জাগা মুমিন জাগা – ৩৬,৩৭, ৩৮, ৩৯

জাগা মুমিন জাগা – ৩৬
ইছলাম ধৰ্ম্মৰ সৰ্ব্বোত্তম ইবাদত হৈছে চালাত আৰু এই চালাতৰেই ৰোজ হাচৰৰ দিনা প্ৰথম বিচাৰ লোৱা হব।এই চালাত ত্যাগ কৰা লোকক আল্লাহে কুফৰ বুলি অভিহিত কৰিছে , গতিকে কুফৰৰ পৰিনাম নিশ্চয় সকলোৰে জ্ঞাত !! পুনৰ চালাত আদায়কাৰী সকলৰ প্ৰতিও আল্লাহে বিষ্ষেদ্বগাৰ প্ৰকাশ কৰি কৈছে – ” ধ্বংস হওক সেইসকল চালাত আদায়কাৰী যিসকল চালাতৰ প্ৰতি উদাসীন আৰু আনক দেখুৱাৰ উদ্দেশ্যৰে ইবাদত কৰে ( চুৰা মাউন , আয়াত – ৪-৬)।দেখা যায় এই আয়াতটিয়ে এক বিশেষ তাত্পয্য় বহন কৰিছে যিহেতু আল্লাহে চালাত আদায়কাৰীক উদ্দেশ্যি এনে হুংকাৰ ঘোষণা কৰিছে। কোৰাআনৰ তফচীৰকাৰী মুফাচ্চীৰ সকলৰ ভাষ্য অনুসৰি এই উদাসীন শব্দই বিভিন্ন ভাৱাৰ্থ প্ৰকাশ কৰিছে। ইয়াৰে ভিতৰত নবী কৰীম(চঃ)য়ে দেখুৱাই যোৱা চহীহ পদ্ধতিত চালাত আদায় নকৰা, চালাতৰ সঠিক সময়ৰ প্ৰতি গুৰুত্ব নিদি চালাত পলমকৈ আদায় কৰা, দুনিয়াবী কামৰ অজুহাতত চালাত ক্বাজা ( !! ) কৰা, তাহক্বীক নকৰি পৰম্পৰাগত পদ্ধতিত বিদআতৰ সংমিশ্ৰণেৰে চালাত আদায় কৰা ইত্যাদি উল্লেখযোগ্য ।
চালাত প্ৰকৃত অৰ্থত অন্তৰৰ এক আধ্যাত্মিক ইবাদত । এই ইবাদত মূখ্যতঃ তিনিপ্ৰকাৰ অতি গুৰুত্বপূৰ্ণ ইবাদতৰ সমষ্টি । চালাতৰ ভিতৰৰ এই তিনিপ্ৰকাৰৰ ইবাদত অতি নিখূত তথা মহানবী ( চঃ ) ৰ পদ্ধতিৰ সৈতে পূৰ্ণ সাদৃশ্য় থকাটো একান্তই বান্চনীয় ।
ক) অন্তৰৰ ইবাদত :- চালাত অতি আন্তৰিকতাৰে , আল্লাহৰ একত্ববাদক পূৰ্ণ বিশ্বাসেৰে, দ্বীন ইছলামৰ প্ৰতিটো বাণী তিলমানো সন্দেহ নথকাকৈ আল্লাহ সন্মুখতে আছে বুলি ভাবি লৈ চালাত আদায় কৰিব লাগে। চালাত আদায় কৰি থকা সময়ত দুনিয়াবী কোনো কথা চিন্তা নকৰি একাত্ম ধ্যানেৰে আল্লাহৰ সৈতে গোপন মোনাজাত কৰিব লাগে। কাৰো প্ৰতি মনত বেয়া ভাব নাৰাখি একমাত্র আল্লাহৰ বাবে ৰিয়ামুক্ত ভাবে চালাত আদায় কৰিব লাগে। এনে ধৰনেৰে প্ৰতিটো দিশ পবিত্রতাৰ মাধ্যমেৰে আদায় কৰিব লাগে।
