আৰফান আলী
যোৱা ১৩/১১/১৫ তাৰিখে মধ্য আৰু নামনি অসমৰ জনপ্ৰিয় এটি দৈনিক বাতৰি কাকত গণ অধিকাৰত ইক্ৰামূল হুছেইন চাহাবৰ ইছলাম ধৰ্মত মৃতদেহৰ সৎকাৰ লিখনিটোৰ প্ৰতিক্ৰিয়া হিচাপে ০৪/১২/১৫ তাৰিখে একে শিৰোনামত শ্বামনুৰ ইছলাম আহমেদ চাহাবৰ এটি লিখনিৰ পৰিপ্ৰেক্ষিতত অলপমান লিখাৰ প্ৰয়াস কৰিছো। আমি অনুসন্ধান কৰি পাইছো যে তেখেতে মুমুৰ্ষ ব্যক্তিৰ ওচৰত বহি ছূৰা ইয়াছিন পাঠ কৰা কাৰ্য্য দলীল সন্মত হয় বুলি কোৱাটো সঠিক নহয়। তেখেত সত্য অনুসন্ধান নকৰি একেষাৰেই লিখি দিলে দলীল সন্মত আৰু প্ৰমাণ হিচাপে আগবঢ়াইছে এই হাদীছটোঃ মা’কিল ইবনে ইয়াছাৰ (ৰাঃ) য়ে কৈছে, নাবী কাৰিম চাল্লাল্লাহু আলাইহি ৱাছাল্লামে (হেনো) কৈছে,”তোমালোকে তোমালোকৰ মৃতসকলৰ ওপৰত ছূৰা ইয়াছিন পাঠ কৰা।” (আবু দাউদ ৩১২১; আহমাদ ২০৩১৬)। তেখেতে এইখিনিতে ৰৈ গ’ল আৰু নাভাৱিলে যে ইক্ৰামূল হুছেইন চাহাবে এইটো হাদীছ কিয় উল্লেখ নকৰিলে নে পোৱা নাই। উল্লেখ্য যে ইছলামৰ নামত যিমান শ্বৰিয়ত বহিৰ্ভূত,
ছূন্নাহ বিৰোধী, অতিভক্তি বা অতিৰঞ্জনমূলক ক্ৰিয়া-কৰ্ম আমাৰ সমাজত চলি আছে সেইবোৰ এক হিচাপে কবলৈ গ’লে একেবাৰে হলীল বিহীন (যদিও ভূৱা) নহয়। অতি কৌশলেৰে যিসকলে ইছলামক বিভ্ৰান্তিৰ মকৰাজালত পেলাবলৈ ষড়যন্ত্ৰ কৰিছিল তেওঁলোকে তেওঁলোকৰ বনোৱা দলীল মুছলিম সৰ্বসাধাৰণৰ মাজত বহুপৰিমাণে সোমোৱাই দিছে। এই বনোৱা দলীলবোৰকেই আমাৰ সমাজত দলীলৰ নামত আওৰাই থকা শুনা যায়। যেতিয়াৰ পৰা বুজি পোৱা হ’লো তেওঁলোকক কোনো দিন বিশুদ্ধ কিতাপ খুলি অনুসন্ধান কৰা দেখা নাপালো। দলীল খুজিলেই পথভ্ৰষ্ট হোৱা বুলি সমাজত অপপ্ৰচাৰ চলাই এঘৰীয়া কৰাৰ অপপ্ৰয়াস কৰে। এইবাৰ তেখেতে আগবঢ়োৱা হাদীছটোৰ তথ্যগত মৰ্যাদা বা তাহক্বীক চাওঁক। বৰ্তমান পৃথিৱীৰ এজন অদ্বিতীয় মুহাদ্দিছ প্ৰয়াত নাছিৰুদ্দিন আলবানী (ৰহঃ) ৰচিত ছিলছিলা যঈফাহ কিতাপবোৰৰ ক্ৰমৰ ৫৮৬১ নং ত এই হাদীছখনৰ বিষয়ে তাহক্বীককৃত তথ্যখিনি আলোচনা কৰি কৈছে যে উক্ত বৰ্ণনাৰ হাদীছটোৰ চনদত আবু উছমান নামৰ এজন ৰাবী (বৰ্ণনাকাৰী) আৰু তেওঁৰ পিতা আছে। তেওঁলোকৰ উভয়ে অপৰিচিত ৰাবী। গতিকে হাদীছ বিজ্ঞানৰ উছূলমতে তেওঁলোকৰ বৰ্ণনা গ্ৰহণযোগ্য নহয়। অৰ্থাত্ তেওঁলোকে বৰ্ণনা কৰা হাদীছ গ্ৰহণযোগ্য নহয়। আৰু এনে দূৰ্বল হাদীছৰ ওপৰত ভিত্তি কৰি কোনো আমল সাব্যস্ত কৰা শ্বৰীয়তত সিদ্ধ নহয়। দূৰ্বল হাদীছ মানে হাদীছটো নাবী কাৰিম চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পৰা প্ৰমাণিত নহয়, নাবী কাৰিম চাল্লাল্লাহু আলাইহি ৱাছাল্লামে এনে কথা কোৱা নাই। যদি আমি এনে দূৰ্বল হাদীছ বৰ্ণনা কৰি থাকো তাৰ অৰ্থ হ’ব আমি নাবী কাৰিম চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নামত মিছা কথা কৈ আছো। যাৰ পৰিণাম বৰ ভয়াবহ। চাওঁক নাবী কাৰিম চাল্লাল্লাহু আলাইহি ৱাছাল্লামে এনে কামৰ পৰা কেনেকুৱা কঠোৰ ভাষাত সতৰ্ক কৰি থৈ গৈছে। ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে “যি ব্যক্তিয়ে ইচ্ছাপূর্বক মোৰ ওপৰত মিথ্যাৰোপ কৰিব, তেওঁ যেন জাহান্নামত তাৰ ঠিকনা বিচাৰি লয়।” (ছহীহ বুখাৰী ১/২১,হাঃ ১১০; ছহীহ মুছলিম ১/৭, হাঃ ৩)। নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আৰু কৈছে “মোৰ উপৰত মিথ্যাৰোপ কৰা,অন্য কাৰোৰ উপৰত মিথ্যাৰোপ কৰাৰ নিচিনা নহয়। যিয়ে মোৰ উপৰত মিথ্যাৰোপ কৰিব,সি যেন জাহান্নামত তাৰ ঠিকনা বনাই নিয়ে।”(ছহীহুল বুখাৰী ১/৭২, হাঃ ১২৯১; ছহীহ মুছলিম ১/৭,হাঃ ৪)। এনে সতৰ্কবাণী আৰু অসংখ্য আছে। গতিকে সমাজত বহুল প্ৰচলিত আছে, আগৰ পৰা চলি আহিছে, বাপ-দাদাৰ আমল, ইমান ডাঙৰ ডাঙৰ আলীমসকলে নাজানে নেকি এইবোৰ যুক্তি ছহীহ হাদীছৰ সন্মূখত একেবাৰেই অৰ্থহীন। নিজকে জাহান্নামৰ দৰে নিকৃষ্ট স্থানত পতিত কৰাৰহে অন্য নাম মাত্ৰ। মুমুৰ্ষ ব্যক্তিৰ ওচৰত ছূৰা ইয়াছিন পঢ়াৰ আৰু মোহময়ী আৰু তথাকথিত দলীল পেশ কৰি আপোনাক বিপদাপন্ন কৰিব পাৰে, যিবোৰ দূৰ্বল হাদীছৰ পিল আমাৰ সমাজত অতি সহজেই বিক্ৰী হয়। ছহীহটোৱে বেছিভাগৰে বদ হজম কৰে