============================
‘‘আপোনাক সৃষ্টি নকৰিলে আমি আচমানসমূহ (একোৱেই) সৃষ্টি নকৰিলোঁহেতেঁন’’- (ফাজায়েলে জিকিৰ ৩য় ফচল, ১৪৩ পৃঃ; গৃহীত- ওৱাচিলাৰ শ্বির্ক ১৫ পৃঃ)। এইটো মানুহৰ মুখত হাদীছে কুদচী হিচাবে যথেষ্ট প্রসিদ্ধ। অথচ হাদীছ বিশেষজ্ঞসকলে এই বিষয়ে একমত যে, এইটো এটা ভিত্তিহীন ৰিওৱায়াত, মিছলীয়াসকলৰ বনোৱা কথা। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ হাদীছৰ সৈতে ইয়াৰ সামান্যতমো মিল নাই। ইমাম চাগানি, আল্লামা পাটনী, মোল্লা আলী কাৰী, সেইখ আজলুনী, আল্লামা কাউকজী, ইমাম চাওকানী, মুহাদ্দিছ ‘আব্দুল্লাহ ইবনু ছিদ্দিক আল-গুমাৰী আৰু শ্বাহ ‘আব্দুল ‘আযীয মুহাদ্দিছে দেহলবী (ৰহ.) প্রমুখ্যে মুহাদ্দিছীনে কিৰাম এইটোক জাল বুলি কৈছে। [চাওঁক- ৰিছালাতুল মাওযুআত ৯, তাযকিৰাতুল মাওযু‘আত ৮৬, আল-মাছুন ১৫০, কাছফুল খাফা ২/১৬৪, আল-জুউলুউল মাৰছু ৬৬, আল-ফাওয়ায়েদুল মাজমু‘আ ২/৪১০, আল-বুছিৰী মাদেহুৰ ৰাছুলিল আ‘যম (স.) ৭৫, ফাতাওৱা আযীযিয়া ২/১২৩, ফাতাওৱা মাহমুদিয়া ১/৭৭; গৃহীতঃ প্রচলিত জাল হাদীছ ১৮৬-১৮৭]। কোনো কোনোৱে কৈছে যে, এই ৰিওৱায়াত যদিও জাল; কিন্তু ইয়াৰ মূল বিষয়বস্তু (অর্থাৎ আল্লাহ তা‘আলাই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ খাতিৰতেই এই দুনিয়া সৃষ্টি কৰিছে। তেওঁক পয়দা কৰাৰ ইচ্ছা নকৰিলে তেওঁ একোৱেই পয়দা নকৰিলেহেঁতেন) সঠিক। অথচ আল্লাহ তা‘আলাই এই দুনিয়া আৰু সমগ্র জগতক কিয় সৃষ্টি কৰিলে, তাক ওৱাহীৰ বাহিৰে জনাৰ কোনো উপায় নাই। ওৱাহী কেৱল কুৰআন আৰু ছহীহ হাদীছৰ মাজতে সীমাবদ্ধ। কাজেই যেতিয়ালৈকে কুৰআনৰ আয়াত নাইবা কোনো ছহীহ হাদীছৰ মাধ্যমত এই কথা প্রমাণিত নহ’ব যে, একমাত্র তেওঁৰ খাতিৰতেই সকলোবোৰ সৃষ্টি কৰা হৈছে, তেতিয়ালৈকে এই আক্বীদা পোষণ কৰাৰ কোনো সুযোগ নাই। জনা কথা যে, এইটো কুৰআন মাজিদৰ কোনো আয়াত নাইবা কোনো ছহীহ হাদীছৰ মাধ্যমত প্রমাণিত নহয়। এইটো ওপৰত বর্ণিত জাল ৰিওৱায়াত অথবা এনে ধৰণৰ বাতিল বর্ণনাৰ ভিত্তিত সাধাৰণ মানুহৰ মাজত প্রসিদ্ধি লাভ কৰিছে। যাক তেওঁলোকে আক্বীদাহ তথা মৌলিক বিশ্বাস্য বিষয় বনাই লৈছে। (যাইলুল মাকাছিদিল হাছান, যাইলু তানযীহিচ শ্বৰী‘আতিৰ মাৰফুৱা; গৃহীত : প্রচলিত জাল হাদীছ ১৮৮ পৃঃ)
উল্লেখিত হাদীছদ্বয় ছহীহ নোহোৱাৰ সপক্ষে আল্লামা ইবনু তাইমিয়াই তেওঁৰ মাযমুৱাকে ফাতাওৱা গ্রন্থত ১ম খণ্ডৰ ২৫৪ পৃষ্ঠাত কৈছে : এই হাদীছ যে, কেতিয়াও সত্য হব নোৱাঁৰে তাক আল-কুৰআনৰ তলৰ আয়াতৰ পৰা একেবাৰে দিনৰ পোহৰৰ দৰে স্পষ্ট প্রমাণিত। মহান আল্লাহে কৈছে :
{فَتَلَقَّى آدَمُ مِنْ رَبِّهِ كَلِمَاتٍ فَتَابَ عَلَيْهِ إِنَّهُ هُوَ التَّوَّابُ الرَّحِيمُ}
‘‘তাৰপিছত আদামে তেওঁৰ প্রতিপালকৰ ওচৰৰ পৰা কিছু বাণী প্রাপ্ত হ’ল। আল্লাহে তেওঁৰ প্রতি ক্ষমাশীল হ’ল। তেওঁ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু।’’ (সূৰা আল-বাক্বাৰাহ ৩৭)
