ঈদৰ শুভেচ্ছা বিনিময়ৰ ছুন্নত পদ্ধতি কি ?

ঈদৰ শুভেচ্ছা বিনিময়ৰ ছুন্নত পদ্ধতি কি ?

ﺑﺴﻢ ﺍﻟﻠﻪ ﺍﻟﺮﺣﻤﻦ ﺍﻟﺮﺣﻴﻢ
ঈদৰ সময়ত ﺗﻘﺒﻞ ﺍﻟﻠﻪ ﻣﻨﺎ ﻭﻣﻨﻜﻢ (তাকাব্বালাল্লাহু মিন্না ওয়া মিনকুম) কোৱা ৰছুল(ছ:) আৰু ছাহাবা সকলৰ দ্বাৰা প্রমাণিত।
ঈদ উপলক্ষে বিশেষ মুছাফাহা বা মোৱানেকা প্রমাণিত নহয়।
সাধাৰণতে কাৰোবাৰ লগত বহু দিন পিছত দেখা হলে মুছাফাহ আৰু মোৱানেকা কৰা ছুন্নত । একেদৰেই ঈদৰ নামাজৰ পিছত বহু দিনৰ মুৰত মানুহ জনক দেখা পালে, তেতিয়া মুছাফাহ আৰু মোৱানেকা কৰাত কোনো সমস্যা নাই ।
আপোনাৰ ঈদ মুবাৰক হওঁক। এনেকুৱা দুৱা হিচাপে যদি “ঈদ মুবাৰক” কোৱা হয় তেন্তে ইয়াতো কোনো সমস্যা নাই। কিন্তু ইয়াক ছুন্নত বা মুস্তাহাব বুলি ভাবি ক’লে বিদআত হ’ব। তাকাব্বালাল্লাহু মিন্না ওয়ামিনকুম যিহেতু প্রমাণিত, গতিকে এই বাক্যটিয়েই কোৱা উচিত।
ﻋَﻦْ ﺧَﺎﻟِﺪِ ﺑْﻦِ ﻣَﻌْﺪَﺍﻥَ ﻗَﺎﻝَ : ﻟَﻘِﻴﺖُ ﻭَﺍﺛِﻠَﺔَ ﺑْﻦَ ﺍﻟْﺄَﺳْﻘَﻊِ ﻓِﻲ ﻳَﻮْﻡِ ﻋِﻴﺪٍ , ﻓَﻘُﻠْﺖُ : ﺗَﻘَﺒَّﻞَ ﺍﻟﻠﻪُ ﻣِﻨَّﺎ ﻭَﻣِﻨْﻚَ , ﻓَﻘَﺎﻝَ : ” ﻧَﻌَﻢْ، ﺗَﻘَﺒَّﻞَ ﺍﻟﻠﻪُ ﻣِﻨَّﺎ ﻭَﻣِﻨْﻚَ ” , ﻗَﺎﻝَ ﻭَﺍﺛِﻠَﺔُ : ” ﻟَﻘِﻴﺖُ ﺭَﺳُﻮﻝَ ﺍﻟﻠﻪِ ﺻَﻠَّﻰ ﺍﻟﻠﻪُ ﻋَﻠَﻴْﻪِ ﻭَﺳَﻠَّﻢَ ﻳَﻮْﻡَ ﻋِﻴﺪٍ ﻓَﻘُﻠْﺖُ : ﺗَﻘَﺒَّﻞَ ﺍﻟﻠﻪُ ﻣِﻨَّﺎ ﻭَﻣِﻨْﻚَ , ﻗَﺎﻝَ : ” ﻧَﻌَﻢْ , ﺗَﻘَﺒَّﻞَ ﺍﻟﻠﻪُ ﻣِﻨَّﺎ ﻭَﻣِﻨْﻚَ “
হযৰত খালিদ বিন মা’দানৰ পৰা বর্ণিত। তেখেতে কয়, মই ওয়াছিলা বিন আছক্বাহ ৰাঃ ৰ সৈতে ঈদৰ দিন সাক্ষাৎ কৰিলো। তেতিয়া মই তেখেতক কলো, তাকাব্বালাল্লাহু মিন্না ওৱা মিনকা। তেতিয়া তেখেতে ক’লে- হয়, তাকাব্বালাল্লাহু মিন্না ওৱামিনকা। ওৱাছিলা আৰু ক’লে: মই এবাৰ ৰছুল