হাদীছ অস্বীকাৰ প্রসঙ্গত দুটা কথা:
সুপ্রিয় বন্ধুসকল, বর্তমান যুগত অগণিত ফিতনাৰ মাজত এটা ডাঙৰ ফিতনা হল হাদীছ অস্বীকাৰ কৰা ফিতনা। এই হাদীছ অস্বীকাৰ কাৰীৰ দলে তেওঁলোকৰ বেয়া নখ বাহিৰ কৰি পোনপঠিয়াকৈ ৰাছুল ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম ৰ স্বত্বা আৰু হাদীছে ৰাছুলৰ ওপৰত কঠিন ভাৱে আক্রমণ আৰম্ভ কৰিছে। কাৰণ, হাদীছৰ পৰা মুছলিমসকলক দূৰত আতঁৰাব পাৰিলে মানুহক ইছলামৰ পৰা দূৰত আতঁৰোৱা পানীৰ দৰে সহজ। এইকাৰণেই সিহঁতে ফেচবুক, ওয়েবচাইট আৰু ওয়াজ মাহফিল, সভা ইত্যাদিৰ মাধ্যমত তেওঁলোকৰ এই জঘন্য অপ তৎপৰতা চলাই গৈছে। মানুহক তেওঁলোকে হাদীছৰ গ্রহণযোগ্যতা সম্পর্কে সন্দিহান কৰি তুলিছে । হাদীছৰ অপব্যাখ্যা কৰি তাৰ মানহানি কৰিছে । হাদীছক তুচ্ছ-তাচ্ছিল্য কৰিছে। তেওঁলোকে কব বিচাৰে কেৱল কুৰআনেই যথেষ্ট। হাদীছ মনাৰ প্রয়োজন নাই। হাদীছ বা চুন্নাহ শব্দটি তেওঁলোকে শুনিব নিবিচাৰে। যাৰ কাৰণে তেওঁলোকে নিজক নাম দিছে আহলে কুৰআন বা কুৰআনৰ অনুসাৰী।
আল্লাহৰ ৰাছুল ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম ভবিষ্যৎ বাণী কিমান সত্য ভাবে প্রকাশিত হৈছে!! তেওঁ কৈছিল,
(ألا إني أوتيت الكتاب ومثله معه لا يوشك رجل شبعان على أريكته يقول عليكم بهذا القرآن فما وجدتم فيه من حلال فأحلوه وما وجدتم فيه من حرام فحرموه)
“জানি ৰখা, মই কুৰআন প্রাপ্ত হৈছো আৰু তাৰ লগত অনুৰূপ আৰু এটা বস্তু ( সেয়া হল হাদীছ)। অতিশীঘ্ৰে দেখা যাব, এক লোক ভৰা পেটত তাৰ খাটৰ ওপৰৰ পৰা কব: তোমালোকে এই কুৰআনক খামুছি ধৰা। ইয়াত যিবিলাক বস্তু হালাল পাব সেইবোৰক হালাল ভাবিব, আৰু যিবিলাক বস্তুক হাৰাম পাব সেইবোৰক হাৰাম ভাবিব ।“ (আবু দাউদ, মিকদাদ ইবনে মাদিকাৰাব ৰ পৰা বর্ণিত, চনদ চহীহ)
উক্ত হাদীছটো আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ নবুওয়াতৰ সত্যতাৰ প্রমাণ বহন কৰে । কাৰণ, নবুওয়তৰ যুগ পাৰ হোৱাৰ পিছতেই শিয়া ও খাৰেজী সম্প্ৰদায়ৰ হাত ধৰি বিভিন্ন দল গঠন হয় তেওঁলোকে হাদীছৰ ওপৰত আক্রমণ আৰম্ভ কৰে । তেওঁলোকে কয় কুৰআনেই যথেষ্ট আৰু হাদীছ ও চুন্নাহক প্রত্যাখ্যান কৰে ।
উনৈশ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতাব্দীৰ প্রথম ফালে ভাৰতৰ পাঞ্জাৱ প্রদেশত নতুন কৰি এই ভ্রান্ত মতবাদৰ উৎপত্তি হয়। তাৰ পিছত সেয়া পাকিস্তানত ঠাই লয়। ইয়াৰ পিছত ক্রমান্বয়ে সেয়া আৰু বিভিন্ন মুছলিম দেশত সংক্রমিত হৈ পৰে। বর্তমানত বাংলাদেশ তেওঁলোকৰ জমজমাট কার্যক্রম আছে । এই মতৰ অনুসাৰীসকলৰ কোনো কোনোৱে ইউৰোপ-আমেৰিকাত বহি ইন্টাৰনেটৰ মাধ্যমত তেওঁলোকৰ এই বিষাক্ত মতবাদ প্রচাৰ কৰি গৈছে । ফেচবুকত গঢ়ি তুলিছে ডাঙৰ এটা গ্রুপ। এই পৰিপ্ৰেক্ষিতত ইছলামে হাদীছৰ মর্যাদা ও হাদীছৰ অস্বীকাৰ কাৰী সকলৰ পৰিণতি সম্পর্কে নিন্মোক্ত প্রবন্ধটি লিখা হৈছে যাতে , অসমীয়া মুছলিমসকলে হাদীছৰ মর্যাদা সম্পর্কে জ্ঞানার্জন কৰে তাৰ হিফাজতৰ বাবে সর্ব শক্তি নিয়োগ কৰে আৰু বাতিলৰ ষড়যন্ত্র সম্পর্কে সজাগ থাকে। আল্লাহ তায়ালায় মুছলিমসকলক তৌফিক দান কৰক।
প্রবন্ধটি লিখিছে বিশিষ্ট কলামিস্ট, দাঈ, ও গবেষক শাইখ আব্দুল্লাহ আল কাফী।
লেখকৰ ভূমিকা: আল হামদুলিল্লাহ্ ওয়াচ্ ছালাতু ওয়াচ্ ছালামু আলা ৰাছুলিল্লাহ্ ওৱা আলা আলিহি ওৱা আচাহবিহি ওয়া মান ওয়ালাহ।
মহানবী মুহাম্মাদ বিন আবদুল্লাহ্ (ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম) চল্লিশ বছৰ বয়সৰ পূর্বে জাতিৰ সাধাৰণ মানুহ সকলৰ দৰেই জীবন-যাপন কৰিছিল । আল্লাহ তেওঁক নির্বাচিত কৰে পথভ্রষ্ট সমগ্র মানৱ জাতিক (৩৪:২৮) সঠিক পথত আহ্বানৰ বাবে ৰাছুল হিচাপে প্রেৰণ কৰিলে । শিক্ষা দিলে কুৰআন আৰু ঈমানৰ। তাৰ পিছত দায়িত্ব দিলে সেই পথত মানুহক আহ্বানৰ। আল্লাহে কৈছে:
وَكَذَلِكَ أَوْحَيْنَا إِلَيْكَ رُوحًا مِنْ أَمْرِنَا مَا كُنْتَ تَدْرِي مَا الْكِتَابُ وَلَا الْإِيمَانُ وَلَكِنْ جَعَلْنَاهُ نُورًا نَهْدِي بِهِ مَنْ نَشَاءُ مِنْ عِبَادِنَا وَإِنَّكَ لَتَهْدِي إِلَى صِرَاطٍ مُسْتَقِيمٍ
৪২:৫২
“অনুৰূপভাৱে (উপৰোক্ত তিনিটা পদ্ধতিত) আমি তোমাৰ প্ৰতি আমাৰ নিৰ্দেশৰ পৰা ৰূহক অহী কৰিছো। তুমি জনা নাছিলা কিতাব কি আৰু ঈমান কি! কিন্তু আমি ইয়াক নূৰ বনাইছো, যাৰ দ্বাৰা আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হিদায়ত দান কৰো। নিশ্চয় তুমি সৰল পথৰ পিনে দিক নিৰ্দেশনা দিয়া ।”(ছুৰা: শূৰা: ৫২)
আল্লাহ্ ৰাছুল ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামক আদেশ কৰিলে মানুহক হিদায়ত কৰাৰ, আৰু মানুহক আদেশ কৰিলে তেওঁ যি কয় সেয়া গ্রহণ কৰাৰ।
ৰাছুল (ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম) যি দিছে সেয়া হৈছে হাদীছ। আল্লাহ কৈছে :
وَمَا آتَاكُمُ الرَّسُولُ فَخُذُوهُ وَمَا نَهَاكُمْ عَنْهُ فَانْتَهُوا
“ৰাছুলে তোমালোকক যি দিয়ে সেয়া তোমালোকে গ্রহণ কৰা, আৰু তেওঁ যিটোৰ পৰা নিষেধ কৰে তাৰ পৰা বিৰত থকা। (ছুৰা: হাশ্বৰ: ৭)
এই ৰাছুল(ছা:) আমাক যেনেকৈয়ে কুৰআন দিছে, তাৰ লগত কুৰআনক কিভাবে বাস্তৱ জীৱনত প্রয়োগ কৰিব লাগে, সেয়াও আল্লাহৰ নির্দেশ মোতাবিক দিছে। আৰু বাস্তৱ জীৱনৰ সেই প্রয়োগটোৱেই হৈছে বিদগ্ধ বিদ্বানসকলৰ ভাষাত হাদীছ। কোৰআনত যি নিষেধ কৰা হৈছে, তাৰ মূলনীতিৰ সৈতে সামঞ্জস্য ৰাখি ৰাছুল(ছা:) কিছু বিষয় নিষেধ কৰিছে। যাৰ পৰা বিৰত থকাৰ নির্দেশ আল্লাহ্ দিছে। ৰাছুলৰ আদেশ-নিষেধৰ কোনো দৰকাৰ নাথাকিলে, আল্লাহ্ তেওঁৰ কথা উল্লেখ নকৰিলে হয়। কলে হয় এই কুৰআনত যি আছে তোমালোকে সেয়া মানি লোৱা , যি নিষেধ কৰা হৈছে তাৰ পৰা দূৰত থকা। অথচ কুৰআনক মানি লোৱাৰ ক্ষেত্ৰত আল্লাহে বহু ঠাইত নির্দেশ দিছে। এই স্থানত বিশেষ ভাবে ৰাছুলক আদেশ প্রদান আৰু নিষেধৰ কথা উল্লেখ কৰাত বুজা যায় নিষেধেই তেওঁ আদেশ কৰে আৰু নিষেধ কৰে। পিছে অৱশ্যই সেয়া আল্লাহৰ অনুমতিক্রমে হৈ থাকে। আৰু তেওঁৰ এই আদেশ-নিষেধেই হৈছে হাদীছ।
