ইছলামীয় বিবাহ পদ্ধতিৰ এক অন্যত্বম গুৰুত্বপূৰ্ণ বিধি হৈছে ” মহৰ” বা “স্ত্ৰীধন” যাৰ অবিহনে শ্বৰীয়তৰ দৃষ্টিভংগীত কোনো বিবাহ গ্ৰহণযোগ্য় নহয়। উক্ত বিধি অনুসৰি বিবাহ সম্পন্ন হবলগীয়া দোয়ো ঘৰৰ আলোচনা মৰ্ম্মে নিৰ্ধাৰিত হোৱা এক নিদিষ্ট পৰিমানৰ ধন বা সেই পৰিমানৰ সামগ্ৰী দৰাই কইনাক পৰিশোধ কৰাটো বাধ্যতামূলক । এক ধন একক ভাবে স্ত্ৰীৰ প্ৰাপ্য় আৰু সেয়েহে এই মহৰৰ এক্তিয়াৰ একমাত্র স্ত্ৰীৰহে থাকিব । প্ৰকৃততে এই মহৰৰ দ্বাৰা পুৰুষজনে বিবাহিত নাৰী গৰাকীৰ লগত দৈহিক মিলনৰ বাবে শ্বৰীয়ত অনুসৰি বৈধ কৰি দিয়া হয়। আল্লাহে পবিত্র কোৰআনত কৈছে —
” মহিলা সকলৰ মহৰ সন্টুষ্ট চিত্তৰে আদায় দিবা ; অৱশ্যে সিহঁতে যদি নিজ সন্টুষ্ট মনে মোহৰৰ কিছু অংশ ৰেহাই দিয়ে সেয়া তোমালোকে আনন্দ মনে ভোগ কৰা “( আন-নিছা, আয়াত/৪)। মোহৰৰ কিছু অংশ ৰেহাই দিয়াৰ খ্য়েত্ৰত কিন্তু স্ত্ৰীক কোনো প্ৰকাৰে আনে প্ৰভাৱাম্বিত বা বাধ্য কৰিব নোৱাৰিব, স্ত্ৰীৰ নিজস্ব ইচ্ছাৰ ওপৰতহে এই ৰেহাই দিব নে নিদিব সেই দিশটো নিৰ্ভৰ কৰিব। শ্বৰীয়তে এই মোহৰৰ পৰিমানৰ কোনো উচ্চ বা নিম্ন সীমা নিৰ্ধাৰণ কৰি দিছে নেকি সেই বিষয়ে আমি প্ৰত্যেকেই জনাৰ প্ৰয়োজন ।
” ওমৰ বিন আল-খাত্তাব ( ৰাঃ) য়ে এটা ভাষণত কৈছিল, তোমালোকে বিবাহৰ স্ত্ৰী ধন যঠেষ্ট ব্য়য়বহুল কৰি মানুহৰ প্ৰশংসা লাভৰ চেষ্টা নকৰিবা, কিয়নো আল্লাহক সন্টুষ্ট কৰিবৰ বাবেহে এই মোহৰ আদায় দিব লাগে । যিহেতু নবী(চঃ) আল্লাহৰ সবাতোতকৈ প্ৰিয় আৰু তেখেতে (চঃ) আটাইকেইগৰাকী পত্নীৰ বেলিকা ১২.৫ ওকিয়াতকৈ বেছি মোহৰ আদায় কৰা নাছিল “। পুনৰ একেটা হাদীচতে উল্লেখ আছে যে – চাহল বিন চ্বাদ ( ৰাঃ) বৰ্ণনা কৰিছে, মহম্মদ(চঃ)য়ে কৈছিল কোনোবাই যদি মোহৰ আদায় কৰিবলৈ বিশেষ সখ্য়ম নহয় তেন্তে এটা লোৰ আঙঠি মোহৰ দিও বিয়া পাতিব পাৰে ( চহীহ বুখাৰী/ অধ্যায় – আন নিকাহ/ খন্ড -৭/হাঃ নং-৫১৫০)।
