পৃথিৱীৰ বুকুত ইছলাম ধৰ্ম্মই প্ৰতিষ্ঠা লাভ কৰা যদিও আজি প্ৰায় ১৪০০ বছৰ অতিক্ৰম কৰিলে, তথাপিও সৌভাগ্য নে দূৰ্ভাগ্য় নাজানো , প্ৰকৃত ইছলামীক আদৰ্শ কিন্তু অসম আহি পোৱা মাথো ৬-৭ বছৰমানহে হৈছে !! ইয়াৰ আগতে অসমৰ গৰিষ্ট সংখ্যক মুছলমানে শ্বীৰ্ক , বিদআত, চহীহ হাদীচ , জয়ীফ হাদীচ ইত্যাদি বোৰ ইছলামৰ অতি গুৰুত্বপূৰ্ণ বিষয়বোৰৰ একো গমেই পোৱা নাছিল !! কিন্তু আলহামদুলিল্লাহ , মহান আল্লাহে বিগত কেইবছৰমাত পবিত্ৰ কোৰাআন আৰু চহীহ হাদীচ সমূহ নিজে বুজি পোৱা বিভিন্ন ভাষাত অসমত সহজলভ্য কৰি দিলে। মানুহে লাহে লাহে যেতিয়া ইছলামৰ এই মূখ্য কিতাব সমূহ অধ্যয়ন কৰা আৰম্ভ কৰিলে, তেতিয়া দেখিলে যে আমি পালন কৰি অহা প্ৰায় সকলোবোৰ ইবাদত, ইছলামীয় আক্বীদা ইত্যাদি কোনো বস্তুৱেই কোৰাআন হাদীচৰ অনুকুল নহয় !! এটি শিশু জন্ম হবৰে পৰা আৰম্ভ কৰি উক্ত শিশু বৃদ্ধ হৈ কবৰত থোৱা লৈকে সমগ্ৰ জীৱনৰ ইবাদতত কেৱল বিদআত আৰু বিদআত !! উদাহৰণ স্বৰূপে শিশুটি জন্ম হওঁতে কাণত দিয়া আজানেৰে জীৱন পৰিক্ৰমাত বিদআতৰ কুআৰম্ভণি কৰা হয় !! ইয়াৰ পাছত বাকীবোৰ ইবাদত বাদ দি যদি একমাত্র সৰ্ব্বোত্তম ইবাদত চালাতৰ দিশটোকে চাওঁ তেন্তে দেখিম যে পবিত্রতা অৰ্জ্জনৰ বাবে কৰা অজুত বিচমিল্লাহৰ বাদে যি অজুৰ দোৱা পঢ়িলে, সেই দোৱাৰে আপুনি কৰি পেলালে বিদআতী অজু !! ইয়াৰ পাছত চালাতৰ বাবে ঠিয় হৈ জাইনামাজৰ দোৱা আৰু শাব্দিক নিয়তেৰে বিদআতী চালাত আৰম্ভ কৰি ফৰজ চালাতৰ শেষত ইমামৰ লগত সমূহীয়া মুনাজাত কৰি আপোনাৰ চালাত বিদআতৰে সামৰণি মাৰিলে !! ইয়াৰ পাছত যেতিয়া লোকজনৰ ইন্তেকাল হয় তেতিয়া কবৰত মৃত ব্যক্তি গৰাকীক ৰাখোতে পঢ়া দোৱা ” বিচমিল্লাহি আ-লা মিল্লাতে ৰছূলাল্লাহ ( চঃ) আৰু তিনি মুঠি মাটি দিওঁতে পঢ়া ” মিনহা খালাকনাকুম…………….” দোৱাৰে বিদআতী আমলীয় জীৱনৰ পৰিসমাপ্তি ঘটোৱা হয়।
আমি ভাবো নিশ্চিত ভাবে এনেধৰণৰ কথা বতৰা বা লিখনীয়ে সাধাৰণ ইছলাম ধৰ্ম্মীয় লোকৰ মন কেতিয়াও জয় কৰিব নোৱাৰে বা লিখকৰ ওপৰত উঠা খঙে সীমা চেৰাই যাব বিচাৰে !! কিন্তু আমি আপোনালোকক সন্মান সহকাৰে আহ্বান জনাওঁ যে খং নকৰি সত্যৰ সন্ধান কৰক। যিসকলৰ এনেবোৰ কথাই মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, তেখেতসকলৰ প্ৰতি মোৰ অনুৰোধ আপুনি নিজকে প্ৰশ্ন কৰকচোন বিদআতৰ অৰ্থ ও পৰিনাম কি আপুনি জানেনে ?? আমি ভাবো এই দুটা বিষয়ৰ ওপৰত সাধাৰণ মানুহৰ সঠিক জ্ঞান নথকাৰ বাবেই সত্যৰ বিৰুদ্ধে সাধাৰণ মানুহৰ এই প্ৰতিবাদী গুন্জন !! বিদআত এটা বেয়া বস্তু আৰু বিদআত কৰিলে গুনাহ হয়, সাধাৰণ মানুহৰ বিদআতৰ জ্ঞান ইমানতেই সীমাবদ্ধ হৈ আছে !! সেয়েহে সাধাৰণ বহুতো গুনাহৰ দৰে ইও একপ্ৰকাৰ গুনাহ বুলি ভাবি ইয়াৰ ওপৰত বিশেষ গুৰুত্ব নিদিয়ে !! কিন্তু আমি তেনে চিন্তাধাৰাৰ লোক সকলক সতৰ্ক কৰি দিব বিচাৰো যে আপোনালোকে ভবাৰ দৰে বিদআত ইমান সাধাৰণ গুনাহ নহয়, বৰং শ্বৰীয়তৰ দৃষ্টিভংগীত ই শ্বীৰ্কৰ পাছতেই দ্বিতীয় বৃহৎ অপৰাধ !! বিদআতীৰ কোনো আমলেই আল্লাহে কবুল নকৰে আৰু পৰিনাম জাহান্নাম বুলি আল্লাহে স্পষ্ট কৰি দিছে। সেয়েহে হে মুমিন ভাই সকল, বিদআত মানে কি আপোনালোকে বুজিবলৈ চেষ্টা কৰক, বাহ্য়িক দৃষ্টিত আপুনি কৰি থকা প্ৰতিটো আমল যিমানেই সুন্দৰ নেদেখক কিয়, সেই আমল যদি নবী(চঃ)য়ে কৰা বুলি চহীহ হাদীচৰ দ্বাৰা প্ৰমাণিত নহয়, তেতিয়াই সি শ্বৰীয়তৰ দৃষ্টিত হৈ পৰিব বিদআত !! সেয়েহে অলপ কষ্ট কৰি আপোনাৰ আমল সমূহ চহীহ হাদীচত আছে নে নাই নিজে এবাৰ অনুসন্ধান কৰকচোন , নাথাকিলেই প্ৰমাণিত হব যে আপুনি নিশ্চিত ভাবে বিদআত কৰি আছে। তেনে অৱস্থাত কিন্তু সকলো সৰ্ব্বনাশ হৈ যাব, জীৱন জোৰা ইবাদত কিন্তু সকলো পানী হৈ যাব আৰু পৰিনাম ভয়ঙ্কৰ হব!! আপুনি এবাৰ চিন্তা কৰি চাওকচোন , সৰুৰে পৰা আপুনি বিভিন্ন ৱাজ মেহফিলত বহুতো নচিয়ত শুনিলে , বহুতো কোৰাআনৰ আয়াতৰ তৰ্জমা শুনিলে, কিন্তু কেতিয়াবা কোনো ৱাজত বিদআত কাক কয় সেই বিষয়ে বিতং ৱাজ কৰবাত শুনিবলৈ পালেনে ?? গতিকে আল্লাহক যদি সঁচা অৰ্থত বিশ্বাস কৰিছে, জাহান্নামৰ জুইলৈ যদি ভয় আছে, এনেবোৰ বিষয় চিন্তা কৰক আৰু প্ৰকৃত সত্যৰ সন্ধান কৰক। আমি যি সত্য অনুসন্ধানত পাইছো, চহীহ চুন্নতক খামূচি লৈছো, আপোনালোকৰ প্ৰতি পৌচাই দিছো, সজাগতা মূলক আহ্বানেৰে চিঞৰি আহিছোঁ -” জাগা মুমিন জাগা ” বুলি………….