খ) শাব্দিক ইবাদত :- চালাতত ব্যৱহৃত শব্দ সমূহৰ শুদ্ধভাবে উচ্চাৰণ কৰাটো প্ৰয়োজন । এনে কোনো শব্দ বা শব্দসমষ্টি চালাতত ব্যৱহাৰ কৰা অনুচিত যিবোৰ নবী(চঃ) বা চাহাবায়ে কেৰাম সকলে ব্যৱহাৰ কৰাটো সুনিশ্চিত নহয়। কিয়নো তেখেতসকলে ব্যৱহাৰ নকৰাকৈ আমি ব্যৱহাৰ কৰিলেই দ্বীনত নতুন অৰ্ন্তভূক্তি হিচাবে বিবেচিত হব আৰু তেনে অৰ্ন্তভূক্তিকেই হাদীচৰ সংজ্ঞা অনুসৰি বিদআত বোলা হয়। এনেধৰণৰ বিদআত মিশ্ৰিত প্ৰতিটো ইবাদতেই স্পষ্ট ভাষাৰে reject কৰা হব বুলি চহীহ হাদীচে আমাক জানিবলৈ দিছে আৰু তাৰ পৰিনাম জাহান্নাম বুলি কৈছে। উদাহৰণ স্বৰূপে আমি ব্যৱহাৰ কৰি চালাতৰ শাব্দিক নিয়ত ( নাৱাইতুৱান ওচল্লীয়া…………) নবী(চঃ) বা কোনো চাহাবায়ে ব্যৱহাৰ কৰাৰ কোনো প্ৰমান নাই, সেয়েহে ই নিসন্দেহে বিদআত । গতিকে সন্মানীয় মুছল্লী সকল, আপোনাৰ জীৱনজোৰা ইবাদতৰ পৰিনতি ভয়াবহ নহবলৈ এনেবোৰ বিষয়ৰ চহীহ হাদীচ অনুসন্ধান কৰক।
গ) আংগিক ইবাদত :- চালাত আদায় কৰা অৱস্থাত আৰম্ভণিৰে পৰা শেষলৈকে হাত, ভৰি, দৃষ্টি , হাতৰ আঙুলি আদি অংগ সমূহৰ অৱস্থান তথা বিশেষ ভংগী সমূহ নিদিষ্ট কৰি দিয়া হৈছে। উদাহৰণ স্বৰূপে তকবীৰে তহৰিমা বা ৰুকুলৈ যোৱাৰ আগত আৰু ৰুকুৰ পৰা উঠাৰ পাছত দোয়ো হাত কান্ধ লৈকে দঙা, বাওঁ হাতৰ ওপৰত সোঁহাত ৰাখি নাভীৰ ওপৰত ও বুকুৰ তলত চানা বন্ধা, কিয়ামৰত অৱস্থাত চিজদাহৰ স্হানত দৃষ্টি ৰখা, ৰুকুৰ অৱস্থাত পিঠি সমান্তৰালকৈ ৰখা, তাচাহুদত শ্বাহাদত আঙুলি দাঙি লৰচৰ কৰি থকা, অন্তিম তাশ্বাহুদৰ বৈঠকত সোঁ ভৰিৰ তলেদি বাওঁ ভৰি পাৰ কৰি মাটিত তপিনা ৰাখি বহা, দোয়োফালে চালাম ফিৰাওঁতে কান্ধলৈ দৃষ্টি দিয়া ইত্যাদি । এনে ধৰণৰ চহীহ হাদীচৰ দ্বাৰা প্ৰতিস্হিত চালাতৰ প্ৰতিটো আংগিক ইবাদত অতি নিখূত হোৱাটো অতিকৈ প্ৰয়োজন ।