আন এক হাদীচত আহিছে , শ্বাহল বিন চ্বাদ (ৰাঃ) বৰ্ণনা কৰিছে, মহম্মদ(চঃ)য়ে কৈছে -” এদিন এগৰাকী মাইকী মানুহ তেখেতৰ (চঃ) ৰ ওচৰলৈ আহি কলে মোক কোনে বিয়া কৰিব ? তাত উপস্থিত থকা এজন ব্যক্তিয়ে বিয়া কৰিম বুলি কলে। হুজুৰ(চঃ)য়ে লোক জনক শুধিলে যে তেওঁৰ ওচৰত লোৰ আঙঠি এটা হলেও মোহৰ আদায় কৰিবলৈ আছে নে নাই ? ব্যক্তিজনে লোৰ আঙুঠি এটাও নাই বুলি জনোৱাত তেখেতক পুনৰ শুধিলে যে কোৰাআনৰ চুৰা তেখেতৰ মুখস্থ আছে নেকি? উত্তৰত তেখেতে আছে বুলি জনোৱাত উক্ত চুৰা কেইটাকে মোহৰ হিচাবে লৈ নিকাহৰ অনুমতি দিয়ে যাতে পত্নীক উক্ত চুৰা কেইটাৰ শিক্ষা দিয়ে ( চুনানু ইবনে মাজাহ, অধ্যায়- বিবাহ, খন্ড – ৩, হাঃ নং- ১৮৮৯)।
মুহাদ্দীচে দ্বীন সকলে এই হাদীচ সমূহ বাখ্যা কৰি কৈছে-১/ শ্বৰীয়তত মোহৰৰ কোনো নিদিষ্ট উচ্চ বা নিম্ন সীমা নিৰ্ধাৰণ কৰা হোৱা নাই, দৰা পখ্য়ৰ আৰ্থিক অৱস্হাৰ ওপৰত ই নিৰ্ভৰশীল । তথাপিও আৰ্থিক ভাবে স্বচ্ছল হলেও মোহৰ অধিক ব্য়য়বহুল কৰি সমাজৰ পৰা প্ৰশংসিত হোৱাটো শ্বৰীয়তে বাধা দিছে।
২/ নবী(চঃ)ৰ ১২.৫ ওকিয়া মোহৰক সন্মান জনাই উক্ত পৰিমানক আৰ্হি হিচাবে লৈ তাতকৈ অধিক মোহৰ ধায্য় নকৰাটো উত্তম বুলি উলেমায়ে দ্বীন সকলে মত পোষন কৰিছে। ওকিয়াৰ একক অধ্যয়ন কৰিলে আমি দেখিবলৈ পাওঁ –
১ ওকিয়া = ৪০ দিৰহাম ৰূপৰ মূদ্ৰা
পুনৰ ১ দিৰহাম = ( ২.৯৭৫-৩.০৬ ) গ্ৰাম, এতেকে গড়ে ১ দিৰহাম = ৩ গ্ৰাম ধৰিলে দেখা যায়-
৪০ দিৰহাম ৰূপৰ মূদ্ৰা = ১২০ গ্ৰাম ৰূপৰ মুদ্ৰা = ১ ওকিয়া।
এতেকে ১২.৫ ওকিয়া = ১২.৫ X ১২০ গ্ৰাম ৰূপৰ মূদ্ৰা
। । । । । । । । । । = ১৫০০ গ্ৰাম ৰূপৰ মূদ্ৰা
বৰ্তমানৰ ৰূপৰ মূল্য অনুসৰি ১ গ্ৰাম ৰূপ = ১১২ টকা(প্ৰায়)
এতেকে ১৫০০ গ্ৰাম ৰূপৰ মূল্য = ১৫০০ X ১১২ টকা = ১,৬৮,০০০.০০টকা।
সেয়েহে আৰ্থিক দিশত অধিক সবল হলেও ১,৬৮,০০০.০০ টকাতকৈ অধিক মোহৰ শ্বৰীয়তৰ দিশত অপচন্দীয় হিচাবে বিবেচিত হৈছে।
৩/ একেবাৰে নূন্যত্বম মোহৰ পৰিশোধ কৰিবলৈ সখ্য়ম নহলেও কোৰাআনৰ জ্ঞান পত্নীক দিয়াৰ স্বৰ্তটো ইছলামে নিকাহ কৰিবলৈ অনুমতি দিছে।
