নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে পুনৰ ক’লে, তুমি তোমাৰ ছোৱালীৰ সৈতে কোনোবাই যিনা কৰাতো বিচাৰানে ? সি ক’লে, আপোনাৰ প্রতি মোৰ জান কুৰবান হওঁক, হে আল্লাহৰ ৰাছূল, কেতিয়াও নিবিচাৰোঁ । তেতিয়া ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে, কোনেও তাৰ ছোৱালীৰ কাৰণে সেইটো পছন্দ নকৰে ।
নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে তাক ক’লে, তুমি তোমাৰ ভগ্নীৰ সৈতে কোনোবাই যিনা কৰাতো বিচাৰানে ? সি ক’লে, আপোনাৰ প্রতি মোৰ জান কুৰবান হওঁক, মই কেতিয়াও সেইটো বৰদাস্ত নকৰোঁ । তেতিয়া ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে, কোনেও তাৰ ভগ্নীৰ কাৰণে সেইটো পছন্দ নকৰে ।
নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে তাক ক’লে, তুমি তোমাৰ পেহীৰ সৈতে কোনোবাই যিনা কৰাটো বিচাৰানে ? সি ক’লে, কোনো কাৰণতেই মই তাক মানি লব নোৱাৰোঁ । তেতিয়া ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে, কোনেও তাৰ পেহীয়েকৰ কাৰণে তাক পছন্দ নকৰে ।
নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে তাক ক’লে, তুমি তোমাৰ মাহীৰ সৈতে কোনোবাই যিনা কৰাতো বিচাৰানে ? সি ক’লে, আপোনাৰ প্রতি মোৰ জান কুৰবান হওঁক, কেতিয়াও নিবিচাৰোঁ । তেতিয়া ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে, কোনেও তাৰ মাহীয়েকৰ সৈতে তাক পছন্দ নকৰে ।
তাৰ পিছত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে তাৰ পিঠিত হাত ৰাখি ক’লে, হে আল্লাহ ! তুমি তাক মাফ কৰি দিয়া । তাৰ অন্তৰ পবিত্র ৰাখা । তাৰ লজ্জাস্থানৰ হিফাজত কৰা । চাহাবীয়ে ক’লে, ইয়াৰ পিছৰ পৰা সেই যুৱকে কোনো দিনে অন্যায়ৰ ফালে ভৰি দিয়া নাই । [মুছনাদে আহমাদ : ৫/২৫৬
ছেয়াৰ কৰক সকলোৱে ।