চালাতৰ উল্লেখিত ইবাদত সমূহ অতি নিয়াৰিকৈ শুদ্ধ পদ্ধতিৰে আদায় কৰাৰ লগতে বিশেষভাৱে চুৰাতুল ফাতিহা , ৰুকু চিজদাহৰ দোৱা, দুৰুদে ইব্ৰাহীমৰ লগতে বাকী দূৰুদ সমূহৰ অৰ্থ নিজৰ ভাষাত বুজি লৈ চালাত আদায় কৰিলেহে চালাতৰ প্ৰকৃত মাদকতা ও আন্তৰিকতা বৃদ্ধি পায়।চালাতৰ প্ৰতি আন্তৰিক মোহ নাথাকিলে মনোযোগিতা দৃঢ় কৰাটো কঠিন । জামাতৰ সৈতে চালাত আদায় কৰি ঘৰলৈ আহোঁতে বিশেষভাৱে মাগৰিবৰ চালাততেই নিজেই নিজক প্ৰশ্ন কৰি চাবচোন ইমাম চাহেৱে আজি প্ৰথম আৰু দ্বিতীয় ৰাকাতত কি চুৰা পঢ়িছিল ?? বহুতো মুছল্লীয়ে ইয়াৰ উত্তৰ দিবলৈ সখ্য়ম নহয় !! তেনেস্হলত চালাতৰ মনোযোগিতাৰ বিষয়ে আপুনি নিজেই বিবেচনা কৰি চাওক !!
আল্লাহে আমাক সকলোকে চালাতৰ দৰে সৰ্ব্বোত্তম ইবাদতৰ মহত্ব ও গুৰুত্ব উপলব্ধি কৰাৰ তৌফিক দান কৰক, আমীন । ।

। । । । । জাগা মুমিন জাগা – ৩৭ । । । । । । ।
ইছলাম হৈছে স্বয়ং আল্লাহৰ দ্বাৰা প্ৰতিষ্ঠিত এক অতি নিখূত আৰু বাস্তৱ ধৰ্ম্ম । এই ধৰ্ম্ম পৰিচালিত হয় একমাত্র কোৰাআন আৰু চহীহ হাদীচৰ ভিত্তিত । প্ৰকৃত মুছলমানৰ দায়িত্ব হৈছে কোৰাআন হাদীচৰ জ্ঞান আহৰণ কৰা, তাৰ ওপৰত নিজে আমল কৰা আৰু সেই জ্ঞান আনৰ বাবে প্ৰচাৰ কৰি দিয়া। কোনোবাই ইয়াক গ্ৰহণ কৰিছে নে নাই তাৰ বাবে প্ৰচাৰক ইনচাআল্লাহ আল্লাহৰ ওচৰত জবাবদিহি নহব। সত্য প্ৰচাৰৰ বিনিময়ত নিসন্দেহে আল্লাহৰ পৰা ইনচাআল্লাহ পুৰস্কাৰ পাবই।
বিগত সময়চোৱাত আমি দেখিবলৈ পাইছো এনেধৰণৰ সত্য প্ৰচাৰে যুগ যুগ ধৰি ইছলামৰ নামত বাতিল পন্হাৰে ব্যৱসায় চলাই অহা এচাম লোকৰ জীৱনলৈ কালধুমুহা আনি দিছে !! নিজৰ ৰমৰমীয়া ব্যৱসায় বন্ধ হোৱাৰ আশংকাত আৰু বুখাৰী মুচলীম আদিৰ দৰে অতি বিশুদ্ধ হাদীচৰ দ্বাৰা ৰাইজৰ প্ৰশ্নত নিজৰ ইবাদত প্ৰমান কৰিব নোৱাৰি দিশহাৰা হৈ পৰিছে। উপায়ান্তৰ হৈ এতিয়া হকে বিহকে তেনেলোক সকলে প্ৰলাপ বকা আৰম্ভ কৰিছে, মিছা অপবাদেৰে সাধাৰণ মানুহক বিভিন্ন প্ৰকাৰে আভূৱাভৰি আছে !! চদ্মনামধাৰী বিভিন্ন লোকক এনেবোৰ কামৰ বাবে অতি পৰিকল্পিত ভাবে মানুহৰ মাজত সুমুৱাই দিছে।
