এই হদীছটোৰ বহুতো ইচনাদ আছে আৰু বহু কিতাপত বৰ্ণিত হৈছে । এটা বৰ্ণনাত বদৰৰ যুদ্ধৰ বন্দী সকলৰ বিষয়েও হজৰত উমৰ (ৰাঃ) ৰ অনুকুলৰ কথা বৰ্ণিত আছে । তেখেতে কৈছিল যে, বন্দী সকলৰ পৰা মুক্তিপণ নলৈ তেওঁলোকক হত্যা কৰা হওক, আল্লাহ তাআ’লাৰ ইচ্ছাও সেয়াই আছিল । হজৰত উমৰ (ৰাঃ) য়ে কৈছিল যে, আব্দুল্লাহ বিন উবাই বিন চালুল নামৰ মুনাফিক জনৰ মৃত্যু হোৱাত ৰছুলুল্লাহ (ছঃ) য়ে তেওঁৰ জানাজাৰ নামাজ আদায় কৰাৰ প্ৰস্তুতি কৰে, তেতিয়া মই কলো, আপুনি কি এই মুনাফিক অবিশ্বাসী জনৰ জানাজাৰ নামাজ আদায় কৰিব ? তেতিয়া ৰছুলুল্লাহ (ছঃ) য়ে মোক ধমক দিয়াত চুৰা ‘আত্-তওবা’ৰ ৮৪ নং আয়াত অবতীৰ্ণ হয়, “সিহঁতৰ কোনোবা মৰিলে তুমি তাৰ (জানাজা) নামাজ নপঢ়িবা, তাৰ সমাধিৰ ওচৰতোথিয় নহবা” । হজৰত জাবিৰ (ৰাঃ) দ্বাৰা বৰ্ণিত যে, ৰছুলুল্লাহ (ছঃ) য়ে কাবা শ্বৰীফ খৰ খোজেৰে তিনিবাৰ প্ৰদক্ষিণ কৰে আৰু স্বাভাবিক খোজেৰে চাৰিবাৰ প্ৰদক্ষিণ কৰে । তাৰ পিছত মাকামে ইব্ৰাহিম (আঃ) ৰ পিছলৈ আহি দুই ৰাকাত চালাত আদায় কৰে আৰু “ৱাত্তাখিজু মিম্-মাকামে ইব্ৰাহিমা মুছাল্লা” আয়াত পাঠ কৰে । হজৰত জাবিৰ (ৰাঃ) ৰ হদীছত আছে যে ৰছুলুল্লাহ (ছঃ) য়ে মাকামে ইব্ৰাহিম (আঃ) ক তেখেত ও বায়তুল্লাহ শ্বৰীফৰ মাজত কৰিছিল । এই হদীছ সমূহৰ পৰা জনা যায় যে মাকামে ইব্ৰাহিম (আঃ) ৰ ভাবাৰ্থ উক্ত পাথৰ টুকুৰা যাৰ ওপৰত উঠি হজৰত ইব্ৰাহিম (আঃ) য়ে কাবা ঘৰ সাজিছিল । হজৰত ইছমাইল (আঃ) য়ে তেখেতক পাথৰ আনি দিছিল আৰু তেখেতে কাবা ঘৰৰ ভেটি স্থাপন কৰি সাজি গৈছিল । যি স্থানত বেৰ ওখ কৰাৰ প্ৰয়োজন হৈছিল, পাথৰ টো ওপৰলৈ উঠি গৈছিল, এনেকৈয়ে কাবাৰ বেৰ সমূহৰ নিৰ্মাণ সমাপ্ত হয় । সেই পাথৰটিত হজৰত ইব্ৰাহিম (আঃ) ভৰিৰ চিহ্ন পৰিস্ফুত আছিল, আৰবৰ অন্ধকাৰ যুগৰ লোক সকলে সেয়া দেখা পাইছিল । আবু তালিবে তেওঁৰ প্ৰশংসাসূচক কবিতাত কৈছে, “সেই পাথৰৰ ওপৰত হজৰত ইব্ৰাহিম (আঃ) ভৰি দুখনৰ চিহ্ন নতুন হৈয়ে আছে, ভৰিত জোতা নাছিল্” ।
হজৰত আনচ বিন মালিক (ৰাঃ) য়ে কৈছে,মই মাকামে ইব্ৰাহিম (আঃ) ৰ ওপৰত হজৰত খলিলুল্লাহ (আঃ) ৰ ভৰিৰ আঙুলি ও পতাৰ চিহ্নদেখা পাইছো, তাৰ পিছত জনগণৰ স্পৰ্শৰ কাৰণে মোচা গৈছে । হজৰত কাতাদাহ (ৰঃ) য়ে কৈছে, বৰকত লাভৰ উদ্দেশ্যে মাকামে ইব্ৰাহিম (আঃ) ৰ ফালে মুখ কৰি চালাত আদায় কৰাৰ নিৰ্দেশ আছে, তবে স্পৰ্শ কৰাৰ নিৰ্দেশ নাই । এই উম্মতৰ লোক সকলেও পূৰ্বৰ উম্মতৰ দৰে আল্লাহৰ নিৰ্দেশ অবিহনে বহুতো কাম নিজৰ ওপৰত ফৰজ কৰি লৈছে, যাৰ পৰিণাম তেওঁলোকৰ ক্ষতিৰ কাৰণ হব । মানুহৰ স্পৰ্শৰ কাৰণেই সেই পাথৰৰ পৰা পদচিহ্ন হেৰাই গৈছে ।
এই মাকামে ইব্ৰাহিম (আঃ) পূৰ্বতে কাবাৰ প্ৰাচীৰৰ লগত সংযুক্ত আছিল । কাবাৰ দৰজাৰ ফালে “হাজৰে আচৱাদ” ৰ কাষৰ দৰজাইদি গলে সোঁফালে এডোখৰ স্থায়ী স্থানত বিদ্যমান আছিল্, যিটো আজিও মানুহে জানে । খলিলুল্লাহ (আঃ) য়ে হয়তো ইয়াতে ৰাখিছিল বা বায়তুল্লাহ সাজি থকা সময়ত শেষ অংশ হয়তো সেয়া নিৰ্মাণ কৰাৰ পিছত পাথৰ টো তাতে থাকি গৈছিল । হজৰত উমৰ বিন খাত্তাব (ৰাঃ) ৰ খিলাফতৰ কালত সেই পাথৰ টুকুৰা পিছলৈ আঁতৰাই দিয়া হয় । ইয়াৰ প্ৰমাণ হিচাপে বহু বৰ্ণনা আছে । এবাৰ বানপানীৰ বাবে পাথৰ টো তাৰ পৰাও আঁতৰি গৈছিল, দ্বিতীয় খলিফাই ইয়াক পুৰ্বৰ স্থানত ৰাখে । হজৰত চুফিয়ান (ৰঃ) য়ে কৈছে, “মোৰ জনা নাই যে ইয়াক মূল স্থানৰ পৰা আঁতৰোৱা হৈছে আৰু ইয়াৰ আগতে কাবাৰ প্ৰাচীৰৰ পৰা কিমান দূৰত আছিল” । এটা বৰ্ণনাত আছে যে, ৰছুলুল্লাহ (ছঃ) য়ে এই পাথৰ টুকুৰা আঁতৰাই আনি বৰ্তমানৰ স্থানত ৰাখিছিল, কিন্তু এই বৰ্ণনাটো মুৰছাল । সঠিক কথা এয়ে যে হজৰত উমৰ (ৰাঃ) য়ে ইয়াক পিছত থৈছিল । আৰবী ‘আহুদুন্’ শব্দৰ অৰ্থ নিৰ্দেশ্, অৰ্থাৎ “মই ইব্ৰাহিম আৰু ইছমাইলক নিৰ্দেশ দিছো, পবিত্ৰ ৰাখা অৰ্থাৎ কাবা শ্বৰীফক ময়লা, বিষ্ঠা ও জঘন্য বস্তুৰ পৰা পবিত্ৰ ৰাখা । মই ৱহী অবতীৰ্ণ কৰিছো আৰু প্ৰথমেই কৈছো যে তোমালোক উভয়ে বায়তুল্লাহক মূৰ্ত্তিৰ পৰা পবিত্ৰ ৰাখিবা তথা আল্লাহ বাদে আনৰ ইবাদত হব নিদিবা, বাজে কাম, অপ্ৰয়োজনীয় ও