১) মতভেদ হল আল্লাহৰ কুৰআন আৰু ৰাছুল(ছা:)ৰ হাদীছৰ পৰা সমাধান লব লাগিব :
অসংখ্য আয়াতত আল্লাহৰ কথা মানি লোৱাৰ লগে লগে ৰাছুল(ছা:)ৰ কথাকো মানিবলৈ নির্দেশ দিয়া হৈছে। যেনে আল্লাহ কৈছে ,
يَا أَيُّهَا الَّذِينَ آمَنُوا أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ
“হে ঈমানদাৰ সকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা..।” (মুহাম্মাদঃ ৩৩) আৰু ছুৰা নূৰ: ৫৪।
ৰাছুলৰ কোন কথা নাথাকিলে বেলেগভাবে তেওঁৰ অনুগত্য কৰাৰ বাবে أَطِيعُوا শব্দ ব্যবহাৰৰ দৰকাৰ নাছিল ।
পার্থক্য লক্ষ্য কৰক, ছুৰা নিছাৰ ৫৯নং আয়াতত আল্লাহে তেওঁৰ আৰু ৰাছুল(ছা:)ৰ অনুগত্য কৰাৰ লগে লগে উলুল আমৰ তথা মুছলিম শাসকৰো আনুগত্যৰ নির্দেশ দিছে। আল্লাহে কৈছে :
يَا أَيُّهَا الَّذِينَ آمَنُوا أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ وَأُولِي الْأَمْرِ مِنْكُمْ
“হে ঈমানদাৰসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা, ৰাছুলৰ আনুগত্য কৰা আৰু তোমালোকৰ মাজৰ ক্ষমতাশীলসকলৰ ।”
ইয়াত أَطِيعُوا শব্দটি যেনেকৈ আল্লাহৰ ক্ষেত্রত ব্যবহাৰ কৰা হৈছে একেভাবেই ৰাছুলৰ ক্ষেত্রতো ব্যবহাৰ হৈছে; কিন্তু উলুল আমৰৰ আনুগত্যৰ ক্ষেত্রত শব্দটোক ব্যবহাৰ কৰা হোৱা নাই । ইয়াৰ পৰা বুজা যায় আল্লাহৰ আনুগত্য যেনেকৈ বিনাবাক্যত ব্যয়ে কৰিব লাগিব , অনুৰূপ ৰাছুলৰ আনুগত্যও। কিন্তু উলুল আমৰৰ আনুগত্য কৰাৰ সময়ত ধ্যান ৰাখিব লাগিব তেওঁৰ কথা আল্লাহ আৰু ৰাছুলৰ কথাৰ লগত মিল আছে নে নাই । অর্থাৎ তেওঁৰ অনুগত্য তেওঁলোকৰ আনুগত্যৰ মাপকাঠিত হব লাগিব ।
এই বাবে মতভেদ বা সমস্যা হলে সমাধান কেনেকৈ কৰিব লাগিব আয়াতৰ পিছৰ অংশত আল্লাহ্ সেয়া কৈছে :
فَإِنْ تَنَازَعْتُمْ فِي شَيْءٍ فَرُدُّوهُ إِلَى اللَّهِ وَالرَّسُولِ
“তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত।”
ইয়াত আৰু উলুল আমৰৰ কথা কোৱা হোৱা নাই । কিয়নো তেওঁলোকৰ সমাধান গ্রহণযোগ্য নহয় । সমাধান আল্লাহ আৰু তেওঁৰ ৰাছুলে দিব। অর্থাৎ আল্লাহৰ কুৰআন আৰু ৰাছুল(ছা:) নিজে। তেওঁ জীৱনকালত নিজে সমাধান দিছে, আৰু তেওঁৰ মৃত্যুৰ পিছত কুৰআন আৰু ইয়াৰ লগত তেওঁৰ ৰাখি যোৱা সমাধান সমূহ যাৰ অন্য নাম হাদীছ।
২) আল্লাহে যেনেকুৱা ফায়চালা কৰে ৰাছুল(ছা:)ও তেনেকুৱা কৰে:
কুৰআনৰ বহুত স্থানত ৰাছুলো নির্দেশ দিয়ে ফায়চালা কৰে বুলি উল্লেখ কৰা হৈছে । যেনেকৈ আল্লাহ্ কৈছে :
وَمَا كَانَ لِمُؤْمِنٍ وَلَا مُؤْمِنَةٍ إِذَا قَضَى اللَّهُ وَرَسُولُهُ أَمْرًا أَنْ يَكُونَ لَهُمُ الْخِيَرَةُ مِنْ أَمْرِهِمْ وَمَنْ يَعْصِ اللَّهَ وَرَسُولَهُ فَقَدْ ضَلَّ ضَلَالًا مُبِينًا
“আল্লাহ্ আৰু তেওঁৰ ৰাছুলে কোনো বিষয় ফায়চালা কৰিলে কোনো ইমানদাৰ পুৰুষ আৰু ইমানদাৰ নাৰীৰ সেই বিষয়ে আন কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ নাথাকে। যিয়ে আল্লাহ্ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিলে, সি স্পষ্টভাৱে পথভ্রষ্ট হৈ গ’ল।” (ছুৰা আহযাবঃ ৩৬)
ইয়াত , আল্লাহৰ ফায়চালা যেনেকৈ লঙ্ঘন কৰাৰ কাৰো অধিকাৰ নাই, তেনেকৈ ৰাছুলৰ আদেশ লঙ্ঘনৰো কোনো অধিকাৰ কাৰো নাই । আল্লাহৰ আদেশ অমান্য কৰিলে যেনেকৈ পথভ্রষ্ট হব লাগিব তেনেকৈ ৰাছুলৰ আদেশ লঙ্ঘন কৰিলেও একেই পৰিণতি হব। ৰাছুলৰ কোনো আদেশ নিষেধ নাথাকিলে তেওঁৰ কথা বেলেগ ভাবে উল্লেখ কৰা অনর্থক হৈ যায়।
৩) ৰাছুল(ছা:)ৰ ফায়চালা নামানিলে ঈমান নাথাকে :
ৰাছুলৰ ফায়চালা আৰু আদেশ-নিষেধৰ গুৰুত্ব কিমান বেছি যে সেয়া নামানিলে মানুহ মুমিনই নাথাকে। আল্লাহ্ কৈছে ,
فَلَا وَرَبِّكَ لَا يُؤْمِنُونَ حَتَّى يُحَكِّمُوكَ فِيمَا شَجَرَ بَيْنَهُمْ ثُمَّ لَا يَجِدُوا فِي أَنْفُسِهِمْ حَرَجًا مِمَّا قَضَيْتَ وَيُسَلِّمُوا تَسْلِيمًا
“ তোমাৰ প্ৰতিপালকৰ শপথ সিহঁত মুমিন হব নোৱাৰে যেতিয়া লৈকে সিহঁতে সিহতৰ মাজত সৃষ্টি হোৱা বিবাদ-বিসম্বাদৰ বিচাৰ কাৰ্য্যত তোমাক বিচাৰক বা ফায়চালা কাৰী হিচাবে মানি নলয়, তাৰপিছত তোমাৰ মীমাংসা সম্পৰ্কে সিহঁতৰ মনত কোনো দ্বিধা থাকিব নালাগে আৰু যেতিয়ালৈকে সেয়া সৰ্বান্তকৰণে মানি নলয়।” (ছূৰা নিছা: ৬৫)
ইয়াত ভাষাৰ প্রয়োগ ৰূপটো চাওক কিভাবে তেওঁক সম্বোধন কৰে ‘উপস্থিত একবচন’ শব্দ يُحَكِّمُوكَ “তোমাক বিচাৰক মানিব” আৰু قَضَيْتَ “তুমি ফায়চালা কৰা ।” আৰু ৰাছুল(ছা:) যি বিচাৰ বা ফায়চালা কৰিছে সেয়া হৈছে হাদীছ। ৰাছুল(ছা:) ৰ যদি কোনো ফায়চালা নাথাকে বা তেওঁৰ কথাৰ কোনো দৰকাৰ নাথাকে, তেন্তে তেওঁক বিশেষভাবে সম্বোধন কৰি এইভাবে কথা কোৱা অনর্থক হৈ যায়।
৪) আল্লাহৰ দৰেই ৰাছুল ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে ও হালাল আৰু হাৰাম কৰে:
আল্লাহৰ ৰাছুল মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম) হালাল কৰে আৰু হাৰামো কৰে- আল্লাহ তেওঁক এই অনুমতি দিছে । আল্লাহ্ কৈছে:
الَّذِينَ يَتَّبِعُونَ الرَّسُولَ النَّبِيَّ الْأُمِّيَّ الَّذِي يَجِدُونَهُ مَكْتُوبًا عِنْدَهُمْ فِي التَّوْرَاةِ وَالْإِنْجِيلِ يَأْمُرُهُمْ بِالْمَعْرُوفِ وَيَنْهَاهُمْ عَنِ الْمُنْكَرِ وَيُحِلُّ لَهُمُ الطَّيِّبَاتِ وَيُحَرِّمُ عَلَيْهِمُ الْخَبَائِثَ وَيَضَعُ عَنْهُمْ إِصْرَهُمْ وَالْأَغْلَالَ الَّتِي كَانَتْ عَلَيْهِمْ فَالَّذِينَ آمَنُوا بِهِ وَعَزَّرُوهُ وَنَصَرُوهُ وَاتَّبَعُوا النُّورَ الَّذِي أُنْزِلَ مَعَهُ أُولَئِكَ هُمُ الْمُفْلِحُونَ