গতিকে আমাৰ সকলোলৈকে বিনম্ৰ আহ্বান , এনেবোৰ দিশৰ প্ৰতি আটায়ে সজাগ হওক, সত্য ইছলামৰ সন্ধান কৰক, বাতিলৰ বিৰুদ্ধে থিয় দিয়ক আৰু ইনচাআল্লাহ আল্লাহৰ দৃষ্টিত প্ৰিয়পাত্ৰ হওক। আমি মাথোঁ কবহে বিচাৰিম ” জাগা মুমিন জাগা

জাগা মুমিন জাগা – ৩৮
বৰ্ষ ২০০০ চন । জৈনক এগৰাকী খৃষ্টান চিকিৎসকে পবিত্র কোৰাআনৰ ৩০ টি বচা বচা আয়াতৰ অপবাখ্যাৰে কোৰাআন মিছা আৰু ইছলাম অসত্য ( নাউজুবিল্লাহ ) বুলি ঘোষণা কৰিলে।
বৰ্ষ ২০০১ চন । মধ্যপ্ৰাচ্য়ৰ মুচলীম দেশ সমূহ বিশেষকৈ ইৰাক, ইৰান, মিছৰ, তুৰস্ক, লিবিয়া আদিৰ পৰাও এজনো ব্যক্তি নোলাল ইয়াৰ প্ৰতোত্তৰ দিবলৈ ।
বৰ্ষ ২০০২ চন । চৌদী আৰৱৰ পৰাও নাহিল কোনো শ্বেইখ, মুফতী , আলীম আদি প্ৰয়োজনীয় প্ৰতিবাদ কৰিবলৈ ।
বৰ্ষ ২০০৩ চন । ডুবাইৰ পৰাও নাহিল কোনো ধৰণৰ উত্তৰ ।
বৰ্ষ ২০০৪ চন । সমগ্র বিশ্বৰ পৰা অনলাইনটো এজনো উপযুক্ত ব্যক্তি নোলাল যি ইয়াৰ প্ৰতিবাদ কৰিবলৈ সখ্য়ম ।
বৰ্ষ ২০০৫ চন । আশাকৰা এগৰাকী ব্যক্তি আছিল আহমদ দীদাৰ চাহেৱ, সিও সম্ভৱ হৈ নুঠিল ।
বৰ্ষ ২০০৬ চন । সমগ্র বিশ্বৰ সকলোবোৰ দেশেই হাৰ মানিলে এগৰাকী খৃষ্টান চিকিৎসকৰ ইছলাম বিৰোধী স্হিতিৰ ত্বথ্য়ভিত্তিক প্ৰতোত্তৰ দিবলৈ ।
বৰ্ষ ২০০৭ চন । বিশ্ব ইছলামৰ নিস্কৃয়তাৰ সাহস পাই চিকিৎসক গৰাকীয়ে অভিযোগ সমূহ সম্বলিতে এখনি গ্ৰন্থ ৰচনা কৰিলে, তথাপিও কিন্তু সকলো নিৰৱ হৈয়েই থাকিল।
বৰ্ষ ২০০৮ চন । দেশ – ভাৰতবৰ্ষ । যিখন দেশত ঘন্টাত গড়ে ২৬ গৰাকীকৈ নাৰী ঘৰ্ষিতা হয় ! যিখন দেশত ধৰ্ম্মনিৰপেখ্য়তাৰ প্ৰাচীৰ ভাঙি বাবৰি মছজিদ ধ্বংস হয়, সেইখন দেশৰেই দখ্য়িন দিশৰ পৰা আবিৰ্ভাব ঘটিল এগৰাকী শ্য়াম বৰণীয়া যুৱকৰ । পেশাত তেখেতো এগৰাকী চিকিৎসক । প্ৰত্যাহ্বান জনাই