মিছা কথা, শ্বিৰ্ক, কুফুৰ, হাঁহি তামচা ইত্যাদিৰ পৰা ইয়াক ৰক্ষা কৰিবা । হজৰত চাবিত (ৰঃ) য়ে কৈছে, আমি হজৰত আব্দুল্লাহ বিন উবেইদ বিন উমেইৰ (ৰঃ) ক কলো, আমাৰ কৰ্ত্তব্য হব বাদছাহক এই পৰামৰ্শ দিয়া যে, তেখেতে যেন জনগণক বায়তুল্লাহ শ্বৰীফত শুবলৈ নিষেধ কৰে, কাৰণ এনে অৱস্থাত অপবিত্ৰ হোৱাৰ সম্ভাৱনা থাকে আৰু এইটোও সম্ভাবনা থাকে যে তেওঁলোকে পৰস্পৰে বাজে কথা পাতিবলৈ আৰম্ভ কৰিব । তেতিয়া তেওঁ কলে, এনে নকৰিবা কাৰণ হজৰত ইবনে উমৰ (ৰাঃ) তেওঁলোকৰ বিষয়ে সোধপোচ কৰি কলে, তেওঁলোক তাৰেই অধিবাসী । এটা হদীছত আছে যে হজৰত উমৰ ফাৰুক (ৰাঃ)ৰ ল’ৰা হজৰত আব্দুল্লাহ (ৰাঃ) যুবক ও কুমাৰ হৈ থকা অৱস্থাত মছজিদে নবৱীত শুইছিল । ‘ৰুক্কাআ’ন চুজ্জাদান্’ শব্দৰে নামাজী সকলক বুজোৱা হৈছে । এইটো পবিত্ৰ ৰাখিবলৈ নিৰ্দেশ দিয়াৰ কাৰণ হ’ল, তেতিয়াও মূৰ্ত্তি পূজা চলি আছিল । বায়তুল্লাহৰ চালাত উত্তম নে তৱাফ উত্তম, সেই বিষয়ত ধৰ্ম শাস্ত্ৰ বিদ সকলৰ মাজত মত বিৰোধ আছে । ইমাম মালিক (ৰঃ)ৰ মতে বাহিৰৰ লোকৰ বাবে তৱাফ উত্তম আৰু জামহূৰৰ মতে প্ৰত্যেকৰ বাবে চালাত উত্তম । ইয়াৰ উদ্দেশ্য হৈছে, মুছৰিক সকলক জনাই দিয়া আৰু তেওঁলোকৰ দাবী খণ্ডন কৰা যে বায়তুল্লাহ খাচ কৰি আল্লাহ তাআ’লাৰ ইবাদত কৰিবলৈ নিৰ্মাণ কৰা হৈছে, ইয়াত আনসকলে পূজা কৰা আৰু আল্লাহৰ পূজাৰী সকলক বিৰত ৰখা অন্যায় ও অবিচাৰপূৰ্ণ কাম । সেয়ে আল্লাহে কোৰান মজিদৰ আন এক স্থানত কৈছে, “এনে ধৰণৰ অত্যাচাৰী সকলক মই যন্ত্ৰণাদায়ক শাস্তিৰ সোৱাদ গ্ৰহণ কৰোৱাম”। এনেকৈয়ে মুশ্বৰিক সকলৰ দাবীক স্পষ্টভাবে খণ্ডন কৰাৰ লগে লগে ইহুদী আৰু খৃষ্টান সকলৰ দাবীও খণ্ডন কৰা হ’ল ।
উপৰোক্ত ব্যাখ্যাৰ পৰা দেখা যায় যে চুৰা ‘বাকাৰা’ৰ ১২৫ নং আয়াতৰ জৰিয়তে নামাজৰ পদ্ধতি মাকামে ইব্ৰাহিম (আঃ)ৰ মছল্লাৰ পৰা লবলৈ কোৱা নাই, এয়া ভুল ব্যাখ্যা বৰং হজৰত উমৰ (ৰাঃ) য়ে এই স্থানক নামাজৰ কিবলাহ কৰা বিষয়ে ৰছুলুল্লাহ (ছঃ)ক কওঁতে উক্ত আয়াত অবতীৰ্ণ হৈছিল । আল্লাহে আমাক কোৰান মজিদৰ ভুল ব্যাখ্যা শুনাৰ পৰা বিৰত ৰাখক্, আমিন ।
হদীছ অস্বীকাৰকাৰী দলৰ সৃষ্টি, এক বিশ্লেষণ
আল্লাহে কোৰান মজিদৰ চুৰা ‘আন-আম’ৰ 159 নং আয়াত, চুৰা ‘আৰ-ৰূম’ৰ 32 নং আয়াত আৰু চুৰা ‘আছ-ছুৰা’ৰ 14 নং আয়াত যোগে ইছলাম ধৰ্মীয় লোক সকল বিভিন্ন দলত ভাগ হোৱাটো যে আল্লাহৰ অপছন্দনীয়, সেয়া জনাই দিছে । তথাপিও দেখুন ইছলাম ধৰ্মীয় লোকৰ মাজত ভাগ হৈ নতুন নতুন দলৰ সৃষ্টি হৈছে । চুনান ইবনু মাজাহত উল্লেখিত আওফ ইবনু মালিক (ৰাঃ) দ্বাৰা বৰ্ণিত এক হদীছ মতে, ৰছুলুল্লাহ (ছঃ) য়ে কৈছে যে ইহুদী সকল এসত্তৰটা ভাগত বিভক্ত হৈছে আৰু তাৰে এটা ভাগ জন্নতত যাব, খৃষ্টান সকল বাসত্তৰটা ভাগত বিভক্ত আৰু তাৰে এটা ভাগ জন্নতত যাব আৰু তেখেতৰ উম্মত তেসত্তৰটা ভাগত বিভক্ত হব আৰু তাৰে এটা ভাগ জন্নতত যাব । গতিকে ইছলাম ধৰ্মীয় লোক সকল তেসত্তৰটা ভাগত বিভক্ত হোৱাটো খাটাং । আমি নিজে তেসত্তৰটা ভাগ সম্পূৰ্ণৰূপে দেখা নাই যদিও মাজে মাজে নতুন দুই এটা দলৰ নাম শুনা যায় । অলপতে আমাৰ অসমৰ মুছলিম সমাজত এক নতুন দলৰ আবিৰ্ভাব হোৱা দেখা গৈছে, তেওঁলোকে একমাত্ৰ কোৰাণকহে মানে, তেওঁলোকৰ মতে হাদীছ মানুহ সৃষ্ট, গতিকে মনাটো উচিত নহয় । তেওঁলোকে নিজকে “আহলে কোৰান” বুলি কব খোজে যদিও ইছলামিক পণ্ডিত বিশেষে তেওঁলোকক “মুনকাৰীনে হদীছ” বা “হদীছ অস্বীকাৰকাৰী” দল বুলিহে কয় । তেওঁলোকৰ মতে –
1) তেওঁলোকে আল্লাহক আনুগত্য কৰা ও নবী (ছঃ) ক আনুগত্য কৰাৰ মাজত কোনো পাৰ্থক্য আনিব বিচৰা নাই, কোৰান মনা লোক সকলে নবী (ছঃ) ক নমনাৰ প্ৰশ্নই আহিব নোৱাৰে । তেখেতৰ সময়ত থকা হলে এওঁলোকেও নিশ্চয় ৰছুল (ছঃ) ৰ সকলো নিৰ্দেশ অন্ধভাবে মানিলে হেতেন । কিন্তু পাৰ্থক্য হ’ল আল্লাহ ও হদীছ সংগ্ৰহকাৰী সকলৰ মাজত অৰ্থাৎ বুখাৰী, মুছলিম, নাছাঈ, ইবনে মাজাহ্, তিৰমিধি আৰু আবু ডাউদ । তেওঁলোকে আল্লাহৰ বাণী, কোৰানক যে আল্লাহে ৰক্ষা কৰিব, সেয়া মানে কিন্তু হদীছ সংগ্ৰহকাৰী সকলক কিয় মানিব ? তেওঁলোক আল্লাহৰ সমকক্ষ নেকি ?