“যিসকলে অনুসৰণ কৰে ৰাছলৰ , উম্মী নবীৰ যাৰ কথা উল্লেখ সিহঁতে সিহতৰ ওচৰত ৰক্ষিত তাওৰাত আৰু ইঞ্জিলত লিপিবদ্ধ পায় (সেই নিৰক্ষৰ নবী (ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম) সিহঁতক সৎ কামৰ আদেশ দিয়ে আৰু অসৎ কৰ্মৰ পৰা নিষেধ কৰে। তেওঁ সিহঁতৰ বাবে পবিত্র বস্তু সমূহ হালাল কৰি দিয়ে আৰু অপবিত্র বস্তু হাৰাম কৰে । আৰু সিহঁতক সিহঁতৰ ওপৰত থকা বোজা আৰু শৃংখলৰ পৰা মুক্ত কৰে। সেয়ে যিসকলে তেওঁৰ প্রতি ঈমান আনে , তেওঁক সন্মান কৰে ,তেওঁক সাহায় কৰে আৰু যি নূৰ তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে সেইটোৰ অনুসৰণ কৰে , কেৱল তেওঁলোকেই সাফল্যমণ্ডিত । (ছুৰা আ’ৰাফ: ১৫৭)
এই আয়াততো সুস্পষ্টভাবে প্রমাণ কৰিছে যে, মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম)ও আল্লাহৰ নির্দেশক্রমে কিছুমান বস্তু হালাল কৰিছে আৰু কিছুমান হাৰাম কৰিছে। সোনকালেই আমি তেওঁল উদাহৰণ উল্লেখ কৰিম ইন শ্বা আল্লাহ। এই আয়াততো লক্ষ্য কৰক প্রথম ফালে নবীজীৰ অনুসৰণৰ কথা কোৱাৰ পিছত আকৌ তেওঁৰ ওচৰত নাযিল কৃত নূৰ তথা কুৰআনৰ অনুসৰণৰ কথা বেলেগ ভাবে কোৱা হৈছে। ইয়াৰ পৰা বুজা যায় কুৰআনৰ অনুসৰণ যেনেকৈ দৰকাৰ, তেনেকৈ কুৰআন প্রচাৰকাৰী মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম)ৰ অনুসৰণো দৰকাৰ । আৰু সেই অনুসৰণেই হৈছে তেওঁৰ চীৰাতৰ অনুসৰণ তেওঁৰ জীবনীৰ অনুসৰণ আন কথাত তেওঁৰ হাদীছৰ অনুসৰণ।
৫) হাদীছ নামানিলে কুৰআন মনা নহব:
ৰাছূলুল্লাহ (ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম) ৰ অনুসৰণেই হৈছে প্রকৃতপক্ষত কুৰআনৰ অনুসৰণ, কিয়নো তেওঁ কুৰআনক কেনেকৈ অনুসৰণ কৰিব লাগিব সেয়া নিজৰ জীবনত যেনেকৈ বাস্তবায়ন কৰিছে, অনুৰূপ তেওঁৰ যথাযথ তা’লীম চাহাবায়ে কেৰামকো দি গৈছে। গতিকে আল্লাহ্ কৈছে :
مَنْ يُطِعِ الرَّسُولَ فَقَدْ أَطَاعَ اللَّهَ
“যিয়ে ৰাছুলৰ আনুগত্য কৰিলে সি আল্লাহৰেই আনুগত্য কৰিলে ।” (ছুৰা নিছা: ৮০)
আৰু তেওঁৰ ছুন্নাত বা জীবনীৰ অনুসৰণ নকৰিলে কুৰআনৰ অনুসৰণ সম্ভব নহয়। যদি কুৰআনৰ অনুসৰণেই যথেষ্ট হয়, সেয়ে বেলেগ ভাবে নবী (ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম) ৰ অনুসৰণৰ প্রতি তাগিদ দিয়া নহলহেঁতেন । বৰং আল্লাহৰ ভালপোৱা পাবলৈ হলে, তেওঁৰ মাগফিৰাত কামনা কৰিলে ৰাছুল (ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম)ৰ অনুসৰণ ব্যতীত গত্যন্তৰ নাই । আল্লাহ কৈছে ,
قُلْ إِنْ كُنْتُمْ تُحِبُّونَ اللَّهَ فَاتَّبِعُونِي يُحْبِبْكُمُ اللَّهُ وَيَغْفِرْ لَكُمْ ذُنُوبَكُمْ وَاللَّهُ غَفُورٌ رَحِيمٌ
“কোৱা , তোমালোকে যদি আল্লাহক ভালপোৱা , তেন্তে মোক অনুসৰণ কৰা। তেনেহ’লে আল্লাহে তোমালোকক ভালপাব আৰু তোমালোকৰ অপৰাধ ক্ষমা কৰিব । আল্লাহ্ অত্যন্ত ক্ষমাশীল পৰম দয়ালু ।” ছুৰা আলে ইমৰাণঃ ৩১)
বেলেগ ভাবে ৰাছুলৰ অনুসৰণৰ দৰকাৰ নাথাকিলে ইয়াত ي (মোৰ ) সর্বনাম দ্বাৰা বাক্যটোক উল্লেখ কৰাৰ দৰকাৰ নাছিল । অৰ্থাৎ কুৰআন অনুসৰণ কৰিব খুজিলে ৰাছুল (ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম) ৰ অনুসৰণ দৰকাৰ । অন্যকথাত ৰাছুলৰ তথা তেওঁৰ হাদীছৰ অনুসৰণ নকৰিলে আল্লাহৰ কুৰআনৰ অনুসৰণ নহব, তেওঁৰ ভালপোৱা পোৱা নাযাব আৰু তেওঁৰ মাগফিৰাতো লাভ কৰা নাযাব ।
৬) প্রশ্ন: কুৰআন থাকোতে ৰাছুল(ছা:) এ কিয় আদেশ-নিষেধ কৰিব? আৰু তেওঁৰ অনুসৰণেই বা আমি কৰিম কিয়? তেনেহ’লে কি কুৰআন পৰিপূর্ণ গ্রন্থ নহয়?
কিয় তেওঁৰ অনুসৰণ কৰিব লাগিব ? ইয়াৰ উত্তৰ তো পূর্বৰ আয়াতবোৰৰ পৰাও বিস্তাৰিত ভাবে পোৱা গৈছে । বাকী থাকিল কুৰআন থাকোতে কিয় তেওঁ আদেশ-নিষেধ কৰিব ? ইয়াৰ উত্তৰ হৈছে ইছলামক পৰিপূর্ণ কৰাৰ দায়িত্ব আল্লাহৰ আৰু আল্লাহে সেয়া কৰিছেও। তেওঁ ইছলামৰ সকলোবোৰ বিস্তাৰিত বর্ণনা কৰিছে। আৰু সেয়া মানুহৰ ওচৰত পৌঁছাই দিয়াৰ দায়িত্ব দিছে তেওঁৰ ৰাছুল মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম)ক। তেওঁ কৈছে :
يَا أَيُّهَا الرَّسُولُ بَلِّغْ مَا أُنْزِلَ إِلَيْكَ
“হে ৰাছুল! তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি নাযিল হৈছে সেয়া প্ৰচাৰ কৰা ।” (মায়েদাঃ ৬৭)
লগে লগে এই প্ৰচাৰ কৰাৰ সময়ত যেন বিশদভাবে সেয়া ব্যাখ্যা কৰি দিয়ে। সেয়ে আল্লাহ্ কৈছে :
وَأَنْزَلْنَا إِلَيْكَ الذِّكْرَ لِتُبَيِّنَ لِلنَّاسِ مَا نُزِّلَ إِلَيْهِمْ
“নিশ্চয় আমি তোমাৰ ওচৰত জিকিৰ (কুৰআন) নাযিল কৰিছো, যাতে তুমি বিশদভাবে মানুহৰ ওচৰত বর্ণনা কৰি দিয়া যিটো সিহঁতৰ প্ৰতি নাজিল কৰা হৈছে।” (ছুৰাঃ নাহল: ৪৪)
তেওঁৰ এই বর্ণনা দুটা পদ্ধতিত হৈছে। এটা মানুহক পৰস্পৰ কুৰআন তিলাওয়াত কৰি শুনাই দিয়াৰ মাধ্যমত । যি কুৰআন আল্লাহ্ জিব্রাইল (আঃ) কর্তৃক পোনপঠিয়াকৈ নাজিল কৰিছে । এইটোকে কোৱা হয় ওহী মাতুল। অর্থাৎ ইয়াৰ ভাব আৰু ভাষা উভয়েই আল্লাহৰ ওচৰৰ পৰা পোনপঠিয়া আহিছে । আৰু এটা পদ্ধতি কুৰআনৰ ব্যাখ্যাৰ মাধ্যমত । অর্থাৎ শব্দ বা বাক্যৰ ব্যাখ্যা উম্মতক জনাই দিয়াৰ মাধ্যমত । যিটো তেওঁ পৰোক্ষ অহীৰ মাধ্যমত আল্লাহৰ ওচৰৰ পৰা লাভ কৰিছে। অর্থাৎ কুৰআনৰ সংক্ষেপ আৰু সাধাৰণ আয়াত সমূহক বিস্তৃতভাবে বর্ণনা কৰিছে। কোন কোন ক্ষেত্রত সাধাৰণ আয়াতক সীমাবদ্ধ কৰিছে । আকৌ শর্তযুক্ত আয়াতক সাধাৰণ কৰিছে । ব্যাপক অর্থবোধক আয়াতক বিশেষ অর্থত ব্যবহাৰ কৰিছে ইত্যাদি। আৰু সেয়া হৈছে তেওঁৰ কথা, কাম আৰু সমর্থনল মাধ্যমত। যাৰ আন এটা নাম হৈছে হাদীছ।
