প্রকৃত মুচলিম পুৰুষ কেতিয়াও কোনো গাইৰ মাহৰাম মহিলাৰ ইনবক্সত অপ্রয়োজনীয় মেছেজ নিদিয়ে।আৰু ভাল মহিলাসকলেও গাইৰ মাহৰাম পুৰুষৰ ইনবক্সত মেছেজ নিদিয়ে !
এই ভার্চুয়াল জগতৰ ফেছবুকটো অমুচলিমসকলোৰ’ডেটিং-চ্যাটিং’ চার্ভিছৰ স্ফূর্তিৰ মঞ্চ হলেও মুচলিম সদায়েই মুচলিম।আৰু বিয়া কৰাৰ আগ্রহী পুৰুষে ছোৱালীৰ দেউতাকৰ লগত বা ওয়ালীৰ লগত যোগাযোগ কৰে।
ইনবক্সত গাইৰ-মাহৰাম মহিলাৰ লগত অবাধে চ্যাটিংকৰা মুচলিম পুৰুষৰ চাৰিত্রিক গুণাবলী হব নোৱাৰে।যিটো হাৰাম, সেয়া সকলো় সময়তেই হাৰাম।যদি কোন মহিলাৰ সৈতে বাটত থিয় দি অথবা নিজৰ ঘৰৰ ড্রয়িং ৰুমত অবাধে “কেনে আছে? মন বেয়া কিয়? কেতিয়া পৰীক্ষা? বন্ধ কেতিয়া?” এই ধৰণৰ আলাপ কৰা হালাল নহয় — তেনেহলে কেনেকৈ সেয়া ফেচবুকত হালাল হব পাৰে?
আপুনি কেনেকৈ এজন গাইৰ মাহৰাম পুৰুষ বা মহিলাক ইনবক্সত প্রশ্রয় দিব পাৰে?
কিয় নিজৰ ভিতৰৰ চয়তানক এইভাবে নিজকৰ ধ্বংসৰ বাবে অস্ত্র তুলি দিছে?
আপুনি কি নাজানেনে আল্লাহই কৈছে অশ্লীলতা/যিনাৰ ওচৰ-পাজৰত নাযাবা?
এই সৰুসুৰা আলাপৰ পৰাই সময়ত সাংঘাটিক পৰিস্থিতিৰ সৃষ্টি হয়।আপোনাৰ হৃদয় কৰায়ত্ব হৈ যাব, অশান্তি হব। আপোনাৰ মন ফেচবুক বা গুগলত আটক হৈ যাব।আপুনি হৈ পৰিব নফছৰ দাস।
সাৱধান!!সাৱধান!!সাৱধান!!
চ্যাটিং-ডেটিং আদি বিষয়ৰ পৰা দূৰত্ব বজায় ৰাখক ।
ফেচবুকত গাইৰ-মাহৰাম পুৰুষ/মহিলা আপোনাৰ ফ্রেন্ডলিস্টত না ৰাখিবলৈ চেষ্টা কৰক (দ্বীন প্ৰচাৰত সুকীয়া, তথাপি শালীনতা বজায় ৰাখি) ।নিজৰ চৰিত্র আৰু ইনবক্স পৰিচ্ছন্ন ৰাখক।
ধৰক, এদিনাখন ফেচবুকৰ সকলো প্রাইভেসি ছেটিংচ ওলটপালট হৈ আপোনাৰ ইনবক্সটো প্রোফাইলৰ ওয়ালত উন্মুক্ত হৈ গল, তেতিয়া আপুনি পাৰিব নে মুখ দেখাবলৈ মানুহৰ আগত বা নিজৰ ওচৰত ?আল্লাহ কিন্তু সকলো চাই আছে।
গাইৰ-মাহৰাম সকলোৰ লগত যথা সম্ভৱ চ্যাটিং-আড্ডা, অতিৰিক্ত লাইকিং,বেছি বেছি কমেন্ট ইত্যাদি এনেধৰণৰ বিষয়সমুহ আওকাণ কৰি যাওঁক। নিজৰ চৰিত্ৰক সুৰক্ষিত ৰাখক ।নিজকে পন্যসামগ্ৰী সদৃশ উপস্থাপন নকৰিব ।
মনত ৰাখিব, উত্তম চৰিত্র মানে যথেষ্ট আত্মবিশ্বাস।