তাৰাৱীহ ও তাহাজ্জুদ

#তাৰাৱীহ_ও_তাহাজ্জুদ (صلاة الليل)
________________________________

     ৰাতিৰ বিশেষ নফল ছালাত তাৰাৱীহ ও তাহাজ্জুদ নামে জনা যায়। ৰমজান মাহত ঈশ্বাৰ ছালাতৰ পিছত প্রথম ৰাতি পঢ়িলে তাক ‘তাৰাৱীহ’ আৰু ৰমজান আৰু অন্যান্য মাহত শেষৰাতি পঢ়িলে তাক ‘তাহাজ্জুদ’ বুলি কোৱা হয়।

তাৰাৱীহ : মূল ধাতু رَاحَةٌ (ৰা-হাতুন) অর্থ : প্রশান্তি। অন্যতম ধাতু رَوْحٌ (ৰাওহুন) অর্থাৎ সন্ধ্যাৰাতি কোনো কাম কৰা। তাৰ পৰা ترويحة (তাৰবীহাতুন) অর্থাৎ সন্ধ্যাৰাতিৰ প্রশান্তি বা প্রশান্তিৰ বৈঠক; যিটো ৰমজান মাহত তাৰাৱীহৰ ছালাতত প্রতি চাৰি ৰাক‘আতৰ শেষত কৰা হয়। বহুবচনত (التراويح) ‘তাৰা-বীহ’ অর্থ : প্রশান্তিৰ বৈঠকসমূহ। (আল-মুনজিদ)।
তাহাজ্জুদ : মূল ধাতু هُجُوْدٌ (হুজূদুন) অর্থাৎ ৰাতি শোৱা বা শুই উঠা। তাৰ পৰা تَهَجُّدٌ (তাহাজ্জুদুন) পাৰিভাষিক অর্থত ৰাতি টোপনিৰ পৰা সাৰ পাই উঠা বা ৰাতি জাগি ছালাত আদায় কৰা। (আল-মুনজিদ)।

     উল্লেখ্য যে, তাৰাৱীহ, তাহাজ্জুদ, ক্কিয়ামে ৰমজান, ক্কিয়ামুল লায়েল সকলোবোৰকে ‘ছালাতুল লায়েল’ বা ‘ৰাতিৰ নফল ছালাত’ বুলি কোৱা হয়। ৰমজান মাহত ৰাতিৰ প্রথমাংশত যেতিয়া জামা‘আত সহ এই নফল ছালাতৰ প্রচলন হয়, তেতিয়া প্রতি চাৰি ৰাক‘আতৰ অন্তৰত কিছুসময় বিশ্রাম লোৱা হৈছিল। তাৰ পৰাই এই ছালাতক ‘তাৰাৱীহ’ নামকৰণ কৰা হয়। (ফাৎহুল বাৰী, আল-ক্কামূছুল মুহীত্ব)। এই নামকৰণৰ মাজতেই তাৎপর্য নিহিত আছে যে, তাৰাৱীহ প্রথম ৰাতি অকলে অথবা জামা‘আত সহ পঢ়া হয় আৰু তাহাজ্জুদ শেষৰাতি অকলে পঢ়া হয়। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমজান মাহৰ ৰাতিত তাৰাৱীহ আৰু তাহাজ্জুদ দুয়োবিধ ছালাত পঢ়িছে মর্মে ছহীহ বা যঈফ চনদত কোনো বর্ণনা পোৱা নাযায়। (মিৰ‘আত ৪/৩১১ পৃঃ, ‘ছালাত’ অধ্যায়-৪, ‘ৰমজান মাহত ৰাতি জাগৰণ’ অনুচ্ছেদ-৩৭)।
ৰাতিৰ ছালাতৰ ফযীলত : ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

أَفْضَلُ الصَّلاَةِ بَعْدَ الْفَرِيضَةِ صَلاَةُ اللَّيْلِ، رَوَاهُ مُسْلِمٌ عَنْ أَبِيْ هُرَيْرَةَ-

‘ফৰজ ছালাতৰ পিছত সর্বোত্তম ছালাত হ’ল ৰাতিৰ (নফল) ছালাত’। (মুছলিম, মিচকাত হা/২০৩৯)। তেওঁ আকৌ কৈছে,

