*********************
#সিহঁতৰ_অন্তৰত_আল্লাহে_মোহৰ(Seal)#লগাই_দিয়ে৷ #সঁচাই নেকি ?
___________________________________________
★★★★★★★★★★★★★★★★★★★★★
বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় লাইব্ৰেৰীত বহি কিতাপ পঢ়ি আছিলোঁ৷ ছাজিদৰ সন্মূখত এন্থনি মাচকাৰেনহাছৰ ‘The Legacy Of Blood’ নামৰ কিতাপখন৷ এইখন বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ উপৰত বিদেশী সাংবাদিক এজনৰ লিখা কিতাপ৷ ছাজিদৰ বহুদিনৰ আশা, বাংলাদেশৰ মুক্তিযুদ্ধৰ উপৰত তেওঁ এটা ডকুমেন্টৰী প্ৰস্তুত কৰিব৷ সেয়ে মুক্তিযুদ্ধক লৈ যিমানবোৰ কিতাপ লিখা হৈছে, এখন এখনকৈ গভীৰ ভাৱে অধ্যয়ন কৰি গৈ আছে৷
মই মাথো ছাজিদক সংগ দিয়াৰ বাবেই ৰৈ গৈছোঁ৷ এইবোৰ কিতাপ-চিতাপ পঢ়াক লৈ মোৰ যথেষ্ট অনীহা৷ থাৰ্ড পিৰিয়ডত ছাজিদে ফোন কৰি ক’লে , ক্লাচৰ শেষত তেওঁৰ লগত যেন লগ কৰোঁ৷ এই লগ কৰিবলৈ আহিয়েই ফঁচি গ’লোঁ৷ মোক লৈ ছাজিদ চিধা লাইব্ৰেৰীত সোমাল৷ বিগ ভলিওমৰ কিতাপ কিছুমান লৈ বহি পৰিল৷ খুব মনোযোগেৰে পঢ়ি আছে আৰু গুৰুত্বপূৰ্ণ লাইনবোৰ ডায়েৰিত টুকি আছে৷
মই আৰু কি কৰিম!! ছাজিদক মুখৰ উপৰত ‘তই বহি থাক’ বুলি ওলাই যাবও নোৱাৰি৷ তেনেহলেতো হ’ল আৰু৷
মই ঘুৰি ঘুৰি ছেলফত সজাই থোৱা কিতাপবোৰকেই চাই আছো৷ মাজতে হুমায়ুন আহমেদৰ এখন কিতাপ হাতত ললোঁ৷ কিতাপখনৰ নাম–‘দিঘিৰ জলে কাৰ ছায়া গো৷’
হুমায়ুন আহমেদ নামৰ ভদ্ৰমানুহজন বাংলাদেশৰ এজন জনপ্ৰিয় লিখক৷ যদিও মই তেওঁৰ কিতাপ সিমান বেছি পঢ়া নাই, কিন্তু ছাজিদৰ মুখত তেওঁ খুওব প্ৰশংসা শুনি থাকোঁ৷ তেওঁৰ বহুতো কালজয়ী চৰিত্ৰ আছে৷এবাৰতো তেওঁৰ নাটকৰ এটা দৃশ্যপট সলনি কৰাৰ বাবে মানুহৰ ধৰ্ণাই দিব লগা হৈছিল৷ বাপৰে! কি সাংঘাতিক!
