জাগা মুমিন জাগা – ৪৫, ৪৭, ৪৮,৪৯

জাগা মুমিন জাগা – ৪৫
সত্যক আধাৰ হিচাবে লৈ নিৰপেক্ষ দৃষ্টিভংগীৰে যদি কোনো দ্বীনদৰদী লোকে বিবেচনা কৰি চাই, তেন্তে অতি সহজতেই দৃষ্টিগোচৰ হব যে কোৰাআন হাদীচৰ নিতী আদৰ্শৰ সৈতে কিদৰে ঘটিছে মজহবে হানাফীৰ পদে পদে সংঘাত !! তথাপিও কিন্তু মানুহে অতি ৰহস্য জনক ভাৱে নিজৰ পাই পাই হিচাব হব লগা ইবাদতৰ ভূল শুদ্ধ বিচাৰ কৰি নোচোৱা মানসিকতাই প্ৰকৃততে কিহৰ ইংগিত বহন কৰে ?? নিশ্চিত ভাৱে এনে কায্য়ই কোৰাআন হাদীচৰ প্ৰতি প্ৰদৰ্শন কৰা ভূৱা প্ৰেম আৰু পৰম্পৰাগত ইবাদতৰ প্ৰতি থকা অগাধ বিশ্বাসৰ দিশটোৱেই জানো প্ৰতিফলন নকৰেনে ?? এনে দৃষ্টিভংগীয়ে যে আমাক কেতিয়াও সঠিক পথৰ সন্ধান দিব নোৱাৰে , সেই সাধাৰণ দিশটো চিন্তা কৰিবলৈ আমাৰ বিবেকক কোনে অনুমতি দিয়া নাই কেতিয়াবা ভাবি চাইছেনে ?? এই প্ৰতিবন্ধকেই হৈছে চয়তানৰ অস্তিত্বৰ স্পষ্ট নিদৰ্শন !! আমি বাৰাম্বাৰ কোৰাআনৰ আয়াত দি কৈ আহিছো যে ইছলামত চাৰি মাজহাবক স্বীকাৰ কৰাটো স্পষ্ট হাৰাম !! তথাপিও কিন্তু ইয়াৰ বিপৰীতে কোনো আলীম উলেমাই এনেদৰে ইছলামক ভিন্ন মতেৰে চাৰিভাগত বিভক্ত কৰিব পৰাৰ অনুমতি দেখুৱাব নোৱাৰাৰ পাছতো কিহৰ ভিত্তিত মানুহে আপত্তিবিহীন ভাৱে ইয়াক স্বীকাৰ কৰি লৈছে ??
ত্বথ্য়ভিত্তিক কোনো উত্তৰ দিব নোৱাৰি সহজ সৰল মানুহ খিনিক অজ্ঞতাৰ সুযোগ লৈ সদায়ে আভূৱাভাৰি আহিছে !! মানুহৰ মনত এনে ধৰণৰ চয়তানী চিন্তা সোমোৱাই দিছে যে মানুহে চিন্তা কৰিবলৈ বাধ্য হৈছে ইমান ডাঙৰ ডাঙৰ আলীম, বুজুৰগানে দ্বীন , পীৰ, আউলীয়া আদিয়ে কি এইবোৰ কথা নাজানিছিল নেকি ?? তেওঁলোক কি জাহান্নামী নেকি ?? সাৱধান ভাই সকল !! এনে ধৰণৰ চিন্তাই আপোনাক অধিক বিপদলৈহে ঠেলি দিব !! কিয়নো আল্লাহে এওঁলোকৰ বিষয়ে কোনো ধৰণৰ সেউজ সংকেত আমাক দিয়া নাই । যদি নবী(চঃ)ৰ বাহিৰে আন কাৰোবাৰ বিষয়ে এনেধৰণৰ সঠিক চিন্তা কৰো, তেন্তে আহক ইনচাআল্লাহ তিলমানো সন্দেহ নোহোৱাকৈ চিন্তা কৰো চাহাবায়ে কেৰাম ( ৰাঃ ) ৰ বিষয়ে। কিয়নো এইসকল ধন্য জীৱনক অনুকৰণ নকৰিলে আমি পথভ্ৰষ্ট হৈ পৰিম বুলি মহান নবী(চঃ)য়ে আমাক তাগিদেৰে কৈ গৈছে আৰু মহান আল্লাহে কৰিছে জান্নাতীৰ ঘোষণা ।
সেয়েহে আহক আমি সকলোৱে নিজৰ আল্লাহ প্ৰদত্ত বিবেকক চয়তানী দংশনৰ পৰা ৰখ্য়া কৰি আল্লাহৰ পৰা হিদায়ত বিচাৰো, নিশ্চয় আল্লাহ অতি মেহেৰবান ও অত্যন্ত দয়ালু ……………

জাগা মুমিন জাগা – ৪৭
আল্লাহে পবিত্র কোৰআনত ” আল য়াওমা আকমালতু লাকুম দ্বীনাকুম …………………” আয়াতৰ মাধ্যমেৰে আজিৰে পৰা প্ৰায় ১৫০০ বছৰৰ আগতেই ইছলাম পৃথিৱীৰ বুকুত পৰিপূৰ্ণ ভাবে সুপ্ৰতিষ্ঠিত হোৱা বুলি ঘোষণা কৰাৰ পাছতো সৌ সিদিনা ১৯২৬ চনত ভাৰতবৰ্ষৰ বুকুত সংঘটিত হল ইছলামৰ ওপৰত এক আধুনিক অস্ত্ৰোপ্ৰচাৰ !! কলিমা নামাজ পঢ়িব নজনা লোক সকলৰ চেলু লৈ সম্পূৰ্ণ চুফীবাদী আদৰ্শৰে মৌলানা(!! ) ইলিয়াচ আলী কান্ধলৱী চাহেৱে সপোনত পোৱা দৰৱেৰে আৰম্ভ কৰিলে ইছলামৰ এই অস্ত্ৰোপ্ৰচাৰ !! একাষৰীয়া কৰি দিয়া হল মহানবী মহম্মদ(চঃ)ৰ মহান বাণী – ” যি কোৰাআন আৰু হাদীচক নিজৰ জীৱনত খামূচি ধৰিব তেওঁ কেতিয়াও পথভ্ৰষ্ট নহব ” । আৰম্ভ কৰি দিয়া হল ছয় চিফতৰ নতুন আদৰ্শ , যি আদৰ্শৰ বিষয়ে মহান আল্লাহে হয়তো নবী(চঃ)ক কবলৈ পাহৰি গৈছিল ( নাউজুবিল্লাহ ) । বিভিন্ন ধৰণৰ চিল্লাৰ কৌশল , যি কৌশলৰ বিষয়েও হয়তু নবী(চঃ) অজ্ঞ আছিল, পুনৰ নাউজুবিল্লাহ !! বিভিন্ন ধৰণেৰে সচাঁ মিছা কল্প কাহিনীৰে মানুহৰ মন জয় কৰিব পৰা চয়তানী বুদ্ধি !! এনে অসংখ্য নৱ আবিস্কাৰেৰে ইছলামৰ নিতী আদৰ্শক বিসৰ্জন দি আৰম্ভ কৰি দিয়া হল এক সামান্তৰাল ভূৱা ইছলামীক উপ পথৰ !!! এইয়া আপুনি পৃথিৱীৰ সৰ্ব্বকালৰ সৰ্ব্ববৃহত দূৰ্নীতি বুলি আখ্যা নিদিবনে ????????

