ফুৰফুৰাৰ পীৰ আল্লামা আবু জাফৰ ছিদ্দিকী (১৯০৬-২০০২) এজন বিংশ শতাব্দীৰ শ্ৰেষ্ঠ বঙালী আলীম আৰু পীৰ।

এনেকুৱা কেইজনমান পীৰ ওলালেই হৈছিল…………….আলহামদুলিল্লাহ…..

ফুৰফুৰাৰ পীৰ আল্লামা আবু জাফৰ ছিদ্দিকী (১৯০৬-২০০২) এজন বিংশ শতাব্দীৰ শ্ৰেষ্ঠ বঙালী আলীম আৰু পীৰ। তেওঁ তেওৰ পিতা ফুৰফুৰাৰ পীৰ আবু বক্কৰ ছিদ্দিকী ৰঃ ৰ নিৰ্দেশত “আল-মাউযূআত” নামেৰে জাল হাদীছবোৰ সংকলন কৰি উৰ্দুভাষাত এটি পুস্তক ৰচনা কৰে। ১৯২৯ খৃঃত তেখেতে গ্ৰন্থটিৰ সংকলন সমাপ্ত কৰে আৰু ১৯৩৩ খৃঃ ৰ পিছত তেওঁ গ্ৰন্থখন প্ৰকাশ কৰে। ১৯৪৩ খৃঃত “নেদায়ে ইসলাম” ৰ মাধ্যমত তেওঁ গ্ৰন্থটিৰ বঙ্গানুবাদ কৰা আৰম্ভ কৰে। আবু জাফৰ ছিদ্দিকী ৰহঃ ৰ পূৰ্বে কোনো ভাৰতীয় আলীমে ভাৰতীয় ভাষাত কোনো গ্ৰন্থ লিখিছে বুলি জনা নাযায়। বিশেষতঃভাৱে কোনো বঙালী আলীম ৰচিত জাল হাদীছ বিষয়ক সৰ্বপ্ৰথম গ্ৰন্থ এইখনেই।
তেখেতৰ “আল-মাউযূআত” গ্ৰন্থত যিবোৰ কিতাপ পঢ়িবলৈ নিষেধ কৰিছেঃ
ফুৰফুৰাৰ পীৰ আল্লামা আবু জাফৰ ছিদ্দিকী ৰহঃ য়ে জাল হাদীছ নিৰ্ভৰ আৰু ইছলামী আক্বীদাহ বিৰোধী গ্ৰন্থাদিৰ এটা তালিকা প্ৰস্তুত কৰি সেইবোৰ পাঠ নকৰিবলৈ বা সতৰ্কতাৰ সৈতে পঢ়িবলৈ পৰামৰ্শ দিছে। তাৰে ভিতৰত আছেঃ
১. তাফৰীজুল খাতিৰ ফি মানাকিবীশ শাইখ আব্দুল কাদিৰ জিলানী,
২. ফাতাওৱা ছূফিয়্যাহ,
৩. আল মুবতাদা ওয়া ক্বাছাছূল আম্বিয়া,
৪. কিতাবুল আউলিয়া,
৫. ইমাম যামাখশাৰী ৰচিত তাফচীৰ আল-কাশশাফ,
৬. ইমাম দাইলামী সংকলিত হাদীছ গ্ৰন্থ আল-ফিৰদাউছ,
৭. ইমাম হাকিম নিসাপূৰী সংকলিত হাদীছ গ্ৰন্থ আল-মুসতাদৰাক,
৮. মুহাম্মাদ ইবনু সালামাহ আল কুদায়ী সংকলিত হাদীছ গ্ৰন্থ “আশ-শিহাব” বা “মাউদূআত আল-কুদায়ী”,
৯.ইবনু ওয়াদআন সংকলিত হাদীছ গ্ৰন্থ “আল-আৰবাউন আল-ওয়াদআনিয়্যাহ”
১০. আলী ৰাঃ ৰ বাণীমালা বুলি কথিত “নাহজুল বালাগা” গ্ৰন্থ,
১১. কালবীৰ তাফছীৰ গ্ৰন্থ,
১২. মুকাতিল ইবনু ছূলাইমানেৰ তাফছীৰ,
১৩. ইবনু ইছাহাকেৰ মাগাযী গ্ৰন্থ,
১৪. ওয়াকিদীৰ মাগাযী গ্ৰন্থ,
১৫. বদৰে মুনিৰেৰ কাহিনী,
১৬. আন্দৰসভা
১৭. শাহ ইয়ামানেৰ গল্প,
১৮. দাস্তানে আমীৰ ওমৰা
১৯. গুলে বকাওলী
২০. আলিফ লাইলা,
২১. নকশে ছূলাইমানী,
২২. ফালনামা,
২৩. কিছছায়ে মাহে ৰামযান,
২৪. মুজিযায়ে আলে নবী
২৫. চেহেল ৰেছালা,
২৬. ওফাত নামা,
২৭. জঙ্গনামা হযৰত আলী,
২৮. জঙ্গনামা মুহাম্মাদ হানুফা,
২৯. হাজাৰ মাছআলা,
৩০. গুলদস্তায়ে মিৰাজ
৩১. নাত হি নাত,
৩২. দিওয়ানে লুতফ,
৩৩. দুআ গঞ্জল আৰশ,
৩৪. আহাদ নামা,
৩৫. মৌলুদে দেলপযীৰ,
৩৬. মৌলুদে দেলপসন্দ
৩৭. মৌলুদে সাদী,
৩৮. মৌলুদে শহীদী ইত্যাদি মিলাদ অধিকাংশ গ্ৰন্থ,
৩৯. নাফেউল খালাইক,
৪০. মীৰ মশাৰফ হোসেন প্ৰণীত বিষাদসিন্ধু,
৪১. আমিৰ হামযা,
৪২. জীগোন,
৪৩. সোনাভান,
৪৪. সমৰ্থভান,
৪৫. জঙ্গনামা,
৪৬. মালিকা আকাৰ,
৪৭. কালুগাযী,
৪৮. আব্দুল আলী,
৪৯. লাইলী মজনু ইত্যাদি বাংলা ভাষায় লুখিত পুথি,
৫০. কাদিয়ানি, শিয়া, আৰ্য সমাজ আৰু ফকীৰ সম্প্ৰদায়ৰ লিখিত গ্ৰন্থাদি….। (আবু জাফৰ ছিদ্দিকী, (উৰ্দু) পৃঃ ১০৭-১১৬, বাংলা ৩১৫-৩৩১।