ছল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ লগত ঈদৰ দিন সাক্ষাৎ কৰিছিলোঁ। তেতিয়া কৈছিলোঁ: তাকাব্বালাল্লাহু মিন্না ওয়ামিনকা। তেতিয়া তেখেতেও কৈছিল : হয়, তাকাব্বালাল্লাহু মিন্না ওৱামিনকা। [ছুনানুল কুবৰা লিলবায়হাকী, হাদীছ নং-৬২৯৪,মাযমাউয যাওৱায়েদ, হাদীছ নং-৩২৫৫]
ইবনুত তুৰকুমানী ৰহঃ কৈছে:
ﻗﻠﺖ ﻓﻲ ﻫﺬﺍ ﺍﻟﺒﺎﺏ ﺣﺪﻳﺚ ﺟﻴﺪ ﺍﻏﻔﻠﻪ ﺍﻟﺒﻴﻬﻘﻰ ﻭﻫﻮ ﺣﺪﻳﺚ ﻣﺤﻤﺪ ﺑﻦ ﺯﻳﺎﺩ ﻗﺎﻝ ﻛﻨﺖ ﻣﻊ ﺍﺑﻰ ﺍﻣﺎﻣﺔ ﺍﻟﺒﺎﻫﻠﻰ ﻭﻏﻴﺮﻩ ﻣﻦ ﺍﺻﺤﺎﺏ ﺍﻟﻨﺒﻲ ﺻﻠﻰ ﺍﻟﻠﻪ ﻋﻠﻴﻪ ﻭﺳﻠﻢ
ﻓﻜﺎﻧﻮﺍ ﺇﺫﺍ ﺭﺟﻌﻮﺍ ﻳﻘﻮﻝ ﺑﻌﻀﻬﻢ ﻟﺒﻌﺾ ﺗﻘﺒﻞ ﺍﻟﻠﻪ ﻣﻨﺎ ﻭﻣﻨﻚ * ﻗﺎﻝ ﺍﺣﻤﺪ ﺑﻦ ﺣﻨﺒﻞ ﺍﺳﻨﺎﺩﻩ ﺍﺳﻨﺎﺩ ﺟﻴﺪ
মোৰ বক্তব্য হ’ল এই বিষয়ে জাইয়্যিদ হাদীছো আছে। যিটো ইমাম বায়হাকী ৰহঃ উল্লেখ কৰা নাই। সেইটো হ’ল- মুহাম্মদ বিন যিয়াদৰ হাদীছ। তেখেতে কয়, মই আবু উমামা বাহিলী ৰা: আৰু অন্যান্য ছাহাবা সকলে পৰস্পৰ [ঈদৰ নামাজৰ পৰা ] উভতি যোৱাৰ সময়ত তাকাব্বালাল্লাহু মিন্না ওৱী মিনকা কোৱা শুনিছোঁ।
আৰু ইমাম আহমাদ বিন হাম্বল ৰহঃ কৈছে, এই হাদীছৰ ছনদটো জাইয়্যিদ। [আলজাওহাৰুন নাকী আলাছ ছুনানিল বায়হাকী-৩/৩১৯]
ﺷَﻬْﺮٌ ﻣُﺒَﺎﺭَﻙٌ، ﻭَﻇَﺎﻫِﺮُﻩُ ﺍﻟْﺈِﺧْﺒَﺎﺭُ ﺃَﻱْ ﻛَﺜُﺮَ ﺧَﻴْﺮُﻩُ ﺍﻟْﺤِﺴِّﻲُّ ﻭَﺍﻟْﻤَﻌْﻨَﻮِﻱّ،ُ ﻛَﻤَﺎ ﻫُﻮَ ﻣُﺸَﺎﻫَﺪٌ ﻓِﻴﻪِ، ﻭَﻳُﺤْﺘَﻤَﻞُ ﺃَﻥْ ﻳَﻜُﻮﻥَ ﺩُﻋَﺎﺀً ﺃَﻱْ ﺟَﻌَﻠَﻪُ ﺍﻟﻠَّﻪُ ﻣُﺒَﺎﺭَﻛًﺎ ﻋَﻠَﻴْﻨَﺎ ﻭَﻋَﻠَﻴْﻜُﻢْ، ﻭَﻫُﻮَ ﺃَﺻْﻞٌ ﻓِﻲ ﺍﻟﺘَّﻬْﻨِﺌَﺔِ ﺍﻟْﻤُﺘَﻌَﺎﺭَﻓَﺔِ ﻓِﻲ ﺃَﻭَّﻝِ ﺍﻟﺸُّﻬُﻮﺭِ ﺑِﺎﻟْﻤُﺒَﺎﺭَﻛَﺔ،ِ ‏( ﻣﺮﻗﺎﺓ ﺍﻟﻤﻔﺎﺗﻴﺢ، ﻛﺘﺎﺏ ﺍﻟﺼﻮﻡ، ﺍﻟﻔﺼﻞ ﺍﻟﺜﺎﻟﺚ، ﺭﻗﻢ 1962- ، 4/235
ﻭﺍﻟﻠﻪ ﺍﻋﻠﻢ ﺑﺎﻟﺼﻮﺍﺏ

মূল :মুফতী লুৎফুৰ ৰহমান ফৰায়েজী
সংগ্ৰহ : পাৰভেজ মেহেদী

Leave a comment