2) কোৰান স্বয়ং সম্পূৰ্ণ, ইয়াৰ ব্যাখ্যাৰ বাবে আন কোনো বস্তুৰ প্ৰয়োজন নাই ।
3) হদীছ সমূহ খৃষ্টান সকলৰ গছপেলৰ দৰেই, আৰু ইয়াৰ সৃষ্টিৰ সময়ৰ ব্যবধানো একে । ৰছুলুল্লাহ (ছঃ) ৰ ইন্তেকালৰ সময়ৰ পৰা ছহীহ হদীছ সংগ্ৰহ কৰি একগোট কৰা সময়ৰ ব্যবধান, আৰু ইছা (আঃ) ক্ৰছবিদ্ধ হোৱাৰ পৰা গছপেল ৰচনা কৰা সময়ৰ ব্যবধান একে । গতিকে মুছলিম হিচাপে এটা নাকচ কৰি আনএটা কেনেকৈ গ্ৰহণ কৰিব ?
4) ড. মৰিচ বুকেইল (ইছলাম গ্ৰহণ কৰা এজন ফৰাচী ডাক্তৰ) ৰ মতে হদীছ হ’ল গছপেলৰ দৰে অবৈজ্ঞানিক,
5) ৰছুলুল্লাহ (ছঃ) য়ে ব্যাখ্যা কৰা বাণী, যেনে নামাজৰ পদ্ধতি মনা উচিত যদিও কোৰানৰ লগত সংঘাত হোৱা হদীছৰ ক্ষেত্ৰত কৰণীয় কি ?
6) মুচলমান জাতিৰ অধঃপতনৰ কাৰণ হ’ল হদীছৰ প্ৰতি থকা আনুগত্য,
7) আল্লাহে কোৰানহে হিফাজতে ৰাখিব, ইছলামক নহয়,
8) আল্লাহে তেওঁৰ বান্দা সকল আল্লাহৰ সম্পূৰ্ণ দাসত্বত থকা বিচাৰে, চুন্নী সকলে কোৰান আৰু চূন্নাহৰ কথা কোৱাৰ লগে লগে কোৰান তল পৰি যায় ।
ক্ৰমশঃ ইন শ্বা আল্লাহ ,,,,,,,,,,
যোৱা সংখ্যাৰ পিছৰ পৰা
আল্লাহে কোৰানত কৈছে, “আল্লাহ আৰু তেওঁৰ ৰছুলে কোনো বিষয় মীমাংসা কৰি দিয়াৰ পিছত মু’মিন পুৰুষ আৰু মু’মিনা নাৰীয়ে তেওঁলোকৰ সেই বিষয়ত নিজে আন সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই । যিজন আল্লাহ আৰু তেওঁৰ ৰছুলৰ অবাধ্য হয়, সি নিশ্চয় প্ৰকাশ্যে বিপথগামী হয়” ( কোৰাণ 33:36 ) । উক্ত চুৰাতে আল্লাহে আকৌ কৈছে, “আল্লাহে তোমালোকৰ কৰ্ম সমূহ শুভ কৰিব আৰু তোমালোকৰ অপৰাধ সমূহ মাৰ্জনা কৰিব । যি জনে আল্লাহ আৰু তেওঁৰ ৰছুলৰ আনুগত্য কৰে তেওঁ পৰম সফলতা লাভ কৰে” (কোৰান 33:71) । গতিকে ইছলাম সম্পূৰ্ণৰূপে মানিবলৈ হলে আল্লাহৰ আনুগত্য কৰাৰ লগতে ৰছুল (ছঃ) কো আনুগত্য কৰিব লাগিব । আল্লাহক আনুগত্য কৰিবলৈ কোৰান মানিলেই হব কিন্তু ৰছুল (ছঃ) ক আনুগত্য কৰিব কেনেকৈ ? যেহেতু আল্লাহে আল্লাহ আৰু তেওঁৰ ৰছুলক আনুগত্য কৰিবলৈ কৈছে, গতিকে চুৰা ‘আহযাব’ৰ 71 নং আয়াত অনুসৰি ৰছুল (ছঃ) ক আনুগত্য কৰাৰ অবিহনে ইহকাল ও পৰকালত সফলতা লাভ কৰা অসম্ভব ।
যোৱা চৈধ্য শতিকা জুৰি কোৰান আৰু চূন্নাহ, মুচলমান সকলৰ একমাত্ৰ পথপ্ৰদৰ্শক । প্ৰতিটো জেনেৰেচনৰ মুচলিম সকলে অন্তৰেৰে সৈতে ইয়াৰ অধ্যয়ন কৰিছিল । তেওঁলোকে কোৰানৰ প্ৰতিটো শব্দ আৰু ইয়াৰ অৰ্থ ৰছুলুল্লাহ (ছঃ) মতে শিকিছিল আৰু খুব সযতনে পিছৰ জেনেৰেচেনৰ বাবে সংৰক্ষণ কৰি কঢ়িয়াই নিছিল । ফলস্বৰূপে হদীছৰ প্ৰসাৰতাই মুছলিম বুৰঞ্জীত এক উজ্জ্বল স্থান দখল কৰে । ৰছুল (ছঃ) ৰ জীবন শৈলী, আদৰ্শ, চাল-চলন আদিয়ে উম্মত সকলক সঠিক পথৰ সন্ধান দিয়ে, সুস্থ মস্তিষ্কৰ কোনো লোকে ইয়াৰ ওপৰত প্ৰশ্ন কৰা নাছিল । ঔপনিবেশিক শাসনৰ সময়ত মুছলিম বিশ্বৰ অধিকাংশ পাশ্চাত্যৰ অধীনত আহে আৰু তেতিয়াই কিছুমান ঠাইত কিছু পণ্ডিতৰ আবিৰ্ভাব হয়, যি সকলে হদীছৰ সত্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিব ধৰে । তেনে পণ্ডিতৰ ভিতৰত ইজিপ্তৰ তাহা হুচেইন, ভাৰত উপ-মহাদেশৰ আব্দুল্লাহ চাক্ৰালাৱী আৰু গোলাম আহমেদ পাৰভেজ আৰু তুৰ্কীৰ জিয়া গগুলাপ, উল্লেখযোগ্য । তেওঁলোকে হদীছত কিবা ভুল পোৱা বা তেনে ভুলে তেৰশ বছৰ ধৰি মুছলিম উম্মতক বিভ্ৰান্ত কৰি ৰখাৰ বাবে এনে অৱস্থাৰ সৃষ্টি হোৱা নাছিল, বৰং ৰছুল (ছঃ) ৰ শিক্ষা, জীবন শৈলী অৰ্থাৎ হদীছে পশ্চিমীয়া সভ্যতাৰ ব্যাপক প্ৰসাৰতাত ব্যাঘাত জন্মোৱা বাবে হদীছকে মূল লক্ষ্য কৰি লৈ প্ৰয়োগ কৰা পশ্চিমীয়া সভ্যতাৰ হেঁচাৰ প্ৰকোপতহে তেনে অৱস্থাৰ সৃষ্টি হয় । এই ক্ষেত্ৰত সহায়ক হৈ পৰা আন এক কাৰণ হ’ল – পশ্চিমীয়া শিক্ষাৰে শিক্ষিত হোৱা মুছলিম সকলৰ হদীছ সম্পৰ্কে থকা ন্যূনতম জ্ঞান । তেওঁলোকে হদীছৰ দৰে