তেওঁ এইবোৰ কৰাৰ অধিকাৰ কেনেকৈ পালে ? এই অধিকাৰ আল্লাহই তেওঁক দিছে যেনেকৈ ছুৰা নাহলৰ ৪৪ নং আয়াতত কোৱা হৈছে। অনুৰূপভাবে তেওঁ নিজৰ পক্ষৰ পৰা এইটো কৰা নাই ; পৰোক্ষভাবে আল্লাহৰ ওচৰত ওহী বা নির্দেশনা লাভ কৰিয়েই তেওঁ কৰিছে। যেনেকৈ আল্লাহ্ কৈছে :
وَمَا يَنْطِقُ عَنِ الْهَوَى (3) إِنْ هُوَ إِلَّا وَحْيٌ يُوحَى
“তেওঁ নিজৰ পক্ষৰ পৰা মনে সজা কোনো কথা নকয়, তেওঁ যি কয় সেয়া ওহী, যিটো তেওঁৰ ওচৰত প্রেৰণ কৰা হৈছে।” (ছুৰাঃ নাজমঃ ৩-৪)
ইয়াত ওহী কওঁতে যেনেকৈ কুৰআন উদ্দেশ্য, তেনেকৈ কুৰআন বুজোৱাৰ বাবে নবী (ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম)ৰ ব্যাখ্যাও উদ্দেশ্য। যাৰ প্রমাণ আমি সোনকালেই পেচ কৰিছো।
৭) ওহীৰ নিয়ম:
আল্লাহে তিনিটা নিয়মত মানুহৰ ওচৰত তথা নবী-ৰাছুলসকলৰ ওচৰত ওহী প্রেৰণ কৰিছে। তেওঁ কৈছে:
۞ وَمَا كَانَ لِبَشَرٍ أَنْ يُكَلِّمَهُ اللَّهُ إِلَّا وَحْيًا أَوْ مِنْ وَرَاءِ حِجَابٍ أَوْ يُرْسِلَ رَسُولًا فَيُوحِيَ بِإِذْنِهِ مَا يَشَاءُ ۚ إِنَّهُ عَلِيٌّ حَكِيمٌ
৪২:৫১
কোনো মানুহৰেই এনেকুৱা মৰ্যাদা নাই যিয়ে আল্লাহৰ লগত পোনপটীয়াকৈ কথা কব (১)অহীৰ মাধ্যমৰ বাহিৰে অথবা (২)পৰ্দাৰ আঁৰত নাইবা (৩)এনেকুৱা কোনো বাৰ্তাবাহক প্ৰেৰণ কৰাৰ বাহিৰে, যি বাৰ্তাবাহকে কেৱল তেওঁৰ অনুমতিক্ৰমে তেওঁ যিটো বিচাৰে কেৱল সেইটোহে অহী কৰে, তেওঁ সৰ্বোচ্চ, প্ৰজ্ঞাময়। (ছুৰাঃ শ্বুৰাঃ: ৫১)
অর্থাৎ আল্লাহ নিজেই ওহী কৰে।
মুঠতে , আল্লাহ তায়ালা তিনিভাবে নবী-ৰাছুলসকলৰ প্রতি ওহী কৰে:
১) এলহাম:
নবী ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম ৰঅন্তৰত যি বিষয়ক জাগ্রত কৰিছিল সেইটোৱেই হল এলহাম। সেইটোৱেই হল পৰোক্ষ ওহী বা ওহী গাইৰ মাতুল। এইটো কোনো ফিৰিস্তাৰ মাধ্যমত নাছিল । বিষয়টো যেনেকৈ জাগ্রত অৱস্থাত হৈছিল তেনেকৈ স্বপ্ন যোগেও হৈছিল । এনে অৱস্থাত সাধাৰণত: আল্লাহ্ তাআলাৰ পক্ষৰ পৰা শব্দ বা বাক্য অৱতীর্ণ নহয়; কেৱল বিষয়বস্তু অন্তৰত জাগ্রত হয়, যি পয়গম্বৰসকলে নিজৰ ভাষাত ব্যক্ত কৰে। আৰু সেইটোৱেই হৈছে মুহাদ্দেছীনসকলৰ পৰিভাষাত হাদীছ বা চুন্নাহ ।
২) পর্দাৰ অন্তৰালৰ পৰা পৰস্পৰ কথা কোৱা :
আল্লাহ তায়ালা মুছা (আঃ)ৰ লগত তূৰ পর্বতত পর্দাৰ অন্তৰালৰ পৰা পৰস্পৰ কথা কৈছিল । আৰু আমাৰ নবী (ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম) ৰ লগত মিৰাজত গৈ আৰশ্বত হৈছিল । আল্লাহে দর্শন নিদি পর্দাৰ অন্তৰালৰ পৰা তেওঁৰ লগত কথা কৈছিল আৰু ওহী কৰিছে আৰু সেই সময় পাঁচ ওয়াক্ত নামায ফৰজ কৰিছিল ।
৩) জিব্রাইল (আঃ) ৰ মাৰফতত:
তৃতীয় পদ্ধতিটো আটাইতকৈ বেছি ব্যবহাৰ হৈছে আল্লাহৰ ওহী বা নির্দেশনা নাযিলৰ ক্ষেত্রত। আৰু সেয়া হৈছে জিব্রাইল (আঃ) ৰ মাৰফত। তেওঁক আমীনুল ওহী কোৱা হয়। কুৰআনত ৰূহুল আমীন কোৱা হৈছে। ৰাছুল কাৰীম (সম্মানিত দূত) কোৱা হৈছে। আল্লাহ কৈছে :
نَزَلَ بِهِ الرُّوحُ الْأَمِينُ
“বিশ্বস্ত ৰূহ (জিব্রাইল ফিৰিস্তা) এই (কুৰআন) লৈ অৱতৰণ কৰিছে।”(ছুৰাঃ শ্বুআৰাঃ ১৯৩)
আল্লাহ্ আৰু কৈছেঃ
إِنَّهُ لَقَوْلُ رَسُولٍ كَرِيمٍ (19) ذِي قُوَّةٍ عِنْدَ ذِي الْعَرْشِ مَكِينٍ (20) مُطَاعٍ ثَمَّ أَمِينٍ
“নিশ্চয় এই (কুৰআন) সম্মানিত ৰাছুল (দূত জিব্রাইল (আঃ)ৰ বাহিত বাণী। যিজন শক্তিশালী, আৰশ্বৰ মালিকৰ ওচৰত মর্যাদাশালী, ফিৰিস্তাসকলৰ মান্যবৰ আৰু আল্লাহৰ বিশ্বাসভাজন।” (ছুৰাঃ তাকৱীৰঃ ১৯-২১)
আল্লাহ আৰু কৈছে ,
إِنَّهُ لَقَوْلُ رَسُولٍ كَرِيمٍ
“নিশ্চয় এয়া (কুৰআন) এজন সম্মানিত ৰাছুলৰ (বাহিত) বাণী।” (ছুৰাঃ হাক্কাহঃ ৪০)
হাদীছ অস্বীকাৰকাৰী সকলে এই আয়াতবোৰত ‘ৰাছুল ’ কওঁতে মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম)ক বুজাব বিচাৰে । অথচ আয়াতৰ প্রসঙ্গতেই বুজা যায় ইয়াত জিব্রাইল (আঃ)ক বুজোৱা হৈছে।
৮) আল্লাহে হাদীছ নাযিল কৰিছে:
ইয়াত উল্লেখিত প্রথম পদ্ধতিটো হৈছে এনে ওহী যিটো আল্লাহে কোনো ফিৰিস্তাৰ মাধ্যম ব্যতীত নাযিল কৰিছে। আৰু সেইটোৰ সমর্থনত কুৰআনত আৰু বহুত আয়াত পোৱা যায়। ইব্রাহীম (আ:) কাবা গৃহ নির্মাণ কৰাৰ পিছত ইছমাঈল (আ:) ৰ বংশৰ বাবে দুআ কৰিছিল। সেই সম্পর্কে আল্লাহ্ কৈছে,
رَبَّنَا وَابْعَثْ فِيهِمْ رَسُولًا مِنْهُمْ يَتْلُو عَلَيْهِمْ آيَاتِكَ وَيُعَلِّمُهُمُ الْكِتَابَ وَالْحِكْمَةَ وَيُزَكِّيهِمْ ۚ إِنَّكَ أَنْتَ الْعَزِيزُ الْحَكِيمُ
‘হে আমাৰ প্ৰতিপালক! তুমি সিহঁতৰ মাজৰ পৰাই সিহঁতৰ ওচৰত এজন ৰাছুল প্ৰেৰণ কৰা, যিয়ে তোমাৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰিব; আৰু সিহঁতক কিতাব আৰু হিকমতৰ শিক্ষা দিব আৰু সিহঁতক পৰিশুদ্ধ কৰিব। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
( ছূৰা বাক্বাৰা , ১২৯)
আল্লাহে এই দুআ কবুল কৰি তেওঁলোকৰ মাজত তথা ইছমাঈল (আ:)ৰ বংশধৰ আৰব জাতিৰ মাজত তেওঁ ৰাছুল প্রেৰণ কৰিছে। সেই সম্পর্কে আল্লাহ কৈছে:
لَقَدْ مَنَّ اللَّهُ عَلَى الْمُؤْمِنِينَ إِذْ بَعَثَ فِيهِمْ رَسُولًا مِنْ أَنْفُسِهِمْ يَتْلُو عَلَيْهِمْ آيَاتِهِ وَيُزَكِّيهِمْ وَيُعَلِّمُهُمُ الْكِتَابَ وَالْحِكْمَةَ وَإِنْ كَانُوا مِنْ قَبْلُ لَفِي ضَلَالٍ مُبِينٍ
আল্লাহে মুমিনসকলৰ প্ৰতি অৱশ্যে অনুগ্ৰহ কৰিছে যে, তেওঁ সিহঁতৰ মাজৰ পৰাই সিহঁতৰ ওচৰত এজন ৰাছুল পঠিয়াইছে, যিজনে তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱাত কৰে, সিহঁতক পৰিশুদ্ধ কৰে লগতে কিতাব আৰু হিকমতৰ শিক্ষা দিয়ে, যদিও সিহঁত আগতে স্পষ্ট বিভ্ৰান্তিত আছিল।( আল ইমৰাণ , ১৬৪)