( ক্ৰমশঃ ইন শ্বা আল্লাহ, মোহৰ ও বৰ্তমানৰ সমাজ তথা ফাতিমা মোহৰ )।
জাগা মুমিন জাগা – ৩৫ ( যোৱা সংখ্যাৰ পাছৰ পৰা )
ইছলামীক বিবাহ নিতী অনুসৰি নিৰ্ধাৰিত মোহৰ দৰাই কইনাক পৰিশোধ কৰিব লাগিব বুলি আল্লাহে স্পষ্ট কৰি দিছে। কিন্তু অতি পৰিতাপৰ বিষয় যে আল্লাহৰ এই স্পষ্ট বাধ্যতামূলক নিতীক বৰ্তমানৰ সমাজ ব্যৱস্থাই সম্পূৰ্ণ এক বিপৰীত প্ৰতিচ্ছবি প্ৰদান কৰিছে। এই খ্য়েত্ৰত সাধাৰণ মানুহৰ ইছলামীক জ্ঞানৰ অভাৱ তথা মাদ্ৰাছা শিক্ষা ব্যৱস্থাই চহীহ হাদীচক গুৰুত্ব প্ৰদান নকৰাটোৱেই আল্লাহৰ এই আদেশক অমান্য় কৰাৰ মূখ্য কাৰক হিচাবে বিবেচিত হৈছে। সামগ্ৰিক প্ৰেখ্য়াপতত আজিৰ সমাজত গৰিষ্ট সংখ্যক বিবাহতে এই মোহৰ পত্নীক আদায় দিয়াৰ পৰিৱৰ্ত্তে কেৱল মৌখিক চুক্তিৰ মাজতেই সীমাবদ্ধ হৈ থাকে। অতি আচৰ্য্য়জনক বিষয় যে এনেদৰে মোহৰ আদায় নকৰি সংসাৰৰ বিয়লি বেলাত স্বামীৰ ইন্তেকাল হলে পৰিবাৰে সাখ্য়ীৰ উপস্থিতিত মোহৰ মাফ দিয়া দেখা যায়। এনে ধৰনৰ কোনো নিতী কোৰাআন হাদীচত নাই, তেন্তে কিহৰ ভিত্তিত এনে ধৰনৰ মনেগঢ়া ফতোৱা সমাজত প্ৰচলিত হৈছে ?? ফতোৱা দিয়া সকলক আমি প্ৰশ্ন কৰিব বিচাৰো এনেদৰে মোহৰ অনাদায় হৈ থকা সংসাৰত পত্নীৰ আগে ইন্তেকাল হলে মোহৰ মাফৰ ফতোৱা আছেনে ??
এনেবোৰ সুবিধাবাদী ফতোৱাই আজি সমাজত মোহৰৰ প্ৰকৃত উদ্দেশ্য তথা দৃষ্টিভংগী নিচিন্ন কৰি পেলালে। মূল উদ্দেশ্যৰ সম্পূৰ্ণ এক বিপৰীত প্ৰতিচ্ছবি আজিৰ সমাজত দেখিবলৈ পোৱা যায়। দৰাই কইনাক মহৰৰ ধন আদায় দিয়াৰ পৰিৱৰ্ত্তে কইনাৰ ঘৰৰ ফালৰ পৰা দৈনিক ব্যৱহাৰৰ আটাইবোৰ গৃহ সামগ্ৰী আনকি বিলাসী গাড়ীৰ পৰা আৰম্ভ কৰি বেজি সূতালৈ যৌতুক হিচাবে দিয়াৰ প্ৰথা আৰম্ভ হল। কোৱা বাহুল্য় যে এনেধৰণৰ যৌতুক শ্বৰীয়তৰ দৃষ্টিভংগীত স্পষ্ট হাৰাম, তথাপিও কিন্তু কোনো আলীমকে এনে যৌতুকৰ মুকলি প্ৰতিবাদ কৰা আমি দেখিবলৈ নাপাওঁ ।
