কোৰআনে আজীম আল্লাহ তাআলাৰ সম্পূৰ্ণ বাণী। কোৰআনে আজীম বিষধভাৱে বুজিবলৈ হাদীছৰ প্ৰয়োজন আছে

#পোষ্টটো_সম্পূৰ্ণ_পঢ়িবলৈ_অনুৰোধ_জনাইছো।

#কোৰআনে_আজীম আল্লাহ তাআলাৰ সম্পূৰ্ণ বাণী। আল্লাই কোৰআন বুজিবলৈ সহজ কৰি দিছে। #চাহাবা (ৰা:) সকলৰ জামানাত #কোৰআনে_আজীম কিতাপ আকাৰে একত্ৰিত হৈছিল। নবী (ছ:) ৰ জামানাত কোৰআন মুখে মুখে মুখস্থ আছিল।

#হাদীছ হৈছে নবী (ছ:) ৰ
সম্পূৰ্ণ জীৱনৰ ঘটনাৱলী ও দৈনন্দিন জীৱন প্ৰণালী সমৃদ্ধ। কোৰআনে আজীম বিষধভাৱে বুজিবলৈ হাদীছৰ প্ৰয়োজন আছে। হাদীছ সমূহ #ইমাম সকলৰ সময়ত একত্ৰিত হৈছিল।

হাদীছসমূহ কাৰ বাণী———-
নবী (ছ:) ৰ বাণী সমূহক আমি হাদীছ বুলি জানো। নবী (ছ:) য়ে যিয়ে কৈছিল সেইবোৰ তেখেতে নিজৰ ফালৰ পৰা কোৱা নাছিল। যি কৈছিল আল্লাৰ ফালৰ পৰা অহাটোকে কৈছিল। এতিয়া আমি অলপ চিন্তা কৰিলে দেখা পাম যে হাদীছ সমূহো মহান আল্লাৰ ফালৰ পৰাই অহা।

হাদীছ সম্পৰ্কে কোৰআনে আজীমত উল্লেখ আছেনে???

১)
৩:১৬৪
আল্লাহে মুমিনসকলৰ প্ৰতি অৱশ্যে অনুগ্ৰহ কৰিছে যে, তেওঁ সিহঁতৰ মাজৰ পৰাই সিহঁতৰ ওচৰত এজন ৰাছুল পঠিয়াইছে, যিজনে তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱাত কৰে, সিহঁতক পৰিশুদ্ধ কৰে লগতে #কিতাব আৰু #হিকমতৰ_শিক্ষা দিয়ে, যদিও সিহঁত আগতে স্পষ্ট বিভ্ৰান্তিত আছিল।�

(((ইয়াত উল্লেখ কৰা #কিতাপ শব্দটোৱে #কোৰআনক বুজাইছে, আৰু #হিকমতৰ_শিক্ষা শব্দটোৱে #হাদীছৰ বাণী সমূহক বুজোৱা নাই জানো???)))

২)
৪:৮০
যিয়ে #ৰাছুলৰ_আনুগত্য কৰিলে নিশ্চয় সি আল্লাহৰেই আনুগত্য কৰিলে, আৰু কোনোবাই বিমুখ হ’লে তেন্তে (জানি থোৱা) আমি তোমাক সিহঁতৰ ওপৰত তত্ত্বাৱধায়কৰূপে প্ৰেৰণ কৰা নাই।

((( #ৰাছুলৰ_অনুগত্য কথাষাৰে নবী (ছ:) ক সম্পূৰ্ণ অনুসৰণ কৰাৰ কথা বুজোৱা নাই জানো। এতিয়া নবী (ছ:) ক সম্পূৰ্ণ অনুসৰণ কৰিবলৈ তেখেতৰ জীৱন প্ৰণালী ক’ত পাম? তেখেত (ছ:) য়ে কেনেকৈ খাইছিল, কেনেকৈ শুইছিল, কেনেকৈ চালাত আদায় কৰিছিল, কেনেকৈ চিয়াম পালন কৰিছিল, কেনেকৈ গোছল কৰিছিল, কথোপকথন কৰিছিল আদি বিভিন্ন তৰীকাবোৰ ক’ত পাম? এক কথাত প্ৰিয় নবী (ছ:) ৰ সম্পূৰ্ণ জীৱন প্ৰণালী ও তৰীকা সমূহ ক’ত পাম? চহীহ হাদীছত নাপাম জানো?)))

