শ্বিৰ্ক ও বিদাত মুক্ত সমাজ , ৩৬, ৩৭

৩৬ তম খণ্ড্, শ্বিৰ্ক ও বিদাত মুক্ত সমাজ (১৩-১১-২০১৫ তাৰিখৰ পিছৰ পৰা)
ওপৰৰ আলোচনাত উল্লেখ কৰা বিষয়বস্তুৰ বাদেও শ্বিৰ্ক সংঘটিত হব পৰা দুটামান বিষয় এনে ধৰণৰ – (১) ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহিৱচাল্লাম্)ক কেন্দ্ৰ কৰি কৰা শ্বিৰ্কৰ আচৰণ, (২) ফিৰিস্তা সকলৰ প্ৰতি কৰা আচৰণগত শ্বিৰ্ক আৰু (৩) মানুহৰ মত ও পথৰ অন্ধ অনুকৰণ ও আনুগত্যৰ মাধ্যমত শ্বিৰ্ক ।
(১) ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহিৱচাল্লাম্)ক কেন্দ্ৰ কৰি শ্বিৰ্কৰ আচৰণ :- আল্লাহ তাআ’লাই যুগে যুগে বিভিন্ন সময়ত মানুহক সত্য দ্বীন তথা হিদায়তৰ পথ প্ৰদৰ্শনৰ বাবে বিভিন্ন সম্প্ৰদায়ৰ মাজত আচমানী কিতাপ সহ অসংখ্য নবী ও ৰছুল প্ৰেৰণ কৰিছে । নবী মোহাম্মদ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ক ঐশী বাণীৰ শেষ সংস্কৰণ পবিত্ৰ আল্-কোৰআন সহ প্ৰেৰণ কৰিছিল মানব জাতিক সৎ পথ দেখুৱাবৰ বাবে, লগে লগে নবুৱত আৰু ৰিচালাতৰ চিলচিলাৰ পৰিসমাপ্তি ঘটে । কিয়নো ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্) হ’ল আল্লাহৰ মনোনীত সৰ্বশেষ নবী ও ৰচুল । পবিত্ৰ কোৰআনৰ বহু ঠাইত আল্লাহৰ আনুগত্যৰ লগে লগে ৰছুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ৰ আনুগত্য কৰাৰ নিৰ্দ্দেশ আহিছে, প্ৰকৃততে আল্লাহৰ আনুগত্যৰ বাবে ৰছুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ৰ আনুগত্য বা অনুসৰণ বাদে আন কোনো বিকল্প নাই । ৰছুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ৰ আনুগত্য মানে কি বুজায় সেয়া আমি ভালদৰে জনা দৰকাৰ । এজন মানুহৰ জীবনৰ যাবতীয় কাম কাজ ৰছুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ৰ আদৰ্শৰ ভিত্তিত পৰিচালিত কৰাকে অৰ্থাৎ সকলো ক্ষেত্ৰতে ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ৰ চূন্নত অনুসৰণ কৰাই হ’ল তেখেতা(ছঃ)ৰ আনুগত্য । কিন্তু আমি মনত ৰখা দৰকাৰ যে আনুগত্যৰ নামত এনে কোনো বিশ্বাস পোষণ কৰা বা আচৰণ দেখুৱাব পৰা নাযাব্, যি একমাত্ৰ আল্লাহৰ ক্ষেত্ৰতে প্ৰযোজ্য । পৰিতাপৰ কথা যে আমাৰ সমাজত ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্) সম্পৰ্কত এনে কিছুমান বিদাত সোমাই পৰিছে যে কোনো কোনো ক্ষেত্ৰত শ্বিৰ্কৰ পৰ্য্যায় পাইছে, এইবোৰ এনে ধৰণৰ –