জাগা মুমিন জাগা – ৪৮
আমাৰ সমাজৰ শতকৰা ৯৫% কৈও অধিক অনাআলীম লোকৰ ইছলামীয় জ্ঞানৰ উত্স হৈছে লৰালি কালত মক্তবৰ পৰা আহৰণ কৰা ইছলামৰ আদিপাঠ ।এনে ধৰণৰ শিক্ষাৰ পৰিধি যদি আমি বিবেচনা কৰো তেন্তে দেখিবলৈ পাম যে এনে শিক্ষাৰ জৰিয়তে সাধাৰণতে কোৰাআন পঢ়িবলৈ শিকোৱা , কলিমা মুখস্থ কৰোৱা হয়, নামাজ কেনেকৈ পঢ়িব লাগে তাৰ পদ্ধতি শিকোৱা হয় আৰু নামাজত ব্যৱহাৰ হোৱা প্ৰাথমিক চোৰা কেইটা মুখস্থ কৰোৱা হয় ।সাধাৰণ ভাবে এই পৰিমানৰ ইছলামীক জ্ঞানেৰে গৰিষ্ট সংখ্যক লোকে নিজৰ ধৰ্ম্মীয় জীৱন পৰিক্ৰমাৰ সমাপ্তি ঘটায় । ইয়াৰ উপৰন্চী যিকোনো ধৰণৰ ইছলাম সম্পৰ্কীয় বিষয়ত এই সকল লোক সদায়েই আলীম সমাজৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিব লগা হয় ।
এতিয়া প্ৰশ্ন হয় আল্লাহে যিহেতু প্ৰত্যেক নৰ নাৰীক জ্ঞান অৰ্জন কৰাটো বাধ্যতামূলক কৰিছে আৰু লগতে আমাক পৰিপূৰ্ণ ইছলামত সোমাই পৰিবলৈ নিৰ্দেশ দিছে, তেনেস্হলত আমাৰ দৰে অনা আলীম লোকসকলে লৰালি কালত এনেদৰে মকতবত অৰ্জ্জন কৰা ইছলামৰ আদিপাঠেই আমাৰ বাবে যথেষ্ট নে ?? সেই সীমিত জ্ঞানেৰে আমি মুকাম্মালে দ্বীন বা পৰিপূৰ্ণ ইছলামত দাখিল হোৱাটো সম্ভৱ নে ?? নিশ্চিত ভাবে আমি আহৰন কৰা ইছলামৰ এই নূন্যত্বম জ্ঞানেৰে প্ৰকৃততে ইছলামৰ গোন্ধ পাবলৈও আমি সখ্য়ম নহও ,মাথোঁ এই পৰিমানৰ জ্ঞানেৰে অভ্যাসগত ভাবে ভূল শুদ্ধ একো বিবেচনা কৰিব নোৱাৰাকৈ মচজিদত গৈ চালাত আদায় কৰিব পৰা এক অৱস্থাত উপনীত হওঁ।
আল্লাহৰ প্ৰতি প্ৰকৃত অৰ্থত ত্বাকৱা বা ভয় মানুহৰ অন্তৰত জাগ্ৰত হবলৈ হলে ইছলামৰ মূল বিষয়বস্তু সমূহ আমি ভালদৰে বুজি পোৱটো একান্তই প্ৰয়োজন । তাওহীদ , শ্বীৰ্ক , বিদআত , ফৰজ, চুন্নত ইত্যাদি বোৰ হৈছে ইছলামৰ মূল ভেটি , এই বিষয় বোৰৰ জ্ঞানৰ অবিহনে ইছলামীৰ জ্ঞান মূল্যহীন । কিন্তু অতি দূৰ্ভাগ্য়জনক বিষয় যে কোনো আলীম উলেমাই বিশেষভাৱে প্ৰথম তিনিটা অতি প্ৰয়োজনীয় বিষয়ৰ জ্ঞান সাধাৰণ লোকক দিয়া দেখা নাযায় । ইয়াৰ ফলস্বৰূপে গৰিষ্ট সংখ্যক লোকৰ জীৱনজোৰা ইবাদত শ্বীৰ্ক বিদআতেৰে ভৰি থাকে । এনে ইবাদত আল্লাহৰ দৃষ্টিত মূল্যহীন ও প্ৰত্যাখিত হব বুলি স্বয়ং আল্লাহে স্পষ্টভাষাৰে ঘোষণা কৰিছে। সেয়েহে সন্মানিত দ্বীন দৰদী ভাইসকল, আল্লাহৰ নৈকট্য় লাভ কৰিবলৈ হলে আহক প্ৰথমতে ইছলাম বুজাৰ চেষ্টা কৰো, তাৰ পাছতহে ইবাদত !! অন্যথা