ভালপোৱাৰ প্ৰকাৰভেদ ও সীমাবদ্ধতা

⚠⚠ ভালপোৱাৰ প্ৰকাৰভেদ ও সীমাবদ্ধতা ⚠⚠

       আল্লাহে প্ৰত্যেক মানুহকে এখনি হৃদয় দিছে , যি হৃদয়ত মানুহৰ ” ভালপোৱা ” নামৰ চৰিত্ৰটি লুকাই থাকে ! দ্বীন ইছলামৰ দৃষ্টিভংগীয়ে কিন্তু এই ভালপোৱা চৰিত্ৰক ভিন্ন প্ৰকাৰত বিভক্ত কৰিছে ও তাৰ ওপৰত কঠোৰ শিথিলতা জাৰি কৰিছে । এগৰাকী মুচলীম হিচাবে আমি এই গুৰুত্বপূৰ্ণ দিশটো আন্তৰিকতাৰে বুজিবলৈ চেষ্টা কৰি যথাযথ ভাবে নিজৰ জীৱনত কাৰ্য্যকৰী কৰিবলৈ চেষ্টা কৰা উচিত ।

ইয়াৰে প্ৰথম প্ৰকাৰৰ বিশেষ ভালপোৱা ও সন্মানৰ মাত্ৰা বা পৰিমাণ এনে এক সৰ্বোচ্চ পৰ্য্যায়ৰ , যাৰ সমান পৃথিৱীৰ আন কোনো ব্যক্তি বা বস্তুৰ প্ৰতি ভালপোৱা মাত্ৰাৰ সমকক্ষ হব নোৱাৰিব । সেই সৰ্বোচ্চ পৰ্য্যায়ৰ ভালপোৱা ও সন্মান হব লাগিব একমাত্র সৃষ্টিকৰ্তা মহান আল্লাহৰ প্ৰতি ! অৰ্থাৎ নিজৰ পিতা-মাতা , সন্তান , পতি-পত্নী , ধন সম্পত্তি ইত্যাদি সকলোতকৈ বেছি আল্লাহক ভাল পাব লাগিব । এইয়া হৈছে আল্লাহক ভালপোৱাৰ একত্ববাদ ! এই পৰ্য্যায়ৰ বা ইয়াতকৈ অধিক যদি আমি পৃথিৱীৰ আন যিকোনো বস্তুক ভাল পাওঁ , তেন্তে আমি শীৰ্কত লিপ্ত হৈ পৰিম । এতেকে আমি প্ৰত্যেক গৰাকী মুচলীমে সন্মান ও ভালপোৱাৰ দিশৰ পৰা আল্লাহক সৰ্বোচ্চ স্থান দিয়াটো ৱাজিব । আল্লাহক ভাল পোৱাৰ বাস্তৱ অৰ্থ হৈছে আল্লাহে নিৰ্দ্ধাৰণ কৰি দিয়া সকলো ধৰণৰ হুকুম আহকামক অন্তৰেৰে ভাল পায় পালন কৰি যোৱা ।