ক) ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)য়ে গায়েব বা অদৃশ্য জানে বুলি বিশ্বাস কৰা :- গায়েবৰ জ্ঞান একমাত্ৰ আল্লাহ তাআ’লাৰ আছে, আন কাৰো নাই । কিন্তু আমাৰ সমাজত কিছুমান লোকে এনে ধাৰণা পোষণ কৰে যে ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)য়ে গায়েব জানে আৰু সকলো ঠাইৰ পৰা মানুহৰ আহ্বান শুনা পায় আৰু বিনিময়ত ফায়দা দিয়ে । আল্লাহ তাআ’লাই ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ৰ প্ৰতি দৰূদ আৰু চালাম পেচ কৰাৰ নিৰ্দ্দেশ দিছে, সেই হিচাপে এয়া মুমিনৰ ওপৰত ৱাজিব হৈ পৰিছে । ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)য়ে মানুহক উৎসাহিত কৰি দৰুদ ও চালাম পেচ কৰাৰ সঠিক নিয়ম কানুন ও পদ্ধতি শিকাই দিছে । কিন্তু মানুহে অধিক ভক্তি দেখুৱাবৰ বাবে সীমা চেৰাই গৈ মিলাদ নামৰ এক বিদাতী অনুষ্ঠানৰ আয়োজন কৰি কিয়াম কৰে আৰু কোনো কোনো ঠাইত এখন চকী খালি ৰাখে এই বিশ্বাসত যে ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্) সেই মিলাদত উপস্থিত হবহি । এয়া সম্পূৰ্ণ বিদাতী কাৰ্য্য আৰু গায়েব জানা বুলি বিশ্বাস কৰাটো আচমা অচ্-চিফাত বা আল্লাহৰ পবিত্ৰ নামাৱলী ও গুণাৱলীৰ শ্বিৰ্কৰ অন্তৰ্ভূক্ত ।
খ) ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্) ৰ প্ৰশংসা বৰ্ণনা কৰি আল্লাহৰ অবতাৰত পৰিণত কৰাৰ শ্বিৰ্ক :- ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্) আল্লাহৰ অবতাৰ নহয় বা অতি মানবো নাছিল্, এজন অধিক মৰ্য্যদা সম্পন্ন মানুহ আছিল । তেখেত (ছঃ) নুৰৰ তৈয়াৰী নাছিল, ফিৰিস্তাও নাছিল বা জ্বিনজাতি ভুক্তও নাছিল, তেজ্-মঙহেৰে গঢ়া এজন খাঁটি মানুহ ও আদম সন্তান, এয়া কোৰান মজিদতো স্পষ্ট ভাবে উল্লেখ আছে । কিন্তু আমাৰ সমাজৰ একশ্ৰেণী মানুহে বিশ্বাস কৰে যে ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্) নুৰৰ তৈয়াৰী । আকৌ কিছুমান লোকে ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ৰ প্ৰশংসা আৰু গুণানুকীৰ্ত্তনৰ বাবে কথা-বতৰা, আচাৰ ব্যবহাৰত এনে কিছুমান কাৰ্য্য কৰে যাৰ দ্বাৰা প্ৰতিপালকৰ মৰ্য্যদালৈ উন্নীত কৰে, যেন আল্লাহে ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ৰ ৰূপত পৃথিবীত আবিৰ্ভাব হৈছে । ইয়াকে দেখুৱাবলৈ মিলাদ অনুষ্ঠানত এনে কিছুমান কবিতাৰ পংক্তি উচ্চাৰণ কৰে – “যি খোদা ৰূপে আৰচত আছিল্, মদিনালৈ নামি মোস্তফা হৈ গ’ল্”, “আৰচত যি জন আহাদ হৈ আছিল্, জমিনত নামি তেওঁ আহমদ হ’ল্”, “মোহাম্মদ যদিও খোদা নহয় তথাপি খোদাৰ পৰা পৃথকো নহয়্” ইত্যাদি ।

