স্বামী স্ত্রী – স্ত্ৰীক মুহাব্বত কৰাৰ ছুন্নতী তৰীকা

স্বামী স্ত্রী – স্ত্ৰীক মুহাব্বত কৰাৰ ছুন্নতী তৰীকা

স্বামী স্ত্রী – স্ত্ৰীক মুহাব্বত কৰাৰ ছুন্নতী তৰীকা

১। ৰাছূলুল্লাহ চাল্লাল্লাহু’ আলাইহি অছাল্লামে স্ত্ৰীসকলক খুব মুহাব্বত কৰিছিল।
২। তেওঁলোকক চুমা দিছিল আৰু কেতিয়াবা কেতিয়াবা তেওঁলোকৰ উৰুত মূৰ থৈ শুই পৰিছিল। স্বামী স্ত্রী |
৩। আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাই পাত্রৰ মুখৰ যি ঠাইত মুখ লগাই পানী পান কৰিছিল, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ঠাইতেই মুখ লগাই পান কৰিছিল।
৪। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে হাড়ৰ যি স্থানৰ পৰা মাংস খোৱা আৰম্ভ কৰিছিল, আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাইও হাড়ৰ সেই স্থানৰ পৰা মাংস খোৱা আৰম্ভ কৰিছিল।
৫। মাজে মাজে স্ত্ৰীসকলৰ সৈতে বহি বিভিন্ন ঘটনা, কাহিনী ও আন্যান্য আলোচনা কৰিছিল। প্ৰতিগৰাকী স্ত্ৰীয়ে নতুন নতুন কাহিনী শুনাইছিল, তেতিয়া ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আনন্দত উৎফুল্লিত হৈ নিজেও কাহিনী শুনাইছিল। আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ মাজত এনেদৰে হাঁহিছিল, কথা কৈছিল আৰু বহি আছিল, আমাৰ মনত ভাৱ হোৱা নাছিল যে তেওঁ এজন মহান পয়গম্বৰ। (উছওৱানে ৰাছূলে আকৰাম)।

স্বামী স্ত্রী – স্ত্ৰীক মুহাব্বত কৰাৰ ছুন্নতী তৰীকা

৬। তেওঁ মাজে মাজে আনছাৰী সৰু ছোৱালীবোৰক খেলা-ধূলা কৰাৰ কাৰণে আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰলৈ মাতি আনিছিল আৰু তেওঁ সিহঁতৰ সৈতে খেলা-ধূলাত যোগ দিছিল।

৭। এবাৰ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ সৈতে দৌৰ প্রতিযোগিতাত অংশ লৈ ইচ্ছা কৰি হাৰি যায়। কিছুদিন পিছত পুনৰাই দৌৰ হোৱাত আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহা হাৰি যায়। ইয়াৰ পিছত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, “হে আয়েশ্বা! আজি মই তোমাক হৰুৱাই দিলোঁ, তুমি মোৰ সৈতে নোৱাৰিলা। এইটো প্রথম প্রতিযোগিতাত তুমি জয়ী হোৱাৰ বদলা।” (আবু দাউদ, হা/২২১৪)।
৮। তেওঁ স্ত্ৰীসকলক ভৰ্ৎসনা-তিৰস্কাৰ কৰা নাছিল আৰু তেওঁলোকৰ সৈতে কৰ্কশ ভাষাত কথা কোৱা নাছিল। বৰং মৰমলগা, মন জুৰোৱা আকর্ষণীয় কথা ও ভাৱ-ভঙ্গীৰে বুজাই দিছিল। তেওঁলোকৰ কোনো কথা মনৰ বিপৰীত হ’লে তেওঁলোকৰ সেই কথাৰ পৰা মনোযোগ ফিৰাই অন্য চিন্তা কৰিছিল।
৯। আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে অত্যন্ত আনন্দ মনেৰে মিচিকিয়া হাঁহিৰে ঘৰৰ ভিতৰত প্রৱেশ কৰিছিল আৰু হৃদয়পূর্ণ ছালাম দিছিল। (উছওৱায়ে হাছানাহ)।

১০। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও বিছনাৰ ক্ষেত্ৰত দোষ ধৰা নাছিল, যি পাইছিল তাৰ ওপৰতেই শুই পৰিছিল। (আদাবু নবী)।

১১। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “তোমালোকৰ ভিতৰত তেৱেঁই উত্তম যিয়ে তেওঁৰ স্ত্রীৰ সৈতে ভাল ব্যৱহাৰ কৰে। মই মোৰ স্ত্রীসকলৰ সৈতে সকলোতকৈ ভাল ব্যৱহাৰ কৰোঁ।” (তিৰমিযী হা/১০৮২)।

Leave a comment