এটা বিশাল বিষয়ৰ মূল তত্ত্ব জনাৰ বাবে সামান্যতম সময়ো খৰছ কৰিব নিবিচাৰে । বহুতেই নাজানে ছহীহ আৰু হাচান হদীছৰ পাৰ্থক্য কি বা মাউজু আৰু যইফ হদীছৰ পাৰ্থক্য কি ? হদীছৰ সত্যতা নিৰূপনৰ পদ্ধতি, হিজৰীৰ প্ৰথম দশকত প্ৰকাশিত হোৱা হদীছ কিতাপৰ নাম ও সংখ্যাৰ বিষয়েও তেওঁলোক অজ্ঞ । কিছু লোকে হয়তো চিয়া চিত্তাহ হদীছ গ্ৰন্থ কেইখনৰ নাম তথা ইয়াৰ সংকলনৰ বিষয়েও নাজানে । নিঃসন্দেহে এনে পৰিবেশে হদীছৰ সত্যতাৰ ওপৰত সন্দেহৰ বীজ ৰূপন কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগান ধৰে ।
এই নতুন দলটোৱে নিজকে “আহলে কোৰান” বুলি কোৱাটো শুদ্ধ নহয়, কাৰণ কোৰান মানিবলৈ হলে হদীছ কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে, যেহেতু কোৰানৰ ব্যাখ্যাই হ’ল ‘হদীছ্’, আল্লাহৰ পৰোক্ষ বাণী । এওঁলোকৰ তিনিটা বিসংগতিপূৰ্ণ ধাৰণা হ’ল, এচামে কয় যে, ৰছুলুল্লাহ (ছঃ)ক কোৰাণৰ বাণী হে মানুহৰ মাজত প্ৰচাৰ কৰিব কৈছিল, সেয়ে কোৰান হে মানিব লাগে । কোৰান বুজিবৰ বাবে হদীছৰ প্ৰয়োজন নাই, কাৰণ কোৰান স্বয়ং সম্পূৰ্ণ । দ্বিতীয় চামে কয় যে চাহাবা (ৰাঃ) সকলেহে ৰছুলুল্লাহ (ছঃ) ক মানিব লাগিছিল, আমি নহয় । তৃতীয় চামৰ মতে হদীছ মানিব লাগে, কিন্তু সত্য উৎসৰ পৰা কোনো হদীছ পোৱা নাই বাবে কোনো হদীছেই মানিব নোৱাৰি । কোৰানৰ আয়াতৰ দ্বাৰাই উক্ত ধাৰণাৰ বিশ্লেষণ কৰিলে দেখা যায়, আল্লাহে চুৰা ‘আন্-নাহল’ৰ 44 নং আয়াতত কৈছে, “অতীতৰ ৰছুল সকলকো আমাৰ উজ্জ্বল নিদৰ্শন সমূহ আৰু পুথি সমূহ দি পথাইছিলো আৰু এতিয়া তোমাৰ প্ৰতিও এই ‘জিকৰ্’ (কোৰআন্) অবতীৰ্ণ কৰিলো যাতে তুমি মানুহক ব্যাখ্যা বিশ্লেষণ কৰি বুজাই দিব পাৰা যে, সিহঁতৰ বাবে কি অবতীৰ্ণ কৰা হৈছে আৰু সিহঁতেও যেন সেইবিষয়ে চিন্তা চৰ্চ্চা কৰে” (কোৰান 16:44) । উক্ত আয়াতত আল্লাহে স্পষ্ট ভাবে কৈছে যে ৰছুল (ছঃ) য়ে নিজৰ কথা ও কামৰ দ্বাৰা কোৰআনৰ শিক্ষা ও নিৰ্দেশাৱলীৰ ব্যাখ্যা বিশ্লেষণ কৰে অৰ্থাৎ ৰছুল (ছঃ)ৰ চূন্নতেই হ’ল কোৰানৰ অনুমোদিত ব্যাখ্যা । চুৰা ‘আল্-ইমৰান’ৰ 164 নং আয়াতত আল্লাহে কৈছে, “নিশ্চয় মুমিন সকলক আল্লাহে বৰ অনুগ্ৰহ কৰিছে; কিয়নো তেওঁ তেওঁলোকৰেই এজনক তেওঁলোকৰ প্ৰতি ৰছুল কৰি পথাইছে । তেওঁ তেওঁলোকক আল্লাহৰ আয়াত পাঠ কৰি শুনায়, তেওঁলোকৰ জীবনক গঢ়ি তোলে, আল্লাহৰ পুথি আৰু জ্ঞানৰ শিক্ষা দিয়ে যদিও ইয়াৰ পূৰ্বে এইবোৰ মানুহেই স্পষ্ট ভ্ৰান্তিত নিমজ্জিত হৈ আছিল” (কোৰান 3:164) । উক্ত আয়াততো ৰছুল (ছঃ) য়ে ভ্ৰান্তিত নিমজ্জিত হৈ থকা মানুহ খিনিক কোৰআন পাঠ কৰি শুনায় আৰু ইয়াৰ শিক্ষাৰে তেওঁলোকৰ জীবন গঢ়ি তোলে বুলি কৈছে । কোৰআনৰ শিক্ষাৰ বাবে ব্যাখ্যাৰ প্ৰয়োজন আৰু অনুমোদিত ব্যাখ্যা ‘চূন্নত’ৰ দ্বাৰাই উক্ত শিক্ষা দিছে । গতিকে কোৰানৰে উক্ত আয়াতৰ পৰাই দেখা যায় যে ৰছুল (ছঃ) ৰ চূন্নতেই হ’ল কোৰানৰ অনুমোদিত ব্যাখ্যা, সেয়ে হদীছ বা চূন্নত অবিহনে কোৰআনৰ ব্যাখ্যা অসম্পূৰ্ণ । দ্বিতীয় বিসংগতি সন্দৰ্ভত দেখা যায়, আল্লাহে চুৰা ‘আল-আম্বিয়া’ৰ 107 নং আয়াতত কৈছে, “আৰু (হে নবী) আমি যে তোমাক প্ৰেৰণ কৰিছো সেয়া জগত বাসীৰ কাৰণে আমাৰ এটি কৰুণা” (কোৰআন 21:107) । চুৰা ‘চাবা’ৰ 28 নং আয়াতত আল্লাহে কৈছে, “(হে নবী} আমি তোমাক সমগ্ৰ মানব জাতিৰ কাৰণে সু-সংবাদদাতা আৰু সতৰ্ককাৰী ৰূপেহে প্ৰেৰণ কৰিছো; কিন্তু অনেক মানুহে সেয়া নাজানে” (কোৰআন 34:28)। উক্ত আয়াত দুটাৰ জৰিয়তে আল্লাহে স্পষ্ট ভাবে জনাই দিছে যে ৰছুল (ছঃ) ক সমগ্ৰ মানব জাতিৰ সু-সংবাদদাতা আৰু সতৰ্ককাৰী হিচাপে প্ৰেৰণ কৰিছে, গতিকে আমি তেখেত (ছঃ)ক অৰ্থাত তেখেতৰ চূন্নাহক নমনাৰ প্ৰশ্নই আহিব নোৱাৰে আৰু নমনা মানে আল্লাহৰ বাণী নমনা হব । সেয়ে দ্বিতীয় চামৰ যুক্তিও গ্ৰহণযোগ্য নহয় । তৃতীয় চামৰ ধাৰণাও যুক্তি সংগত নহয় ওপৰত উল্লেখ কৰা 1, 5 আৰু 8 নং কাৰণৰ পৰিপ্ৰেক্ষিতত । তেওঁলোকে এফালে কৈছে সত্যতা অবিহনে হদীছ মানিব নোৱাৰি অন্যহাতে আকৌ স্বীকাৰ কৰিছে নামাজৰ পদ্ধতিৰ বাবে মানিব পাৰি ।