এই দুটা আয়াতৰ হিকমত হৈছে ৰাছুল(ছা:)ৰ হাদীছ, তেওঁ মানুহক যি শিক্ষা দিছে।
আল্লাহে যেনেকৈ কুৰআন নাযিল কৰিছে তেনেকৈ হিকমত তথা হাদীছও নাযিল কৰিছে। আল্লাহ্ কৈছে ,
وَاذْكُرُوا نِعْمَتَ اللَّهِ عَلَيْكُمْ وَمَا أَنْزَلَ عَلَيْكُمْ مِنَ الْكِتَابِ وَالْحِكْمَةِ يَعِظُكُمْ بِهِ
“তোমালোকৰ ওপৰত আল্লাহৰ নিয়ামতৰ কথা স্মৰণ কৰা, আৰু যি কিতাপ আৰু হিকমত তোমালোকৰ ওচৰত নাযিল কৰিছে, যাৰ দ্বাৰা তেওঁ তোমালোকক উপদেশ দিয়ে ।” ( ছুৰাঃ বাক্কৰাহঃ ২৩১)
ইয়াত হিকমত অর্থ ছুন্নাত বা ৰাছুল(ছা:)ৰ হাদীছ যি আল্লাহে পৰোক্ষভাবে কোনো ফিৰিস্তাৰ মাধ্যম ব্যতীত তেওঁৰ নবীৰ ওচৰত নাযিল কৰিছে।
ইমাম শাফেয়ী (ৰহঃ) কৈছে , “আল্লাহে এই আয়াতত الْكِتَابِ উল্লেখ কৰিছে তাৰ অর্থ হৈছে কুৰআন । আৰু উল্লেখ কৰিছে وَالْحِكْمَةِ। আমি কুৰআনৰ পণ্ডিতসকলৰ ওচৰত শুনিছো তেওঁলোকে কৈছে ইয়াত হিকমত হৈছে ৰাছুল(ছা:)ৰ ছুন্নাত । তেওঁ কৈছে , ইয়াত হিকমত অর্থ ৰাছুল(ছা:)ৰ ছুন্নাত ব্যতীত অন্য কিবা কৰা জায়েজ নহব। কিয়নো এই কিতাপৰ কথা উল্লেখ কৰাৰ লগে লগেই উল্লেখ কৰা হৈছে। কিয়নো আল্লাহে তেওঁৰ নিজৰ আনুগত্যৰ লগে লগে তেওঁৰ ৰাছুলৰ আনুগত্য আৰু অনুসৰণ কৰা মানুহৰ ওপৰত ফৰজ কৰি দিছে।
৯) হাদীছ ব্যতীত কুৰআনৰ প্রতি আমল কৰা অসম্ভৱ:
কুৰআন আল্লাহৰ বাণী। আল্লাহ ইয়াক নাযিল কৰিছে মুহাম্মাদ (ছা:)ৰ ওপৰত । তেওঁ নিজে কুৰআনৰ প্রতি আমল কৰিছে আৰু কেনেকৈ আমল কৰিব লাগিব সেয়া তেওঁৰ চাহাবায়ে কেৰামক শিকাইছে । অৰ্থাৎ কুৰআনৰ প্রতি আমল কৰিব বিচাৰিলে নবী মুহাম্মাদ (ছা:) ৰ পৰাই জানিব লাগিব তেওঁ কেনেকৈ এই কুৰআনৰ প্রতি আমল কৰিছে। তেওঁৰ অনুসৰণ নকৰিলে কেতিয়াও কুৰআন সম্পূৰ্ণ ৰূপে বুজা নাযাব আৰু আমলো কৰা নাযাব। কিয়নো কুৰআনৰ প্রতিটো কথাৰ বিবৰণ আৰু ব্যাখ্যাৰ দায়িত্ব আল্লাহে তেওঁৰ ৰাছুল(ছা:)ক দিছে। আল্লাহে কৈছে ,
وَأَنْزَلْنَا إِلَيْكَ الذِّكْرَ لِتُبَيِّنَ لِلنَّاسِ مَا نُزِّلَ إِلَيْهِمْ
“নিশ্চয় আমি তোমাৰ ওচৰত জিকিৰ (কুৰআন) নাযিল কৰিছো, যাতে তুমি বিশদভাবে মানুহৰ ওচৰত বর্ণনা কৰি দিয়া যিটো সিহঁতৰ প্ৰতি নাযিল কৰা হৈছে।” ( ছুৰাঃ নাহল: ৪৪)
আয়েশা ছিদ্দীকা (ৰাঃ) কৈছে , “তেওঁৰ চৰিত্ৰ আৰু জীৱনী আছিল কুৰআন।” অর্থাৎ কুৰআন পাঠ কৰাৰ লগত তেওঁৰ জীৱনী পাঠ কৰিলে আৰু তেওঁৰ হাদীছ পাঠ কৰিলে কেনেকৈ তেওঁ কুৰআনৰ প্রতি আমল কৰিছে সেয়া বাস্তৱ ভাবে বুজা যাব।
আইয়ুব চুখতিয়ানীৰ পৰা বর্ণিত, জনৈক ব্যক্তি মুতাৰৰেফ বিন আবদুল্লাহ বিন শিখ্খীৰক কৈছে , কুৰআন ব্যতীত অন্য কিবা আমাৰ ওচৰত বর্ণনা নকৰিব। তেতিয়া তেওঁ কলে , আল্লাহৰ শপত আমি কুৰআনৰ বিপৰীতে একো নিবিচাৰো। কিন্তু আমি তেওঁক বিচাৰো যিজনে কুৰআন সম্পর্কে আমাতকৈ বেছি জ্ঞান ৰাখিছিল ।” (ইবনে আবদুল বাৰ্ জামে বায়ানুল ইলম ২/১১৯৩)
তাৰপিছত ৰাছূলুল্লাহ (ছা:)ৰ সম্পূর্ণ জীৱনীৰ অনুসৰণ নকৰি বাহ্যিকভাবে কুৰআন মনাৰ দাবী কৰা হলেও, মূলত: সেয়া অমান্য কৰাৰেই সমান। কিয়নো তেওঁৰ জীৱনী আমাৰ আদর্শ।(আহযাব, ২১) তেওঁক অনুসৰণ কৰিলেই আমি সঠিক হিদায়ত লাভ কৰিম। (বাক্কৰাহঃ: ১৩৫) তেওঁক অনুসৰণ কৰিলে আল্লাহকেই অনুসৰণ কৰা হয়। (নিছা:৮০) তেওঁক অনুসৰণ কৰিলে আল্লাহ্ আমাক ভালপাব আৰু আমাৰ গুনাহ মাফ কৰি দিব। (আলে ইমৰাণ: ৩১)
(১) ছালাত: মুছলিমসকলৰ আটাইতকৈ ডাঙৰ ফৰজ ইবাদত। এই ইবাদত কাৰ ওপৰত, কোন কোন সময়ত,দিন-ৰাতিত কিমান বাৰ, কিমান ৰাকাত, কি পদ্ধতিত আদায় কৰিব লাগিব , ৰুকু-ছিজদাৰ নিয়ম ইত্যাদি একোৱেই কুৰআনত উল্লেখ হোৱা নাই। ছালাতৰ বাবে কি পদ্ধতিত কি শব্দ উচ্চাৰণ কৰি আহ্বান কৰিব লাগিব ? মানুহ মৃত্যু বৰণ কৰিলে তেওঁৰ জানাযা ছালাত কি পঢ়িব লাগিব নে ? দুই ঈদৰ ছালাত বুলি কি কিবা আছে নেকি ? এইবোৰ নবী (ছা:) ৰ হাদীছৰ পৰাই জানিব লাগিব ।
(২) যাকাত: ইছলামৰ দ্বিতীয় স্তম্ভ। কোন ধৰণৰ সম্পদ,কি পৰিমাণ, কিমান দিন ওচৰত থাকিলে, কি পৰিমাণ যাকাত দিব লাগিব । উট, গৰু, ছাগলী, শস্য, সোন-ৰূপ ইত্যাদি সম্পদৰ যাকাতৰ বিস্তাৰিত বিবৰণ কি? ৰমজানৰ শেষত যাকাতুল ফিতৰ দিব লাগিব নে নাই? ইত্যাদি হাদীছৰ পৰাই জানিব লাগিব ।
(৩) পবিত্রতা: পবিত্রতাৰ ক্ষেত্রত কুৰআনত কিছুমান বিস্তাৰিত থাকলেও নাৰীসকলৰ ঋতু অবস্থাত তেওঁৰ লগত কি আচৰণ কৰিব লাগিব তাৰ বিবৰণ হাদীছৰ পৰা লব লাগিব । কুৰআনৰ বাহ্যিক অর্থ অনুযায়ী সেই অৱস্থাত ঋতুমতীৰ লগত উঠা-বহা, পানাহাৰ, কথা কোৱা , শুই থকা, স্পর্শ কৰা একো কৰা নাযাব (২:২২২)। কিন্তু হাদীছে কৈছে , সেই অৱস্থাত কেৱল সহবাস ব্যতীত সকলো কৰা যাব।
(৪) হজ্জ: ইছলামৰ পঞ্চম স্তম্ভ। জীৱনত কিমান বাৰ হজ্জ ফৰজ? ইহৰাম কেনেকৈ বান্ধিব লাগিব , কাবা ঘৰৰ তওয়াফ কেনেকৈ , কিমান বাৰ কৰিব লাগিব ? কেনেকৈ কিমান বাৰ চাফা-মাৰওৱা ছাঈ কৰিব লাগিব , মিনা, আৰাফাত, মুযদালিফা, কুৰবানী কৰিব লাগিব নেকি ? ইত্যাদিৰ বিস্তাৰিত বিবৰণ হাদীছৰ পৰাই লব লাগিব ।
(৫) ছিয়াম বা ৰোজা: এই সম্পর্কে কিছু মাছআলা কুৰআনত থাকিলেও বিস্তাৰিত বিবৰণ হাদীছৰ পৰাই লব লাগিব ।
(৬) চুৰিৰ শাস্তি: চোৰৰ হাত কাটিব লাগিব কুৰআনত আছে। কিন্তু কি পৰিমাণ সম্পদ চুৰি কৰিলে হাত কটা যাব আৰু কি পৰিমাণত হাত কটা নাযাব তাৰ বিবৰণ হাদীছৰ পৰা লব লাগিব । কিয়নো ১টকা চুৰি কৰা আৰু ১ লাখ টকা চুৰি কৰাৰ অপৰাধ কিন্তু একেই। উভয় ক্ষেত্রত ব্যক্তি চোৰ সাব্যস্ত হব। কিন্তু শাস্তিৰ ক্ষেত্রত অৱশ্যই এক সমান নহব। তাৰোপৰি হাত কাটিলে কিমান পৰিমাণ কাটিব লাগিব ? কব্জিৰ পৰা নে কিলাকুটিৰ পৰা নে সম্পূর্ণ হাত কাটিব লাগিব ?
