#প্রশ্ন:
আমি মৰক্কোৰ এটি সংস্থাৰ সদস্য। বর্তমান বার্চিলোনাত বসবাস কৰি আছোঁ। আমি ছদকাতুল ফিতৰ বা ফিতৰা কেনেদৰে হিচাব কৰিম?
Published Date: 2014-01-15
#উত্তৰ :
সকলো প্রশংসা আল্লাহৰ কাৰণে।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্রমাণিত হৈছে যে, তেওঁ মুছলিমসকলৰ ওপৰত ছদকাতুল ফিতৰ (ফিতৰা) ফৰজ কৰিছে আৰু সেইটো হ’ল এক স্বা’ খেজুৰ বা এক স্বা’ যব। মানুহে ঈদৰ ছালাতৰ উদ্দেশ্যে বাহিৰ হোৱাৰ আগতে তাক আদায় কৰাৰ আদেশ দিছে। দুই ছহীহ গ্রন্থত (অর্থাৎ বুখাৰী ও মুছলিমত) আবু ছা‘ঈদ আলখুদৰী ৰাদিয়াল্লাহু আনহুৰ পৰা বর্ণিত আছে যে তেওঁ কৈছে : “আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত ছদকাতুল ফিতৰ হিচাবে এক স্বা’ খাদ্যদ্রব্য অথবা এক স্বা’ খেজুৰ অথবা এক স্বা’ যব অথবা এক স্বা’ কিচমিচ প্রদান কৰিছিলোঁ।” [বুখাৰী (১৪৩৭)]
এদল আলিমে এই হাদীছত ব্যৱহৃত ‘খাদ্যদ্রব্য’ শব্দটিৰ ব্যাখ্যাত কৈছে যে, সেইটো হ’ল গম। আকৌ বহুতে ইয়াৰ ব্যাখ্যাত কৈছে যে ইয়াৰ উদ্দেশ্য হ’ল সেই দেশৰ অধিবাসীসকলে যি খায় সেইটো গম, ভুট্টা, পার্ল মিলেট ( pearl millet) বা ইয়াৰ বাহিৰেও অন্য যিকোনো খাদ্যদ্ৰব্য হ’ব পাৰে; এইটোৱেই সঠিক মত। কাৰণ ফিতৰা হৈছে- দৰিদ্রসকলৰ প্রতি ধনীসকলৰ সহানুভূতি। স্থানীয় খাদ্যদ্রব্য হিচাবে বিবেচিত নোহোৱা এনেকুৱা বস্তুৰ দ্বাৰা হকদাৰৰ প্রতি সহানুভুতি প্রকাশ কৰা কোনো মুছলিমৰ ওপৰত ওৱাজিব নহয়। ইয়াতে কোনো সন্দেহ নাই যে, বর্তমানে চাউল ছৌদি আৰবৰ প্রধান খাদ্য, উত্তম আৰু মূল্যৱান খাদ্য। চাউল যবতকৈ উত্তম; যি যবৰ দ্বাৰা ফিতৰা দিয়া জায়েয মর্মে হাদীছৰ ভাষ্যত প্ৰত্যক্ষভাৱে উল্লেখ আছে। ইয়াৰ পৰা জনা গ’ল যে, চাউলৰ দ্বাৰা ছদকাতুল ফিতৰ আদায় কৰাত কোনো দোষ নাই।