عَنْ أَبِيْ هُرَيْرَةَ قَالَ قَالَ رَسُوْلُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ : يَنْزِلُ رَبُّنَا تَبَارَكَ وَتَعَالَى كُلَّ لَيْلَةٍ إِلَى السَّمَاءِ الدُّنْيَا حِيْنَ يَبْقَى ثُلُثُ اللَّيْلِ الْآخِرُ فَيَقُوْلُ مَن يَّدْعُوْنِي فَأَسْتَجِيْبَ لَهُ، مَنْ يَّسْأَلُنِي فَأُعْطِيَهُ، مَن يَّسْتَغْفِرُنِي فَأَغْفِرَ لَهُ، مُتَّفَقٌ عَلَيْهِ- وَفِىْ رِوَايَةٍ لِمُسْلِمٍ عَنْهُ: فَلاَ يَزَالُ كَذَالِكَ حَتَّى يُضِيْئَ الْفَجْرُ-

‘আমাৰ পালনকর্তা মহান আল্লাহে প্রতি ৰাতিৰ তৃতীয় প্রহৰত দুনিয়াৰ আকাশত অৱতৰণ কৰে আৰু কৈ থাকে, কোন আছা মোক মাতিব, মই তাৰ মাতত সহাঁৰি দিম? কোন আছা মোৰ ওচৰত বিচাৰিব, মই তাক দান কৰিম? কোন আছা মোৰ ওচৰত ক্ষমা প্রার্থনা কৰিব, মই তাক ক্ষমা কৰি দিম? এনেদৰে তেওঁ ফজৰ স্পষ্ট হোৱালৈকে আহ্বান কৰে’। (মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/১২২৩, মুছলিম হা/১৭৭৩)।

তাৰাৱীহৰ ফযীলত : ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

 مَنْ قَامَ رَمَضَانَ إِيمَانًا وَاحْتِسَابًا غُفِرَ لَهُ مَا تَقَدَّمَ مِنْ ذَنْبِهِ

‘যি ব্যক্তিয়ে ৰমজানৰ ৰাতিত ঈমানৰ সৈতে আৰু নেকীৰ আশাত ৰাতিৰ ছালাত আদায় কৰে, তাৰ বিগত সকলো গুনাহ মাফ কৰা হয়’। (মুছলিম, মিচকাত হা/১২৯৬)।

তাৰাৱীহৰ জামা‘আত : ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমজান মাহৰ ২৩, ২৫ আৰু ২৭ তিনি ৰাতি মছজিদত জামা‘আতৰ সৈতে তাৰাৱীহৰ ছালাত আদায় কৰিছে। প্রথম দিনা ৰাতিৰ এক-তৃতীয়াংশলৈকে, দ্বিতীয় দিনা অর্ধ ৰাতিলৈকে আৰু তৃতীয় দিনা নিজৰ স্ত্রী-পৰিবাৰ ও মুছল্লীসকলক লৈ ছাহাৰীৰ আগলৈকে দীর্ঘসময় ছালাত আদায় কৰে। (আবু দাউদ, তিৰমিযী প্রভৃতি, মিচকাত হা/১২৯৮)। পিছৰ ৰাতি অৰ্থাৎ চতুৰ্থ ৰাতি মুছল্লীসকল তেওঁৰ কোঠাৰ কাষলৈ যোৱাত তেওঁ ক’লে, ‘মই ভয় পাইছোঁ যে, এইটো তোমালোকৰ ওপৰত ফৰজ হৈ যায় নেকি! (خَشِيْتُ أَنْ يُّكْتَبَ عَلَيْكُمْ)। আৰু যদি ফৰজ হৈ যায়, তেনেহ’লে তোমালোকে তাক আদায় কৰিব নোৱাৰিবা’…। (মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/১২৯৫)।

ৰাক‘আত সংখ্যা : ৰমজান বা ৰমজানৰ বাহিৰে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা ৰাতিৰ এই বিশেষ নফল ছালাত তিনি ৰাক‘আত ৱিতৰ সহ ১১ ৰাক‘আত ছহীহ সূত্রসমূহৰ দ্বাৰা প্রমাণিত হৈছে। যেনে- আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে,