ক্ৰমশঃ ইন শ্বা আল্লাহ ,,,,,,,,,,
আবু হুৰাইৰা (ৰাঃ) দ্বাৰা বৰ্ণিত, ৰছুল (ছঃ) য়ে কৈছে, কিয়ামতৰ দিনা আল্লাহৰ ওচৰত আটাইতকৈ নিকৃষ্ট লোক হব সেইজন, যি জনে পৃথিবীত নিজৰ দুটা ৰূপ দেখায়, এচাম লোকৰ আগত এটা আৰু আন এচামৰ আগত আন এটা ৰূপ (বুখাৰী ভলিউম 8 নং 84)
যোৱা সংখ্যাৰ পিছৰ পৰা
এটা কথা ঠিক যে কোৰানত নামাজ পঢ়াৰ পদ্ধতিৰ উল্লেখ নাই, গতিকে স্বাভাবিকতে প্ৰশ্ন উঠে যে, যদি কোৰাণেই পথ প্ৰদৰ্শনৰ একমাত্ৰ উৎস হয়, কোৰান মানি হদীছ নামানিলেও হয় তেন্তে কোৰানত নামাজ পঢ়াৰ পদ্ধতি সম্পৰ্কে কিয় বিশদ ভাবে উল্লেখ কৰা নহ’ল, যি নামাজৰ প্ৰয়োজনীয়তাৰ বিষয়ে বাৰম্বাৰ কোৰাণত উল্লেখ কৰা হৈছে, যি নামাজে মানুহক সকলো দুষ্কৰ্মৰ পৰা আঁতৰাই ৰাখে আৰু যি নামাজক পৰকালৰ কৃতকাৰ্য্যৰ একমাত্ৰ কাৰণ বুলি অভিহিত কৰা হৈছে । হদীছ অস্বীকাৰকাৰী সকলেও নামাজৰ ক্ষেত্ৰত তেওঁলোকৰ অসুবিধাৰ বিষয়ে অনুভব কৰি আন এক ব্যাখ্যা উত্থাপন কৰিছে । তেওঁলোকে কব বিচাৰে যে কোৰাণত উল্লেখ থকা মছজিদে হেৰেমত প্ৰচলিত নামাজৰ পৰাই আমি আমাৰ নামাজ পঢ়া পদ্ধতি লব লাগিব অৰ্থাৎ ইব্ৰাহিম (আঃ) সময়ৰ পৰা কাবাৰ মাকামে ইব্ৰাহিমত চলি থকা নামাজ । এই ক্ষেত্ৰতো না না প্ৰশ্নৰ উদয় হয়, যেনে, আমি কাৰ চালাত গ্ৰহণ কৰিম ? কাৰণ ইব্ৰাহিম (আঃ) ৰ পিছৰ পৰা ৰছুল (ছঃ) লৈকে কেবাজনো নবী/ৰছুল আহিল আৰু তেওঁলোকেও তাত চালাত আদায় কৰিলে, গতিকে আমি মাকামে ইব্ৰাহিমৰ পৰা কোন নবী বা ৰছুলৰ চালাত গ্ৰহণ কৰিম ? আমি কোন সময়ৰ চালাত গ্ৰহণ কৰিম ? কাৰণ প্ৰতি ৱক্ত বা সময়ত পঢ়া চালাত একে নহয়, বেলেগ বেলেগ । আকৌ মাকামে ইব্ৰাহিমত পঢ়া সকলো চালাত আমি গ্ৰহণ কৰিম নে ? কাৰণ ইব্ৰাহিম (আঃ)ৰ পিছত তাত মুশ্বৰিক সকলেও চালাত আদায় কৰিছিল । তেওঁলোকে চালাতৰ পদ্ধতি সম্বন্ধে মাকামে ইব্ৰাহিম (আঃ) ৰ চালাতৰ কথা কোৱা সময়ত পাহৰি গৈছিল যে মুশ্বৰিক সকলেও মাকামে ইব্ৰাহিম (আঃ)ত চালাত আদায় কৰা বিষয়ে কোৰআনত উল্লেখ আছে । আল্লাহে কোৰআনৰ চুৰা ‘আল-আনফাল’ৰ 35 নং আয়াতত কৈছে, “কাবা গৃহত কৰা সিহঁতৰ উপাসনা উৰুলি আৰু হাততালিৰ বাহিৰে একো নাছিল, সেয়ে সত্যক অস্বীকাৰ কৰাৰ শাস্তি এতিয়া ভোগ কৰা” (কোৰআন 8:35) । আকৌ 801 হিজৰীত বুৰুজি মামলুক চুলতান ফাৰকা বিন বাৰকুকে কাবা গৃহত চাৰি মজহবৰ চালাতৰ বাবে চাৰিটা মুছল্লা তৈয়াৰ কৰে, য’ত চাৰি মজহবৰ চাৰি মাজহাবী ইমামে পৃথক ইকামতৰ জৰিয়তে মাজহাবী লোক সকলক লৈ নিজ পদ্ধতিত চালাত আদায় কৰিছিল । 1343 হিজৰীত এই ব্যবস্থা লুপ্ত হৈ এজন ইমামৰ পাছত চালাত আদায়ৰ পূৰ্ব অৱস্থাৰ পুনৰ প্ৰচলন হয় । গতিকে ইব্ৰাহিম (আঃ) ৰ সময়ৰ পৰা এতিয়ালৈকে মাকামে ইব্ৰাহিম (আঃ) ৰ মুছল্লাত বিভিন্ন সময়ত আদায় কৰা চালাত কেনে আছিল আৰু ইয়াৰ শুদ্ধ পদ্ধতি কোনটো, সেয়া নিৰ্ণয় কৰাৰ ব্যবস্থা কোৰআনত নাই ।
আমি কোৰান আল্লাহৰ পৰা পোনপটীয়াকৈ লাভ কৰা হলে, কোৰান মানা আৰু হাদীছ নমনাৰ কথা আহে, কিন্তু কোৰান আৰু হদীছ যেতিয়া একেজন লোকৰ মুখৰ পৰাই লাভ কৰা হৈছে, তেনেস্থলত কোৰানক স্বীকাৰ কৰি হদীছক অস্বীকাৰ কৰাৰ কোনো যুক্তি থাকিব নোৱাৰে, এটাক বিশ্বাস কৰি আনটোৰ ওপৰত সন্দেহৰ আঙুলি উঠোৱা ভুল । এনে পৰিস্থিতিত আমি কেনেকৈ কম যে কোৰান লাভ কৰা উৎস বিশ্বাসযোগ্য আৰু হদীছৰ উৎস বিশ্বাসযোগ্য নহয় । যেহেতু কোৰানৰ অৰ্থ ও ব্যাখ্যা হদীছত পোৱা যায় গতিকে কোৰানক ৰক্ষা কৰা মানে, কোৰান আৰু হদীছ দুয়োকে