ছদিও পিছলৈ বৰ উপকাৰী প্ৰমাণ হয়। ইয়াছিন ছূৰা পঢ়াৰ বিষয়ে তেনে আন এটা দূৰ্বল হাদীছ ছা’লাবীৰ ৩/১৬১ পৃঃত বৰ্ণিত হৈ আছে; যিটোৰ বিষয়ে নাছিৰুদ্দিন আলবানী (ৰহঃ) ই ছিলছিলা যঈফাৰ ৪৬৩৬ নংত বৰ্ণনা কৰিছে। এই হাদীছটোৰ চনদত উইছূফ ইবনে আতিয়াহ নামৰ এজন মিছলীয়া ৰাবী (বৰ্ণনাকাৰী) আছে। তাৰোপৰি ছূৱাইদ নামৰো এজন দূৰ্বল ৰাবী আছে। (ছিলছিলা যঈফাহ, ৪৬৩৬)। উল্লেখ্য যে ছূৰা ইয়াছিনৰ যিমান ফজিলত (অতিৰিক্তকৈ) বৰ্ণিত হৈছে তাৰে আটাইবোৰেই যঈফ (দূৰ্বল) বা জাল (মিছা, বানেৱাট, মনগঢ়া)। ছহীহ কোনো বৰ্ণনাই পোৱা নাযায়। (ছিলছিলা যঈফাহ: ৬৬২৩, ৬৬২৪)।
বহুতৰ মনত প্ৰশ্ন আহিব পাৰে, ছিলছিলা যঈফাহ কি, ছিলছিলা ছহীহাহ কি? মুহাদ্দিছ নাছিৰুদ্দীন আলবানী (ৰহ:) কোন? ছিলছিলা যঈফাহ মানে উম্মতৰ সুবিধাৰ বাবে যঈফ হাদীছবোৰ একত্ৰিত কৰি ৰচনা কৰা কেবাটাওঁ গ্ৰন্থসমগ্ৰ। ঠিক তেনেকৈ ছিলছিলা ছহীহাহ মানে ছহীহ হাদীছবোৰ একত্ৰিত কৰি ৰচনা কৰা কেবাটাওঁ গ্ৰন্থসমগ্ৰ। বর্তমান শতাব্দীৰ শ্রেষ্ঠ মুহাদ্দিছ ছূনানে আৰবাৱাৰ (ছহীহ বুখাৰী আৰু ছহীহ মুছলিম কিতাপ সংগ্ৰহ দুখন বাদ দি; কাৰণ এই দুটা গ্ৰন্থত উম্মতৰ সৰ্বসন্মতি ক্ৰমে কোনো জাল,যঈফ হাদীছ নাই, আটাইবোৰেই ছহীহ) ছহীহ আৰু যঈফ হাদীছবোৰক বাছি উলিয়াই পৃথক গ্রন্থ ৰচনা কৰিছে যিটো আৰব বিশ্বত বহুল প্রচলিত। উপৰোক্ত হাদীছবোৰ আৰবৰ সু আৰু বিশ্ববিখ্যাত মুহাদ্দিছ নাছিৰুদ্দীন আলবানী (ৰহ:) ৰ যঈফ হাদীছৰ সংকলন গ্রন্থতহে পাব। যাক ছিলছিলা যঈফাহ নাম দিয়া হৈছে। যি সূর্য্য আমাৰ দেশত এতিয়াও উদিত হোৱা নাই। উম্মতৰ সচেতন ব্যক্তিসকলৰ মাজত আজিও এই নিয়মেই বিদ্যমান আছে। যেনেকৈ আল্লামাহ নাছিৰুদ্দীন আলবানী (ৰহ:) ছূনানে আৰবাৱা বা আবূ দাউদ,তিৰমিযী, নাছাঈ আৰু ইবনু মাজাহৰ জাল আৰু যঈফ হাদীছ সমূহ পৃথক কৰি যি স্বতন্ত্র গ্রন্থত একত্রিত কৰিছে,তাৰ সংক্ষিপ্ত বিৱৰণ হলঃ আবূ দাউদত ১১২৭ টা যঈফ, তিৰমিযীত ৮২৮ টা যঈফ,নাছাঈত ৪৪০ টা যঈফ আৰু ইবনু মাজাহত ৯৪৮ টা যঈফ হাদীছ আছে। মুঠ যঈফ হাদীছ ৪ টা গ্রন্থত ৩৩৪৪ টা। (আত-তাহৰীক, ২০০৭, ৩য় সংখ্যা পৃষ্ঠা ১৪)।