(৭) মীৰাছ: মা অনুপস্থিত থাকিলে দাদী মীৰাছ পাব নে নাই?
(৮) বিবাহ: স্ত্রীৰ ফুফু অথবা মাহীক বিবাহ কৰা বৈধ নেকি ? দুগ্ধ সম্পর্কিত কোন কোন নাৰীক বিবাহ কৰা হাৰাম ইত্যাদি বিবৰণ কুৰআনত নাই । হাদীছত আছে ।
(৯) মদপান: কুৰআনত মদ্যপান হাৰাম কৰা হৈছে। এতিয়া হেৰোইন, আফিং, ধপাত ইত্যাদি মাদকদ্রব্য কুৰআনৰ কোনো আয়াতৰ মাধ্যমত হাৰাম কৰিব? হাদীছৰ মূলনীতিৰ মাধ্যমত সেয়া হাৰাম হব। “যি বেছি খালে বা সেৱন কৰিলে মাদকতা বা নিচা আহে, তাৰ অলপেই হাৰাম ।” (আবু দাউদ)
(১০) মৃত প্রাণী খোৱা : কুৰআনে কৈছে মৃত প্রাণী খোৱা হাৰাম। কিন্তু হাদীছে কৈছে পানীৰ মাছ মৃত হলেও সেইটো খোৱা হালাল। কুৰআনত পশুকুলৰ মাজত কেৱল শুকৰকেই নিষিদ্ধ কৰা হৈছে। কুকুৰ-শিয়াল, মেকুৰী , বান্দৰ, বাঘ-ভালুক, সাপ-বিচ্ছু, পোক-মকৰা, কীট-পতঙ্গ, ঈগল, চিলনী, বাজ, শগুন… ইত্যাদি হাৰাম হোৱাৰ ক্ষেত্ৰত হাদীছত মূলনীতি বান্ধি দিয়া হৈছে। সেয়া হৈছে , “দাঁতৰ দ্বাৰা চিকাৰ কৰি এই ধৰণৰ সকলো হিংস্র পশু হাৰাম । আৰু থাপ মাৰি চিকাৰ কৰে এনে প্রত্যেক পক্ষী হাৰাম ।” (বুখাৰী আৰু মুছলিম)
(১১) ছালাত কছৰ কৰা: কুৰআনৰ ছুৰা নিছা (আয়াত ১০১) চফৰ অৱস্থাত শত্রুৰ ভয় থাকিলে ছালাতক কছৰ কৰিব কোৱা হৈছে; অথচ ৰাছূলুল্লাহ (ছা:) ভয় থাকক আৰু নাথাকক উভয় অৱস্থাত ছালাত কছৰ কৰিবলৈ কৈছে, “ছালাত কছৰ কৰা আল্লাহৰ পক্ষৰ পৰা এটা ছদকা, গতিকে তোমালোকে আল্লাহৰ ছদকা গ্রহণ কৰা।” (মুছলিম)
(১২) পুৰুষসকলৰ বাবে সোণ আৰু ৰেচম ব্যবহাৰ কৰা: কুৰআন কয়, “কোনে আল্লাহৰ সৌন্দর্যক হাৰাম কৰিছে, যিটো তেওঁ তেওঁৰ বান্দাসকলৰ বাবে পঠিয়াইছে? (আৰাফ: ৩২) অথচ হাদীছত ৰাছুলুল্লাহ (ছা:) এ পুৰুষসকলকৰ বাবে সোণ আৰু ৰেচম ব্যৱহাৰক হাৰাম কৰিছে। (হাকেম)
এই ধৰণৰ আৰু অসংখ্য অগণিত বিষয় আছে যিবলাক কুৰআনক সন্মুখত ৰাখি তাৰ ব্যাখ্যা হাদীছৰ পৰা জানি লব লাগিব।
জনৈক মহিলা ইবনে মাছউদ (ৰাঃ) ক কৈছে , আপুনি নেকি কৈছে , “যি নাৰীয়ে (হাতত বা মুখমণ্ডলত) খোদাই কৰে নক্সা কৰে আৰু যিসকলে নক্সা কৰি লয়, যি নাৰীসকলে ভ্রুৰ চুলি উঠাই লয় আৰু যি নাৰীসকলে দাঁত সুন্দৰ কৰাৰ বাবে তাত ফাঁক সৃষ্টি কৰে তেওঁলোকৰ সকলোকে আল্লাহে লানত কৰিছে? তেওঁ কৈছে, হয়, সত্য কথা। মহিলাজনীয়ে কলে, মই আল্লাহৰ কিতাপ প্রথমৰ পৰা শেষলৈকে পাঠ কৰিছো, কিন্তু কতো এইকথা নাপালোঁ ? ইবনে মাছউদ (ৰা:) কৈছে , তুমি যদি কুৰআন পঢ়িলেহেতেন তেতিয়াহলে সেয়া পালেহেতেন। তুমি কি পঢ়া নাই আল্লাহৰ বাণী:
ومَا آتَاكُمُ الرَّسُولُ فَخُذُوهُ وَمَا نَهَاكُمْ عَنْهُ فَانْتَهُوا وَاتَّقُوا
“ৰাছুলে তোমালোকক যি দিয়ে সেয়া গ্রহণ কৰা আৰু যিটোৰ পৰা তেওঁ তোমালোকক নিষেধ কৰে তাৰ পৰা বিৰত থকা।” (হাশ্বৰঃ ৭) তেঁও কলে, এইকথা তো কুৰআনত আছে। তেওঁ কৈছে , মই ৰাছুলুল্লাহ (ছা:)ক উক্ত কথা কোৱা শুনিছো। (বুখাৰী আৰু মুছলিম)
তাৰপিছত যিসকলে কুৰআন মনাৰ দাবী কৰিব,তেওঁলোকৰ হাদীছ নামানি উপায় নাই। হাদীছ মানিলেই কুৰআন মনা হব আৰু সত্য অর্থত তেওঁলোকে কুৰআনৰ অনুসাৰী হব আৰু প্রকৃত মুছলমান হব।
মজলুম ইমাম বুখাৰী আৰু ৰাছুল ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লামৰ যুগত হাদীছ লিখাৰ প্রচলন:
হাদীছৰ অস্বীকাৰকাৰীসকলে ইমাম বুখাৰী (ৰহঃ) ৰ ওপৰত আটাইতকৈ বেছি আক্রমণ কৰে। কয় যে, তেওঁ নেকি ৰাছুল ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লামৰ মৃত্যুৰ ২০০/৩০০ বছৰ পিছত সকলোৰ আগত হাদীছ লিখিছে আৰু মিছা বিয়পাইছে ! কি দুঃখজনক আশ্চর্য ধৰণৰ মূর্খতা! সচাই আপুনি মাজলুম হে ইমাম বুখাৰী! সেয়া কি? তেওঁলোকেই তো আপোনাৰ পূর্বে নবী-ৰাছুলসকলকো মিত্যাবাদী বুলি কবলৈ এৰা নাই, আপোনাক তো ক’বই।
فَإِنْ كَذَّبُوكَ فَقَدْ كُذِّبَ رُسُلٌ مِنْ قَبْلِكَ جَاءُوا بِالْبَيِّنَاتِ وَالزُّبُرِ وَالْكِتَابِ الْمُنِيرِ
এতেকে যদি সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ কৰে, তেন্তে (জানি থোৱা) তোমাৰ আগত যিবোৰ ৰাছুল স্পষ্ট নিদৰ্শন, আচমানী ছহীফা আৰু দিপ্তিমান কিতাবসহ আহিছিল তেওঁলোকৰ প্ৰতিও মিথ্যাৰোপ কৰা হৈছিল।
(ছুৰা আলে ইমৰাণ: ১৮৪)
যিজন ইমাম বুখাৰী হাদীছ সংকলনৰ ক্ষেত্রত আটাইতকৈ বেছি সতর্কতা অৱলম্বন কৰিছিল, বিশুদ্ধ হাদীছ সংগ্রহ কৰিবলৈ আটাইতকৈ বেছি পৰিশ্রম কৰিছিল। সেই ইমাম বুখাৰী (ৰহঃ) আজি মিছা অপবাদত আক্রান্ত। ইছলামৰ শত্রুসকলে এনেদৰেই কৈ থাকে।
ৰাছুল ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ যুগত হাদীছ লিখাৰ প্রচলন
মই ইয়াত উল্লেখ কৰিম যে ইমাম বুখাৰীয়েই সর্বপ্রথম হাদীছ সংকলন কৰা নাই বা লিপিবদ্ধ কৰা নাই ; বৰং ৰাছূলুল্লাহ (ছা:) যুগতেই কিছু কিছু হাদীছ লিপিবদ্ধ আৰম্ভ হৈছিল। যেনেকৈ তেওঁ নিজেই হাদীছ সংৰক্ষণ কৰাৰ তাগিদো দিছিল।
তেওঁ বিদায় হজ্জৰ ভাষণ দিয়াৰ পিছত কৈছিল ,