ৰক্ষা কৰা, কোৰানৰ শব্দক ৰক্ষা কৰি অৰ্থ বা ব্যাখ্যাক ৰক্ষা নকৰাৰ প্ৰশ্নই উঠিব নোৱাৰে । আকৌ আল্লাহে কোৰানক ৰক্ষা কৰি ইয়াৰ যোগেদি প্ৰচলন হোৱা ধৰ্মক যদি ৰক্ষা নকৰে, তেন্তে এই ধৰ্মৰ শুদ্ধ নীতি নিয়ম সমূহ হেৰাই যাব, তেতিয়া এজনে কেনেকৈ কব তেওঁ ইচলাম ধৰ্মৰ অনুগামী হয় । কোৰানৰ চুৰা ‘আল-ইমৰান’ৰ 85 নং আয়াতত আল্লাহে কৈছে, “যিজনে ইছলাম (আল্লাহৰ আনুগত্য্) ব্যতীত আন পন্থা অবলম্বন কৰিব বিচাৰে তেওঁৰ সেই পন্থা কদাপি আল্লাহৰ ওচৰত গৃহীত নহব্, পৰকালত সি বিফল আৰু নিৰাশ হব” (কোৰআন 3:85) । গতিকে আল্লাহে কোৰআনৰ যোগেদি প্ৰচলন হোৱা ইছলাম ধৰ্মকো ৰক্ষা কৰিব ।
ওপৰৰ আলোচনাৰ পৰা দেখা যায় আল্লাহে কোৰানৰ লগতে হদীছো ৰক্ষা কৰিব, হদীছৰ বিশাল ভাণ্ডাৰে ইয়াকেই প্ৰমাণ কৰে । ওপৰত উল্লেখিত হদীছ অস্বীকাৰকাৰী সকলৰ 1, 2 আৰু 3 নং দাবী অজ্ঞতাৰ বাবে, কাৰণ হিজৰীৰ তৃতীয় শতিকাত হদীছ লিখা কথাষাৰ শুদ্ধ নহয় । প্ৰকৃততে হদীছ লিখা ও সংগ্ৰহৰ কাম ৰছুলুল্লাহ (ছঃ) ৰ সময়ৰে পৰা কৰা হৈছে । আব্দল্লাহ ইবনে আমৰ ইবনে আল্-আ’চ (ৰাঃ) য়ে ৰছুলুল্লাহ (ছঃ) ৰ পৰা শুনা সকলো কথা লিপিবদ্ধ কৰাৰ অনুমতি বিচৰাত তেখেতক অনুমতি দি কৈছিল, “যাৰ হাতত মোৰ প্ৰাণ আছে, তেখেতৰ শপত, মোৰ মুখৰ পৰা ওলোৱা প্ৰতিটো কথাই সত্য” । অনুমতি পোৱাৰ পিছত তেখেতে ‘ছহিফা ছদিকা’ প্ৰস্তুত কৰে য’ত ছয় হাজাৰ হদীছ আছিল । আনচ ইবনে মালিক (ৰাঃ) দহ বছৰ কাল ৰছুলুল্লাহ (ছঃ) ৰ লগত আছিল । উক্ত সময় ছোৱাত তেখেতে হদীছ অকল লিখাই নাছিল, সেয়া ৰছুলুল্লাহ (ছঃ) ৰ ওচৰত পঢ়ি শুনাই শুধৰায়ো লৈছিল । আবু হুৰাইৰা (ৰাঃ) য়ে কেবাটাও ভলিউমত হদীছ সংগ্ৰহ কৰে আৰু তাৰ পৰা সৰু সংকলন এটা তেখেতৰ অনুগামীৰ বাবে প্ৰস্তুত কৰে । বিখ্যাত হদীছ বিশেষজ্ঞ ড. মুস্তফা আজমিয়ে তেখেতৰ ডক্তৰেট ডিগ্ৰীৰ বাবে দাখিল কৰা গবেষণা গ্ৰন্থত উল্লেখ কৰিছিল যে হিজৰীৰ প্ৰথম শতাব্দীতে এশতকৈ অধিক হদীছ পুস্তিকাৰ প্ৰচলন আছিল, দ্বিতীয় শতিকাৰ শেষলৈ এই সংখ্যা কেবা হাজাৰ হয়গৈ । অৱশ্যে ইয়াৰ অধিকাংশ কিতাপ আজিৰ তাৰিখত উপলব্ধ নহয় । এই বিলাক তৃতীয় শতিকাত প্ৰস্তুত কৰা এন্চাইক্লপেডিয়া সংকলনৰ লগত মিলাই দিয়া হয় । প্ৰথম শতিকাৰ এখন হস্ত লিখিত পুস্তিকা এই শতিকাত পাই ড. হামিদুল্লাহ চাহাবে প্ৰকাশ কৰিছিল । এইখন ছহিফা হাম্মাম ইবন মুনাব্বাহ, যি জন আবু হুৰাইৰা (ৰাঃ) ৰ অনুগামী আছিল আৰু ইয়াত 138 টা হদীছ আছিল । চহিফাৰ হদীছ সমূহ মুচনাদে আহমদ আৰু মুছলিম শ্বৰীফৰ সংকলনত তৃতীয় শতিকাৰ পৰা প্ৰকাশ কৰা হয় । হদীছৰ মূল কিতাপ পোৱাৰ পিছত তাত উল্লেখিত হদীছ সমূহ মুছলিম শ্বৰীফ আৰু মুচনাদে আহমদৰ লগত তুলনা কৰি চোৱাত এক বিন্দুমানো হেৰফেৰ পোৱা নাছিল । থিক তেনেকৈ ‘মুচ্চানফ অব আব্দুল ৰাজ্জাক’ আৰু ‘মু’আম্মৰ ইবনে ৰছিদ আল জামি’ প্ৰকাশ কৰা হয় ।
গছপেল বা বাইবেলৰ নব সংষ্কৰণ আৰু হদীছ সম্পৰ্কত ড. হামিদুল্লাহ চাহাবে কয় যে, “গছপেলৰ সংকলন, সংৰক্ষণ আৰু এটা জেনেৰেচনৰ পৰা পৰবৰ্তী জেনেৰেচনলৈ পৰিবহন কৰা পদ্ধতি হদীছৰ লগত নিমিলে । এইচব কোনে লিখিলে, কোনে অনুবাদ কৰিলে আৰু কোনে পৰবৰ্তী জেনেৰেচনলৈ কঢ়িয়াই আনিলে, সেই বিষয়ে গছপেল নিমাত । ই মূল ‘আৰামাইক্’ ৰ পৰা ‘গ্ৰীক’লৈ কি দৰে পৰিবৰ্তন হ’ল, মূল পুথিৰ পৰা সত্য ভাবে লিখাৰ ক্ষেত্ৰত লিখোতাই কি ব্যবস্থা লৈছিল বা কিমান সাবধানতা লৈছিল, যীশুখ্ৰীষ্টৰ তিনিশ বছৰৰ পিছত কিয় বাইবেলৰ চাৰিটা গচপেল প্ৰকাশ পায় আদি প্ৰশ্ন সমূহৰ উত্তৰ আজিও পাবলৈ নাই । এনে ক্ষেত্ৰত গচপেলৰ লগত বুখাৰী, মুছলিমৰ তুলনা কৰাটো মুৰ্খামীহে, যাৰ প্ৰতি দুই শাৰীৰ ব্যাখ্যাত তিনিৰ পৰা ন জনলৈ উদ্ধৃতিকাৰী (Referencer) পোৱা যায় ।
ক্ৰমশঃ ইন শ্বা আল্লাহ …………….