ফুৰফুৰাৰ পীৰ আল্লামা আবু জাফৰ ছিদ্দিকী (১৯০৬-২০০২) এজন বিংশ শতাব্দীৰ শ্ৰেষ্ঠ বঙালী আলীম আৰু পীৰ। তেখেতে ক্হুৰআল আৰু হাদীছৰ ওপৰত বিশদ অধ্যয়ন কৰি তেওঁৰ গ্ৰন্থ “আল-মাউযূয়াত” ত যিবোৰ জাল হাদীছ চিহ্নিত কৰিছে তাৰে কিছূমান হলঃ
১. আবু হানীফা (ৰহঃ) মোৰ উম্মতৰ প্ৰদীপ।
২. তোমালোকে আলীমসকলৰ অনুসৰণ কৰিবা; কাৰণ তেওঁলোক দূনিয়াৰ প্ৰৰ্দীপ আৰু আখিৰাতৰ বাতি।
৩. ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে যেতিয়া কোনো হাজত প্ৰয়োজনৰ ইচ্ছা কৰিছিল তেতিয়া তেওঁ (চাল্লাল্লাহু আলাইহি ৱাছাল্লামে) তেওঁৰ আঙুঠিত এটি সূতা বান্ধি লৈছিল।
৪. নিয়্যাত বিশুদ্ধ কৰা আৰু বিজন মৰুভূমিত বাস কৰা।
৫. দেশপ্ৰেম ঈমানৰ অংশ।
৬. তোমালোকে ছূৰা ইয়াছিন পাঠ কৰিবা; কাৰণ তাত দশটা বৰকত আছে…….
৭. (আল্লাহ তা’লাই কৈছে) মই মোৰ নিজৰ ওপৰত শপত কৰিছোঁ যে আহমাদ আৰু মুহাম্মাদ নামৰ কাকো জাহান্নামত প্ৰৱেশ নকৰাওঁ।
৮. আলীম বা তালিবে ইলম (ছাত্ৰ বা শিক্ষাৰ্থী) যেতিয়া কোনো গাওঁ বা মহল্লাৰ মাজেৰে গমন কৰে তেতিয়া আল্লাহে সেই গাওঁ বা মহল্লাৰ গোৰস্থানৰ বা ক্ববৰস্থানৰ আজাব বা শাস্তি ৪০ দিনৰ বাবে উঠাই লয়।
৯. মৃতব্যক্তিয়ে ৭ দিনলৈকে তেওঁৰ ঘৰৰ মানুহবোৰক দেখিব পাৰে।
১০. আল্লাহ তা’লাই আশুৰাৰ দিনত আকাশ আৰু পৃথিৱী সৃষ্টি কৰিছে।
১১. জান্নাতৰ বাসিন্দাসকল দাড়িবিহীন হব, একমাত্ৰ মূছা ইবনু ইমৰাণ (আঃ) ৰ বাহিৰে; তেওঁৰ দাড়ি হব নাভিলৈকে।
১২. কৃপন ব্যক্তি আল্লাহৰ শত্ৰু যদিও তেওঁ দৰবেশ হয়।
১৩. যাবাৰজাদ পাথৰৰ আঙুঠি ব্যৱহাৰ কৰা; কাৰণ ইয়াতে কাঠিণ্য বিহীন সহজতা আছে।
১৪. যামৰাদ পাথৰৰ আঙুঠি ব্যৱহাৰ কৰা; কাৰণ ই দৰিদ্ৰতা দূৰীভূত কৰে।
১৫. আত্মতুষ্টি সকলো ৰোগৰ মূল।
১৬. মাছজিদৰ ভিতৰত কথাবাৰ্তাই নেকী বা ছাওৱাব খাই পেলায়।
১৭. নেককাৰ সকলৰ নেক কৰ্ম নৈকট্যপ্ৰাপ্ত সকলৰ পাপ।
১৮. বিবাহিত সকলৰ দুই ৰাকাত অবিবাহিত সকলৰ ৭০ ৰাকাততকৈ উত্তম।
১৯. মু’মিনৰ লালটি সুস্থতা বা ৰোগমুক্তি।
২০. ছটা কৰ্মই বিস্মৃতি বা স্মৃতিহীনতাক জন্ম দিয়েঃ এন্দুৰৰ ছোঁৱা (ঝুঠা) ভক্ষন কৰা, জীৱন্ত উকনি জুইত পেলাই দিয়া, আৱদ্ধ পানীত পেচাৱ কৰা, আঠা জাতীয় দ্ৰব্য (গাম) চোবোৱা আৰু টেঙা আপেল খোৱা।