ছূৰা ইয়াছিনৰ ফজিলত সম্পৰ্কে আমাৰ সমাজত প্ৰচলিত কেইটামান জাল হাদীছ হ’লঃ
যি ব্যক্তিয়ে তাৰ পিতামাতা উভয়ৰ কবৰ প্রত্যেক জুম’আৰ দিৱসত যিয়াৰত কৰিব। তাৰ পিছত সিহঁতৰ উভয়ৰ ওচৰত ছূৰা ইয়াছিন পাঠ কৰিব,প্রতিটো আয়াত অথবা অক্ষৰৰ বিনিময়ত তাক ক্ষমা কৰি দিয়া হব।
ছূৰা ইয়াছিন ক্বোৰআনৰ হৃদয়। এবাৰ ছূৰা ইয়াছিন পঢ়িলে ১০ বাৰ ক্বোৰআন খতম দিয়াৰ সমান ছাওৱাব পোৱা যায়।
মৃতকৰ বাবে ছূৰা ইয়াছিন পঢ়া।
এইকেইটা কথা প্ৰচাৰ কৰিলে নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নামত মিছা প্ৰচাৰ কৰা হ’ব যাৰ পৰিণাম হ’ল নিজৰ ঠিকনা জাহান্নাম তৈয়াৰ কৰি লোৱা। গতিকে সাৱধান!
আকৌ প্ৰসংগলৈ আহো। কোনো ইবাদাত অনুমানৰ ভিত্তিত বা দলীল বিহীনভাৱে ভাল বুলি ধাৰণা কৰিয়েই চালু কৰি দিব নোৱাৰি। শ্বৰীয়তৰ নিয়ম হ’ল কোনো এটা ইবাদাত কৰিবলৈ সেই ইবাদাতটো ছালাফে ছালেহীনে (সুপথপ্ৰাপ্ত ইছলামৰ প্ৰথম তিনিটা প্ৰজন্ম; চাহাবাসকল, তাবেসকল আৰু তাবে-তাবেঈন সকলে) কৰাৰ দলীল লাগিব আৰু অন্য পাৰ্থিৱ বস্তুৰ হাৰাম কবৰ বাবে হাৰাম হোৱাৰ দলীল লাগিব। অনুমানত নিজা ধাৰণাত কোনো বস্তুক হাৰাম কৈ দিব নোৱাৰি বা অপৱিত্ৰ কব নোৱাৰি যেতিযালৈকে সুস্পষ্ট দলীল পোৱা নাযায়। আমি গম পালো যে মুমুৰ্ষ ব্যক্তিৰ ওচৰত ক্বোৰআন তিলাৱত বা ছূৰা ইয়াছিন পাঠ কৰাৰ সপক্ষে কোনো ছহীহ দলীল নাই। গতিকে এনে আমল বৰ্জনীয়। আখিৰাতৰ খাতিৰত। নহলে ধৰ্মৰ নামত ইয়াক এক নতুন আমল হিচাপে গণ্য হ’ব। নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে-“সাৱধান! ধৰ্মত প্ৰৱৰ্তিত নতুন বিষয়ৰ পৰা সদায় দূৰত থাকিবা। কিয়নো নৱ-প্ৰৱৰ্তিত প্ৰতিটো বিষয়েই হ’ল বিদআত আৰু প্ৰতিটো বিদআতেই হ’ল পথভ্ৰষ্টতা।’’ (আবু দাউদ, তিৰমিজী, ইবনে মাজাহ, মুছনাদে আহমাদ)। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আৰু কৈছে-“আমাৰ এই ধৰ্মত যিজনে নতুন কোনো বিষয় প্ৰচলন কৰিব সেয়া প্ৰত্যাখ্যাত হ’ব।’’ (বুখাৰী আৰু মূছলিম)। গতিকে প্ৰত্যাখ্যাত আমল কৰিনো কি লাভ! এনেই শ্ৰম পণ্ড কৰাহে হ’ব। আল্লাহ তাআলাই কৈছে,”কৈ দিয়ক “(হে মুহাম্মাদ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম) মই তোমালোকক সেই সকল লোকৰ সংবাদ দিমনে, যিসকলে কর্ম ফালৰ খুবেই ক্ষতিগ্রস্ত(অৰ্থাত আমল কৰিও ক্ষতিগ্রস্ত। (ছূৰা কাহফ, ১৮:১০৩)। ছহীহ হাদীছ আৰু ক্বোৰআনৰ বাণীৰ মাজত কেনে সামঞ্জস্য চাওঁক! ছহীহ হাদীছেই ক্বোৰআনৰ ব্যখ্যা। গতিকে আমল কৰোতে সাৱধান! চাইচিতি কৰিব।নিজৰ ঠাইতে দেখিছো যে বৰ্তমান প্ৰচলিত তাবলীগ জামাতৰ পাৰ্টিয়ে এনেকুৱা একদল মাইকী মানুহৰ গোটক উত্সাহ যোগাইছে যে তেওঁলোকে গাৱত কোনোবা মুমুৰ্ষ ব্যক্তিৰ খবৰ শুনিলেই দলে বলে গৈ তালক্বীন কৰাৰ হাদীছসন্মত আমল এৰি ছূৰা ইয়াছিন পাঠ বা ক্বোৰআন খতমৰ বিদাতী অনুষ্ঠানৰ পাতে। তাবলীগ জামাত মানে হাদীছ-ক্বোৰআনৰ তাবলীগ জামাতৰ কথা কোৱা নাই ফাজাইলে আমলৰ তাবলীগ জামাতৰ কথা কৈছো। ইফালে ছহীহ হাদীছ অনুযায়ী মাইকী মানুহক মছজিদলৈ যাবলৈ দিব লাগে বুলি ক’লে ধুতুৰা খোৱা মানুহৰ দৰে ভ্ৰম বকিব ধৰে।
আহো ‘তালক্বীন’ কৰালৈ। ছহীহ হাদীছত আছে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে ‘তালক্বীন’ কৰোৱাৰ কথা কৈছে। (ছহীহ মুছলিম, ২১৬২; বঙ্গানুবাদ মিশকাত ১৫২৮; আহমাদ ১২৮৯৯, চনদ ছহীহ)। ‘তালক্বীন’ কৰাৰ অৰ্থ হ’ল কথা বুজোৱা বা দ্ৰুত মুথস্থ কৰি নিয়া। মৃত্যুৰ লক্ষনসমূহ দেখা গ’লে ৰোগীৰ বা মুমুৰ্ষ ব্যক্তি জনৰ শিতানত বহি তেওঁক ‘কালিমায়ে তাইয়্যিবাহ’ স্মৰণ কৰি দিয়া। কাৰণ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে,”যি ব্যক্তিৰ সৰ্বশেষ বাক্য হ’ব ‘লা-ইলাহা ইল্লাল্লাহ’ সেই ব্যক্তি জান্নাতত প্ৰৱেশ কৰিব। (আবুদাউদ, ৩১১৬ চনদ ছহীহ; বঙ্গানুবাদ মিশকাত ১৫৩৩)। কেৱল ‘লা-ইলাহা ইল্লাল্লাহ’ ইমানেই। ইয়াতকৈ বেছি নহয়। হাদীছত ইমানেই আহিছে। ইমানতে সীমাবদ্ধ থকা আমাৰ বাবে ফৰজ। ‘কালিমায়ে তাইয়্যিবাহ’ ইমানেই মাত্ৰ ‘লা-ইলাহা ইল্লাল্লাহ’। উপৰোক্ত হাদীছ কেইটাৰ পৰা বুজা যায়