ইয়াত আল্লাহ তা‘আলাই কৈছে, আমি আদাম (‘আ.)-ক তাওবাৰ দু‘আ শিকাই দিছোঁ। আনহাতে উল্লেখিত বর্ণনাত প্রমাণিত হয়, এইটো আছিল আদাম (‘আ.)-ৰ নিজা (ইজতিহাদ) গৱেষণা। গতিকে আল্লাহ তা‘আলাই প্ৰশ্ন কৰিবলৈ বাধ্য হ’ল, তুমি মুহাম্মাদ চাল্লাল্লাহ আলাইহি ৱাছাল্লামৰ অছীলা কিয় গ্রহণ কৰিলা? সকলো মুফাচ্ছিৰ এই বিষয়ত একমত যে, কি আছিল সেই ক্ষমা বিচৰাৰ কথাবিলাক? ছুৰাা আ’ৰাফৰ ২৩ নং আয়াতত আল্লাহে সেই তাওবাহ কৰাৰ কথাবোৰ কি আমাক ওৱাহীৰ মাধ্যমত জনাই দিলে। সেয়া হৈছে :
{رَبَّنَا ظَلَمْنَا أَنْفُسَنَا وَإِنْ لَمْ تَغْفِرْ لَنَا وَتَرْحَمْنَا لَنَكُونَنَّ مِنَ الْخَاسِرِينَ}
‘‘হে আমাৰ ৰব! আমি আমাৰ নিজৰ ওপৰত জুলুম কৰিছোঁ, যদি তুমি আমাক ক্ষমা নকৰা, তেনেহ’লে আমি ধ্বংসপ্রাপ্ত হম।’’ (ছুৰা আ’ৰাফ ২৩)
এইটো আল-কুৰআনৰ স্পষ্টবাণী, ইয়াৰ মাজত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নামৰ উল্লেখ ক’ত আছে? আল্লাহ কি বে -মালুম পাহৰি গ’ল ইমান ডাঙৰ এটা আক্বীদাৰ বিষয়? আৰু এইটো আবিষ্কাৰ হ’ল কিহৰ মাধ্যমত যে, আদাম (‘আ.)-এ মুহাম্মাদ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ অছীলাত মাফ পাইছিল। দুঃখজনক হ’লেও সত্য যে, বিদ‘আতীসকলে কুৰআন আৰু ছহীহ হাদীছৰ পৰা কোনো দলীল নাপায় বৰং সিহঁতে জাল হাদীছৰ পৰা যুক্তি বিচাঁৰি বাহিৰ কৰে। দ্বিতীয় বিষয়টো হ’ল ইয়াৰ জৰিয়তে সিহঁতে নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামক সমগ্র জগৎ সৃষ্টিৰ কাৰণ বুলি উল্লেখ কৰে। অথচ কুৰআনৰ মাধ্যমত আল্লাহ তা‘আলাই তেওঁৰ ভাষাত জগৎ সৃষ্টিৰ কাৰণ উল্লেখ কৰি কৈছে :
{وَمَا خَلَقْتُ الْجِنَّ وَالأِ<نْسَ إِلاَّ لِيَعْبُدُونِ}
‘‘আমি জ্বীন আৰু মানুহক অন্য কোনো উদ্দেশ্যত সৃষ্টি কৰা নাই, কেৱল এইকাৰণেই সৃষ্টি কৰিছোঁ সিহঁতে আমাৰ বন্দেগী কৰিব।’’ (ছুৰা যাৰিয়াত ৫৬)
আৰু চাওঁক- আল্লাহ তা‘আলাই দুনিয়াৰ সকলো নিয়ামাত জ্বীন, ইনচানসহ সমস্ত মাখলুকৰ কাৰণে সৃষ্টি কৰিছে। কেৱল নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কাৰণে নহয়- বাক্বাৰাহ ২২-২৯, আন‘আম ৯৭, ইব্রাহীম ৩২-৩৪, ত্বহা ৫৩-৫৪, ফুৰক্বান ৪৭, নামাল ৬০, লুক্বমান ২০, ইয়াছীন ৭১-৭২, যুমাৰ ৬, মু’মিন ৬৪, যুখৰুফ ১০, জাছিয়া ১২-১৩, নূহ ১৯।
প্রশ্ন হ’ল তেওঁ প্রথম সৃষ্টিনে? ইয়াৰ উত্তৰ হৈছে মানুহৰ মাজত প্রথম সৃষ্টি হ’ল আদাম (‘আ.) আৰু বস্তুৰ মাজত প্রথম সৃষ্টি হ’ল কলম। তাৰ প্রমাণ হ’ল আল্লাহ তা‘আলাৰ বাণী :
{إِذْ قَالَ رَبُّكَ لِلْمَلائِكَةِ إِنِّي خَالِقٌ بَشَراً مِنْ طِينٍ}
‘‘যেতিয়া তোমাৰ ৰবে ক’লে আমি মাটিৰ পৰা মানুহ সৃষ্টি কৰিম।’’ (ছুৰা চোৱাদ ৭১)
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে :
إن أول خلق الله القلم
‘আল্লাহ তা‘আলাই প্রথম যি সৃষ্টি কৰিছে সি হ’ল কলম।’(আবূ দাউদ, তিৰমিজী- হাচান ছহীহ)
প্রমাণিত হ’ল পৃথিবী সৃষ্টিৰ উদ্দেশ্য আল্লাহৰ ‘ইবাদাত বা উপাসনা কৰা, নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ব্যক্তিত্ব নহয়। স্বয়ং নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামকো তেওঁৰ ‘ইবাদাত আৰু বন্দেগীৰ কাৰণে সৃষ্টি কৰিছে। তাৰ বাহিৰে নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ অছীলাৰ বিষয়টিও অসাৰ প্রমাণিত হ’ল। বিস্তাৰিত চাওঁক- এই কিতাপৰ অছীলাৰ অধ্যায়ত।