৩৭ তম খণ্ড শ্বিৰ্ক ও বিদাত মুক্ত সমাজ (১৫-১১-২০১৫তাৰিখৰ পিছৰ পৰা)
গ) ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ক চিজদা দিয়াৰ মাধ্যমত শ্বিৰ্ক :- চিজদা হ’ল আনুগত্য ও আত্ম-সমৰ্পণৰ চূড়ান্ত বহিঃপ্ৰকাশ আৰু এই চিজদাৰ হকদাৰ একমাত্ৰ আল্লাহ চুবহান আল্লাহু তাআ’লা, গতিকে সৃষ্টিকৰ্ত্তাৰ সৃষ্টিক চিজদা কৰাটো শ্বিৰ্ক । উলুহিয়্যাতৰ বৈশিষ্ট্যৰ দাবীত আল্লাহৰ বাদে আন কোনোৱে চিজদাৰ সন্মান পোৱাৰ অধিকাৰী নহয় । কিন্তু কিছুমান অতি সংবেদন্শীল মুচলিম লোকে আবেগত নবী (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ৰ প্ৰতি অধিক ভক্তি প্ৰদৰ্শন কৰিব গৈ ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ৰ ৰওজা মোবাৰকত না না বিদাতী কাম কৰাৰ উপৰি চিজদা পৰ্য্যন্ত কৰে, এয়া উলুহিয়্যাতৰ শ্বিৰ্কৰ অন্তৰ্ভূক্ত ।
ঘ) ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্) ৰ নামৰ জিকিৰৰ মাধ্যমত শ্বিৰ্ক :- আল্লাহৰ গুণাৱলী নামৰ জিকিৰ কৰি আল্লাহৰ উপাসনা কৰা হয়, যেনে – য়া আল্লাহু, য়া ৰহমানু, য়া ৰাহিমু ইত্যাদি । আল্লাহৰ নামৰ বাদে আন কাৰো নাম লৈ জিকিৰ কৰাটো শ্বিৰ্ক, কিন্তু আমাৰ সমাজত বহুতো মুচলিম লোকে আল্লাহৰ নামৰ লগত ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ৰ নাম লৈ জিকিৰ কৰা দেখা যায় যেনে – য়া আল্লাহু, য়া ৰচুলুল্লাহ্, য়া ৰাহমাতুল্লিল আলামিন্, নুৰে ৰচুল – নুৰে খোদা, য়া নবী – য়া ৰচুল্, আল্লাহ – ৰচুল ইত্যাদি । কেতিয়াবা আকৌ এনেদৰে কোৱা হয় আল্লাহ ও ৰচুলৰ ইচ্ছাত বা আল্লাহ ৰচুলৰ দোৱাত বা আল্লাহ নবীৰ হেফাজতত ভালে আছো বা বাঁচি আছো ইত্যাদি । এনে ধৰণৰ আচৰণ এক প্ৰকাৰ জিকিৰৰ লগত সংযুক্ত হৈছে আৰু ইয়াৰ মাধ্যমত শ্বিৰ্ক সংঘটিত হয় ।
ঙ্) ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্) ৰ নাম্, জাত ও মৰ্য্যদাৰ অচিলা লৈ দোৱাৰ মাধ্যমত শ্বিৰ্ক :- আল্লাহ তাআ’লা কাৰো মুখাপেক্ষী নহয়্, সেয়ে কাৰোবাৰ অচিলা গ্ৰহণ নকৰি আল্লাহৰ ওচৰত নিজৰ ফালৰ পৰা আবেদন কৰাই শ্ৰেয়ঃ । আল্লাহৰ নামাবলী ও গুণাৱলীৰ বাদে অন্য কোনো জাত সত্তা বা বস্তুৰ অচিলা লৈ দোৱা কৰা জায়েয নহয়, এনে কৰাতো আল্লাহ ৰাব্বুল আলামিনৰ স্থান ও মৰ্য্যদা ক্ষুণ্ণ কৰা