মোৰ এই কথাবোৰ যিসকল উপস্থিত আছে তেওঁলোক অনুপস্থিত লোকসকলৰ ওচৰত যেন পৌঁছাই দিয়ে। (বুখাৰী আৰু মুছলিম)
জুবাইৰ বিন মুততেম (ৰাঃ) ৰ পৰা বর্ণিত, তেওঁ কৈছে, ৰৰাছূলুল্লাহ (ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম) বিদায় হজ্জত, মিনাৰ মছজিদে খায়ফত আমাৰ সম্মুখত বক্তব্য ৰাখিছিল । তেওঁ কৈছে:
مَنْ لَمْ يَسْمَعْهَا فَرُبَّ حَامِلِ فِقْهٍ لا فِقْهَ لَهُ ، وَرُبُّ حَامِلِ فِقْهٍ إِلَى مَنْ هُوَ أَفْقَهُ مِنْهُ
“আল্লাহে সেই বান্দাক উজ্জ্বলতা দান কৰক, যিজনে মোৰ কথা শুনিছে, মুখস্থ কৰিছে আৰু ধাৰণ কৰি ৰাখিছে । তাৰপিছত যিসকলে সেয়া শুনা নাই সিহঁতৰ ওচৰত পৌঁছাই দিছে। কিয়নো বহুত জ্ঞান বহনকাৰী, নিজে জ্ঞানী নহয়। আৰু বহুত জ্ঞান বহনকাৰী ব্যক্তিয়ে তেওঁতকৈ বেছি জ্ঞানীৰ ওচৰত সেয়া পৌঁছাই থাকে।” (ত্বাবৰানী)
১) আবু হুৰাইৰা (ৰা:) কৈছে,
নবী (ছা:) ৰ চাহাবীসকলৰ মাজত মোতকৈ বেছি কোনেও হাদীছ বর্ণনা কৰা নাই । পিছে আবদুল্লাহ বিন আমৰৰ কথা ভিন্ন। কাৰণ তেওঁ হাদীছ লিখি ৰাখিছিল, আৰু মই লিখা নাছিলো। (চহীহ্ বুখাৰী, ১/১৯৩)
২) ৰাছূলুল্লাহ (ছা:) মক্কা বিজয়ৰ পিছত এটা ভাষণ দিলে আৰু মুছলিম জাতিৰ বাবে কিছু বিধি-বিধান আলোচনা কৰিলে। তেওঁৰ ভাষণ শেষ হলে আবু শাহ্ নামৰ জনৈক ব্যক্তি যিজন ইয়েমেনেৰ পৰা আহিছিল তেওঁ কলে, হে আল্লাহৰ ৰাছুল(ছা:)! মোক এইবোৰ লিখি দিয়ক। তেতিয়া ৰাছূলুল্লাহ (ছা:) কৈছে , اكْتُبُوا لِأَبِي شَاهٍ তোমালোকে আবু শাহক হাদীছ লিখি দিয়া।(বুখাৰী ৮/২৯৩, হা/২২৫৪)
৩) আবু জুহাইফাই কৈছে , মই আলী (ৰা:)ক প্রশ্ন কৰিলো, আল্লাহৰ কিতাপ ব্যতীত কোনো কিতাপ কি আপোনালোকৰ ওচৰত আছে? তেওঁ কৈছে , আল্লাহৰ কিতাপ ব্যতীত কোনো কিতাপ মোৰ ওচৰত নাই । পিছে আল্লাহৰ কিতাপৰ জ্ঞান যি কোনো মুছলিমক আল্লাহে দিছে আৰু এই চহীফা (দফতৰ) ৰ ভিতৰত যি লিখা আছে। মই কলো, চহীফাত কি লিখা আছে? তেওঁ কলে, ৰক্তপণ, বন্দী মুক্তিৰ নিয়ম, আৰু লিখা আছে, কাফিৰক হত্যা কৰাৰ কাৰণে মুছলিমক হত্যা কৰা নাযাব।
৪) বুখাৰীৰ অন্য বর্ণনাত আলী(ৰা:) পৰা আৰু উল্লেখ আছে, চহীফাত আৰু লিখা আছে কোনেও কাকো জখম কৰিলে তাৰ বিচাৰ কি পন্থাত কৰিব লাগিব , উটৰ বয়স কিমান হলে যাকাত দিব লাগিব , মদীনাৰ হাৰাম এলাকাৰ সীমা কিমান দূৰ? কোনো মুছলিমে যদি কাৰোবাক নিৰাপত্তা দিয়ে তাৰ বিধান কি? আৰু সেই নিৰাপত্তা লঙ্ঘন কৰিলে তাৰ কৰণীয় কি? ইত্যাদি। (দীর্ঘতাৰ ভয়ত সম্পূৰ্ণ হাদীছটো উল্লেখ নকৰিলো) (দ্রঃ বুখাৰী ১/১৯১,হা/১০৮ ও ১০/৪৩৪ হা/২৯৩৬ হাদীছটো আৰু বর্ণনা কৰিছে ইমাম মুছলিমে, হা/১৩৭০। ইমাম আহমদ)
৫) ইমাম আহমাদ আৰু হাকেমে আৰু বর্ণনা কৰিছে যে,আবদুল্লাহ বিন আমৰ বিন আছ (ৰা:) ৰ ওচৰত এটা কিতাপ আছিল, যিটো তেওঁ ৰাছূলুল্লাহ (ছা:) ৰ ওচৰৰ পৰা লিখি ৰাখিছিল। সেই কিতাপ খনৰ নাম আছিল ‘ছাহীফা ছাদেকা। (ঐ)
এই সকলো বর্ণনাৰ পৰা এইকথা স্পষ্ট হয় যে, চাহাবায় কেৰামসকলে নবী ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লামৰ হাদীছ লিপিবদ্ধ কৰিছিল । তেওঁলোকৰ ভিতৰত আলী (ৰাঃ) আবদুল্লাহ বিন আমৰ বিন আছ, জাবেৰ বিন আবদুল্লাহ (ৰা:) অন্যতম। ইয়াৰ বাহিৰেও আৰু বহুত চাহাবীয়ে হাদীছ লিখি ৰাখিছিল। তেওঁলোকৰ প্রত্যেকেৰে ওচৰত চহীফা আছিল ।
বিশিষ্ট গবেষক আৰু মুহাদ্দিছ মুহাম্মদ মোস্তফা আযামী ‘দেৰাছাহ্ ফীল হাদীছ আন্ নববী ওৱা তাৰিখে তাদভীনেহী’ (পৃঃ ৯২-১৪২) নামক গ্রন্থত উল্লেখ কৰিছে যে, প্রায় ৫২জন চাহাবীয়ে হাদীছ লিপিবদ্ধ কৰিছে। চাহাবায়ে কেৰামৰ পিছত তাবেঈদ সকলৰ ভিতৰতো বহুতে হাদীছ লিপিবদ্ধ কৰিছে আৰু তেওঁলোকৰ ওচৰত চহীফা আছিল । আৰু তেওঁলোকৰ সংখ্যা প্রায় ১৫২ আছিল ।
হাদীছ নিলিখাৰ দলীল
বিৰুদ্ধবাদীসকলে হাদীছ লিপিবদ্ধ নকৰা সংক্রান্তত এটি হাদীছ পাই খুবেই চিঞৰ-বাখৰ কৰি কয় যে হাদীছ লিখিবলৈ নিষেধ কৰা হৈছে। হাদীছটো নিম্নৰূপ:
আবু ছাঈদ খুদৰী (ৰা:) কৈছে ,ৰাছুলুল্লাহ (ছা:) কৈছে , “তোমালোকে মোৰ ওচৰৰ পৰা একো কিবা নিলিখিবা। যি ব্যক্তিয়ে মোৰ ওচৰৰ পৰা কুৰআন ব্যতীত অন্য কিবা লিখিব সি যেন সেয়া নাইকিয়া কৰি দিয়ে। আৰু তোমালোকে মোৰ ওচৰৰ পৰা হাদীছ বর্ণনা কৰা অসুবিধা নাই । যি ব্যক্তি মোৰ ওপৰত মিছা আৰোপ কৰিব সি তাৰ ঠিকনা জাহান্নামত নির্ধাৰণ কৰি লব।” (মুছনাদে আহমাদ, ১৭/৪৪৩ হা/১১৩৪৪, মুছলিম ১৪/২৯১)
তেওঁলোকৰ দাবী যিহেতু এই হাদীছত কুৰআন ব্যতীত অন্য কিবা লিখা নিষেধ কৰা হৈছে, অৰ্থাৎ পৰবর্তী যুগতো হাদীছ লিখা নিষেধ। তেওঁলোকে যি হাদীছটোক তেওঁলোকৰ মতৰ পক্ষত পায়, সেইটো উল্লেখ কৰি ক্ষান্ত হয়। তেওঁলোকৰ ওচৰত এই হাদীছটো যদি সত্য বুলি গণ্য হয়, অৰ্থাৎ ওপৰত উল্লেখিত হাদীছবোৰো সত্য। মতৰ পক্ষত কিবা পোৱা গ’লে গ্রহণ কৰিব লাগিব , আৰু বিপক্ষৰ সঠিক কথাবোৰো গ্রহণ কৰা নাযাব, এইটো তো সুবিধাবাদীসকলৰ নীতি।
কিন্তু সঠিক নীতি হল, সকলোবোৰ হাদীছৰ প্রতি আমল কৰিব বিচাৰিলে উভয় ধৰণৰ হাদীছৰ মাজত সামঞ্জস্য বিধান কৰিব লাগিব। কোনো দৃষ্টিভঙ্গি লৈ হাদীছবোৰ কোৱা হৈছে তাৰ কাৰণ অনুসন্ধান কৰিব লাগিব ।