। জাগা মুমিন জাগা – ৬৪ । ।
ৰাফ’উল ইয়াদায়েন :– নবী কৰীম(চলল্লাহু আলাইহি ৱচল্লাম ) আৰু চাহাবায়ে কেৰাম সকলৰ চালাতৰ এক অতি সুপ্ৰতিষ্ঠিত চুন্নত ৰাফে’উল ইয়াদায়েন , অৰ্থ হৈছে দোয়ো হাত উত্তোলন কৰা। চালাতত এনেদৰে দোয়ো হাত উত্তোলন কৰাটো আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰাৰ এক অন্যত্বম নিদৰ্শন ( নায়লুল আওত্বাৰ ৩/১৯৫ পৃষ্ঠা )। মূখ্যতঃ চালাত আৰম্ভ কৰোতে, ৰুকুলৈ যোৱাৰ আগত, ৰুকুৰ পৰা ঠিয় হওঁতে আৰু তৃতীয় ৰাকাতৰ বাবে তাশ্বাহুদ পঢ়ি থিয় হৈ , এই চাৰিটা স্হানত কান্ধ লৈকে দোয়োহাত উত্তোলন কৰি আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰা হয়। চাৰিগৰাকী খলিফা সহ দহ গৰাকী জান্নাতৰ সুসংবাদপ্ৰাপ্ত উচ্চ ময্য়দাসম্পন্ন চাহাবীৰ সৈতে মুঠ প্ৰায় ৫০ গৰাকী চাহাবায়ে বৰ্ণনা কৰা এই ৰাফে’উল ইয়াদায়েন চুন্নতৰ প্ৰায় চাৰি শতক চহীহ হাদীচ ও আছাৰ পোৱা যায় ( ফাত্হুল বাৰী ২/২৫৮ পৃষ্ঠা , হাঃ ৭৩৭ ৰ ব্যাখ্যাত দ্ৰষ্টব্য় )। ইমাম বুখাৰী ( ৰহঃ ) য়ে কৈছে কোনো চাহাবীয়ে জীৱনত ৰাফে’উল ইয়াদায়েন চুন্নত ত্যাগ কৰাৰ কোনো দলীল নাই আৰু এই ৰাফে’উল ইয়াদায়েনৰ হাদীচ সমূহৰ সনদতকৈ বিশুদ্ধত্বম সনদ আন কোনো হাদীচত নাই ( ফাত্হুল বাৰী, হাঃ ৭৩৬ ৰ বাখ্যা )। আব্দুল্লাহ বিন ওমৰ(ৰাঃ) ই কৈছে ৰাফে’উল ইয়াদায়েন হৈছে চালাতৰ সৌন্দৰ্য্য , যদি কোনোৱে চালাতত ৰাফে’উল ইয়াদায়েন নকৰিছিল তেন্তে তেওঁ তেনে ব্যক্তিলৈ সৰু শিলগুটি নিখ্য়েপ কৰিছিল ( ফাত্হুল বাৰী ২/২৫৭ )। উক্ববাহ বিন আমেৰ ( ৰাঃ) ই কৈছে প্ৰতিবাৰ ৰাফে’উল ইয়াদায়েন কৰোতে ১০ টাকৈ নেকী পোৱা যায় ( নায়লুল ৩/১২; চিফাত ১০৯ )। কোনোবাই যদি নবী(চঃ)ৰ মহব্বতত এটা নেকীৰ কাম কৰে, আল্লাহে তেনেলোকৰ নেকী ১০ ৰ পৰা ৭০০ গুণলৈ বৃদ্ধি কৰি দিয়ে ( বুখাৰী / মুচলীম / মিশকাত হাঃ/৪৪ )। শ্বাহ অলিওল্লাহ মুহাদ্দীচ দেহলভী ( ৰহঃ) য়ে কৈছে ৰাফে’উল ইয়াদায়েন হৈছে সন্মান সূচক কৰ্ম্ম যি মুছল্লীক আল্লাহৰ দিশত একাগ্ৰতা হোৱাত হুঁচিয়াৰ কৰি দিয়ে ( হুজ্জাতুল্লা- হিল বালিগাহ ২/১০ পৃষ্ঠা )।
উল্লেখযোগ্য যে ৰাফে’উল ইয়াদায়েন চুন্নতৰ সপখ্য়ে শত শত চহীহ হাদীচৰ বিপৰীতে মাত্ৰ চাৰিটা চালাতত ৰাফে’উল ইয়াদায়েন নকৰাৰ হাদীচ পোৱা যিকেইটা একেবাৰে দূৰ্ব্বল, অৰ্থাৎ জয়ীফ আৰু গ্ৰহণযোগ্য়তাৰ দিশৰ পৰাও বাতিল হিচাবে বিবেচিত হয় ( ফিক্বহুস চুন্নাহ ১/১০৮)। লখ্য়নীয় বিষয় যে এই দূৰ্ব্বল হাদীচ কেইটাৰ ভিতৰত ইবনে মাসউদ ( ৰাঃ) ৰ দ্বাৰা বৰ্ণিত ৰাফে’উল ইয়াদায়েন নকৰা ( মিশকাত /৮০৯ ) হাদীচটি কুফাবাসী সকলৰ মাজত অধিক প্ৰতিষ্ঠিত হৈ পৰাৰ বাবেই ইমাম আবু হানীফা ( ৰহঃ) ৰ অনুগামী বুলি নিজকে পৰিচয় দিয়া মুচলীম লোকসকলে এনে এক গুৰুত্বপূৰ্ণ চুন্নতক প্ৰত্যাখান কৰি আহিছে। যিহেতু উক্ত মহান ইমাম গৰাকী কুফাৰ বাসিন্দা আছিল ।