ফিতৰাৰ ক্ষেত্রত ওৱাজিব হৈছে- এক স্বা’ খাদ্য প্রদান কৰা। যি স্বা’ বা পাত্র নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ব্যৱহাৰ কৰিছিল সেই স্বা’ অনুযায়ী। সাধাৰণ জোখৰ দুই হাতৰ পৰিপূর্ণ চাৰি অঞ্জলি জোখক এক স্বা’ বোলে। যিটো আলক্কামূছ আৰু অন্যান্য আৰবী অভিধানত উল্লেখ কৰা হৈছে। মেট্রিক পদ্ধতিৰ জোখত ইয়াৰ পৰিমাণ প্রায় ৩ লিটাৰৰ পাত্ৰ এটাৰ সমপৰিমাণ। যদি কোনো মুছলিমে চাউল বা দেশীয় কোনো খাদ্যদ্রব্যৰ এক স্বা’ৰ দ্বাৰা ফিতৰা আদায় কৰে তেনেহ’লে সেইটো জায়েয হ’ব; যদিওবা সেই খাদ্যৰ কথা এই হাদিছত প্ৰত্যক্ষভাৱে উল্লেখ কৰা নাই। এইটোৱেই আলিমসকলৰ দুটি মতৰ মাজত অধিক শক্তিশালী। আকৌ মেট্রিক পদ্ধতিৰ জোখ হিচাবে প্রায় ৩ লিটাৰ জোখৰ পাত্ৰৰ দ্বাৰা দিলেও হ’ব।
সৰু-ডাঙৰ, নাৰী-পুৰুষ, স্বাধীন-ক্রীতদাস সকলো মুছলিমৰ পক্ষৰ পৰা ফিতৰা আদায় কৰা ওৱাজিব। কিন্তু গর্ভস্থিত সন্তানৰ পক্ষৰ পৰা ফিতৰা আদায় কৰা ওৱাজিব নহয় মর্মে আলিমসকলৰ ইজমা (ঐকমত্য) সংঘটিত হৈছে। কিন্তু তাৰ পক্ষৰ পৰাও আদায় কৰা হ’লে সেইটো মুস্তাহাব। কাৰণ উছমান ৰাদিয়াল্লাহু আনহুৰ পৰা এনে ধৰণৰ আমল সাব্যস্ত আছে।
ফিতৰাৰ খাদ্য ঈদৰ নামাযৰ আগতেই বন্টন কৰা ওৱাজিব। ঈদৰ নামাযৰ পিছলৈ পলম কৰা জায়েয নহয়। বৰঞ্চ ঈদৰ এক বা দুই দিন আগতে আদায় কৰি দিলে কোনো অসুবিধা নাই। এই আলোচনাৰ পৰিপ্রেক্ষিতত জনা গ’ল যে, আলিমসকলৰ বিশুদ্ধ মতানুযায়ী ফিতৰা আদায় কৰাৰ সময় আৰম্ভ হয় ২৮ ৰমজান। কাৰণ ৰমজান মাহ ২৯ দিনও হ’ব পাৰে আৰু ৩০ দিনও হ’ পাৰে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবীসকলে ফিতৰা ঈদৰ এদিন বা দুদিন আগতে আদায় কৰিছিল।
ফিতৰা প্রদান কৰাৰ খাত হৈছে- ফকিৰ ও মিছকীন। ইবনে আব্বাছ ৰাদিয়াল্লাহু আনহুমাৰ পৰা প্রমাণিত হৈছে যে, তেওঁ কৈছে : “ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে অনর্থক কাজ ও অশ্লীলতাৰ পৰা পবিত্রকৰণ আৰু মিছকীনসকলৰ কাৰণে খাদ্যৰ উৎস হিচাবে ৰোযা পালনকাৰীৰ ওপৰত ফিতৰা ফৰজ কৰিছে। যি ব্যক্তিয়ে ঈদৰ ছালাতৰ আগতে ফিতৰা আদায় কৰিব সেইটো কবুলযোগ্য ফিতৰা হিচাবে গণ্য হ’ব আৰু যি ব্যক্তিয়ে ঈদৰ নামাযৰ পিছত আদায় কৰিব সেইটো সাধাৰণ ছদকা হিচাবে গণ্য হ’ব।” [ছুনানে আবু দাউদ (১৬০৯) আৰু আলবানীয়ে হাদিছটিক ছহীহ আবু দাউদ গ্রন্থত ‘হাছান’ বুলি আখ্যায়িত কৰিছে]
