
মৃত্যুক ভয় কৰা তেনে  কাপুৰুষ নহওঁ মই !!

সত্যক লগত লৈ সদায় যুঁজ দিয়া
নিশ্চয় এজন সাহসী বীৰ হওঁ মই ।
নিৰ্ভীকতাৰে যেতিয়া মই
 বান্ধি লৈছোঁ মূৰত কফন ,
ইন শ্বা আল্লাহ বাতিলক
কৰিম আমি দমন ।

অহংকাৰেই পতনৰ মূল
ৰাখিবা মনত ।
কোনো  অহংকাৰীয়েই ঠিকিব  পৰা নাই
পৃথিৱীৰ ইতিহাসত ।
পৃথিৱীৰ ইতিহাস খুলি চাবা যেতিয়া
অহংকাৰীৰ পতন দেখিবলৈ পাবা তেতিয়া।

সত্যৰ সদায় জয় আলহামদুলিল্লাহ
বাতিলৰ হব পৰাজয় ইন শ্বা আল্লাহ ।
সত্যৰ সন্মুখত বাতিল তিষ্ঠি থাকিব নোৱাৰে বেছিপৰ !!
যদিওবা বাতিলৰ লগত থাকে হয়ভৰ ।

✍✍✍…  আফজল হুছেইন

Leave a comment