সেয়েহে আমি সকলো দ্বীন দৰদী ভাইসকলক আহ্বান জনাওঁ যে আপোনালোকে উল্লেখিত বিষয় সমূহ তদন্ত কৰক, শুদ্ধ অশুদ্ধৰ তুলনামূলক অধ্যয়ন কৰক আৰু চহীহ চুন্নতি তৰিকাৰে আপোনাৰ সৰ্ব্বোত্তম ইবাদত চালাত আদায় কৰক। অধ্যয়নৰ অভাৱে আপোনালোকক তিল তিলকৈ ধোকা দি আছে, সময় থাকোতেই সতৰ্ক হওক !! কোৰাআন হাদীচৰ কোনো ঠাইতে উল্লেখ নথকা চাৰি মজহবৰ ভ্ৰান্ত ধাৰনাই আপোনাৰ আমল বিপদজ্জনক ভাবে প্ৰদূষিত কৰিছে!! আপুনি কব নোৱাৰাকৈয়ে আপোনাক আল্লাহৰ পথৰ পৰা আতঁৰাই জাহান্নামৰ পথত নি আছে, যিহেতু আপোনাৰ ইবাদতত পদে পদে সোমাই আছে কেৱ্ল বিদআত আৰু বিদআত !! আজি হয়তো বুজি নাপাব, চকু মুদিলেই হয়তো প্ৰমাণিত হব !! সেয়েহে আমি কবলৈ বিচাৰো -” জাগা মুমিন জাগা”…………..
জাগা মুমিন জাগা – ৬৬
#### ইছলামৰ দৃষ্টিত জিহাদ ###
জিহাদ শব্দৰ উত্পত্তি হৈছে আৰবীৰ ” জাহাদা” আৰু “জোহাৰ” শব্দৰ পৰা, যাৰ অৰ্থ হৈছে নিজকে ভাল আদৰ্শবান ব্যক্তি হিচাবে গঢ় দিবলৈ বা বেয়া চৰিত্ৰ সংশোধনৰ বাবে কৰা আত্মপ্ৰচেষ্টা। ইয়াৰ ওপৰিও সমাজৰ যিকোনো বিশৃংখলকাৰীৰ বিৰুদ্ধে সংগ্ৰাম কৰাকো আৰবী ভাষাত জিহাদ কৰা বোজায়। অশান্ত জৰ্জৰিত আৰব দেশত যিসময়ত মানৱতা বোলা বিষয়টি সম্পূৰ্ণভাৱে ভূলুন্ঠিত হৈছিল, যি সময়ত কণ্য়া সন্তান জন্ম হলেই জীৱন্তে মাতৃ কণ্য়াক দগ্ধ কৰি মাৰিছিল , সেই সময়তেই সমাজৰ বিশৃংখলতা নিৰ্মূল কৰি কেৱল এক সৃষ্টিকৰ্ত্তাক উপাসনা কৰাৰ বাণীৰে শান্তিৰ বাৰ্তাবাহক মহম্মদ(চঃ)ক আল্লাহে নবীৰ দায়িত্ব অৰ্পণ কৰিছিল । উক্ত সময়ত সমাজত শান্তি স্হাপনৰ উদ্দেশ্যে সৰু বৰ মুঠ প্ৰায় ৮০ খন যুদ্ধ অশান্তি সৃষ্টিকাৰীৰ বিৰুদ্ধে সংঘটিত হৈছিল , ইয়াৰে ২৭ খন যুদ্ধত মহম্মদ(চঃ)য়ে নিজে অংশগ্ৰহণ কৰিছিল আৰু তাৰে ভিতৰত মাত্ৰ ৯ খন যুদ্ধত অস্ত্ৰ হিচাবে তাৰোৱাল ব্যৱহাৰ কৰা হৈছিল । আটাইকেইখন যুদ্ধত মৃতকৰ সৰ্ব্বমুঠ সংখ্যা আছিল ৩১৩ জন। উল্লেখযোগ্য যে এই পৰিসংখ্যা প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ তুলনাত একেবাৰে নগন্য় আছিল ।
উল্লেখযোগ্য বিষয় যে এই সৰু বৰ যুদ্ধ সমূহৰ মূখ্য উদ্দেশ্য আছিল সমাজত শান্তি প্ৰতিষ্ঠা কৰা। দূৰ্ভাগ্য়জনক বিষয় যে এনে এক শান্তিৰ প্ৰচেষ্টাক ইছলাম বিৰোধী চক্ৰ সমূহে কালিমা সনাৰ চেষ্টা কৰিলে। ইছলাম বিৰোধী ভাষাবিদ সকলে শান্তি প্ৰতিষ্ঠাৰ এই জিহাদক ধৰ্মীয় যুদ্ধ বুলি অপবাখ্যাৰ প্ৰচাৰ চলালে !! কিন্তু প্ৰকৃত অৰ্থত জিহাদৰ লগত ধৰ্মীয় যুদ্ধৰ কোনো সম্পৰ্কই নাই। ধৰ্মীয় যুদ্ধৰ আৰবী প্ৰতিশব্দ হৈছে ” হাৰবুল মুকাদ্দীচা “। পবিত্র কোৰআনত এই দুয়োটা শব্দৰ প্ৰয়োগ যদি আমি লখ্য় কৰো তেন্তে দেখা যায় জিহাদ শব্দৰ কোৰআনত মুঠ ২৪ বাৰ প্ৰয়োগ হৈছে , কিন্তু ইয়াৰ বিপৰীতে ধৰ্মীয় যুদ্ধ বা হাৰবুল মুকাদ্দীচা শব্দৰ এবাৰো কোৰআনত উল্লেখ নাই। এই ত্বথ্য়ই স্পষ্ট কৰে যে মহান আল্লাহে সমাজত শান্তি শৃংখলা বজাই ৰাখি অপকৰ্ম্মৰ পৰা নিজকে বচাই ৰাখিবলৈ কোৰআনত ২৪ বাৰকৈ সোঁৱৰাই দিয়াৰ বিপৰীতে ধৰ্ম্মৰ নামত যুদ্ধ কৰিবলৈ এবাৰো কোৱা নাই!! ইছলাম ধৰ্ম্মৰ এক অন্যত্বম আদৰ্শ হৈছে ” লা ইকৰাহা ফি দ্বীন “, অৰ্থাৎ দ্বীনত কোনো জবৰজস্তি নাই, গতিকে ধৰ্ম্ম প্ৰতিষ্ঠাৰ বাবে যুদ্ধ কৰাৰ প্ৰশ্নই অবান্তৰ !! জিহাদৰ অৰ্থ ধৰ্ম্ম যুদ্ধ বুলি কোৱা বাখ্যা ইছলাম বিৰোধী চক্ৰৰ মাথো এক অপপ্ৰচাৰ !! আমেৰিকাৰ পৰা প্ৰকাশিত ( ১৬ এপ্ৰিল ‘১৯৭৯ ) ” টাইমছ মেগাজিন” ৰ ত্বথ্য় অনুসৰি ১৮০০-১৯৫০ চনলৈ সূদীৰ্ঘ ১৫০ বছৰত প্ৰায় ৬০,০০০ ইছলাম বিৰোধী গ্ৰন্থ প্ৰকাশ পাইছিল । এই গ্ৰন্থ সমূহেই এনে বহু শব্দৰ অপবাখ্যাৰ মূল উত্স !!