‘দিঘিৰ জলে কাৰ ছায়া গো’ নামৰ বাংলা কিতাপখনত মাজে মাজে চকু ফুৰাবলৈ ধৰিলোঁ৷ হঠাৎ মোৰ দৃষ্টি এঠাইত থৰ হৈ ৰ’ল৷ বিৱৰ্তনবাদৰ জনক চাৰ্লছ ডাৰউইনৰ বিষয়ে কিবা এটা লেখা৷ পঢ়িবলৈ ধৰিলোঁ—
(অসমীয়াত অনুবাদ কৰিলে এনে শুনা যাব)
“আহছানক পাই শওকত ছাহাব বৰ আনন্দিত৷ তেওঁ নতুন এখন কিতাপ পঢ়ি আছে৷ কিতাপখনত বিৱৰ্তনবাদৰ জনক ডাৰউইন ছাহাবক ধৰাশায়ী কৰা হৈছে৷ তেওঁৰ পূৰ্বপুৰুষ বান্দৰ আছিল– কথাটো তেওঁ কোনোপধ্যেই মানিব পৰা নাছিল৷ য’ক গৈ’, এতিয়া সমস্যাৰ সমাধান এটা হৈছে৷
তেওঁ আহছানৰ ফালে হাউলি গৈ সুধিলে—‘তুমি ডাৰউইনবাদত বিশ্বাস কৰা নেকি?’
আহছানে ক’লে—‘হয় খুৰা, কৰোঁ৷’
—‘তোমাৰ বিশ্বাসক তুমি এতিয়া যি কোনো এটা ভাল ডাষ্টবিন চাই পেলাই থৈ আহিব পাৰা৷’
আহছানে ক’লেে—‘ আচ্ছা আচ্ছা, পেলাম বাৰু৷’
—‘গোটেই বিষয়টো নুশুনিয়েই আচ্ছা আচ্ছা নকৰিবা৷ প্ৰথমে গোটেই কথাখিনি শুনি লোৱা৷’
আহছানে হতাশভঙ্গীত গোটেই বিষয়টো শুনাৰ বাবে প্ৰস্তুত হ’ল৷ সহজে এই বিৰক্তিকৰ মানুহজনৰ পৰা ৰেহাই পোৱা নাযাব যেনেই লাগিছে৷
শওকত চাহাবে ক’লে—‘ তোমালোকৰ ডাৰউইনৰ থিয়ৰিয়ে কয় চৰাই-চিৰিকটি আহিছে সৰীসৃপৰ পৰা৷
তুমি এতিয়া এটা সাপ আৰু ময়ুৰ একেলগে ৰাখা৷ চিন্তা কৰাচোন, ময়ুৰৰ পূৰ্বপুৰুষ সাপ, যি সাপ আজি ময়ুৰৰ প্ৰিয় খাদ্য৷ কোৱা, কিবা কবলৈ আছে যদি?
—‘এই মূহুৰ্তত একোৱে কবলৈ নাই চাচা৷’
—‘মনে মনে দহৰ ওপৰত ৯৫০ টা শূণ্য বহোৱা৷
এই বিশাল,প্ৰায় অসীম সংখ্যা দি ১ ক হৰণ কৰা৷ কি পাবা জানানে? শূণ্য৷ ইয়াকেই বোলে এটমে এটমে খুন্দাখুন্দি কৰি *DNA* অণু সৃষ্টিৰ সম্ভাৱনা৷ মিলাৰ নামৰ কোনো বৈজ্ঞানিকৰ নাম শুনিছা? ছাগলীটাইপ ছাইনথিষ্ট৷’
—‘শুনা নাই, চাচা৷’
—‘সেই ছাগলীটোৱে ১৯৫০ চনত এটা এক্সপেৰিমেন্ট কৰি অন্যান্য ছাগলী ছাইনথিষ্ট বোৰৰ মাজত হৈ চৈৰ সৃষ্টি কৰিছিল৷ ছাগলীটোৱে কৰিলে কি, লেবৰেটৰীত আদি পৃথিৱীৰ আবহাওৱা সৃষ্টি কৰি ঘন ঘন ইলেকেট্ৰিক কাৰেন্ট পাছ কৰিলে৷ পিছত কিছুমান প্ৰ’টিন অণু সৃষ্টি কৰি ক’লে–এনেকৈয়ে পৃথিৱীত প্ৰাণৰ আৰম্ভনি হৈছিল৷প্ৰাণৰ সৃষ্টিত সৃষ্টিকৰ্তাৰ কোনো প্ৰয়োজন নাই৷ এতিয়া সেই ছাগলী মিলাৰক লৈ বৈজ্ঞানিক মহলত কৌতুক সৃষ্টি হয়৷ Life মেগাজিনত কি লিখা আছিল পঢ়ি শুনাওঁ৷’