مَا كَانَ رَسُوْلُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَزِيْدُ فِيْ رَمَضَانَ وَلاَ فِيْ غَيْرِهِ عَلَى إِحْدَى عَشْرَةَ رَكْعَةً، يُصَلِّيْ أَرْبَعًا فَلاَ تَسْأَلْْ عَنْ حُسْنِهِنَّ وَطُوْلِهِنَّ ثُمَّ يُصَلِّيْ أَرْبَعًا فَلاَ تَسْأَلْ عَنْ حُسْنِهِنَّ وَطُوْلِهِنَّ ثُمَّ يُصَلِّيْ ثَلاَثًا، متفق عليه-

“ৰমজান বা ৰমজানৰ বাহিৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰাতিৰ ছালাত এঘাৰ ৰাক‘আতৰ বেছি আদায় কৰা নাই। তেওঁ প্রথমে (২+২) চাৰি ৰাক‘আত পঢ়ে। (মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/১১৮৮ ‘ৰাতিৰ ছালাত’ অনুচ্ছেদ-৩১)। তুমি তাৰ সৌন্দর্য আৰু দীর্ঘতা সম্পর্কে প্ৰশ্ন নকৰিবা। ইয়াৰ পিছত তেওঁ (২+২) চাৰি ৰাক‘আত পঢ়ে। তুমি তাৰ সৌন্দর্য আৰু দীর্ঘতা সম্পর্কে প্ৰশ্ন নকৰিবা। ইয়াৰ পিছত তেওঁ তিনি ৰাক‘আত পঢ়ে”। (বুখাৰী হা/১১৪৭; মুছলিম হা/১৭২৩; তিৰমিযী হা/৪৩৯; আবু দাউদ হা/১৩৪১; নাছাঈ হা/১৬৯৭; মুওৱাত্ত্বা হা/২৬৩; আহমাদ হা/২৪৮০১; ছহীহ ইবনু খুযায়মা হা/১১৬৬; বুলূগুল মাৰাম হা/৩৬৭; তুহফাতুল আহওৱাযায়ী হা/৪৩৭; বায়হাক্কী হা/৪৩৯০; ইৰওৱাউল গালীল হা/৪৪৫-ৰ ভাষ্য, ২/১৯১-১৯২; মিৰ‘আতুল মাফাতীহ হা/১৩০৬-ৰ ভাষ্য, ৪/৩২০-২১)।

বন্ধ হোৱাৰ পিছত পুনৰাই জামা‘আত চালু : সম্ভৱত: নৱ প্রতিষ্ঠিত ইছলামী খিলাফতৰ ওপৰত আপতিত যুদ্ধ-বিগ্রহ ও অন্যান্য ব্যস্ততাৰ কাৰণে ১ম খলীফা আবুবকৰ ৰাদ্বিয়াল্লাহু আনহুৰ সংক্ষিপ্ত খিলাফতকালত (১১-১৩ হিজৰী) তাৰাৱীহৰ জামা‘আত পুনৰাই চালু কৰা সম্ভৱপৰ হোৱা নাছিল। ২য় খলীফা ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ যুগত (১৩-২৩ হিজৰী) ৰাজনৈতিক স্থিতিশীলতাৰ কাৰণে আৰু বহু সংখ্যক মুছল্লীক মছজিদত বিক্ষিপ্তভাৱে উক্ত ছালাত আদায় কৰা দেখি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰাখি যোৱা ছুন্নাত অনুসৰণ কৰি তেওঁৰ খিলাফতৰ ২য় বর্ষত ১৪ হিজৰীত মছজিদে নববীত ১১ ৰাক‘আতত তাৰাৱীহৰ জামা‘আত পুনৰাই চালু কৰে। (মিৰ‘আত ২/২৩২ পৃঃ; ঐ, ৪/৩১৫-১৬ ও ৩২৬ পৃঃ)। যেনে- চায়েব বিন ইয়াযীদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে,