গতিকে ইছলামক যিমানেই কলুষিত কৰাৰ চেষ্টা নকৰক কিয়, ইছলাম শব্দৰ অৰ্থই হৈছে শান্তি আৰু ইছলামত সন্ত্ৰাসবাদৰ কোনো স্হান নাই!! গতিকে এনেবোৰ বিষয় আমি সকলোৱে অনুধাৱন কৰি আমাৰ মাজত শান্তি শৃংখলা অটুত ৰখাটোৱেই প্ৰতিজন সচেতন ব্যক্তিৰ কাম্য হোৱা উচিত । । । । । । ।
( ব্ৰাডাৰ ইমৰাণৰ চিকোগো টেলিভিচৰ সাখ্য়াতকাৰৰ সহায়ত )
জাগা মুমিন জাগা – ৬৭
মুনাজাৰা !! ইছলাম সম্পৰ্কে কিছু অধ্যয়ন কৰাৰ পাছত বহুতো বিসংগতি দৃষ্টিগোচৰ হোৱাত আত্মসংশোধনৰ লগে লগে আনৰ বাবেও সত্য প্ৰচাৰ কৰিবলৈ যাওঁতেই মোৰ বাবে নতুনকৈ পৰিচয় হোৱা এক শব্দ হৈছে মুনাজাৰা !! এই শব্দ প্ৰকৃততে কি ভাষাৰ শব্দ সেই বিষয়ে আজিও মই অজ্ঞ , তথাপিও শব্দটিৰ প্ৰয়োগৰ দিশলৈ লখ্য় কৰি অনুমান কৰিব পাৰি যে কোনো এক বিষয়ক লৈ মতবিৰোধ সৃষ্টি হলে এক গ্ৰহণযোগ্য় সমাধানৰ বাবে বহা আলোচনাকেই মুনাজাৰা বোলা হয় !! যদি মুনাজাৰাৰ এই সংজ্ঞা শুদ্ধ তেন্তে ইছলামত মুনাজাৰা বিপদজ্জনক !! কিয়নো ইছলাম ইতিমধ্যে এক পৰিপূৰ্ণ সমিধান , ইয়াত কোনো বিষয় আলোচনা কৰি নতুনকৈ কোনো সিদ্ধান্ত লোৱাৰ অৱকাশ নাই !! কোৰাআন আৰু চহীহ হাদীচত ইছলামৰ প্ৰায় ৯৮-৯৯% বিষয়ৰ সকলোবোৰ সমিধান ইতিমধ্যে স্পষ্ট হৈ আছেআছে, গতিকে কোনোবাই যদি সচাকৈয়ে আল্লাহক ভয় কৰি আখিৰতৰ লাভৰ উদ্দেশ্যৰে বিতৰ্কিত বিষয়ৰ প্ৰকৃত সমাধান বিচাৰে , তেন্তে কোৰাআন আৰু চহীহ হাদীচৰ সৈতে মুনাজাৰা কৰক, কোনো ব্যক্তি বিশেষৰ সৈতে নহয় !!
বিগত দুবছৰ মানৰ পৰা আলহামদুলিল্লাহ অসমত বিভিন্ন উত্সৰ মাধ্যমেৰে চহীহ ইছলামৰ বাৰ্তা প্ৰচাৰিত হোৱাত আমি লখ্য় কৰি আহিছো যে অসমৰ বহুতো আলীম উলেমাই চহীহ ইছলাম প্ৰচাৰ কৰা লোকসকলক মুনাজাৰাৰ বাবে আমন্ত্ৰন জনাই আহিছে !! দেখা যায় যে গৰিষ্ট সংখ্যক আমন্ত্ৰনত মুনাজাৰাৰ স্হান দিয়া হয় হোজাইৰ জালালীয়া মাদ্ৰাছা !! মুনাজাৰালৈ আমন্ত্ৰন জনোৱা ব্যক্তি সকলৰ প্ৰতি চুকৰিয়া আদায় কৰিছো, কিন্তু বুজিবলৈ অসুবিধা পাইছো যে পৰিপূৰ্ণ ইছলামত মুনাজাৰাৰ অৱকাশ আছেনে ?? ইছলামীয় বিষয়ৰ মতবিৰোধ কোনো সামাজিক সমস্যা নহয়, বৰং নিসন্দেহে ই এক আখেৰতৰ মামলা !! কোৰাআন হাদীচৰ অনুকুলে যিয়েই সিদ্ধান্ত গ্ৰহণ কৰিব তেৱেই ইনচাআল্লাহ আখিৰতত কামিয়াব হব । আল্লাহে জ্ঞান আহৰন কৰাটো সকলোৰে বাবে ফৰজ কৰি দিছে, সেয়েহে আমি বিশেষ ভাৱে শিক্ষিত লোকসকলে কোৰাআন হাদীচৰ জ্ঞান লৈ ভূল শুদ্ধ নিজেও বিবেচনা কৰি আমল কৰিব লাগিব আৰু আনৰ বাবে এই জ্ঞান প্ৰচাৰ কৰি দিব লাগিব !! এয়েই হৈছে ইছলামৰ মূল নিতী যাক কোৱা হয় তবলীগ কৰা, অৰ্থাৎ আল্লাহৰ বাণী আনৰ বাবে পৌচাই দিয়া !! অৱশ্যে এটা কথা সত্য যে আমি জ্ঞান আহৰণ কৰিবলৈ যাওঁতে নিজৰ অধ্যয়নৰ লগতে কোৰাআন হাদীচৰ ওপৰত অভিজ্ঞতা থকা আলীম উলেমাৰ প্ৰতখ্য় বা পৰোখ্য় সহায় ললে শিক্ষা আহৰন কৰাটো সহজ হৈ পৰে। কিন্তু তেনে অভিজ্ঞতা সম্পন্ন আলীম উলেমা সকল যে কেৱল অসমৰেই বা অসমৰ কোনো বিশেষ মাদ্ৰাছাৰেই হব লাগিব তেনে কোনো বাধ্য বাধকতা থাকিব নোৱাৰে !!