তালক্বীন কৰাটো দৰকাৰী। মুমুৰ্ষ ব্যক্তিজনৰ জান্নাত পোৱাৰ এটি অপূৰ্ব সুযোগ, এটি পথ যি আমি জীৱিত মানুহবোৰে তেওঁৰ কাৰণে চেষ্টা কৰিব পাৰো। এইখিনিতে চাওঁক লেখকজনে তালক্বীন সম্বন্ধে কেনে এটা অসংলগ্ন কথা কৈছে। নিজেই কৈ আছে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে মৃত ব্যক্তিৰ কাষত তালক্বীন কৰাৰ কথা কৈছে। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কথা খিনি কৈ উঠিয়েই সম্পূৰ্ণ মনে সজা নিজস্ব মত এটা দাঙি ধৰিছে যে তালক্বীন কৰা জৰুৰী নহয়। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে তালক্বীন কৰা তেওঁ কৈছে জৰুৰী নহয়। মোস্তাহাব হে। অসংলগ্ন কথা নহয়নে? হাদীছৰ অৰ্থৰ বিপৰীতফালে টানি নিয়াৰ দৰে আহ্বান নহয়নে? অন্ততঃপক্ষে হাদীছটোৰ মৰ্য্যাদাক পাঠকৰ মনত পাতল কৰা নাইনে? মই বিতৰ্ক এটা আৰম্ভ কৰাৰ কাৰণে এই লিখনিটো প্ৰস্তুত কৰি উলিওৱা নাই। মোৰ উদ্দেশ্য কোৱল সত্য আৰু বিশুদ্ধটো উন্মোচন কৰি দেখুওৱা। এবাৰ দলীল প্ৰমাণ স্পষ্ট হৈ যোৱাৰ পিছত ইখতিলাফ বা বিতৰ্ক কৰা অপৰাধ। কাৰণ মহান আল্লাহ তাআলাই সতৰ্ক কৰি কৈছে,”তোমালোকে তেওঁলোকৰ নিচিনা নহবা যিসকলে তেওঁলোকৰ ওচৰত স্পষ্ট দলীল প্ৰমাণ অহাৰ পিছতো ফিৰকাৰ সৃষ্টি কৰিছে আৰু ইখতিলাফ কৰিছে। তেওঁলোকৰ বাবে আছে ভয়ঙ্কৰ শাস্তি।” (ছূৰা আল–ইমৰাণ ৩:১০৫)। প্ৰকৃত সত্যৰ বুজ আৰু গ্ৰহণৰ তাওফিক দাতা একমাত্ৰ আল্লাহ। যদি প্ৰকাশকে অনুগ্ৰহ কৰি এই লিখনিটো প্ৰকাশ কৰে তেনেহ’লে অহা সংখ্যাত জানাজাৰ চালাত (নামাজ) মছজিদৰ ভিতৰত পঢ়়া, ছূৰা ফাতিহা পঢ়া আৰু ক্ববৰ যিয়াৰতৰ সময়ত পুনৰ ছূৰা ইয়াছিন আৰু ক্বোৰআন পাঠ সম্পৰ্কে উদ্ধৃত আপত্তিৰ ক্বোৰআন আৰু ছহীহ হাদীছ ভিত্তিক দলীল-প্ৰমাণ আৰু তথ্য লৈ আহিবলৈ চেষ্টা কৰিম ইন শ্বা আল্লাহ। মিছা কথাবোৰ দি দ্বীন প্ৰতিষ্ঠা কৰিব বিচৰা মানে মৰুভূমিত কাছৰ কণী।