أَمَرَ عُمَرُ بْنُ الْخَطَّابِ أُبَيَّ بْنَ كَعْبٍ وَتَمِيْمًا الدَّارِيَّ أَنْ يَّقُوْمَا لِلنَّاسِ فِىْ رَمَضَانَ بِإِحْدَى عَشْرَةَ رَكْعَةً…. رواه في المؤطأ بإسناد صحيح-
 
‘খলীফা ‘উমাৰ ইবনুল খাত্ত্বাব ৰাদ্বিয়াল্লাহু আনহুৱে উবাই ইবনু কা‘ব ও তামীম দাৰী ৰাদ্বিয়াল্লাহু আনহুক ৰমজানৰ ৰাতিত ১১ ৰাক‘আত ছালাত জামা‘আত সহকাৰে আদায়ৰ নির্দেশ প্রদান কৰে। এই ছালাত (إلي فُرُوْعِ الْفَجْرِ) ফজৰৰ প্রাক্কাল (ছাহাৰীৰ পূর্ব) পর্যন্ত দীর্ঘ হৈছিল’। (মুওৱাত্ত্বা, মিচকাত হা/১৩০২, মিৰ‘আত হা/১৩১০, বায়হাক্কী হা/৪৩৯২, মুছান্নাফ ইবনু আবী শ্বায়বাহ (মুম্বাই, ১৩৯৯/১৯৭৯) ২/৩৯১ পৃঃ, হা/৭৭৫৩, ত্বাহাভী শ্বৰহ মা‘আনিল আছাৰ হা/১৬১০)।

বিশ ৰাক‘আত তাৰাৱীহ : প্রকাশ থাকে যে, উক্ত ৰেওৱায়াতৰ পিছত ইয়াযীদ বিন ৰূমানৰ পৰা ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ যামানাত ২০ ৰাক‘আত তাৰাৱীহ পঢ়া হৈছিল’ মৰ্মে যি বর্ণনা আহিছে, সেইটো ‘যঈফ’ আৰু ২০ ৰাক‘আত সম্পর্কে ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা ‘মাৰফূ’ সূত্রত যি বর্ণনা আহিছে, সেইটো ‘মওযূ’ বা জাল। (আলবানী, হাশ্বিয়া মিচকাত হা/১৩০২, ১/৪০৮ পৃঃ; ইৰওয়া হা/৪৪৫, ৪৪৬)। ইয়াৰ বাহিৰেও ২০ ৰাক‘আত তাৰাৱীহ সম্পর্কে কেইটিমান ‘আছাৰ’ আছে, যাৰ সকলোবোৰেই ‘যঈফ’। (তাৰাৱীহৰ ৰাক‘আতৰ বিষয়ে বিস্তাৰিত জনাৰ কাৰণে মিৰ‘আত হা/১৩১০-ৰ আলোচনা দ্রষ্টব্য, ইৰওৱা হা/৪৪৬-ৰ আলোচনা দ্রষ্টব্য)। ২০ ৰাক‘আত তাৰাৱীহৰ ওপৰত ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ যামানাত ছাহাবীসকলৰ মাজত ‘ইজমা’ বা ঐক্যমত হৈছে বুলি যি দাবী কৰা হয়, সেইটো একেবাৰেই ভিত্তিহীন আৰু বাতিল কথা (بَاطِلَةٌ جِدًّا) মাত্র। (তুহফাতুল আহওৱাযায়ী হা/৮০৩-ৰ আলোচনা দ্রষ্টব্য; মিৰ‘আত ৪/৩৩৫)। তিৰমিযীৰ ভাষ্যকাৰ খ্যাতনামা ভাৰতীয় হানাফী মনীষী দাৰুল উলূম দেউবন্দৰ তৎকালীন সময়ৰ মুহতামিম (অধ্যক্ষ) আনোৱাৰ শ্বাহ কাষ্মিৰীয়ে (১২৯২-১৩৫২/১৮৭৫-১৯৩৩ খৃঃ) কৈছে, এই কথা নামানি উপায় নাই যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ তাৰাৱীহ ৮ ৰাক‘আত আছিল। (আল-‘আৰফুশ্ব শ্বাযী শ্বৰহ তিৰমিযী হা/৮০৬-ৰ আলোচনা, দ্রষ্টব্য; মিৰ‘আত ৪/৩২১)।