লগ ধৰিলে খৃষ্টান চিকিৎসক গৰাকীক। আৰম্ভ হল ৪ ঘন্টা ২৫ মিনিট ২০ চেকেন্ডৰ এক দীঘলীয়া মুকলি বিতৰ্ক । অৱশেষত ত্বথ্য়ভিত্তিক যুক্তিপূৰ্ণ বিতৰ্কত হাৰ মানিবলৈ বাধ্য হল খৃষ্টান চিকিৎসক গৰাকীৰ কোৰাআনৰ বিৰুদ্ধে আভূৱাভৰা অপবাখ্যা। প্ৰকাশিত গ্ৰন্থ খনি স্বয়ং লিখকেই ভূল বুলি ঘোষণা কৰিলে। ভাৰতীয় চিকিৎসক গৰাকী ইমানতেই খ্যান্ত নাথাকি বাইবেলৰ পৰা ১০০ তকৈও অধিক ভূল দাঙি ধৰি খন্ডনৰ বাবে ৰাজহুৱাকৈ প্ৰত্যাহ্বান জনালে ।
মহান আল্লাহে এই ভাৰতীয় চিকিৎসক গৰাকীৰ জীৱনত এক নৱ দিগন্তৰ সূচনা কৰালে। আমেৰিকা , কানাডা, ব্ৰিটেইন, অষ্ট্ৰেলিয়া, চৌদী আৰৱ, কোৱেইট,বেহৰেইন, কাতাৰ, দঃ আফ্ৰিকা, বটচ্ৱানা, চিংগাপুৰ, গোয়ানা, মালয়এচিয়া, হংকং, থাইলেন্ড আদি কৰি বিশ্বৰ অসংখ্য দেশত ইছলাম প্ৰচাৰৰ কামত লিপ্ত হৈ আন্তঃৰাষ্ট্ৰীয় পয্য়ায়ত স্বীকৃতি লাভ কৰিবলৈ সখ্য়ম হল। এই গৰাকী ব্যক্তিয়েই হৈছে যুগৰ এক অন্যত্বম ধৰ্ম্ম বিশ্লেষক তথা দ্বীনৰ প্ৰচাৰক ডাক্টৰ জাকিৰ নায়ক । আল্লাহৰ হিদায়তত এই গৰাকী বিশ্বপ্ৰসিদ্ধ দাঈৰ প্ৰচেষ্টাত আজি বিশ্বৰ অগনন অনাইছলামীক লোকে ইছলাম ধৰ্ম্মৰ নিতী আৰু আদৰ্শক আন্তৰিকতাৰে গ্ৰহণ কৰিছে। বিজ্ঞাপন বিহীন ব্যক্তিগত চেটেলাইত টি ভি চেনেলৰ মাধ্যমেও অহৰহ ২৪X৭ পবিত্র কোৰাআন আৰু হাদীচৰ বাণী বিশ্বৰ চুকে কোনে প্ৰচাৰ কৰি আহিছে।
অতিকৈ লখ্য়নীয় বিষয় যে যিটো আন্তঃৰাষ্ট্ৰীয় ধৰ্ম্মৰ বিৰোধ কৰি আজি নায়ক চাহেৱ বিশ্বদৰবাৰত সুপ্ৰতিষ্ঠিত হল, সেই ধৰ্ম্মৰ এজনো লোকে আজি জাকিৰ নায়কৰ ইছলাম প্ৰচাৰত প্ৰতিবন্ধক হোৱা নাই, বিৰোধ কৰাৰ চেষ্টা চলাইছে আমাৰেই দ্বীনৰ ভাইসকলে !! তেখেতৰ বাণীবদ্ধ বক্তব্যক বিকৃত ৰূপ দি সাধাৰণ মানুহৰ মাজত প্ৰচাৰ চলোৱাতেই খ্যান্ত নাথাকি তেখেতৰ বিৰুদ্ধে কাফিৰ ফতোৱা দিবলৈ কুন্ঠাবোধ কৰা নাই। হয়তো ইয়াতকৈ হৃদয়বিদাৰক পৰিঘটনা বিশ্ব ইতিসাহত বিৰল !!
