১) এটা ফৰজৰ বিষয়ে :- ৰছুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্) য়ে কৈছে – নামাজ নপঢ়িলে মানুহ কুফৰীৰ সতে মিলি যায় (মুচলিম্, ২৪৬) । আন এক হদীছত উল্লেখ আছে – ঈমান আৰু কুফৰীৰ মাজৰ পাৰ্থক্য হ’ল নামাজ (ইবনে মাজা, ১০৭৮) ।
২) এটা চূন্নতৰ বিষয়ে :- আল্লাহ তাআ’লাৰ হিদায়ত পাবৰ বাবে কৰিব লগা দোৱা হ’ল – ইহদিনাচ শ্বিৰাত্বাল মুচতাকিম (চুৰা ফাতিহা ৫) ।
৩) নবী (ছঃ)ৰ মাজিজা :- হজৰত আনচ (ৰাঃ) দ্বাৰা বৰ্ণিত লৰালি কালত ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্) লগৰ সমনীয়াৰ লগত খেলি থাকোতে হজৰত জিব্ৰাইল (আলাইহি ৱচাল্লাম্) আহি উপস্থিত হয় আৰু ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ক ধৰি মাটিত শুৱাই দি বুকুৰ ভিতৰৰ পৰা হৃৎপিণ্ড বাহিৰলৈওলাই আনি তাৰ পৰা তেজৰ লদা এটা উলিয়াই আনি কয় যে এয়া চয়তানৰ অংশ হয় । তাৰ পিছত হৃৎপিণ্ডটো সোণৰ থাল এখনত থৈ জমজমৰ পানীৰে ধুই তাক পুনৰ বন্ধ কৰি ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ৰ বুকুত স্থাপন কৰে । হজৰত আনচ (ৰাঃ)য়ে কয় যে তেখেতে ৰচুলুল্লাহ (আলাইহি ৱচাল্লাম্)ৰ বুকুত ইয়াৰ চিহ্ন দেখা পাইছে (মুচলিম্, ৪১৩) ।
৪) ইচলামি তাৰিখ :- কোৰআন আৰু হদীছত জ্বিনৰ বিষয়ে উল্লেখ আছে, মানুহৰ পূৰ্বে জ্বিন জাতিক সৃষ্টি কৰিছিল জুইৰ পৰা আৰু পৃথিবী ভৰি আছিল । তেওঁলোকে যেতিয়া নিজৰ ভিতৰতে কাজিয়া পেচাল কৰিব ধৰি হত্যা-কাণ্ডত লিপ্ত হব ধৰিলে, তেতিয়া আল্লাহ তাআ’লাই ফৰিস্তাৰ সহায়ত তাহাঁতক দূৰৈৰ সাগৰৰ পাৰ আৰু পাহাৰৰ ফালে খেদি পথালে । ইবলিচ যদিও এজন জ্বিন আছিল, তেওঁ আল্লাহৰ প্ৰতি কৰা ইবাদাতৰ বাবে ইবলিচক ফৰিস্তা সকলৰ চৰ্দাৰ কৰি দিছিল । কিন্তু যেতিয়া আল্লাহ তাআ’লাই আদম (আলাইহি ৱচাল্লাম্)ক সৃষ্টি কৰি চিজদা কৰিবলৈ হুকুম দিলে, সি গৰ্ব কৰি চিজদা কৰিবলৈ দিয়া আদেশ অমান্য কৰে, গতিকে আল্লাহ তাআ’লাই তাক অভিশাপ দি দুনিয়ালৈ পথাই দিয়ে । ইবলিচৰ অহংকাৰে তাক দুষ্ট বনায় আৰু চিৰদিনৰ বাবে আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত কৰে । ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ক আল্লাহে মানুহ আৰু জ্বিন জাতিৰ পথ প্ৰদৰ্শক হিচাপে প্ৰেৰণ কৰিছিল । চুনানে হদীছত জ্বিনজাতিক ইচলামৰ দাৱাত দিয়া বিষয়ে উল্লেখ আছে আৰু কোৰআন মজিদত জ্বিনৰ এক জামাতে ঈমান অনাৰ বিষয়ে উল্লেখ আছে ।