     এইটো স্পষ্ট যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম ও খুলাফায়ে ৰাশ্বেদ্বীনৰ পৰা আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্য কোনো স্ত্রী ও ছাহাবীৰ পৰা ১১ বা ১৩ ৰাক‘আতৰ ঊর্ধ্বত তাৰাৱীহ বা তাহাজ্জুদৰ কোনো বিশুদ্ধ প্রমাণ নাই। (মুওৱাত্ত্বা, ৭১ পৃঃ, টোকা-৮ দ্রষ্টব্য)। বর্ধিত ৰাক‘আতসমূহ পৰৱর্তীকালত সৃষ্ট। ইমাম ইবনু তায়মিয়াহ (ৰহ.)য়ে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰাতিৰ ছালাত ১১ বা ১৩ ৰাক‘আত আদায় কৰিছিল। পৰৱর্তীকালত মদ্বীনাৰ লোকসকলে দীর্ঘ ক্কিয়ামৰ দুর্বলতাবোধ কৰে। ইয়াৰ ফলত তেওঁলোকে ৰাক‘আত সংখ্যা বৃদ্ধি কৰি থাকে, যাৰ সংখ্যা এসময়ত ৩৯ ৰাক‘আতলৈকে গৈছিল’। (ইবনু তায়মিয়াহ, মাজমূ‘ ফাতাওৱা মক্কা: আন্নাহযাতুল হাদীছাহ ১৪০৪/১৯৮৪), ২৩/১১৩)। অথচ বাস্তৱ কথা এই যে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে যেনেকুৱা দীর্ঘ ক্কিয়াম আৰু ক্কিৰাআতৰ মাধ্যমত তিনি ৰাতি জামা‘আতৰ সৈতে তাৰাৱীহৰ ছালাত আদায় কৰিছিল, তেনেকৈ সংক্ষিপ্ত ক্কিয়ামতো তাহাজ্জুদৰ ছালাত আদায় কৰিছিল। যিটো সময় বিশেষে ৯, ৭ ও ৫ ৰাক‘আত হৈছিল। কিন্তু সেইটো কেতিয়াও ১১ বা ১৩ -ৰ ঊর্ধ্বত প্রমাণিত হোৱা নাই। (মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/১১৮৮ ‘ৰাতিৰ ছালাত’ অনুচ্ছেদ-৩১; আবু দাউদ, মিচকাত হা/১২৬৪ ‘ৱিতৰ’ অনুচ্ছেদ-৩৫, আয়িশ্বা (ৰাঃ)ৰ দ্বাৰা; মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/১১৯৫, ‘ৰাতিৰ ছালাত’ অনুচ্ছেদ-৩১, ইবনু আব্বাছ (ৰাঃ) দ্বাৰা)। তেওঁ আছিল ‘সৃষ্টিজগতৰ প্রতি ৰহমত স্বৰূপ’ (আম্বিয়া ২১/১০৭) আৰু বেছি নপঢ়াটোৱে আছিল উম্মতৰ প্রতি তেওঁৰ অন্যতম ৰহমত।

