প্ৰশ্ন : – তাৰাবীৰ ছালাত (নামাজ) ৱাজিব নে সুন্নাত?তাৰাবিহ ছালাত(নামাজ) কিমান ৰাকাত ?

“✒তাৰাৱী চলাতৰ(নামাজৰ) ৰাকাত সংখাক লৈ আজি বহু সমাজত বিতৰ্ক চলি আছে ।”
আহক পোষ্টো পঢ়ি চাও ।

প্ৰশ্ন : – তাৰাবীৰ ছালাত(নামাজ)    ৱাজিব নে সুন্নাত?তাৰাবিহ ছালাত(নামাজ) কিমান  ৰাকাত ?

উত্তৰ:-তাৰাবিহ ছালাত(নামাজ) হৈছে এক গুৰুত্বপূর্ণ চুন্নত ।
তাৰাবিহ ছালাতৰ(নামাজৰ) ক্ষেত্রত এনেকুৱা কোনো চহীহ হাদিছ নাই যি হাদিছেৰে তাৰাবীহ চলাতৰ ৰাকাত সংখ্যা নির্দিষ্ট কৰিছে।সেহে নবী(ছ:) ৰ আমল 11 ৰাকাতৰ বেছি  নাছিল।
(বুখাৰী-1886,মুছলিম-1603)
কিন্তু এই হাদিছও তাৰাবিহ চলাতৰ(নামাজৰ) ৰাকাত সংখ্যা নির্দিষ্ট কৰা নাই ।
সেয়ে  তাৰাবীহ ছলাত(নামাজ) সম্পর্কে নবী(ছ:)ক এজনে প্ৰশ্ন  কৰিলে,তাৰাবীহ ছলাত(নামাজ) কেনেকুৱাকৈ আদায় কৰিম?নবী(ছ:)মে কলে, ৰাতিৰ ছলাত(নামাজ) 2ৰাকাত,2 ৰাকাতকৈ আদায় কৰিবা। ফজৰৰ ওৱাক্ত হৈ যোৱাৰ আশঙ্কা হলে এক ৰাকাত চলাত( নামাজ )আদায় কৰি লবা। এই এক ৰাকাতটোৱে পূর্বে আদায়কৃত ৰাকাত সংখ্যাক ৱিতৰ কৰি দিব।
(বুখাৰী-2071)
তাবেয়ীনসকলে তাৰাবীহ ছলাত(নামাজ) 20 ৰাকাত আদায় কৰিছিল।
(মুছন্নাফ ইবনে ছাইবা-164 নং পৃষ্ঠা)
ইবনে কুদামাহ কৈছে;ইমাম আহমদ( ৰ:) আবু হানিফা (ৰ:)আৰু  শ্বাফেয়ী(ৰ:)ৰ পছন্দনীয় মত হল তাৰাবিহ 20 ৰাকাত।ইমাম মালিক  (ৰ:)কৈছে,তাৰাবিহ 36 ৰাকাত।
(আলমুগনী-1/457)
ইমাম নবৱী (ৰ:) ৰ মতে তাৰাবিহ 20 ৰাকাত।
(আলমাজমু-4/31)
শ্বেইখুল ইছলাম ইবনে তাইয়িম্যাহ (ৰ:)কৈছে,যিয়ে ইমাম আবু হানিফা (ৰ:)শ্বাফেয়ী( ৰ:) আৰু  আহমদ (ৰ :)ৰ মত অনুযায়ী 20 ৰাকাত নাইবা মালিকৰ মত অনুযায়ী 36 ৰাকাত নাইবা 13 বা 11ৰাকাত তাৰাবিহ ছলাত (নামাজ) আদায় কৰিলে প্রত্যেকেই ভাল আমল কৰিলে।
(আল ইখতিয়াৰাত,পৃষ্ঠা-64)
বিশ্ব বিখ্যাত আলিম শ্বেইখ চালেহ আল উছাইমীনৰ (ৰ:)মতে কোনোবাই যদি ইচ্ছা কৰে যে, 100 ৰাকাত তাৰাবিহ আদায় কৰিব খোজে ,তেনেহলে সি আদায় কৰিব পাৰে।
সেহে যেহেতু তাৰাবীহ ছলাতৰ(নামাজৰ) ৰাকাত সংখ্যা কোনো চহীহ হাদিছ দ্বাৰা নির্দিষ্ট নাই,সুতৰাং যিয়ে যিমান বেছি তাৰাবিহ ছলাত (নামাজ)আদায় কৰিব সেইটো সিমনেই উত্তম। (বি: দ্ৰ; ভুল হলে সুধুৰাই দিব বুলি আশা
ৰাখিলো ।)

 (✒📚সংগ্ৰহ হাফিজ কাৰী  মো:  ছাইফুল ইছলাম চৌদি আৰব ৰিয়াদ)

Leave a comment