৫) এটা আমলৰ ফজিলত :- ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্) য়ে কৈছে – যি ব্যক্তিয়ে ফৰজ চালাতৰ পিছত “চুবহানআল্লাহ্” ৩৩ বাৰ্, “আলহামদুলিল্লাহ” ৩৩ বাৰ্, “আল্লাহু আকবৰ্” ৩৩ বাৰ আৰু “লা ইলাহা ইল্লাল্লাহু ৱাহ দাহু লা-শ্বাৰিকা লাহু, লাহুল মুলকু ৱলাহুল হামদু ৱহুৱা আলা কুল্লি চাইয়িন কাদিৰ্” ১বাৰ পঢ়িব, সেই ব্যক্তিৰ গুনাহ মাফ হব্, লাগে সেয়া সাগৰৰ পানীৰ সমানেই হওক (মুচলিম্, ১৩৫২) ।
৬) দুনিয়াৰ বিষয়ে :- কোৰআন মজিদত আল্লাহ তাআ’লাই কৈছে – তোমালোকে অবিশ্বাসী সকলৰ সম্পত্তি আৰু সন্তানৰ প্ৰতি আকৰ্ষিত নহবা, কাৰণ আল্লাহ তাআ’লাই দুনিয়াবী জীবনতে এওঁলোকক শাস্তি দিব, আৰু তেওঁলোকৰ মৃত্যু কুফৰী অৱস্থাত হব (চুৰা “তওবাহ্” ৫৫) ।
৭) এটা গুনাহৰ বিষয়ে :- কোৰআন মজিদত আল্লাহ তাআ’লাই কৈছে – যি ব্যক্তিয়ে ইচলামৰ বাদে আন কোনোবা দ্বীন পছন্দ কৰিব, তেওঁৰ সেই দ্বীন কেতিয়াও কবুল নকৰিব আৰু আখিৰাতত শাস্তিৰ যোগ্য লোক সকলৰ অন্তৰ্ভূক্ত হব (চুৰা “আল্-ইমৰান্” ৮৫) ।
৮) আখিৰাতৰ বিষয়ে :- ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্) য়ে কৈছে – মুমিন বান্দাক যেতিয়া কবৰত থৈ আহিব, তেতিয়া তেওঁৰ ওচৰত দুজন ফৰিস্তা আহি উঠাই বহাব আৰু প্ৰশ্ন কৰিব – “তোমাৰ ৰব কোন” ? তেওঁ উত্তৰ দিব – “মোৰ ৰব আল্লাহ”, আকৌ সুধিব – “তোমাৰদ্বীন কি” ? উত্তৰত কব – “মোৰ দ্বীন ইচলাম্” তাৰ পিছত আকৌ সুধিব – “তোমাৰ নবী কোন” ? উত্তৰত কব – “মোৰ নবী মোহাম্মদুৰ ৰচুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱচাল্লাম” (আবু দাউদ, ৪৭৫৩) ।
৯) নবী (ছঃ)ৰ নচিহত :- ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)য়ে কৈছে – তোমালোকে আহাৰ খাওঁতে এক লুকমা খাদ্য যদি পৰি যায় সেয়া উঠাই খাবা, আৰু সম্পূৰ্ণকৈ চাফ কৰি খাবা, চয়তানৰ কাৰণে একো নেৰিবা আৰু খোৱা শেষ হোৱাৰ পিছত আঙুলি নেচেলেকা লৈকে হাত নুধুবা, এয়া এই কাৰণেই যে তোমালোকে নাজানা কোনটো খাদ্য কণিকাত বৰকত নিহিত হৈ আছে (মুচলিম,৫৩০১) ।
১০) কোৰআন/হদীছত বৰ্ণিত চিকিৎসা :- ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)য়ে কৈছে – সন্তান প্ৰসবৰ সময়ত তোমালোকে পৰিবাৰক তাজা খেজুৰ খোৱাবা আৰু সেয়া নাপালে শুকান খেজুৰ খোৱাবা (মুচনদে অবিয়ওলা, ৪৩৪), খেজুৰ খোৱাৰ উপকাৰিতা হ’ল শৰীৰৰ বেয়া তেজ সোনকালে বাহিৰ ওলাই আহে আৰু দুৰ্বলতা নাশ কৰে ।

✍✍. Ikramul hussain 

Leave a comment