শৈথিল্যবাদ : বহু বিদ্বানে উদাৰতাৰ নামত ‘বিষয়টো প্রশস্ত’ (الأمر واسع) বুলি শৈথিল্য প্রদর্শন কৰে আৰু ২৩ ৰাক‘আত পঢ়ে আৰু কয় কোনোবাই ইচ্ছা কৰিলে এশ ৰাক‘আতৰ অধিকও পঢ়িব পাৰে। দলীল হিচাবে ইবনু ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ বর্ণিত প্রসিদ্ধ হাদীছটি পেচ কৰে যে, ‘ৰাতিৰ ছালাত দুই দুই (مَثْنَى مَثْنَى) কৰি। ইয়াৰ পিছত ফজৰ হৈ যোৱাৰ আশংকা হ’লে এক ৰাক‘আত পঢ়া। ইয়াতে পূৰ্বৰ সকলো ছালাত ৱিতৰত (বিযোৰ) পৰিণত হ’ব’। (মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/১২৫৪)। এই হাদীছত যিহেতু ৰাক‘আতৰ কোনো সংখ্যাৰ সীমা নাই আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কথা তেওঁৰ কামৰ ওপৰত অগ্রাধিকাৰযোগ্য, গতিকে যিমান ৰাক‘আত ইচ্ছা পঢ়িব পাৰি। কিন্তু তেওঁলোক সকলোৱেই এই কথা কয় যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ১১ ৰাক‘আত পঢ়িছে আৰু সেইটো পঢ়াই উত্তম। অথচ উক্ত হাদীছৰ অর্থ হ’ল, ৰাতিৰ নফল ছালাত (দিনৰ দৰে) চাৰি-চাৰি নহয়, বৰং দুই-দুই ৰাক‘আত কৰি। (কিয়নো এই হাদীছৰ ৰাবী ইবনু ‘উমাৰ (ৰাঃ)ৰ দিনত নফল ছালাত এক ছালামত চাৰি ৰাক‘আতকৈ পঢ়িছিল। -মুছান্নাফ ইবনু আবী শায়বা হা/৬৬৯৮, ২/২৭৪, চনদ ছহীহ, আলবানী, তামামুল মিন্নাহ পৃঃ ২৪০; বায়হাক্কী, মা‘ৰিফাতুচ ছুনান ওৱাল আ-ছা-ৰ হা/১৪৩১, ৪/১৯২। ছহীহ বুখাৰীৰ বর্ণনাত (হা/৯৯০) আহিছে যে, ৰাছুলুল্লাহ (ছাঃ)য়ে খুতবা দিছিল। এনে অৱস্থাত জনৈক ব্যক্তিয়ে আহি তেওঁক প্ৰশ্ন কৰাত ৰাছুলুল্লাহ (ছাঃ)য়ে ক’লে, দুই দুই কৰি। ভাষ্যকাৰ ইবনু হাজাৰে কৈছে, উত্তৰত এইটো স্পষ্ট হয় যে, সেই ব্যক্তিয়ে ৰাক‘আত সংখ্যা অথবা (চাৰি ৰাক‘আত) পৃথকভাৱে নিমিলাই পঢ়াৰ কথা প্ৰশ্ন কৰিছিল’ (ফাৎহুল বাৰী হা/৯৯০ ‘ৱিতৰ’ অধ্যায়-১৪, ২/৫৫৫-৫৬; মিৰ‘আত ৪/২৫৬)।  তাৰোপৰি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ উম্মতক নির্দেশ দিছে যে, “তোমালোকে তেনেকৈ ছালাত আদায় কৰা, যেনেদৰে মোক ছালাত আদায় কৰোঁতে দেখিছা”। (বুখাৰী হা/৬৩১, মিচকাত হা/৬৮৩)। এই কথাৰ মাজত তেওঁৰ ছালাতৰ ধৰণ আৰু ৰাক‘আত সংখ্যা সকলোৱেই গণ্য। তেওঁৰ ওপৰোক্ত কথাৰ ব্যাখ্যা হ’ল তেওঁৰ কর্ম, অর্থাৎ ১১ ৰাক‘আত ছালাত। গতিকে ইবাদতৰ ক্ষেত্ৰত তেওঁৰ কথা আৰু কর্মত বৈপৰীত্য আছিল বুলি ধাৰণা কৰা নিতান্তই অবাস্তৱ।

     এই ক্ষণত ২৩, ২৫ ও ২৭ ৰমজানৰ যি বিযোৰ তিনি ৰাতি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জামা‘আত সহ তাৰাৱীহ পঢ়িছিল, তেতিয়া সেই তিনি ৰাতি তেওঁ কিমান ৰাক‘আত পঢ়িছিল? ইয়াৰ উত্তৰ এই যে, সেয়া আছিল আঠ ৰাক‘আত তাৰাৱীহ আৰু বাকী তিনি ৰাক‘আত ৱিতৰ। যেনে, জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে-