শ্বীৰ্ক বিদআত মিশ্ৰিত ইবাদতে আমাক জাহান্নামৰ পথহে মুকলি কৰি দিব । এনে ধৰনৰ মূল্যহীন ইবাদতেৰে সমাজত পোৱা পৰহেজগাৰৰ স্বীকৃতি একো কামত নাহিব। গোটেই জীৱন পাঁচ ৱক্ত চালাত আদায় কৰি অহাৰ পাছতো এবাৰ নিজকে প্ৰশ্ন কৰকচোন আপুনি চুৰা ফাতিহাৰ অৰ্থ বুজি পাইনে ?? দূৰদে ইব্ৰাহীমৰ অৰ্থ জানেনে ?? ৰুকু চিজদাহত কি কৈছে বুজি পাইনে ?? যদি নাপায় তেন্তে আপোনাৰ চালাতৰ গুৰুত্ব কিমান আপুনি নিজেই এবাৰ বিবেচনা কৰকচোন !! ইছলামীক জ্ঞানৰ অভাৱৰ বাবেই কোৰাআনৰ দৃষ্টিভংগীত চাৰি মজহব স্পষ্ট হাৰাম হোৱাৰ স্বত্তেও আমি তাকেই ইছলামীয় আদৰ্শ বুলি মানি আহিছো। কোৰাআন হাদীচক ইছলামীয় দলীল হিচাবে স্বীকাৰ কৰাৰ পৰিৱৰ্ত্তে পৰম্পৰাগত ভাবে তথাকথিত বুজুৰগানে দ্বীনক ইছলামীয় দলীলৰ ময্য়াদা দিছো । আমাৰ অধ্যয়ন লব্দ্ধ জ্ঞানেৰে আমি অতি স্পষ্টকৈ কব বিচাৰো যে যুগ যুগ ধৰি আমি অন্দ্ধ অনুকৰণৰ বলি হৈ অহা হানাফী মজহবৰ নিতী আৰু আদৰ্শ ৮০% কৈও অধিক কোৰাআন আৰু চহীহ হাদীচৰ পৰিপন্হী !! সেয়েহে এনে নিতী আদৰ্শক আমি কেতিয়াও ইছলাম বুলিব নোৱাৰো, যিহেতু ইয়াত বিৰোধ হৈছে কোৰাআন আৰু পদে পদে ইয়াত বিৰোধ হৈছে নবী(চঃ)ৰ চহীহ চুন্নত । আমি আহ্বান জনাম বিশেষভাৱে অসমৰ শিক্ষিত অনাআলীম সমাজক, আপোনালোকে নিজে বুজি পোৱা বিভিন্ন ভাষাৰ কোৰাআন হাদীচ মেলি লওক আৰু আমাৰ ঘোষণাৰ সত্যাসত্যতা বিবেচনা কৰক !! এনে ঘোষণা মিছা বুলি প্ৰমাণিত হলে নিশ্চিত ভাবে ৰোজ হাচৰৰ দিনা আল্লাহে মোক মিছলীয়াৰ অভিযোগেৰে দন্দিত কৰিব । সেয়েহে বিগত সময়চোৱাত সত্য উদ্ঘাটনৰ স্বাৰ্থত সদায়েই চিঞৰি আহিছো -” জাগা মুমিন জাগা “…………………….

জাগা মুমিন জাগা – ৪৯
আমাৰ নবী মহম্মদ(চঃ)য়ে আল্লাহৰ ওহীৰ মাধ্যমেৰে আমাক কৈ গৈছে যে সঠিক পথত থাকি পথভ্ৰষ্ট নহবলৈ তোমালোকে কোৰাআন আৰু চহীহ হাদীচক খামূচি ধৰা ।ইয়াৰ অৰ্থ এয়েই যে পবিত্র কোৰাআনৰ আদৰ্শ আৰু নবী(চঃ)ৰ তৰিকাৰ ইবাদতৰ বাহিৰে তোমালোকে আন কাৰো তৰিকাত ইবাদত নকৰিবা । এনে কৰিলেই তোমালোক পথভ্ৰষ্ট হবা আৰু পথভ্ৰষ্টতাৰ পৰিনাম একমাত্র জাহান্নাম । গতিকে স্পষ্ট কথা নবী(চঃ)ৰ তৰিকা বাদ দি আমি যদি ইমাম আবু হানিফা(ৰহঃ) বা আন কোনো মহান ইমামৰ নামৰ কোনো তৰিকা ইছলামত নচলিব। আমাৰ প্ৰতিটো ইবাদতৰ পদ্ধতি চহীহ হাদীচৰ দ্বাৰা প্ৰমাণিত হবই লাগিব, হাদীচত নাথাকিলেই পথভ্ৰষ্ট হব আৰু ঠিকনা হব জাহান্নাম !!