যোৱা সংখ্যাৰ পিছৰ পৰা
কোৰআনত উল্লেখিত কিছুমান বৈজ্ঞানিক ঘটনাৰ ওপৰত অধ্যয়ন কৰি পোৱা তথ্যৰ ওপৰত ড. মৰিচ বুকেইলে কোৰআন আল্লাহৰ বাণী বুলি স্বীকাৰ কৰে, আৰু ইছলাম গ্ৰহণ কৰে, কিন্তু হদীছ সম্পৰ্কত তেখেতে সন্দেহ প্ৰকাশ কৰি কয় যে, গছপেলৰ দৰেই হদীছো অবৈজ্ঞানিক । তথাপি তেখেতে কয় যে, “The truth of hadith, from a religious point of view, is beyond question”.
ওপৰৰ আলোচনাৰ পৰা সংক্ষেপে ইয়াকে কব পাৰি যে ; কোৰআন’ আৰু ‘চূন্নাহ বা হদীছ’ একেজন ব্যক্তিৰ মুখৰ পৰা ওলোৱা, আৰু তেখেত হৈছে, আমাৰ প্ৰিয় নবী মোহাম্মদ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম । গতিকে এটাক স্বীকাৰ কৰি আনটোক অস্বীকাৰ কৰাৰ যুক্তি থাকিব নোৱাৰে, স্বীকাৰ কৰিলে দুয়োটাকে কৰিব লাগিব, যেহেতু দুয়োটাৰে সত্য উৎস ৰছুলুল্লাহ (ছঃ), হদীছৰ সত্যতাৰ ওপৰত সন্দেহ কৰাৰ অৰ্থ হব ৰছুল (ছঃ) ৰ সত্য উৎসৰ ওপৰত সন্দেহ কৰা (নাউজুবিল্লাহ্) ।
দ্বিতীয়তে, কোৰআন লিখিত ৰূপত কিতাপ আকাৰে লিপিবদ্ধ কৰা হৈছিল, ৰছুল (ছঃ)ৰ ইন্তেকালৰ পিছত । ৰছুল (ছঃ) ৰ জীবিত কালত যদিও তেখেত (ছঃ)ৰ বিশ্বাসী ও জ্ঞান সম্পন্ন কেইজন মান চাহাবা (ৰাঃ)ক (তেওঁলোক হ’ল – চাৰি খলিফা, আব্দল্লাহ ইবন আমৰ ইবন আল্-আছ্, মুআৱিয়াহ ইবন আবি চুফিয়ান্, জায়িদ ইবন থাবিত আদি) কোৰআন অবতীৰ্ণ হোৱাৰ সময়তে লিপিবদ্ধ কৰিব কৈছিল, সেয়া স্থায়ী সংৰক্ষণৰ বাবে নাছিল, কাৰণ তেখেত সকলে জন্তুৰ ছাল, পাতল বগা শিল ও তেনে ধৰণৰ বস্তুতহে লিখিছিল, সেয়ে কোৰআন মূলতঃ মুখস্থকাৰী চাহাবা (ৰাঃ) সকলৰ অন্তৰতে সংৰক্ষণ হৈ আছিল, খলিফা আবু বক্কৰ চিদ্দিক (ৰাঃ) ৰ সময়লৈ । ‘ৰিদ্দা’ৰ যুদ্ধত (Musaylimah নামৰ ভুৱা নবীৰ বিৰুদ্ধে কৰা যুদ্ধ) কোৰআন মুখস্থ কৰি ৰখা বহুতো চাহাবা (ৰাঃ) ৰ মৃত্যু হোৱাত, আবু বক্কৰ (ৰাঃ) ৰ মনত শংকা হয় যে কোৰআন মুখস্থ কৰি ৰখা চাহাবা (ৰাঃ) সকলৰ এনেদৰে মৃত্যু হলে কোৰআন পৃথিবীৰ পৰা নাইকীয়া হৈ যাব । সেয়ে তেখেতে জ্যেষ্ঠ চাহাবা সকলৰ লগত আলোচনা কৰি কোৰআনক এখন কিতাপ হিচপে সংকলন কৰাৰ বাবে জায়িদ ইবন থাবিত (ৰাঃ) ৰ ওপৰত দায়িত্ব অৰ্পণ কৰে । ছহীহ বুখাৰীৰ 4986 নং হদীছত উল্লেখ থকা মতে জায়িদ ইবন থাবিত (ৰাঃ)ক দায়িত্ব দিয়া সময়ত তেখেতে আবু বক্কৰ (ৰাঃ) ক প্ৰশ্ন কৰিছিল, ৰছুল (ছঃ) য়ে কৰি নোযোৱা কাম এটা তেখেতে কেনেকৈ কৰিব ? তেতিয়া ওচৰতে থকা উমৰ ইবন আল্-খাত্তাব (ৰাঃ) য়ে কৈছিল, “আল্লাহৰ দ্বাৰা, এয়া ভাল কাম” আৰু দায়িত্ব লবলৈ অনুৰোধ কৰিছিল । আবু বক্কৰ (ৰাঃ) য়েও সেয়া সমৰ্থন কৰিছিল । তেখেতে দায়িত্ব লৈয়ে লিখিত ৰূপত থকা কোৰআনৰ অংশ বিশেষ, সেই জন্তুৰ ছাল, খেজুৰৰ গা-গছ, পাতল বগা শিল আদিৰ লগতে কোৰআন ভালকৈ মুখস্থ কৰি ৰখা ব্যক্তিক বিচাৰিব ধৰে যেতিয়ালৈকে চুৰা ‘আত্-তৌবা’ৰ শেষ দুই আয়াত মুখস্থ থকা আবু খুজাইমাহ আল আনচাৰী (ৰাঃ)ক লগ পোৱা নাছিল, কাৰণ তেখেতৰ বাদে সেই দুই আয়াত মুখস্থ থকা আন কোনো ব্যক্তিক পোৱা নাছিল । জায়িদ ইবন থাবিত (ৰাঃ) ৰ কোৰআন সম্পূৰ্ণ মুখস্থ আছিল যদিও তেখেতে পঢ়ি যোৱা প্ৰতিটো আয়াত দুজন চাহাবীয়ে ৰছুল (ছঃ) ৰ পৰা শুনা বুলি সমৰ্থন নকৰালৈকে লিখা নাছিল । এনেদৰে লিখি উলিওৱা কোৰআন আবু বক্কৰ (ৰাঃ) ৰ ওচৰত জমা দিয়াত তেখেতৰ ইন্তেকাললৈকে তেখেতৰ ওচৰতে থাকে, তাৰ পিছত উমৰ (ৰাঃ) ৰ ওচৰত থাকে তেখেতৰ মৃত্যু লৈকে, আৰু তাৰ পিছত তেখেতৰ জী হাফচা (ৰাঃ)ৰ ওচৰত থাকে । উচমান (ৰাঃ) ৰ সময়ত চিৰিয়া আৰু ইৰাকৰ লোক সকলে আৰ্মেনিয়া ও আজাৰবাইজানৰ লগত যুদ্ধৰ সময়ত কোৰআন আবৃত্তি কৰোতে ধৰা পৰা পাৰ্থক্য তেখেতৰ দৃষ্টিগোচৰ কৰাত উচমান (ৰাঃ) য়ে হাফচা (ৰাঃ) ৰ ওচৰত জমা থকা কোৰআন আনি বহুতো কপি কৰায় আৰু প্ৰত্যেক মুছলিম দেশলৈ এটাকৈ কপি পথিয়াই হুকুম দিয়ে যে সেই কপিটোৰ বাদে তেওঁলোকৰ ওচৰত থকা কোৰআনৰ আন সকলো কপি জ্বলাই দিব লাগে । এনেকৈয়ে মুছলিম বিশ্বত এখন কোৰআনৰ লিখিত ৰূপ প্ৰকাশ পায়, যি খন আজি প্ৰতিজন মুছলমানে আল্লাহৰ বাণী হিচাপে বিশ্বাস কৰি পঢ়ি আছে । গতিকে, আজি আমি পঢ়ি থকা কোৰআন মজিদৰ সত্য উৎস সাব্যস্ত হৈছে হদীছৰ পৰা, এনে স্থলত হদীছ অস্বীকাৰ কৰা মানে কোৰআনৰ সত্যতাৰ ওপৰতো সন্দেহ কৰা নুবুজাব নে ? (নাউজুবিল্লাহ)