صَلَّى بِنَا رَسُوْلُ اللهِ صَلَّى الله عَلَيْهِ وَسَلَّمَ فِيْ شَهْرِ رَمَضَانَ ثَمَانَ رَكْعَاتٍ وَالْوِتْرَ-

     ‘ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক লৈ ৰমজানত ছালাত আদায় কৰিলে আঠ ৰাক‘আত আৰু ৱিতৰ পঢ়িলে।’ (ছহীহ ইবনু খুযায়মা হা/১০৭০ ‘চনদ হাছান’ ২/১৩৮ পৃঃ; আলবানী, ছালাতুত তাৰাৱীহ হা/৯, ২১ পৃঃ; মিৰ‘আত ৪/৩২০)।

     জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত উক্ত হাদীছত ৱিতৰৰ ৰাক‘আত সংখ্যা কোৱা হোৱা নাই, কিন্তু ‘আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ বর্ণিত হাদীছৰ শেষত স্পষ্টভাৱে তিনি ৰাক‘আত ৱিতৰৰ কথা আহিছে। (বুখাৰী হা/১১৪৭; মুছলিম হা/১৭২৩ প্রভৃতি)। গতিকে ৮+৩=১১ ৰাক‘আত তাৰাৱীহ জামা‘আত সহকাৰে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নাত হিচাবে সাব্যস্ত হয়। ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে সেইটোকেই পুনৰাই চালু কৰি মুর্দা ছুন্নাত জিন্দা কৰিছিল। তেওঁ ‘ছুন্নাতে হাছানাহ’ কৰিছিল, ‘বিদ‘আতে হাছানাহ’ কৰা নাই। কিয়নো শ্বাৰঈ বিদ‘আত সকলোবোৰেই ভ্রষ্টতা। তাত ভাল-বেয়া ভাগ নাই। বৰং শ্বাৰঈ বিদ‘আতক ‘হাছানাহ’ আৰু ‘ছায়্যাআহ’ দুই ভাগত ভাগ কৰাটো আন এটা বিদ‘আত। আল্লাহে আমাক সকলো প্ৰকাৰ বিদ‘আতৰ পৰা ৰক্ষা কৰক!

     গতিকে ৰাতিৰ নফল ছালাত ১১ বা ১৩ ৰাক‘আতেই সর্বাধিক বিশুদ্ধ ও সর্বোত্তম। আল্লাহ সর্বাধিক অৱগত।

     উল্লেখ্য যে, হাদীছত ৱিতৰ সম্পর্কে কোৱা হৈছে যে, ‘যেতিয়া তুমি ফজৰ হৈ যোৱাৰ আশংকা কৰিবা, তেতিয়া এক ৰাক‘আত পঢ়ি লোৱা। তেনেহ’লে পূৰ্বৰ ছালাতসমূহ ৱিতৰত পৰিণত হ’ব’। (মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/১২৫৪)। ইয়াতে বুজা যায় যে, একেৰাহে বা দুই দুই কৰি পঢ়িলেও সেইটো শেষৰ এক ৰাক‘আতৰ জৰিয়তে ৱিতৰত পৰিণত হ’ব। (ফিক্কহুচ ছুন্নাহ ১/১৪৫-৪৬ পৃঃ)। আৰু এইকাৰণেই ইমাম হাকিম (ৰহ.)য়ে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা ১৩, ১১, ৯, ৭, ৫, ৩, আৰু ১ ৰাক‘আত ৱিতৰ প্রমাণিত আছে। কিন্তু সকলোতকৈ বিশুদ্ধতৰ হ’ল এক ৰাক‘আত। (মুস্তাদৰাক হাকিম ১/৩০৬)। অর্থাৎ তাৰাৱীহ আৰু ৱিতৰ পৃথক নহয়। বৰং শেষত এক ৰাক‘আত যোগ কৰিলে সকলোবোৰকেই ‘ৱিতৰ’ বুলি কোৱা হয় আৰু আটাইবোৰকেই ‘ছালাতুল লায়েল’ বা ‘ৰাতিৰ ছালাত’ বোলা হয়।

✍✍.. জুবাইৰ ৰহমান 

Leave a comment