হয়, অবশ্যে এই সম্পৰ্কত পৰস্পৰ বিৰোধী মন্তব্য দেখা পোৱা যায় । এক শ্ৰেণীৰ লোকৰ মত হ’ল – ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ৰ অচিলা লৈ দোৱা কৰাতো বৈধ । ইয়াৰ সপক্ষে দাঙি ধৰা হদীছটি হ’ল – ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম)ৰ অচিলা লৈ দোৱা কৰাত হজৰত আদম (আলাইহি ৱচাল্লাম্)য়ে গুনাহ মাফ পাইছিল, কিন্তু ই এক ভিত্তিহীন,চহীহ চনদৰ ওপৰত প্ৰতিষ্ঠিত নোহোৱা জাল হদীছ, অন্যহাতে কোৰান মজিদৰ পৰা প্ৰমাণিত যে আল্লাহ তাআ’লাই হজৰত আদম (আলাইহি ৱচাল্লাম্)ক এটা দোৱা শিকাই দিছিল আৰু সেই দোৱা পাঠ কৰিয়ে তেখেত গুনাহৰ পৰা মুক্ত হৈছিল । ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম)ৰ জীবিত কালত বা ওফাতৰ পিছত চাহাবী সকলৰ মাজত এনে ধৰণৰ অচিলাৰ প্ৰচলন নাছিল । এইটো সত্য যে আল্লাহ তাআ’লাৰ ওচৰত ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম)ৰ এক বিশেষ মৰ্য্যদা আছে, কিন্তু সেয়া অচিলা হিচাপে ব্যবহাৰ কৰাৰ কাৰণে নহয় । মানুহৰ মাজত ধাৰণা যে ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম)ক অচিলা হিচাপে লৈ আল্লাহৰ ওচৰত দোৱা কৰিলে যাৱতীয় সমস্যাৰ সমাধান হৈ যায় কাৰণ উচ্চ মৰ্য্যদাৰ বাবে ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম)ৰ অচিলা ললে আল্লাহ তাআ’লা প্ৰভাবিত হৈ দোৱা কবুল কৰে । মানুহে মনত এই বুলিও ভাবে যে আল্লাহৰ ওচৰত দোৱা কবুল হোৱাৰ যোগ্যতা সাধাৰণ মানুহৰ নাই, কিন্তু আমি মনত ৰখা দৰকাৰ যে আল্লাহ তাআ’লা ৰহমান ও ৰহিম, তেখেত সকলোৰে বাবে উদাৰ, মানুহৰ বিচাৰিবলৈ পলম হব পাৰে কিন্তু আল্লাহে দিবলৈ পলম নহয়, পৰিচালনাৰ কামত অন্য কাকো নিয়োগ নকৰে, কোনো মাধ্যম অবিহনে মানুহৰ আবেদন শুনে আৰু যেতিয়া যেনেকে দিব লাগে তেনেকে দিয়ে, কোনো নবী,ৰছুল বা অন্য কোনো মাধ্যমৰ প্ৰয়োজন নাই । যেহেতু আল্লাহ তাআ’লাই ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম)ক পথাইছিল মানুহক দ্বীনৰ প্ৰতি আহ্বান জনাবলৈ, গতিকে আমাৰ কৰ্ত্তব্য হ’ল ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম)ক আনুগত্য কৰা আৰু যথাযথ ভাবে অনুসৰণ কৰা । তেখেত (ছঃ)ৰ অচিলা লোৱা, অচিলাত বিশ্বাস কৰা আৰু বাস্তবত নিজৰ আচাৰ্-আচৰণৰ দ্বাৰা সেয়া প্ৰতিষ্ঠিত কৰাতো প্ৰকৃততে সীমা লঙ্ঘন কৰা হয় আৰু সেয়া এক গৰ্হিত কাম । ইনশ্বা আল্লাহ আগলৈ…….

Leave a comment