মাহেকীয়া আত-তাহৰীক প্রশ্নোত্তৰ
#প্রশ্নঃ (০৮/৩৬৮) মহিলাসকলে মাহেকীয়া অৱস্থাত ভাত ৰান্ধিব নোৱাৰে, কুৰআন মাজীদ তেলাওৱাত বা স্পর্শ কৰিব নোৱাৰে। এইবোৰ কথাৰ সত্যতা আছেনে?
-ছেলিম আহমাদ, ছিলেট।
.
#উত্তৰঃ মাহেকীয়া অৱস্থাত কুৰআন স্পর্শ কৰি তেলাওৱাত কৰা ব্যতীত যিকোনো কাম কৰিব পাৰিব। (মুছলিম হা/৩৭৩, মিশকাত হা/৪৫৬; উছাইমীন, শ্বাৰহুল মুমতে‘ ১/৩৪৯ পৃঃ)।

স্মর্তব্য যে, মাহেকীয়া অৱস্থাত স্ত্রীসকলক পৃথকে ৰখা ইহূদীসকলৰ কাম। আনাচ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ‘ইহূদীসকলৰ কোনো মহিলাৰ যেতিয়া মাহেকীয়া হৈছিল, তেতিয়া গিৰীয়েকৰ সৈতে একেলগে খোৱা-লোৱা কৰা নাছিল, একেলগে থকা নাছিল। এই বিষয়ে ছাহাবীসকলে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামক প্ৰশ্ন কৰাত আল্লাহপাকে ছূৰা বাক্কাৰাহৰ ২২২ নং আয়াত নাযিল কৰে। য’ত মাহেকীয়া অৱস্থাত কেৱল সহবাস নিষেধ কৰা হৈছে। তাৰ পিছত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, ‘তোমালোকে তোমালোকৰ স্ত্রীসকলৰ সৈতে সহবাস ব্যতীত সকলো কৰিব পাৰা’। (মুছলিম, মিশকাত হা/৫৪৫)।