(নাউজুবিল্লাহি মিন জালিক, এই সকলোবোৰেই ইছলামত আৰু ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নামত মিছা কথা)
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে, “(ধৰ্মৰ নামত) সকলো নতুন আৱিষ্কৃত বিষয়ৰ পৰা সাৱধান। কিয়নো প্ৰতিটো নৱ আৱিষ্কৃত বিষয়েই হল বিদআত আৰু সকলো বিদআতেই হল পথভ্ৰষ্টতা।”

এনেকুৱা আৰু কেইজনমান পীৰ লাগে ……….
……আলহামদুলিল্লাহ…..
ফুৰফুৰাৰ পীৰ আল্লামা আবু জাফৰ ছিদ্দিকী (১৯০৬-২০০২) ৰ দৰে:

“হাদীসেৰ নামে জালিয়াতি” নামৰ কিতাপখনৰ লিখক ড০ খোন্দকাৰ আব্দুল্লাহ জাহাঙ্গীৰ হাফিজাহুল্লাহ আন্তৰ্জাহামতিক খ্যতিসম্পন্ন ফুৰফুৰাৰ পীৰ আমীৰুল ইত্তিহাদ মাওলানা আবুল আনসাৰ মুহাম্মাদ আব্দুল কাহ্হাৰ সিদ্দিকী আল-কুৰাইশী সাহেবৰ স্নেহাস্পদ জোৱাই।পীৰ চাহাবে নিজৰ জোৱায়েকক কেবা বছৰ ধৰি নিৰ্দেশ আৰু উত্সাহ দি আহিছে যাতে তেখেতে সমাজত প্ৰচলিত জাল হাদীছবোৰ চিহ্নিত আৰু একত্ৰিত কৰি কিতাপ এখন উলিয়াই এইবোৰুৰ খপ্পৰৰ পৰা সমাজখনক ৰক্ষা কৰিব পৰা যায়। মুছলিম উম্মাহৰ আলীমসকলৰ ওপৰত এই দায়ীত্ব ফৰজ বুলিওঁ তেওঁ উল্লেখ কৰিছে। তাৰে ফল এই ড০ খোন্দকাৰ আব্দুল্লাহ জাহাঙ্গীৰ হাফিজাহুল্লাহৰ “হাদীসেৰ নামে জালিয়াতি” কিতাপখন। ড০ খোন্দকাৰ আব্দুল্লাহ জাহাঙ্গীৰ হাফিজাহুল্লাহৰ লিখিত “হাদীসেৰ নামে জালিয়াতি” নামৰ কিতাপখনত উল্লেখ কৰা মতে ফুৰফুৰাৰ পীৰ আল্লামা আবু জাফৰ ছিদ্দিকী (১৯০৬-২০০২) এজন বিংশ শতাব্দীৰ শ্ৰেষ্ঠ বঙালী আলীম আৰু পীৰ। তেখেতে ক্বুৰআল আৰু হাদীছৰ ওপৰত বিশদ অধ্যয়ন কৰি তেওঁৰ গ্ৰন্থ “আল-মাউযূয়াত” ত যিবোৰ জাল হাদীছ চিহ্নিত কৰিছে তাৰে কিছূমান হলঃ