ইয়াত তিনি ধৰণৰ সমাধান উল্লেখ কৰা যাব পাৰে:
প্রথমত: প্রাধান্য দিয়া। অনুমতি সংক্রান্ত হাদীছবোৰক নিষেধৰ হাদীছৰ ওপৰত প্রাধান্য দিব লাগিব । কিয়নো হাফিজ ইবনে হাজাৰে উল্লেখ কৰিছে যে, ইমাম বুখাৰী আৰু আবু দাউদে এই হাদীছৰ এজন ৰাবী ‘হাম্মাম’ হাদীছটোক মাৰফূ’ সূত্রত বর্ণনা কৰি ভুল কৰিছে। হাদীছটো মাওকূফ হিচাবেই সঠিক। অর্থাৎ এইটো আবু ছাঈদ খুদৰী (ৰা:) ৰ কথা, ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লামৰ কথা নহয় । তেতিয়া আৰু কোনো সমস্যা নাথাকে । হাদীছ লিখাৰ অনুমতিৰ ক্ষেত্রত যি মাৰফূ’ হাদীছ সমূহ আছে সেয়াই প্রাধান্য পাব।
দ্বিতীয়ত: ৰহিত। অর্থাৎ হাদীছ লিখাৰ অনুমতি সংক্রান্ত হাদীছৰ দ্বাৰা নিষিদ্ধতাৰ হাদীছ ৰহিত হৈ গৈছে। কিয়নো অনুমতি সংক্রান্ত হাদীছবোৰ পিছৰ। অর্থাৎ বিদায় হজ্জৰ সময়ত, যি ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ ইন্তেকালৰ অলপ দিনৰ পূর্বে আছিল।
তৃতীয়ত: সামঞ্জস্য বিধান। ইমাম বাইহাকীয়ে কৈছে , সম্ভৱত: পাহৰি যোৱা যি সকল চাহাবীৰ ক্ষেত্ৰত আশংকা কৰা হৈছিল তেওঁলোকক লিখিবলৈ অনুমতি দিয়া হৈছিল । আৰু যাৰ স্মৰণ শক্তি দৃঢ় তাক লিখিব নিষেধ কৰা হৈছে । অথবা যিসকলে কুৰআনৰ পৰা হাদীছক পার্থক্য কৰিব নোৱাৰিব বা যিসকলৰ ওচৰত কুৰআন আৰু হাদীছ সংমিশ্রণ হৈ যোৱাৰ সম্ভাৱনা আছিল তেওঁলোকক লিখিব নিষেধ কৰা হৈছে। আৰু যিসকলৰ ক্ষেত্রত এই সম্ভাৱনা নাই তেওঁলোকক অনুমতি দিয়া হৈছে ।
ইমাম যাৰকাশীয়ে সামঞ্জস্য বিধানৰ আৰু কিছুমান মত উল্লেখ কৰিছে:
(১) নিষেধৰ হাদীছ কেৱল ৰাছূলুল্লাহ (ছা:)ৰ জীৱিত থকা কালত প্রযোজ্য। কিয়নো ৰহিত কৰণ তেতিয়াও হৈ আছিল । তেতিয়া হাদীছ লিখিলে ৰহিত কাৰী হাদীছ আৰু ৰহিত কৃত হাদীছ সংমিশ্রিত হৈ যাব, সেয়ে নিষেধ কৰা হৈছিল। চাওকচোন , বিদায় হজ্জৰ খুতবাত ‘আবু শাহ’ নামৰ লোকজনক হাদীছ লিখি দিবলৈ অনুমতি দিয়া হৈছে।
(২) নিষেধৰ কাৰণ আছিল, যাতে লিখকে কেৱল হাদীছৰ লিখিত বস্তুৰ ওপৰত ভৰসা কৰিব, ফলত মুখস্থ কৰাৰ প্রৱণতা হ্রাস পাব।
(৩) যাতে কুৰআনৰ সমতুল্য আৰু এটা কিতাপ নৰখা হয়। সেয়ে নিষেধ কৰা হৈছিল।
এই মতবিৰোধ কেৱল প্রথম যুগৰ বাবে প্রযোজ্য আছিল । পৰবর্তী সময়ত উম্মতে মুছলিমাৰ সকলো আলিমেই হাদীছ লিপিবদ্ধ কৰাৰ বিষয়ে ঐকমত পোষণ কৰিছে।
সেয়ে গ্ৰন্থাকাৰত ইমাম মালিক (ৰহঃ) সর্বপ্রথম হাদীছৰ গ্রন্থ লিখিছে, যিজন ‘মুআত্বা’ নামে মুছলমান সমাজত পৰিচিত । আজিলৈকে সেই কিতাপ মুছলিম সকলৰ ওচৰত নির্ভৰযোগ্য সমাদৃত হাদীছ গ্রন্থ। তেওঁ ৯৩হিঃ চনত জন্ম গ্রহণ কৰিছে। অর্থাৎ ইমাম বুখাৰীৰ জন্মৰ প্রায় এশ বছৰ পূর্বে। আৰু ইমাম মালিক ‘ৰাবীয়া’ৰ ওচৰৰ পৰা হাদীছ লৈছে। যিজনে মৃত্যু বৰণ কৰে ১৩৬ হি: চনত। ৰাবীয়া অসংখ্য চাহাবীৰ লগত সাক্ষাৎ কৰি তেওঁলোকৰ পৰা হাদীছ লৈছিল ।
ইমাম মালিকে ইবনে শিহাব যুহৰী পৰাও হাদীছ সংগ্রহ কৰিছে। যিজনে ৰাছুল ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লামৰ দহৰ অধিক চাহাবীৰ লগত সাক্ষাত লাভ কৰিছে আৰু তেওঁলোকৰ ওচৰৰ পৰা হাদীছ সংগ্রহ কৰিছে।
ইমাম মালিকে ‘নাফে’ ৰ পৰা ৮০টা হাদীছ সংগ্রহ কৰিছে। তেওঁ ডাঙৰ তাবেঈসকলৰ অন্যতম আছিল । তেওঁ চাহাবী ইবনে ওমাৰ (ৰা:) ৰ ত্ৰিশ বছৰ খিদমত কৰিছে আৰু তেওঁৰ ওচৰৰ পৰা হাদীছ লৈছে । নাফে আৰু হাদীছ লৈছে আবু ছাঈদ খুদৰী, আয়েশা, উম্মে ছালমা, আবু হুৰাইৰা (ৰা:) প্রমুখৰ পৰা। নাফে’ মদীনাত মৃত্যু বৰণ কৰে ১৫৯ হিজৰিত। অর্থাৎ ইমাম বুখাৰীৰ জন্মৰ ২৫বছৰ পূর্বে।
পঞ্চম খলীফা নামে পৰিচিত ওমাৰ বিন আবদুল আযীয যেতিয়া খিলাফতৰ দায়িত্ব গ্রহণ কৰে ১০১ হিজৰিত অর্থাৎ ইমাম বুখাৰীৰ জন্মৰ ৯৩ বছৰ পূর্বে, তেতিয়া তেওঁ ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ হাদীছ সংগ্রহৰ বাবে অধ্যাদেশ জাৰি কৰে।
এই আলোচনাৰ পিছত সত্য উদ্ঘাটন হৈছে গতিকে,
فَمَاذَا بَعْدَ الْحَقِّ إِلَّا الضَّلَالُ
“সত্য ত্যাগ কৰাৰ পিছত বিভ্ৰান্তিৰ বাহিৰে আন কি থাকিব পাৰে ?।” (ছুৰাঃ ইউনুছ: ৩২)
يَا أَيُّهَا النَّبِيُّ حَسْبُكَ اللَّهُ وَمَنِ اتَّبَعَكَ مِنَ الْمُؤْمِنِينَ
হে নবী! তোমাৰ বাবে আৰু তোমাৰ অনুসাৰীসকলৰ বাবে আল্লাহেই যথেষ্ট।
( ছূৰা আনফল , ৬৪)
আফচোচ হাদীছ অস্বীকাৰকাৰী সকলৰ বাবে তেওঁলোকে নকলে:
سَمِعْنَا وَأَطَعْنَا غُفْرَانَكَ رَبَّنَا وَإِلَيْكَ الْمَصِيرُ
“শুনিলো আৰু মানিলো, তোমাৰ ক্ষমা বিচাৰো হে আমাৰ পালনকর্তা, তোমাৰ ওচৰতে ঘূৰি যাব লাগিব।” (২:২৮৫)
বৰং সিহঁতে কয়
سَمِعْنَا وَعَصَيْنَا وَاسْمَعْ غَيْرَ مُسْمَعٍ وَرَاعِنَا لَيًّا بِأَلْسِنَتِهِمْ وَطَعْنًا فِي الدِّينِ
“আমি শুনিলো আৰু অমান্য কৰিলো, আৰু কয় শুনা, নুশুনাৰ দৰেই। আৰু সিহঁতেই নিজৰ জিভা ঘূৰাই ললে আৰু ধর্মৰ প্রতি দোষাৰোপ কৰি কয় ‘ৰা-ঈনা’। (৪:৪৬)
সমাপ্ত ।।