৩)
৪:৬৪
আৰু আমি যিকোনো ৰাছুল প্ৰেৰণ কৰিছো সেয়া কেৱল এই বাবে যে,যাতে #আল্লাহৰ_অনুমতিক্ৰমে_তেওঁলোকৰ_আনুগত্য কৰা হয়, যেতিয়া সিহঁতে নিজৰ প্ৰতি অন্যায় কৰে তেতিয়া সিহঁতে তোমাৰ ওচৰত আহিলে আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু ৰাছুলেও সিহঁতৰ বিষয়ে ক্ষমা বিচাৰিলে সিহঁতে নিশ্চয় আল্লাহক পৰম ক্ষমাশীল আৰু পৰম দয়ালুৰূপে পাব।

(((এই আয়াতটোৰ দ্বাৰাও মহান আল্লাহ তাআলাই নবী (ছ:) ক #অনুগত্য_কৰাবলৈ আদেশ কৰিছে।)))

৪)
৩৩:৭১
এনে কৰিলে তেওঁ তোমালোকৰ বাবে তোমালোকৰ আমলসমূহ সংশোধন কৰিব আৰু তোমালোকৰ পাপসমূহ ক্ষমা কৰিব। যি ব্যক্তি #আল্লাহ_আৰু_তেওঁৰ #ৰাছুলৰ_আনুগত্য_কৰে, সি অৱশ্যে মহা সফলতা অৰ্জন কৰিলে।
৫)
২৪:৫৪
কোৱা, ‘তোমালোকে #আল্লাহৰ_আনুগত্য_কৰা আৰু #ৰাছুলৰ_আনুগত্য কৰা’। তথাপিও যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে তেওঁ কেৱল তেওঁৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে দায়ী আৰু তোমালোকৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে তোমালোক নিজেই দায়ী; যদি তোমালোকে তেওঁৰ আনুগত্য কৰা তেন্তে সৎপথ পাবা, দৰাচলতে ৰাছুলৰ দায়িত্ব কেৱল সুস্পষ্টভাৱে পৌঁচাই দিয়া।

৫)
৫:৯২
আৰু তোমালোকে #আল্লাহৰ_আনুগত্য_কৰা আৰু #ৰাছুলৰ_আনুগত্য_কৰা লগতে সাৱধানতা অৱলম্বন কৰা; তথাপিও যদি তোমালোকে বিমুখ হোৱা তেন্তে জানি থোৱা যে, আমাৰ ৰাছুলৰ দায়িত্ব কেৱল সুস্পষ্টভাৱে প্ৰচাৰ কৰা।

৬)
৫৯:৭
#ৰাছুলে তোমালোকক যি দিয়ে সেয়া তোমালোকে গ্ৰহণ কৰা, আৰু যিটোৰ পৰা তেওঁ তোমালোকক নিষেধ কৰে তাৰ পৰা বিৰত থকা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।

৭)
৩৩:৩৬
#আল্লাহ আৰু #তেওঁৰ_ৰাছুলে কোনো বিষয়ৰ ফয়চালা দিলে কোনো মুমিন পুৰুষ অথবা কোনো মুমিন নাৰীৰ বাবে সেই বিষয়ত তেওঁলোকৰ আন কোনো (সিদ্ধান্তৰ) অধিকাৰ নাথাকে। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিলে সি স্পষ্টভাৱে পথভ্ৰষ্ট হৈ গ’ল।

৮)
৪:৬৫
কিন্তু নহয়, তোমাৰ প্ৰতিপালকৰ শপত! সিহঁত #মুমিন হ’ব নোৱাৰে যেতিয়া লৈকে সিহঁতে সিহঁতৰ মাজত সৃষ্টি হোৱা বিবাদ-বিসম্বাদৰ বিচাৰ কাৰ্যত #তোমাক মীমাংসাকাৰী হিচাপে মানি নলয়।

৯)
৪:৬১
সিহঁতক যেতিয়া কোৱা হয়, #আল্লাহে যি অৱতীৰ্ণ কৰিছে তাৰ পিনে আৰু #ৰাছুলৰ পিনে আহা, তেতিয়া তুমি #মুনাফিকসকলক দেখিবা যে, সিহঁতে তোমাৰ পৰা ফালৰি কাটি আঁতৰি গৈছে।

১০)
৪:৫৯
হে মুমিনসকল! তোমালোকে #আল্লাহৰ_আনুগত্য_কৰা আৰু #ৰাছুলৰ_আনুগত্য_কৰা লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ ক্ষমতাশীলসকলৰ, তাৰ পিছত তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত, যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা। এই পন্থাই উত্তম আৰু পৰিণামত প্ৰকৃষ্টতৰ।