২১. বিলালেৰ “চিন” (আৰবী আখৰচ্চাৰণ) আল্লাহৰ ওচৰত “শ্বীন”।
২২. মু’মিনৰ ওযিৰ অৱশিষ্ট পাণ কৰাত ৭০ টা ৰোগৰ প্ৰতিকাৰ…..।
২৩. দিনৰ চালাত বোবা (কাৰণ ইয়াতে ক্বোৰআন পাঠ শুনা নাপায়।
২৪. সপ্তাহৰ প্ৰতিদিন আৰু ৰাতিৰ চালাত বিষয়ক হাদীছ…..জুমআৰ ৰাতি ১২ ৰাকাত চালাত ১০ কৈ ছূৰাহ ইখলাছ….।
২৫. আৰাফাৰ দিনৰ চিয়াম (ৰোজা) ষাঠি বছৰৰ চিয়ামৰ সমান।
২৬. কৃপনৰ খাদ্য ব্যাধি আৰু দানশীলৰ খাদ্য ঔষধ।
২৭. এক মূহূৰ্ত বিদ্যা (ইল্ম) সন্ধান কৰা গোটেই ৰাতি চালাত (নামাজ) আদায় কৰাতকৈ উত্তম।
২৮. বিদ্যা (ইল্ম)সন্ধান কৰা আল্লাহৰ ওচৰত চালাত, চিয়াম, হজ্জ আৰু আল্লাহৰ ৰাস্তাত জিহাদতকৈও উত্তম।
২৯. তোমালোকে নিমখ (লৱন) ব্যৱহাৰ কৰিবা; কাৰণ সেয়া ৭০ টা ৰোগৰ প্ৰতিকাৰ।
৩০. ইল্মু বাতিন মোৰ আৰু মোৰ প্ৰিয়পাত্ৰ আৰু অলীসকলৰ মাজৰ গোপন বিষয়। মই সেয়া তেওঁলোকৰ অন্তৰৰ ভিতৰত প্ৰদান কৰো। কোনো নৈকট্যপ্ৰাপ্ত ফিৰিস্তা বা কোনো নবী-ৰাছূলেও সেয়া জানিব নোৱাৰে।
৩১. মোৰ উম্মতৰ আলীমসকল বনী ইছৰাইলৰ নবীসকলৰ দৰে।
৩২. সকলো মাহৰ ভিতৰত ৰজব মাহৰ মৰ্য্যাদা সকলো কথাৰ ওপৰত ক্বোৰআনৰ মৰ্য্যাদা দৰে।
৩৩. দৰিদ্ৰতা মোৰ গৌৰৱ আৰু মই তাৰেই অহংকাৰ কৰো।
৩৪. এজন আলীমৰ মজলিচত উপস্থিত হোৱা এক হাজাৰ জানাযাত অংশ গ্ৰহণ কৰাৰ পৰা, এক হাজাৰ ৰাকাত চালাত আদায় কৰাৰ পৰা, এক হাজাৰ হজ্জ আৰু এক হাজাৰ জিহাদ-যুদ্ধাভিযানৰ পৰা উত্তম।
৩৫. “ক্বুল” থকা ছূৰাহ সমূহ পাঠ কৰা দৰিদ্ৰতাৰ পৰা নিৰাপত্তা।
৩৬. ম’মিন ক্বলব (অন্তৰ) আল্লাহৰ গৃহ।