প্ৰকৃত ইছলামত বিতৰ্ক বা মতবিৰোধৰ কোনো অৱকাশ নাই, যিহেতু কোৰাআন আৰু চহীহ হাদীচৰ মাজত কেতিয়াও কোনোধৰণৰ সংঘাত নাই, সকলো ধৰণৰ সংঘাত বা মতবিৰোধ আমাৰ মাজৰ পৰাই সৃষ্টি হৈছে !! সেয়েহে এনেবোৰ মতবিৰোধ আমাৰ মাজৰ পৰা আতঁৰ কৰিবলৈ প্ৰত্যেকেই আল্লাহৰ ফৰজ হুকুমক মানি চহীহ ইছলামৰ শিক্ষা লওক, কোনো বিষয়ক লৈ দ্বিমত সৃষ্টি হলে কোৰাআন হাদীচ অনুসৰি সিদ্ধান্ত লওক !! সামাজিক সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰ , ৰাজ্য চৰকাৰ আৰু প্ৰতিবাদ কাৰী দলৰ মাজত দ্বিপাখ্য়িক বা ত্ৰিপাখ্য়িক আলোচনা কৰি সমস্যা সমাধান কৰাৰ ব্যৱস্থা থাকে । কিন্তু নিজে চহীহ আমল কৰিবলৈ তেনেদৰে কোনো ব্যক্তি বিশেষৰ লগত আলোচনা বা মুনাজাৰা কৰি সিদ্ধান্ত লোৱাৰ অৱকাশ নাথাকে, যিহেতু বিষয় বস্তুৰ লগত জান্নাত ও জাহান্নামৰ দৰে গুৰুত্বপূৰ্ণ ফলাফল জৰিত হৈ আছে । সেয়েহে সাৱধানতা অৱলম্বন কৰিবলৈ আন দিনাৰ দৰে আজিও ধ্বনি দি কওঁ-” জাগা মুমিন জাগা”……
। । । জাগা মুমিন জাগা – ৬৮ । ।
দিল্লী মৰকজৰ পৰা সাধাৰণ মানুহৰ মাজত বহুল প্ৰচাৰ কৰা হৈছে যে জান, মাল দি দ্বীনৰ মেহনতত ঘৰ বাৰী এৰি চিল্লাত ওলাই গলেহে জান্নাত পাব, অন্যথা জান্নাত পোৱাটো অসম্ভৱ !! বহুতো সময়ত সমাজত চিল্লাত নগলে মানুহৰ হজ্জও আল্লাহৰ দৰবাৰত কবুল নহব বুলিও প্ৰচাৰ চলোৱাৰ ত্বথ্য় আছে !! মানুহৰ সহজতে কোনো বস্তু লাভ কৰাৰ স্বভাৱগত চৰিত্ৰৰ থকাৰ বাবেই হিলদৌল ভাঙি এনে প্ৰচাৰত আকৃষ্ট হৈ বহুতো লোকে দ্বীনৰ মেহনতৰ নামত নিজকে অংশীদ্বাৰ কৰি লৈছে । বাহ্য়িক দৃষ্টিত এনে কায্য়ক নিশ্চিতভাৱে সকলোৱে কম ” আলহামদুলিল্লাহ ” !!
এতিয়া প্ৰশ্ন হয় আল্লাহৰ বিচাৰৰ দ্বাৰা জান্নাত লাভ কৰিবলৈ সঁচাকৈয়ে জানো একমাত্র এই মেহনতেই যঠেষ্ট নে ??? আমি বুজিবলৈ চেষ্টা কৰা উচিত যে তবলীগ মানে কেতিয়াও নিজে শিকাৰ সংজ্ঞা নহয়, বৰং নিজে জনা আল্লাহৰ বাণী আনৰ বাবে প্ৰচাৰ কৰাকহে তবলীগ বোলা হয় । জান্নাত লাভ কৰিবলৈ তবলীগ কেতিয়াও একমাত্ৰ স্বৰ্ত নহয়, আনৰ বাবে আমি কি প্ৰচাৰ কৰিছো তাৰ হিচাব পাছত হব !! প্ৰথমে আমাৰ নিজৰ আমল আমি কিমান শ্বীৰ্ক বিদআত মুক্ত কৰি কোৰআন হাদীচৰ আক্বীদাৰে পালন কৰিছো, সেইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় !! আমাৰ সৰ্ব্বোত্তম ইবাদত চালাত আমি একনিষ্ঠভাৱে আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰি বিদআত মুক্তভাৱে নবী(চঃ)ৰ তৰিকাত আদায় কৰিছোনে নাই তাৰ হিচাব প্ৰথমে লোৱা হব !! চহীহ হাদীচত জান্নাত লাভৰ স্বৰ্ত চহীহ চালাতৰ বিষয়েহে উল্লেখ হৈছে, তবলীগ বা জান মাল দি দ্বীনৰ মেহনতৰ বিষয়ে জান্নাতৰ স্বৰ্ত কতো উল্লেখ হোৱা নাই !! কিয়নো হাদীচত আহিছে ৰোজ হাচৰৰ দিনা প্ৰথম হিচাব লোৱা হব চালাতৰ, চালাত শুদ্ধ হলে সকলো শুদ্ধ আৰু চালাত প্ৰত্যাখান হলে বিপদ অনিবাহ্য় !! সেয়েহে বিষয় স্পষ্ট হৈ আছে যে জান্নাত লাভৰ প্ৰাথমিক স্বৰ্ত চহীহ চালাতহে, সমাজত বহুল প্ৰচাৰিত জান মালৰ কোৰবানেৰে দ্বীনৰ মেহনতৰ নামত কোনো চিল্লা নহয় !! গতিকে সময় থাকোতেই এনেবোৰ কথাত বিতৰ্ক নকৰি নিজে শুদ্ধ কথাবোৰ অনুধাৱন কৰাৰ চেষ্টা কৰা উচিত । বাপ দাদাৰ পৰম্পৰাগত নিতীৰে চালাতত জায়নামাজৰ দোৱা আৰু শাব্দিক নিয়তেৰে কৰা বিদআতী চালাত পৰিত্যাগ কৰি নবী(চঃ)ৰ চালাতক আকোঁৱালি লব পাৰিলেহে আল্লাহৰ ৰহম আৰু হিদায়ত ইনচাআল্লাহ আমি আশা কৰিব পাৰিম। এনেবোৰ বিষয়ত আমি সতৰ্ক হোৱাটো অতিকৈ প্ৰয়োজন , কিয়নো বিদআতৰ সৈতে লেতিপেতিৰ বাবে সিদিনা যেতিয়া আমাক জাহান্নামৰ জুইলৈ নিখ্য়েপ কৰিব, তেতিয়া কিন্তু আমাক আজি পথভ্ৰষ্ট কৰা কোনো অধিবক্তাৰ সন্ধান নাপাব!! চৌদিশে কেৱল বিৰাজ কৰিব আতংক ও আতংক !!
