আশুৰাৰ অতীত আৰু ভৱি্যত ঘটনাৱলীৰ বিষয়ে মন গঢ়া কাহিনীঃ জালিয়াত, মিছলীয়া সকলে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নামত জালিয়াতি কৰি কৈছেঃ ১. আশুৰাৰ দিনত আল্লাহ তাআলাই আকাশ আৰু পৃথিৱী সৃষ্টি কৰিছে; ২. আশুৰাৰ দিনত আল্লাহ তাআলাই পাহাৰ, পৰ্বত, নদ-নদী…. সৃষ্টি কৰিছে; ৩. আশুৰাৰ দিনত আল্লাহ তাআলাই কলম সৃষ্টি কৰিছে; ৪. আশুৰাৰ দিনত আল্লাহ তাআলাই লাওহে মাহফুজ সৃষ্টি কৰিছে; ৫. এই দিনত আল্লাহ তাআলাই আৰশ্ব সৃষ্টি কৰিছে; ৬. এই দিনত আল্লাহ তাআলাই আৰশ্বৰ ওপৰত সমাহীন হৈছে; ৭. এই দিনত আল্লাহ তাআলাই কুৰছী সৃষ্টি কৰিছে; ৮. এই দিনত আল্লাহ তাআলাই জান্নাত সৃষ্টি কৰিছে; ৯. এই দিনত আল্লাহ তাআলাই জিব্ৰাইল (আঃ)ক সৃষ্টি কৰিছে; ১০. এই দিনত আল্লাহ তাআলাই ফিৰিস্তাসকলক সৃষ্টি কৰিছে; ১১. এই দিনত আল্লাহ তাআলাই আদম (আঃ)ক সৃষ্টি কৰিছে; ১২. এই দিনত আল্লাহ তাআলাই আদম (আঃ)ক জান্নাতত প্ৰৱেশ কৰাইছে; ১৩. এই দিনত আল্লাহ তাআলাই ইদ্ৰীছ (আঃ)ক আকাশলৈ উঠাই নিছিল; ১৪. এই দিনত আল্লাহ তাআলাই নূহ (আঃ)ক নৌকাৰ পৰা ওলাই আনিছিল; ১৫. এই দিনত আল্লাহ তাআলাই দাউদ (আঃ)ৰ তাওবাহ কবুল কৰিছিল; ১৬. এই দিনত আল্লাহ তাআলাই ছূলাইমান (আঃ)ক ৰাজত্ব প্ৰদান কৰিছিল; ১৭. এই দিনত আল্লাহ তাআলাই আইয়ূব (আঃ)ৰ বিপদ-মুচিবত দূৰ কৰিছিল; ১৮. এই দিনত আল্লাহ তাআলাই তাওৰাত নাজিল কৰিছিল; ১৯. এই দিনত ইব্ৰাহীম (আঃ)য়ে জন্ম গ্ৰহণ কৰিছিল….. খলীল উপাধি লাভ কৰিছিল; ২০. এই দিনত ইব্ৰাহীম (আঃ)য়ে নমৰূদৰ অগ্নিকুণ্ডৰ পৰা ৰক্ষা পাইছিল; ২১. এই দিনত ইছমাইল (আঃ)ক ক্বুৰবানী কৰা হৈছিল; ২২. এই দিনত ইউনূছ (আঃ) ক মাছৰ পেটৰ পৰা ওলাই আহিছিল; ২৩. এই দিনত আল্লাহ তাআলাই ইউছূফ (আঃ)ক জেলৰ পৰা ওলাই আনিছিল; ২৪. এই দিনত ইয়াক্বুব (আঃ)য়ে দৃষ্টিশক্তি ঘূৰাই পাইছিল; ২৫. এই দিনত ইয়াক্বুব (আঃ)য়ে ইউছূফ (আঃ)ৰ লগত মিলিত হৈছিল; ২৬. এই দিনত মুহাম্মদ (চাল্লাল্লাহু আলাইহি ৱাছাল্লাম)য়ে জন্ম গ্ৰহণ কৰিছিল; ২৭. এই দিনত ক্বিয়ামত সংঘটিত হব……..। আকৌ কিছূমানে বনাইছেঃ মুহাৰৰমৰ ২ তাৰিখে নূহ (আঃ) য়ে প্লাৱনৰ পৰা মুক্তি পাইছিল; মুহাৰৰমৰ ৩ তাৰিখে ইদ্ৰিছ (আঃ) ক আকাশলৈ উঠাই নিয়া হৈছিল; মুহাৰৰমৰ ৪ তাৰিখে ইব্ৰাহীম (আঃ) ক অগ্নিকুণ্ডত নিক্ষেপ কৰা হৈছিল…. ইত্যাদি ইত্যাদি। এনেধৰণৰ অগণিত ঘটনা এই মাহত বা এই দিনত ঘটিছে আৰু ঘটিব বুলি উল্লেখ কৰিছে জালিয়াতসকলে তেওঁলোকৰ এই কল্প কাহিনীবোৰত। প্ৰকৃত সত্য কথা হলঃ আশুৰাৰ দিনা মূছা (আঃ) আৰু তেখেতৰ সঙ্গীসকলে ফিৰাউনৰ পৰা মুক্তি পোৱাৰ বাহিৰে অইন কোনো ঘটনা ছহীহ হাদীছৰ দ্বাৰা প্ৰমণিত নহয়। আদম (আঃ) ৰ তাওবাহ ক্ববুল, নূহ (আঃ) ৰ নৌকা জুদী পৰ্বতৰ ওপৰত স্থিৰ হোৱা আৰু ঈছা (আঃ) ৰ জন্ম গ্ৰহণ কৰাৰ কথা অনিৰ্ভৰযোগ্য সূত্ৰৰ যোগেদি কোনো কোনো চাহাবা বা তাবেয়ীৰ পৰা বৰ্ণিত। আশুৰা বা মুহাৰৰম সম্পৰ্কে আৰু যিমান যি কোৱা হয় আটাইবোৰেই মিছা আৰু বাতিল কথা।
✍✍..Dr. Arfan Ali