বৰ্তমান সমাজত এক বহুল প্ৰচাৰিত মোহৰ হৈছে ফাতিমী মোহৰ !! চহীহ হাদীচৰ আলোকত কিন্তু এনে বিশেষ নামাকৰণৰ মোহৰৰ কোনো ত্বথ্য় বিচাৰি পোৱা নাযায় । তথাপিও মহম্মদ(চঃ)ৰ কণ্য়া ফাতিমা(ৰাঃ) ৰ মোহৰৰ তথ্য অধ্যয়ন কৰিলে দেখা যায় যে আলী( ৰাঃ) ক মোহৰ পৰিশোধ কৰিবলৈ কি আছে মহম্মদ(চঃ)য়ে জানিব বিচাৰিছিল। আলী( ৰাঃ ) ই একমাত্র যুদ্ধত ব্যৱহাৰ কৰা লোৰ কবচ (armour) টিৰ বাহিৰে একো নাই বুলি কলে। নবী(চঃ)য়ে তেতিয়া উক্ত কবচ বিক্ৰী কৰাৰ পৰামৰ্শ দিলে। আলী(ৰাঃ) সেই কবচ বিক্ৰী কৰি পোৱা ধন ( ৪৭০ দিৰহাম ) নবী(চঃ)ক অৰ্পণ কৰিলে। উক্ত ধনৰ পৰা নবীজীয়ে কিছু দিৰহাম বিলাল ( ৰাঃ) দি সুগন্ধি ক্ৰয় কৰিবলৈ কলে আৰু বাকী ধন উম্মে চালমা ( ৰাঃ ) ক দি কন্যাৰ বিবাহৰ আন সামগ্ৰী সমূহ কিনিবলৈ কলে ( Islamqa.com ৰ পৰা সংগৃহীত )। এইয়াই আছিল ফাতিমা(ৰাঃ) ৰ মোহৰ সম্পৰ্কীয় ত্বথ্য় যাক পৰৱৰ্তী সময়ত ফাতিমি মোহৰ হিচাবে নামাকৰণ কৰা হৈছে। অৱশ্যে এই মোহৰৰ পৰিমাণ বিভিন্ন আলীমে ভিন্ন মন্তব্য দিয়া দেখিবলৈ পোৱা যায় ( নিশ্চয় আল্লাহ সৰ্ব্বজ্ঞানী )।
গতিকে আমি ইছলামিক বিবাহ সমূহত শ্বৰীয়তৰ নিতী অনুসৰি মোহৰৰ প্ৰকৃত মূল্যায়ন কৰা উচিত। বিধৰ্ম্মীৰ বিবাহ সংস্কৃতিক আকোঁৱালি লৈ যৌতুকৰ দৰে হাৰাম সামগ্ৰীৰে নিজ কন্যাক বিয়া দিয়া পৰম্পৰা ত্যাগ কৰাটো অতিকৈ প্ৰয়োজন । এনে কৰিলে আল্লাহৰ দৃষ্টিটো এনে বিবাহ ইনচাআল্লাহ গ্ৰহনীয় হব আৰু এই যৌতুকৰ বাবেই সচৰাচৰ ঘটি থকা বোৱাৰী হত্যাৰ দৰে ঘৃণনীয় কান্ড সমূহৰ পৰা আমাৰ কন্যা সন্তান সমূহে নিৰাপত্তা পাব। আহক আমি আটায়ে মাৰবান্ধী যৌতুকৰ বিৰুদ্ধে সজাগ হওঁ আৰু বিবাহৰ পাছতেই কন্যাৰ প্ৰাপ্য় নিৰ্ধাৰিত মোহৰ দৰাই আদায় দিয়াৰ উত্তম ইছলামীয় নিতীক বাস্তৱিত কৰো। ধন বলৰ প্ৰতিযোগিতাত অংশ গ্ৰহন কৰি আল্লাহ বিৰোধ নিতীৰে কেতিয়াও আমাৰ কন্যাৰ বৈবাহিক সুখ ক্ৰয় কৰিব নোৱাৰো। সেয়েহে আমি প্ৰথমতে আমাৰ সন্তান সমূহৰ বিবাহ শ্বৰীয়তৰ দৃষ্টিত সম্পন্ন কৰিবলৈ সংকল্প লব লাগিব, তেতিয়াহে আমি আল্লাহৰ দৃষ্টিত আদৰ্শবান পিতৃ-মাতৃ হিচাবে ইনচাআল্লাহ স্বীকৃতি পাম । । । ।
✍✍ মোক্তাবুল হুছেইন