আল্লাহে আমাক সকলোকে চহীহ ইছলাম বুজি আমল কৰাৰ তৌফিক দান কৰক, আমীন………আমীন………আমীন……………..
⛅⛅⛅ জাগা মুমিন জাগা – ৮৬ ⛅⛅⛅
ইছলাম ধৰ্ম্মই পূৰ্নাংগ ৰূপত পৃথিৱীৰ বুকুত প্ৰতিষ্ঠা হবলৈ যাওঁতে এলানি ঐতিহাসিক যুদ্ধৰ সূচনা হৈছিল , বহুতো লোকে সত্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত নিজৰ জীৱন উচৰ্গা কৰি শ্বহীদ হৈছিল !! এনেবোৰ যুদ্ধ সংঘটিত হোৱাৰ একমাত্র কাৰণটোৱেই হৈছে স্বভাৱগত ভাবে সহজতে মানুহে সত্যক স্বীকাৰ কৰি লব নিবিচাৰে !! সাম্প্ৰতিক প্ৰেক্ষাপটত আজিও ইছলামীয় সমাজত মানুহে স্বভাৱগত ভাবেই সত্যক আঁকোৱালি লবলৈ অস্বীকাৰ কৰি আহিছে , মাথোঁ পাৰ্থক্য ইমানেই যে যুদ্ধৰ স্হান দখল কৰিছে ত্বথ্যবিহীন বিতৰ্ক আৰু দুই এটা সৰুসুৰা ঘটনাই !!
আমি সকলোকে আহ্বান জনাওঁ যে সকলো ধৰণৰ ত্বথ্যবিহীন বিতৰ্ক পৰিহাৰ কৰি আহক আমি সকলোৱে কোৰআন হাদীচৰ প্ৰকৃত ইছলামৰ সন্ধান কৰি আমল কৰাৰ চেষ্টা কৰো। আমি যিহেতু সকলোৱে একেটি কলিমাৰে সাক্ষী দিছো, তেন্তে আমাৰ মাজত আজি ভিন্ন মত কিয় ?? নিশ্চিত ভাবে আমাৰ মত ভিন্ন হোৱাৰ একমাত্ৰ কাৰণ হৈছে আমাৰ ইছলামীয় আদৰ্শৰ উত্স বেলেগ বেলেগ হৈছে !! ত্বথ্যৰ সন্ধান কৰি একমাত্র কোৰআন হাদীচৰ আদৰ্শৰে আমি ইছলামৰ আমল কৰিলে আমাৰ মাজত কেতিয়াও ভিন্ন মতৰ সৃষ্টি হব নোৱাৰে !! আমাৰ বিগত সময়ৰ লিখনী সমূহত আমি সদায়েই কোৰআন আৰু চহীহ হাদীচৰ ত্বথ্য দি আহিছো, তেনেস্হলত সমাজৰ এক বিশেষ শ্ৰেণীয়ে সৃষ্টি কৰা ত্বথ্যবিহীন বিতৰ্ক প্ৰকৃততে কোনো লিখকৰ বিৰুদ্ধে নহয়, বৰং প্ৰত্যক্ষভাৱে আপোনালোকে কোৰআন আৰু চহীহ হাদীচকহে বিৰোধ কৰি আহিছে !! গতিকে এনেবোৰ বিষয় গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ চেষ্টা কৰক !!
ত্বথ্যভিত্তিক বিতৰ্কক আমি সদায়েই সন্মান সহকাৰে আদৰণি জনাওঁ !! প্ৰকৃত ইছলামৰ প্ৰচাৰহে আমাৰ একমাত্র উদ্দেশ্য , সমাজত বিশৃংখল সৃষ্টি কৰাটো আমাৰ লক্ষ্য নহয় !! নিশ্চয় আল্লাহে সকলোৰে অন্তৰৰ নিয়ত ভালদৰে জানে । সেয়েহে সত্যৰ প্ৰচাৰ ইন শ্বা আল্লাহ সদায়েই কৰি যাম, শিঙি মাছে খূতাৰ ভয়ত পুখুৰীত মাছ ধৰিবলৈ কেতিয়াও ভয় নাখাওঁ ………….
