💢আত্মহত্যা কৰা মহাপাপ💢
যি ব্যাক্তিয়ে যি বস্তুৰ দ্বাৰা আত্মহত্যা কৰিব , জাহান্নামত সেই বস্তুৰ দ্বাৰাই তাক শাস্তি দিয়া হব আৰু মুছলিমৰ বাহিৰে কোনেও জান্নাতত প্রবেশ নকৰিব ।
👉👉 আবূ বকৰ ইবনু আবূ শ্বাইবা আৰু আবূ চঈদ আল আশাজ্জ (ৰহ:) … আবূ হুৰাইৰা ( ৰা:) ৰ পৰা বর্ণনা কৰিছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইiহি ওৱাছাল্লামে কৈছে : যি ব্যাক্তিয়ে কোনো চোকা অস্ত্রৰ দ্বাৰা আত্নহত্যা কৰিব, সেই অস্ত্র তাৰ হাতত থাকিব, জাহান্নামৰ মাজত সেই অস্ত্রৰ দ্বাৰা সি তাৰ পেটত আঘাত কৰিয়েই থাকিব , এনেকৈয়ে তাতে সি চিৰকাল অবস্থান কৰিব । আৰু যি ব্যাক্তিয়ে বিষপান কৰি আত্নহত্যা কৰিব , সি জাহান্নামৰ জুইৰ মাজত অবস্থান কৰি উক্ত বিষ পান কৰিয়েই থাকিব , এনেকৈয়ে তাতে সি চিৰকাল অবস্থান কৰিব । আৰু যি ব্যক্তিয়ে নিজক পাহাৰৰ পৰা নিক্ষেপ কৰি আত্নহত্যা কৰিব , সেই ব্যাক্তি সদায় পাহাৰৰ পৰা তললৈ পাৰি জাহান্নামৰ জুইত পতিত হৈয়েই থাকিব , এনেকৈয়ে সেই ব্যাক্তি তাতে চিৰকাল অবস্থান কৰিব ।👈👈👈