একেদৰেই আল্লাহৰ পাছতেই ৱাজিব হৈছে ৰাছূল (চঃ) ক ভালপোৱা ও সন্মান কৰা । সেয়েহে নবী (চঃ) য়ে কৈছে : ” তোমালোকৰ কোনেও সেই পৰ্য্যন্ত ইমানদাৰ হব নোৱাৰিবা , যেতিয়ালৈকে মই তোমালোকৰ দৃষ্টিত মাতা-পিতা , সন্তান ও পৃথিৱীৰ সকলো মানুহতকৈ অধিক প্ৰিয় নহম ( চহীহুল বুখাৰী , চহীহ মুচলীম )। নবী(চঃ) ক ভালপোৱাৰ অৰ্থ হৈছে , তেখেতক ইজ্জত কৰা , আনুগত্য কৰা ,সকলো ধৰণৰ বক্তব্য ও মতামতৰ ওপৰত ৰাছূল (চঃ) ৰ বক্তব্য ও মতামতক অগ্ৰাধিকাৰ দিয়া আৰু তেখেতৰ চুন্নতৰ তা’যীম কৰা ইত্যাদি । এইখিনিতেই গুৰুত্বপূৰ্ণ বিষয়টি হৈছে নবী (চঃ) ক দিয়া সন্মান ও মৰ্য্যদাৰ সীমাবদ্ধতা বজাই ৰখাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰা । অৰ্থাৎ  এই সন্মানৰ মাত্ৰা এনে এক পৰ্য্যায়লৈ যাব নোৱাৰিব , যত তেখেতৰ (চঃ) দাসত্ব ও ৰিছালত্তৰ সীমা অতিক্ৰম কৰি মা”বুদৰ বৈশিষ্ট্য স্পৰ্শ কৰি দিয়ে । উদাহৰণ স্বৰূপে আল্লাহৰ সৈতে ৰাছূল (চঃ) কো প্ৰাৰ্থনা কৰা , তেওঁৰ পৰা উদ্ধাৰ বিচৰা , তেখেতৰ নামত শপত খোৱা , তেওঁৰ নামত মানত কৰা , কুৰবানী দিয়া ইত্যাদি । আমি পাহৰি যোৱাটো উচিত নহয় যে তেখেত আল্লাহ বা আল্লাহৰ কেতিয়াও সমকক্ষ নহয় , আল্লাহৰ মনোনিত ৰছূল হে । সেয়েহে সন্মান ও মৰ্য্যদা প্ৰদৰ্শনত যাতে সীমালঙ্ঘন নহয় , সেই দিশটোৰ প্ৰতি আমি সদায় সতৰ্ক থকা উচিত । ৰাছূল ( চঃ) কৈছে : “তোমালোকে মোৰ মাত্ৰাতিৰিক্ত প্ৰশংসা নকৰিবা , যেনেকৈ প্ৰশংসা কৰিছিল নাচাৰাৰ ঈছা ইবনু মাৰিয়ামৰ ক্ষেত্ৰত । মইওটো আল্লাহৰ বান্দা মাত্ৰ , সেয়েহে মোক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছূল বুলি কবা ( চহীহুল বুখাৰী )।

 ভালপোৱা ও সন্মানৰ একাদিক্ৰমে এই দুই ৱাজিব স্থানৰ পাছতহে পৃথিৱীৰ আন সকলো বস্তুৰ স্বাভাৱিক বা প্ৰকৃতিগত ভালপোৱাৰ স্থান । মানুহ হিচাবে নিশ্চিত ভাবে পিতা-মাতা , সন্তান , পৰিয়াল , প্ৰতিবেশী , বিশেষ হালাল খাদ্য , কোনো নিদিষ্ট স্থান বা দেশ ইত্যাদি সকলো ধৰণৰ বৈধ বস্তুক ভাল পাবলৈ শ্বৰীয়তে আমাক পূৰ্ণ অধিকাৰ প্ৰদান কৰিছে । কিন্তু এই ক্ষেত্ৰত আমি উল্লেখিত স্তৰ সমূহক পূৰ্ণ মৰ্য্যদা প্ৰদান কৰি সীমালঙ্ঘনৰ পৰা নিজক বচাই ৰখা তথা আনকো বচাই ৰাখিবলৈ চেষ্টা কৰাটো বাধ্যতামূলক  ।

মহান আল্লাহে পবিত্ৰ ইছলামৰ এনেধৰণৰ সকলো আনুসংগিক তথা অতি গুৰুত্বপূৰ্ণ বিষয় সমূহ আমাক সকলোকে হৃদয়ঙ্গম কৰাৰ তৌফিক দান কৰক !
 
                                  আমীন ।

      ** প্ৰচাৰাৰ্থে ** # চহীহ আমল ।

✍✍.. মোক্তাবুল হুছেইন 

Leave a comment