তৃতীয়তে, হদীছ লিখিত ৰূপত সংৰক্ষণ কৰা হয় ৰছুল (ছঃ) ৰ জীবিত কালতে । ওপৰত উল্লেখ কৰা হৈছে যে আব্দল্লাহ ইবনে আমৰ ইবনে আল্-আ’চ (ৰাঃ) য়ে ৰছুলুল্লাহ (ছঃ) ৰ অনুমতি সাপেক্ষে তেখেত (ছঃ) ৰ পৰা শুনা সকলো কথা লিপিবদ্ধ কৰি ‘ছহিফা ছদিকা’ প্ৰস্তুত কৰে য’ত ছয় হাজাৰ হদীছ আছিল । আনচ ইবনে মালিক (ৰাঃ) ৰছুলুল্লাহ (ছঃ) ৰ লগত থকা সময় ছোৱাত হদীছ লিখি ৰছুলুল্লাহ (ছঃ) ৰ ওচৰত পঢ়ি শুনাই শুধৰাই লৈছিল । আবু হুৰাইৰা (ৰাঃ) য়েও কেবাটা ভলিউমত হদীছ সংগ্ৰহ কৰি তাৰ পৰা সৰু সংকলন এটা তেখেতৰ অনুগামীৰ বাবে প্ৰস্তুত কৰিছিল । হিজৰীৰ প্ৰথম শতাব্দীতে এশতকৈ অধিক হদীছ পুস্তিকাৰ প্ৰচলন আছিল, দ্বিতীয় শতিকাৰ শেষলৈ এই সংখ্যা কেবা হাজাৰ হয়গৈ । আবু হুৰাইৰা (ৰাঃ) ৰ এজন অনুগামীয়ে প্ৰস্তুত কৰা 138 টা হদীছ সম্বলিত প্ৰথম শতিকাৰ এখন হস্ত লিখিত পুস্তিকা, ‘ছহিফা হাম্মাম ইবন মুনাব্বাহ’ ড. হামিদুল্লাহ চাহাবে এই শতিকাত প্ৰকাশ কৰিছিল । চহিফাৰ হদীছ সমূহ মুচনাদে আহমদ আৰু মুছলিম শ্বৰীফৰ সংকলনত তৃতীয় শতিকাৰ পৰা প্ৰকাশ কৰা হয়, যি বিলাক হদীছৰ মূল কিতাপ পোৱাৰ পিছত তুলনা কৰি কোনো পাৰ্থক্য পোৱা নাছিল । ইয়াৰ পৰা দেখা যায়, ৰছুল (ছঃ) ৰ জীবিত কালতে প্ৰস্তুত কৰা হদীছৰ সত্যতা, তেখেত (ছঃ)ৰ ইন্তেকালৰ পিছত প্ৰস্তুত কৰা ও বৰ্তমানে আমি পঢ়িব পোৱা কোৰআন মজিদৰ সত্যতাতকৈ কোনো গুণে কম হয়, গতিকে হদীছ অস্বীকাৰ কৰা মানে পৰোক্ষ ভাবে কোৰআন মজিদৰ সত্যতাক অস্বীকাৰ কৰা, কাৰণ কোৰআন মজিদৰ সত্যতা হদীছৰ পৰাহে সাব্যস্ত হৈছে (বুখাৰী 4986, 4988) ।
চতুৰ্থতে লিখিত হদীছৰ শুদ্ধতা স্বয়ং ৰছুলুল্লাহ (ছঃ) ৰ পৰাই হৈছিল, যেহেতু তেখেত (ছঃ) জীবিত আছিল, কিন্তু কোৰআন লিখিত ৰূপত এখন গ্ৰন্থ হিচাপে প্ৰস্তুত কৰা হৈছিল ৰছুলুল্লাহ (ছঃ)ৰ ইন্তেকালৰ পিছত, বিশ্বস্ত চাহাবী জায়িদ ইবন থাবিত (ৰাঃ) ৰ দ্বাৰা, যিয়ে ৰছুল (ছঃ) ৰ পৰা কোৰআন শুনি মুখস্থ কৰা আন চাহাবী (ৰাঃ) ৰ সতে প্ৰতিটো আয়াতৰ শুদ্ধতা সম্পৰ্কত একমত হোৱাৰ পিছত । সেয়ে কোৰআন আৰু হদীছৰ সত্যতাৰ কোনো হেৰফেৰ থাকিব নোৱাৰে । গতিকে হদীছ নমনাৰ যুক্তি সমূহ গ্ৰহণযোগ্য নহয়, কোৰান স্বীকাৰ কৰিলে হদীছো স্বীকাৰ কৰিব লাগিব ।
শেষত ইছলাম ধৰ্ম্মী সকলো ভাই ভনীকে বিনম্ৰ ভাবে আহ্বান জনাও, তেওঁলোক যেন ‘আহলুল জামাত’ত অন্তৰ্ভূক্ত হৈ কোৰআন ও ছহীহ হদীছ মতে আমল, ইবাদত কৰিবলৈ আগবাঢ়ি আহে । ৰছুলুল্লাহ (ছঃ) য়ে কৈছে, “মোৰ উম্মত তেসত্তৰটা ভাগত বিভক্ত হব, তাৰে এটা ভাগ জন্নতত যাব আৰু বাকী বাসত্তৰটা ভাগ জহন্নামত যাব” । তেখেত (ছঃ) ক সোধা হ’ল – হে আল্লাহৰ ৰছুল ! সেই সকল কোন ? তেখেতে কলে, “আল্-জামাত” (চুনান ইবনু মাজাহ নং ৩৯৮২) । ‘আল্-জামাত’ ৰ অৰ্থ হ’ল, ৰছুল (ছঃ) আৰু চাহাবী (ৰাঃ) সকলৰ আকীদা, আদৰ্শ, কাৰ্য্যাৱলী আদি অনুসৰণ কৰি চলা লোক সকল ।
আল্লাহে আমাক সকলোকে কোৰান ও হদীছ মানি ইছলামৰ শুদ্ধ ৰীতি নীতি মতে আমল কৰাৰ তৌফিক দিয়ক, আমিন ।
বিঃ দ্ৰঃ এই লিখনীটো ‘আল্-হাৰ্ফ’ সংগঠনৰ মূল নীতিৰ পৰা আঁতৰি যোৱা সেই সকল সদস্যৰ নামত অৰ্পন কৰিলো ।
——————————–
✍✍ ✍.. ( লেখক ইক্ৰামুল হুছেইন চাহাব )