বে-নামাযীৰ তওবা: _________________

বে-নামাযীৰ তওবা:
_________________

#প্রশ্ন: মই মোৰ জীৱনৰ এটা দীর্ঘসময় নামায আদায় কৰা নাই। মই আল্লাহ্‌ৰ ওচৰত তওবা কৰি যোৱা দুই বছৰ ধৰি নিয়মিত নামায আদায় কৰি আহিছোঁ। অতীত জীৱনৰ যি দীর্ঘসময় নামায আদায় কৰা নাছিলোঁ তাৰ হুকুম কি হ’ব?

#উত্তৰ: আলহামদুলিল্লাহ!

আপুনি আপোনাৰ ওপৰত আল্লাহ্‌ৰ নিয়ামতৰ কথা স্মৰণ কৰক যে, আপুনি বে-নামাযী আছিল; কিন্তু আল্লাহ্‌ পাকে আপোনাক ইছলামৰ প্ৰতি ওভতাই আনিছে। গতিকে সময়মতে নিয়মিত নামাযসমূহ আদায় কৰক। অধিক হাৰত নফল নামায আদায় কৰক; যাতে এই নফল নামাযসমূহ আপোনাৰ ঘাটি হোৱা ফৰয নামাযৰ প্রতিকাৰ হ’ব পাৰে।

হুৰাইছ বিন ক্বাবিছা (ৰাঃ) কর্তৃক বর্ণিত হাদিছত তেওঁ কৈছে, মই মদিনালৈ অহাৰ পিছত দু‘আ কৰিলোঁ: হে আল্লাহ্‌ ! মোৰ কাৰণে এজন সৎ সঙ্গী পোৱাটো সহজ কৰি দিয়া। ইয়াৰ পিছত মই আবু হুৰায়ৰা (ৰাঃ)ৰ মজলিছত বহি ক’লো, মই আল্লাহ্‌ৰ ওচৰত দু‘আ কৰিছোঁ, আল্লাহ্‌ পাকে যেন মোক এজন সৎ সঙ্গী দান কৰে। আপুনি মোক এনেকুৱা এটি বাণী শুনাওঁক যি বাণীটো আপুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে; আশা কৰোঁ সেই বাণীৰ মাধ্যমত আল্লাহ্‌ পাকে মোক উপকৃত কৰিব। তেতিয়া তেওঁ ক’লে, মই ৰাছুলুল্লাহ্‌ চাল্লাল্লাহু ‘আলাইহি অছাল্লামক কোৱা শুনিছোঁ¸ তেওঁ কৈছে: কিয়ামতৰ দিনা বান্দাৰ ওচৰৰ পৰা সর্বপ্রথম যি আমলৰ হিচাব লোৱা হ’ব সেইটো হৈছে- নামায। যদি নামায ঠিক থাকে তেনেহ’লে সি উত্তীর্ণ ও সফল হ’ব। আকৌ যদি নামায ঠিক নাথাকে তেনেহ’লে সি ব্যর্থ ও বিফল হ’ব। যদি তাৰ ফৰয নামাযত কিছু ঘাটি থাকে তেতিয়া ৰব্ব-য়ে কব: চোৱা; আমাৰ বান্দাৰ কোনো নফল আমল আছে নেকি? থাকিলে তাৰ দ্বাৰা ফৰযৰ ঘাটি পূৰণ কৰা হ’ব। এনেদৰে তাৰ বাকী আমলসমূহৰো হিচাব লোৱা হ’ব।”[ছুনানে তিৰমিযি (৪১৩), ছহিহুল জামে (২০২০)]

ছুনানে আবু দাউদ গ্রন্থত হাদিছটি আনাচ বিন হাকীম আল-যাব্বিৰৰ পৰা বর্ণিত হৈছে যে, তেওঁ মদিনালৈ অহাৰ পিছত আবু হুৰায়ৰা (ৰাঃ)ৰ সৈতে সাক্ষাৎ হ’ল। তেওঁ মোৰ বংশ-পৰিচয় প্ৰশ্ন কৰিলে। মই মোৰ বংশ-পৰিচয় উল্লেখ কৰিলোঁ। ইয়াৰ পিছত তেওঁ ক’লে: হে যুৱক! মই তোমাক এটি হাদিছ বর্ণনা নকৰিম নে? মই ক’লো: নিশ্চয়; আল্লাহ্‌ পাকে আপোনাৰ প্রতি ৰহম কৰক। (বর্ণনাকাৰী ইউনুছে কৈছে: মোৰ ধাৰণা হৈছে- তেওঁ কথাটি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰাই বর্ণনা কৰিছে।) তেওঁ কৈছে: কিয়ামতৰ দিনা মানুহৰ ওচৰত সর্বপ্রথম যি আমলৰ হিচাব লোৱা হ’ব সেইটো হৈছে- নামায। তেওঁ কৈছে, আমাৰ ৰব্ব-য়ে ফিৰিস্তাসলক কব -অথচ তেওঁ সম্যক অৱগত-: তোমালোকে আমাৰ বান্দাৰ নামায চোৱা; আমাৰ বান্দাই নামায পৰিপূর্ণভাৱে আদায় কৰিছে; নে নামাযৰ ঘাটি আছে? যদি নামায পৰিপূর্ণ পোৱা যায় তেনেহ’লে নামায পৰিপূর্ণ হিচাবে লিখা হ’ব; আৰু যদি নামাযত ঘাটি পোৱা যায় তেতিয়া ৰব্ব-য়ে কব: চোৱা, আমাৰ বান্দাৰ নফল নামায আছে নে নাই? যদি নফল নামায থাকে তেতিয়া কব: নফলৰ দ্বাৰা আমাৰ বান্দাৰ ফৰযৰ ঘাটি পূৰণ কৰা। এনেদৰে অন্য আমলসমূহৰ হিচাব লোৱা হ’ব।”[ছহিহুল জামে (২৫৭১)]

-শাইখ মুহাম্মদ চালেহ আল-মুনাজ্জিদ

Leave a comment