জাগা মুমিন জাগা – ৮৭ ✉✉
✉ পত্রৰ মাধ্যমেৰে তবলীগৰ সূচনা ✉
সাম্প্রতিক সময়ত ইছলাম ধৰ্মীয় লোকসকলৰ মাজত এক বহুল চৰ্চিত বিষয় হৈছে ” তবলীগ “!! গৰিষ্ঠ সংখ্যক মানুহেই তবলীগ বুলি কোৱাৰ লগে লগে চিল্লা, ফজাইলে আমল, গষ্ট, জান মাল দি পৰিয়াল এৰি নিজ গৃহৰ পৰা ওলাই মছজিদে মছজিদে নিশা অতিবাহিত কৰা, আমীৰ মকৰ্ৰল কৰা, নিদিষ্ট কেইখনমান কিতাপৰ বাহিৰে কোৰআন হাদীচৰ প্ৰত্যক্ষ চৰ্চা নকৰা ইত্যাদি বিষয়বোৰক বাধ্যতামূলক হিচাবে গন্য কৰে। বহুতো সৰু বৰ নতুন নতুন মাছালা নিৰ্ণয় কৰি লোৱা হৈছে , যিবোৰ মাছালা জামাতি ভাই সকলে ফৰজ হিচাবে বিবেচনা কৰে। তবলীগ সম্পৰ্কে এনে ধৰণৰ কথাবোৰ প্ৰকৃততে এক ভ্ৰান্ত মতবাদ। গৰিষ্ঠ সংখ্যক জামাতি ভায়ে ” তবলীগ ” মানেনো কি সেই বিষয়ে কোনো বিশেষ অৰ্থই বুজি নাপায়।
কোৰআন আৰু হাদীচৰ জ্ঞান প্ৰথমতে নিজে অৰ্জন কৰি আনৰ বাবে পৌচাই দিয়া বা প্ৰচাৰ কৰাকে তবলীগ বোলা হয়। কেনেকৈ প্ৰচাৰ কৰিছে , কি মাধ্যম ব্যৱহাৰ কৰিছে , সেইবোৰৰ লগত তবলীগৰ কোনো বাধ্যবাধকতা নাই। যি যেনেকৈ পাৰে তেনেদৰেই দ্বীনৰ প্ৰচাৰ কৰাকেই তবলীগ বোলা হয়। কিন্তু দূৰ্ভাগ্যজনক বিষয় যে জান, মাল, ৱক্ত দি ঘৰবাৰী এৰি ওলাই যোৱাটোহে একমাত্র তবলীগ বুলি কোৱাটো প্ৰকৃততে জ্ঞানহীনতাৰহে পৰিচায়ক !! আহকচোন আমাৰ মহানবী মহম্মদ চাল্লাললাহু আলাইহি ৱাচাল্লামে পত্ৰ প্ৰেৰণৰ মাধ্যমেৰে ৰোমৰ সম্ৰাট হেৰাক্লিয়াচৰ জৰিয়তে এখন দেশৰ সমগ্র দেশবাসীক দ্বীনৰ তবলীগৰ কেনেকৈ পাতনি মেলিছিল , সেই বাস্তৱ পদ্ধতিৰ বিষয়ে কিছু বুজ লওঁ —
প্ৰতি,
ৰোমৰ অধিপতি হেৰাক্লিয়াচলৈ ।
“বিছমিল্লাহিৰ ?ৰাহমানিৰ ৰহিম “
হিদায়তৰ অনুসাৰী সকলৰ ওপৰত শান্তি বৰ্ষিত হওঁক । ইয়াৰ দ্বাৰা মই আপোনালোকক ইছলামৰ প্ৰতি দাৱাত দিছো । আহক, ইছলাম গ্ৰহণ কৰিলে শান্তি লাভ কৰিব । আল্লাহে আপোনালোকক দুগুণ পুৰস্কাৰ দিব । আপুনি এই আহ্বান গ্ৰহণ নকৰিলে দেশৰ সমগ্ৰ প্ৰজাৰ গুণাহৰ ভাৰ আপুনি লব লাগিব । হে কিতাপৰ অনুসাৰী সকল ! তোমালোকে সেই বাণীৰ দিশে অগ্ৰসৰ হোৱা যত তোমালোকৰ কিতাব আৰু আমাৰ কিতাবৰ উদ্দেশ্য একেই । আমি আল্লাহৰ ইবাদত কৰিম আৰু তেওঁৰ সৈতে কাকো অংশীদাৰ নকৰো । আল্লাহৰ বাহিৰে আন কাকো আমি আমাৰ প্ৰতিপালক হিচাবে গ্ৰহণ নকৰো । যদি কোনোবাই এই বাণী গ্ৰহণ নকৰে তেন্তে তেওঁলোকক কৈ দিয়া যে তোমালোক সাক্ষী থাকিবা আমি মুচলমান ।।
ইতি-
। । আল্লাহৰ বান্দা ও ৰছূল মুহাম্মদ ।
আজিৰ বিবেচনা বিহীন অন্দ্ধ অনুকৰণ কাৰী মুছলমানে এনে বাস্তৱ ঘটনাক দ্বীনৰ মেহনত বুলি কি যুক্তিৰে স্বীকৃতি দিব ???????
✍✍✍✍ জাগা মুমিন জাগা – ৮৮ ✍✍✍✍
☀☀☀ সত্যৰ উদ্গীৰণ ☀☀☀
মহান আল্লাহৰ নবী চাল্লাললাহু আলাইহি ওৱাচাল্লামৰ সৈতে সম্পৰ্ক স্হাপন কৰাৰ প্ৰাথমিক মাধ্যম আছিল বাস্তৱ সপ্নৰ ওহী !! অৰ্থাৎ যি সপোন ৰাছূল চাল্লাললাহু আলাইহি ওৱাচাল্লামে দেখিছিল, সেই সপোন পৰৱৰ্তী দিনত বাস্তৱত পৰিণত হৈছিল । এনেদৰে কিছুদিন অতিক্ৰম কৰাৰ পাছত তেখেতৰ অকলশৰীয়া জীৱন প্ৰিয় হৈ পৰিছিল ।সেয়েহে এদিন নবী চাল্লাললাহু আলাইহি ওৱাচাল্লামে পৰিবাৰৰ পৰা কিছু খাদ্য সামগ্ৰী লৈ হীৰা পৰ্ব্বতৰ নিৰ্জম গোহাত আল্লাহৰ ধ্যানত বহা আৰম্ভ কৰিলে। এনেদৰে কিছু দিন গোহাত অতিক্ৰম কৰাৰ পাছত ঘৰলৈ আহি বিবি খাদিজা ৰাজিয়াল্লাহ হুতআলা আনহাৰ পৰা কিছু খাদ্য বস্তু লৈ পুনৰ পৰ্ব্বতৰ গোহাত ধ্যানত বহিছিল ।