আমি সদায়েই কৈ আহিছো মজহবে হানাফীৰ শতকৰা ৯০% তকৈও অধিক আমল ও আক্বীদা নবী(চঃ) ও চাহাবায়ে কেৰাম সকলে কৰা বুলি প্ৰমাণিত নহয়। আমাৰ সৰলতাৰ সুযোগ লৈ যুগ যুগ ধৰি আমাক এনেয়ে মিছা কথা কৈ আহিছে , অমুকটো হাদীচত আছে তমুকটো হাদীচত আছে বুলি। সকলো মিছা কথা, প্ৰমান কৰিবলৈ কাৰো মুখৰ কথা বিশ্বাস নকৰি বুখাৰী, মুচলীম আদি মেলি লওক আৰু আপোনাৰ চালাত তুলনা কৰক !! সকলো কথা জলজল পতপত হৈ পৰিব। মুঠৰ ওপৰত উলঙ্গৰ দেশত ধোবা বিচাৰি পালেও হানাফী মজহবৰ চালাত চহীহ হাদীচত বিচাৰি নাপায়।
এনেবোৰ বিষয় আমি স্পষ্ট ভাষাৰে প্ৰচাৰ কৰি থকাৰ বাবে ত্বথ্য়বিহীন ইবাদতকাৰী সকলে আমাক খ্ৰীষ্টিয়ান মিছনেৰিৰ এজেন্ট বুলি চাৰিওফালে অপপ্ৰচাৰ চলাই মানুহক আভূৱাভাৰি আছে। আলহামদুলিল্লাহ , ইয়াৰ মাজতে বিগত সময়চোৱাত আমাৰ সৈতে সদায়েই বিতৰ্কত লিপ্ত হোৱা যিসকলে সত্য বিচাৰি উচ্চ পয্য়ায়ৰ উলেমা সকলৰ মন্তব্য লৈছে বা চহীহ হাদীচ মেলি লৈছে, তেওঁলোক প্ৰত্যেকেই বিগত সময়চোৱাত কৰি অহা ভূৱা আমলৰ তৌবা কৰিবলৈ বাধ্য হৈছে আৰু কৰুণাময় আল্লাহে তেনে লোকক চহীহ হিদায়ত দান কৰিছে।
গতিকে আমি আপোনালোককো আহ্বান জনাম, কোনো মানুহৰ মুখৰ চলাহি কথাত পতিয়ন গৈ নিজৰ সৰ্ব্বোত্তম ইবাদত চালাতক লৈ বোকা চতিওৱা ৰাজনীতিত লিপ্ত নহব!! আপোনাৰ চালাতৰ শুদ্ধতা চহীহ হাদীচৰ দৃষ্টিত অনুসন্ধান কৰক, আল্লাহ প্ৰদত্ত বিবেকৰ সতব্যৱহাৰ কৰক । আমি পাহৰি গলে নহব যে আমাৰ চালাত একমাত্র নবী(চঃ)ৰ তৰিকাত আদায় হবই লাগিব, কিয়নো তাগিদেৰে তেখেতে( চঃ) কৈ গৈছে – ” চাল্লু কামা ৰাআইতুমুনি ৱা চাল্লী “, অৰ্থাৎ চালাত তেনেদৰে আদায় কৰা যেনেদৰে মোক আদায় কৰা দেখিছা । গতিকে আমি সত্য প্ৰচাৰৰ দায়িত্ব পালন কৰিছো, বিবেকৰ সিদ্ধান্ত অৱশ্যেই আপোনাৰ ………

✍✍ মোক্তাবুল  হুছেইন 

Leave a comment