অধিকাংশ আলিমৰ মতে খাদ্যৰ সলনি খাদ্যৰ মূল্যৰ দ্বাৰা ফিতৰা আদায় কৰিলে ফিৎৰা আদায় নহ’ব। দলীলৰ ফালৰ পৰা এই মতটিয়েই অধিক বিশুদ্ধ। বৰং ওৱাজিব হ’ল খাদ্যদ্রব্যৰ দ্বাৰা ফিতৰা আদায় কৰা। যেনেদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ চাহাবীসকলে আদায় কৰিছিল। উম্মতৰ অধিকাংশ আলিমে এই মতৰ পক্ষ অৱলম্বন কৰিছে। আমি আল্লাহৰ ওচৰত প্রার্থনা কৰিছোঁ যাতে তেওঁ আমাক আৰু সকলো মুছলিমক তেওঁৰ দ্বীনৰ ফিকাহ (প্রজ্ঞা) দান কৰে, ইয়াৰ ওপৰত অটল অবিচল থকাৰ তাওফিক দিয়ে, আমাৰ অন্তৰসমূহ আৰু কাজ-কর্মক পৰিশুদ্ধ কৰি দিয়ে। তেওঁ তো মহামহিম, পৰম কৰুণাময়।” সমাপ্ত [মাজমু ফতোৱা ইবনে বায (বিন বাযৰ ফতোৱা সংকলন) (১৪/২০০)]
শাইখ বিন বায ৰাহিমাহুল্লাহৰ মতে কিলোগ্রামৰ হিচাবত ফিতৰাৰ পৰিমাণ প্রায় ৩ কিলোগ্রাম। ফতোৱা বিষয়ক স্থায়ী কমিটিৰ আলিমসকলেও একেই পৰিমাণ নির্ধাৰণ কৰিছে। (৯/৩৭১)
শাইখ ইবনে উছাইমীন ৰাহিমাহুল্লাহে চাউলৰ দ্বাৰা ফিতৰা দিয়াৰ পৰিমাণ নির্ধাৰণ কৰিছে ২১০০ গ্রাম (অর্থাৎ ২.১কিলোগ্রাম) [ফতোৱায যাকাত (যাকাত বিষয়ক ফতোৱা সংকলন), পৃঃ ২৭৪-২৭৬]
ওজন নির্ধাৰণৰ ক্ষেত্রত এই মতভেদৰ কাৰণ হ’ল স্বা’ হৈছে পৰিমাপৰ একক, ওজনৰ একক নহয়।
কিন্তু আলিমসকলে ওজনৰ দ্বাৰা হিচাব নির্ধাৰণ কৰাৰ চেষ্টা কৰিছে। কাৰণ সেইটো হিচাব ৰখাৰ ক্ষেত্রত বেছি সহজ আৰু সুক্ষ্ম। এই কথা সকলোৱেই জানে যে, বিভিন্ন শস্যদানাৰ ওজন বিভিন্ন ৰকমৰ। ইয়াৰে কিছুমান পাতল, কিছুমানৰ ওজন বেছি আৰু কিছুমান মধ্যম ওজনৰ। আনহাতে একেজাতীয় শস্যদানাৰ ওজনও বিভিন্ন হৈ থাকে। নতুন ফচলৰ ওজন পুৰণা ফচলতকৈ বেছি। সেয়ে সতকর্তাবশতঃ কোনোবাই যদি কিছু পৰিমাণে বেছি আদায় কৰে তেন্তে সেইটো বেছি নিৰাপদ ও উত্তম।
‘আল-মুগনী’ গ্রন্থৰ খণ্ড- ৪, পৃষ্ঠা- ১৬৮ চাওঁক! তাত ফচলৰ যাকাতৰ নিচাব উল্লেখ কৰিবলৈ গৈ ওজনৰ এই হাৰ উল্লেখ কৰা হৈছে।
আল্লাহেই সকলোতকৈ ভালদৰে জানে।
https://islamqa.info/