ৰাছূলুল্লল্লাহ চাল্লল্লাহু আলাইহি ৱাছাল্লামে কৈছে,”যি ব্যক্তিয়ে ইচ্ছাপূৰ্বক মোৰ নামত মিছা হাদীছ কব তেওঁ জাহান্নামত বাস কৰিব লাগিব। (তাবাৰানী, ছূলাইমান ইবনু আহমাদ, ৩৬০ হি:, আল-ম’জামুল কাবীৰ ৮/১২।)
এই জাল, যঈফ হাদীছবোৰৰ পৰা সমাজখন মুক্ত কৰাই ছহীহ ছূন্নাতৰ ওপৰত আমল কৰিব নোৱাৰিলে জান্নাতৰ সৰল পথ আৱলম্বন কৰাটো কোনো পধ্যেই সম্ভৱ নহয়। এয়েই তাওহীদৰ আহ্বান। অন্যথা আমাৰ কৰ্মৰাজিৰ অন্তিম ফল আকাশত চাং পাতি ডলাৰ বগৰীৰ দৰে বাগৰি পৰাৰ বাহিৰে আন একোৱেই নহয়।

قُلۡ هَلۡ نُنَبِّئُكُم بِٱلۡأَخۡسَرِينَ أَعۡمَٰلًا
Say, [O Muhammad], “Shall we [believers] inform you of the greatest losers as to [their] deeds?
কওঁকঃ মই তোমালোকক সেইবোৰ লোকৰ সংবাদ দিমনে, যিসকলে কর্মৰ ফালৰ পৰা খুবেই ক্ষতিগ্রস্ত। (ছূৰাহ কাহাফ ১৮:১০৩)।

✍✍..  Dr. Arfan Ali

Leave a comment