এনেদৰে কিছুদিন অতিবাহিত হোৱাত এদিন সন্মুখত ফিৰিস্তা জিব্ৰাইল আলাইহি ওৱাচাল্লামৰ বাস্তৱ আবিৰ্ভাৱ হৈ কলে -” পঢ়া” । নবী চাল্লাললাহু আলাইহি ওৱাচাল্লামে পঢ়িবলৈ নাজানোঁ বুলি কোৱাত প্ৰচন্ড জোৰেৰে তেখেতক সাবটি ধৰিলে । উক্ত আলিংগনত তেখেতে যথেষ্ট কষ্ট অনুভৱ কৰিছিল । এনেদৰে ফিৰিস্তা গৰাকীয়ে তিনিবাৰ পঢ়িবলৈ কৈ একেটা উত্তৰ পোৱাত তিনিবাৰ দৃঢ় আলিংগন কৰিছিল আৰু প্ৰত্যেক বাৰতে তেখেতে ভীষণ কষ্ট পাইছিল । তৃতীয় বাৰত আলিংগন মুক্ত কৰি ফিৰিস্তা গৰাকীয়ে পাঠ কৰিছিল -” ইক্বৰা বিচমি ৰাব্বিকাল্লাযি খলাক্ব………..( আপুনি সেই আল্লাহৰ নামত পঢ়ক যি আমাক সৃষ্টি কৰিছে…….) ।
নবী চাল্লাললাহু আলাইহি ওৱাচাল্লামে এই আয়াত হৃদয়ংগম কৰি ভয়ত কম্পমান হৈ ঘৰলৈ আহি বিবি খাদিজা ৰাজিয়াল্লাহ হুতআলা আনহাক চাদৰেৰে ঢাকি দিবলৈ কলে !! কিছু সময়ৰ পাছত স্বাভাৱিক অৱস্থা ঘূৰি অহাত বিবিৰ আগত সকলো ঘটনা ব্যক্ত কৰি কলে -” মই মোৰ জীৱনৰ প্ৰতি শংকাবোধ কৰিছো “!! তেখেতৰ মনৰ বক্তব্য শুনি বিবি খাদিজা ৰাজিয়াল্লাহ আনহাই অভয় দি কলে যে -” আল্লাহৰ কচম, আপোনাৰ দৰে ইমান সত্ চৰিত্রবান লোক এজনক আল্লাহে কেতিয়াও অপদস্হ নকৰে ।
ইয়াৰ পাছত বিবি খাদিজা ৰাজিয়াল্লাহ হুতআলা আনহাই তেখেতক সম্বন্ধীয় ইবৰাণী ভাষাৰ পণ্ডিত ওৰাকা ইবনে নওফলৰ কাষলৈ লৈ গল , যি সেইসময়ত আল্লাহৰ ইচ্ছা অনুসৰি ইবৰাণী ভাষাত ইণ্জীলৰ অনুবাদ কৰিছিল । বাৰ্ধক্য জনিত কাৰণত তেখেত উক্ত সময়ত প্ৰায় অন্দ্ধ হৈ পৰিছিল । তেখেতক সকলো কথা বিবৰি কোৱাত পণ্ডিত গৰাকীয়ে কলে, আপোনাক যি পঢ়িবলৈ কৈ আলিংগন কৰিছিল তেখেত হৈছে ৰহস্যময় ফিৰিস্তা জিব্ৰাইল যাক আল্লাহে মূচা আলাইহি ওৱাচাল্লামৰ কাষলৈও পঠাইছিল। তেখেতে দুখেৰে মন্তব্য কৰি কলে -” আহ !! মই যদি এতিয়া যুৱক থাকিলোহেঁতেন যেতিয়া তুমি আল্লাহৰ বাণী প্ৰচাৰ কৰিবা । আহ !! মই যদি তেতিয়া যুৱক থাকিলোহেঁতেন, যেতিয়া তোমাক নিজৰ জাতিয়েই দেশান্তৰ কৰিব !! মই আপোনাৰ যুগ পোৱা হলে সাধ্যানুসাৰে আপোনাক সহায় কৰিলোহেঁতেন “!! ইয়াৰ কিছুদিন পিছতেই পণ্ডিত গৰাকীৰ ইন্তেকাল হৈছিল আৰু কিছু দিনলৈ ওহী অহা বন্ধ আছিল ।
পৰৱৰ্তী সময়ত পুনৰ লাহে লাহে ওহী আহিবলৈ ধৰিলে । উল্লেখযোগ্য যে ৰমজান মাহত প্ৰতিটো ৰাতিটেই জিব্ৰাইল আলাইহি ওৱাচাল্লামৰ ওহীৰ সৈতে আগমন হৈছিল । এনেদৰেই প্ৰত্যক্ষ ওহীৰ মাধ্যমেৰে আল্লাহৰ বাণী পবিত্র কোৰআন নাজিল হৈছিল আৰু সত্যৰ উদ্গীৰনে জাহিলিয়াতৰ যুগৰ অৱসান ঘটাই ইছলামৰ নতুন দিগন্তৰ সূচনা কৰিছিল ……….
❇❇ জাগা মুমিন জাগা – ৮৯ ❇❇
আল্লাহৰ সীমাহীন সৃষ্টিৰ ভিতৰত এক অন্যত্বম সৃষ্টি হৈছে সূৰ্য্য !! স্বাভাৱিক ভাবেই এই সূৰ্য্য পূৱ দিশত সদায় উদিত হয় আৰু পশ্চিমৰ দিশত অস্ত যায় । আপুনি জানেনে এই অস্তাম্বিত সূৰ্য্য প্ৰকৃততে কলৈ যায় আৰু উদয় হোৱাৰ আগতে কি কৰে ?? আহকচোন এই সন্দৰ্ভত ইছলামীয় দৃষ্টিভংগীৰ বিষয়ে কিছু বুজ লওঁ !!
এদিন সূৰ্য্য অস্ত যোৱাৰ সময়ত ৰাছূল চাল্লাল-লাহু আলাইহি ওৱাচাল্লামে আবু যৰ ৰাজিআল্লাহ হুতআলা আনহুক প্ৰশ্ন কৰিছিল -” তুমি জানানে এই সূৰ্য্য অস্ত যোৱাৰ পাছত কলৈ যায়??” আবু যৰ ৰাজিআল্লাহ হুতআলা আনহুৱে উত্তৰ দি কলে -” নিশ্চয় আল্লাহ আৰু তেওঁৰ ৰাছূলেহে এই বিষয়ে কব পাৰিব । তেতিয়া ৰাছূল চাল্লাল-লাহু আলাইহি ওৱাচাল্লামে কলে-” অস্ত যোৱাৰ পাছত সূৰ্য্যটো গৈ গৈ আৰচৰ তলত অৱস্থান কৰি আল্লাহক চিজদাহ কৰে । তাৰ পাছত পুনৰ উদিত হবলৈ আল্লাহৰ অনুমতি প্ৰাৰ্থনা কৰে । আল্লাহে সূৰ্য্যক এই অনুমতি প্ৰদান কৰে আৰু পুনৰ পূৱ দিশত উদিত হয় । কিন্তু নিশ্চয় অচিৰেই এনে এটা দিন আহিব যিটো দিনত সূৰ্য্যই চিজদাহ কৰিব কিন্তু আল্লাহে সেই চিজদাহ কবুল নকৰিব !! উদয় হোৱাৰ অনুমতি বিচাৰিব, কিন্তু অনুমতি প্ৰদান কৰা নহব !! বৰং সূৰ্য্যক আল্লাহে হুকুম দি কব- যি পথেদি আহিছিল সেই পথেদিয়েই ঘূৰি যাবলৈ !! আল্লাহৰ হুকুম মান্য কৰি সূৰ্য্যই একেটা পথেৰেই ঘূৰি পশ্চিমৰ দিশত উদিত হব !!
সেই ভয়ঙ্কৰ দিনটোৱেই হৈছে মহাপ্ৰলয়ৰ দিন কি-য়া-ম-ত !!!