গতিকে আমি সকলোকে আহ্বান জনাওঁ যে জাকিৰ নায়ক সামগ্রিক প্ৰেখ্য়াপতত আজি কেৱল এগৰাকী ব্যক্তি নহয়, ই এক অনুষ্ঠান, যি অনুষ্ঠান একমাত্র কোৰাআন আৰু চহীহ হাদীচৰ ওপৰত প্ৰতিষ্ঠিত । গতিকে কাৰোবাৰ আত্মস্বাৰ্থ সিদ্ধিৰ বাবে কোৰাআন হাদীচৰ বিৰোধ কৰাৰ পৰিণতি উল্লেখ কৰাটো নিস্প্ৰয়োজন। গতিকে সকলোলৈকে বিষয়বস্তুৰ গুৰুত্ব উপলব্ধি কৰিবলৈ আহ্বান জনালো, আল্লাহে আমাক সকলোকে সত্য বোজাৰ তৌফিক দিয়ক, আমীন ….

জাগা মুমিন জাগা – ৩৯

কিছু সংখ্যক উচ্চ শিক্ষিত লোকে কোৰাআন হাদীচ অধ্যয়ন কৰি আন্তঃৰাষ্ট্ৰীয় পয্য়ায়ৰ আলীম উলেমাৰ ৱাজ নচিহতৰ ভিত্তিত ইছলাম সম্পৰ্কে কিবা প্ৰচাৰ কৰিলে কদুৰ বাহত জুই লগোৱাৰ দৰে এক পৰিস্থিতিৰ সৃষ্টি হয় !! চাৰিওফালৰ পৰা আক্ৰমনাত্মক প্ৰশ্ন বাণ নিখ্খেপ কৰা হয় – তেওঁলোক আলীম নে মুফতী ?? কোন মাদ্ৰাছাৰ পৰা ফাৰিগ হৈছে ?? যুক্তি প্ৰদৰ্শন কৰা হয় ইছলামৰ বিষয়ে কথা কবলৈ ফৰ্মেল এডুকেশ্বন থাকিব লাগিব !!
প্ৰশ্ন উত্হাপিত হয় কোনোমতে অসমীয়া বাংলা পঢ়িব পৰা অল্পশিক্ষিত কোনো লোকে যেতিয়া তিনি দিনা চিল্লাৰ পৰা আহিয়েই আনুষ্ঠানিক ভাবে মছজিদ ও মহল্লাৰ মানুহক বহোৱাই দ্বীনৰ ওপৰত তালিম দিয়ে, তেতিয়া ওপৰৰ প্ৰশ্নকৰ্তা সকল নিদ্ৰামগ্ন হৈ থাকে নেকি ?? তেখেত সকল কোন মাদ্ৰাছাৰ পৰা ফাৰিগ হৈছে প্ৰশ্ন কৰাৰ সাহস নাথাকে কিয় ?? কোনো কোনো ঠাইত মচজিদৰ ইমাম গৰাকীয়েও গোলাকাৰ মজলিছত নিজকে শ্ৰুতাৰ আসনত ৰখাটো তেখেতৰ দহ বাৰ বছৰীয়া অধ্যয়নৰ ফোপোলা স্বৰূপটো প্ৰদৰ্শন নকৰেনে??
এনেবোৰ বিষয়বস্তু নিৰপেক্ষ দৃষ্টিভংগীৰে ৰাইজক চিন্তা কৰিবৰ বাবেহে আমি চিঞৰি আহিছো -” জাগা মুমিন জাগা “………….

✍✍.. মোক্তাবুল হুছেইন 

Leave a comment