১১)
৩:৩১
কোৱা, ‘তোমালোকে যদি আল্লাহক ভাল পোৱা তেন্তে মোক অনুসৰণ কৰা, আল্লাহে তোমালোকক ভাল পাব আৰু তোমালোকৰ অপৰাধ ক্ষমা কৰিব। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু’।

১২)
৬২:২
তেৱেঁই উম্মীসকলৰ মাজত সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰণ কৰিছে, যিজনে সিহঁতৰ ওচৰত তেওঁৰ আয়াতসমূহ তিলাৱাত কৰে, সিহঁতক পৱিত্ৰ কৰে আৰু সিহঁতক কিতাব ও হিকমতৰ শিক্ষা দিয়ে; যদিও ইতিপূৰ্বে সিহঁত ঘোৰ বিভ্ৰান্তিত আছিল।

১৩)
৪২:৫১
যি বাৰ্তাবাহকে কেৱল তেওঁৰ অনুমতিক্ৰমে তেওঁ যিটো বিচাৰে কেৱল সেইটোহে অহী কৰে, তেওঁ সৰ্বোচ্চ, প্ৰজ্ঞাময়।

ওপৰোক্ত প্ৰতিটো আয়াততে আল্লাই নবী (ছ:) ক অনুসৰণ কৰিবলৈ আদেশ কৰিছে। আৰু আমি নবীজীক অনুসৰণ কৰিবলৈ হাদীচ চাব লাগিব।  

আৰু অন্য দুটামান আয়াত চাওঁ আহক—————

১)
৫:৬
হে মুমিনসকল! যেতিয়া তোমালোকে ছালাতৰ বাবে থিয় হ’ব বিচৰা তেতিয়া তোমালোকে নিজৰ মুখমণ্ডল ধোৱা আৰু কিলাকুটিলৈকে হাত ধোৱা, তোমালোকৰ মূৰ মছেহ কৰা আৰু সৰু গাঠি লৈকে ভৰি ধোৱা, আৰু যদি তোমালোকে জুনুবী অৱস্থাত থকা তেনেহ’লে বিশেষভাৱে পৱিত্ৰতা অৰ্জন কৰা। যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থকা অথবা তোমালোকৰ কোনোবাই মল-মুত্ৰ ত্যাগ কৰি আহে নাইবা স্ত্ৰীৰ লগত সহবাস কৰে আৰু (পৱিত্ৰ হ’বলৈ) পানী নোপোৱা তেন্তে পৱিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰিবা। আল্লাহে তোমালোকৰ ওপৰত কোনো ধৰণৰ সংকীৰ্ণতা কৰিব নিবিচাৰে; বৰং তেওঁ তোমালোকক পৱিত্ৰ কৰিব বিচাৰে আৰু তোমালোকৰ ওপৰত তেওঁৰ নিয়ামত সম্পূৰ্ণ কৰিব বিচাৰে, যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।

(((ওপৰোক্ত আয়াতত আল্লাহ তাআলাই ছালাতৰ বাবে প্ৰয়োজন অনুসৰি পবিত্ৰতা অৰ্জন কৰি থিয় হ’বলৈ হুকুম কৰিছে। এতিয়া ছালাতৰ সম্পূৰ্ণ চুন্নতী তৰীকাতো ক’ত পাম??? চহীহ হাদীছত নহয় জানো??? আৰু এটা কথা বিভিন্ন ছালাতৰ তৰীকাৰ লগতে জানাজা ছালাতৰ তৰীকাতো ক’ত পাম?)))

হাদীছ কাৰো নিজৰ ব্যক্তিগত বাণী নহয়। এইবিলাকো স্বয়ং আল্লাই নবী (ছ:) ক শিকোৱা কথা। ইমামসকলে বহু কষ্ট কৰি হাদীছ সমূহ একত্ৰিত কৰিছিল। যিজনে হাদীছক ইনকাৰ কৰিব সেইজন মুছলমান হৈ নাথাকে।

কিছুমান বিজ্ঞ ইলিমধাৰী ব্যক্তিৰ হাদীছ সম্পৰ্কে আশৰ্যজনক মতব্য দেখি ব্যস্ততাৰ মাজতো তাৎক্ষণিক কিছু কথা লিখিবলৈ বাধ্য হ’লো। পিছলৈ আৰু বিষধভাৱে আলোচনা কৰিম ইনছা আল্লাহ। হিদায়তৰ কামনাৰে——–আজি ইমানতে এৰিলো।

Leave a comment