—‘চাচা, বেলেগ এদিন শুনো?! কঠিন বিষয় শুনিবলৈ এতিয়া মই মানসিকভাৱে প্ৰস্তুত নহয়৷’
—‘কঠিন একো নকওঁ৷ একদম জলবৎ তৰলং৷ মনোযোগেৰে শুনা৷’
_শওকত চাহাব পঢ়া আৰম্ভ কৰিলে৷ আহছানে হতাশ নয়নেৰে খিড়ীকিয়েদি দূৰলৈ চাই পঠিয়ালে………’_
এইখিনিলৈ পঢ়ি মই বৰ মজা পালোঁ৷ লিখক হুমায়ুন আহমেদে ইয়াত বেচেৰা ডাৰউইনক ভাল পাঠ দিছে৷ শওকত চাহাবৰ দৰে ময়ো কেতিয়াও মানিব নোৱাৰোঁ যে, আমাৰ পূৰ্বপুৰুষ বান্দৰ৷ ভাবিলেই ঘৃনা লাগে!
কিতাপখন লৈ মই ছাজিদৰ ওচৰলৈ গ’লোঁ৷ ইতিমধ্যে সি বেগ-চেগ সামৰিব ধৰিছে৷ সি ক’লে–‘ব’ল, ৰুমত যাওঁ৷’
মই তাক মোৰ হাতৰ কিতাপখন দেখাই ক’লোঁ—‘এই কিতাপখন পঢ়িছা? এটা মজাৰ কাহিনী আছে৷ হৈছে কি জানা?………’
মোৰ মুখৰ পৰা কথা কাঢ়ি নি ছাজিদে ক’লে—‘শওকত চাহাব নামৰ এজন মানুহে আহছান নামৰ এজন ল’ৰাৰ সন্মূখত ডাৰউইনৰ চৈ পুৰুষ উজাৰ কৰিছে, এয়াই তো?
মই অবাক হ’লোঁ৷ কলোঁ–‘হয়৷ কিন্তু মই এই বিষয়েই কম বুলি তই কেনেকৈ বুজিলি?’
ছাজিদে বেগটো কান্ধত লৈ ক’লে—‘ইয়াৰ বাহিৰে এই কিতাপত বিশেষ একো নাই, যি দেখাবলৈ তয় মোৰ ওচৰলৈ দৌৰি আহিবি৷ সেয়ে অনুমান কৰিলোঁ৷’
মই আৰু একো নকলোঁ৷ কিতাপখন ছেলফত থৈ বাহিৰলৈ বুলি খোঁজ দিলোঁ৷ ছিৰিৰ ওচৰ পাওতেই হঠাৎ বিপ্লৱদাৰ লগ হৈ গ’ল৷
তেওঁৰ লগত মোৰ অন্তিমবাৰ সাক্ষাত হৈছিল তেওঁৰ বাসস্থানত৷ তেতিয়া ছাজিদ আৰু বিপ্লৱদাৰ মাজত কোৱান্টাম ফিজিক্স লৈ চমৎকাৰ বিতৰ্ক হৈছিল৷ বিতৰ্কত বিপ্লৱদা বৰ বেয়া ধৰণে হাৰিছিল৷ সেইটো মনত পৰিলে এতিয়াও মোৰ পৈচাশিক আনন্দ হয়৷
আমাক দেখিয়েই বিপ্লৱদাই হাঁহি দিলে৷ অলপ কথাও পাতিলে৷ ইয়াৰ মাজতেই হঠাৎ বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে৷ মধ্যাকাশত সূৰ্য মামা তেতিয়াও সুস্থ দেহাৰে জলক তবক, আকৌ সিফালে আলুগুটিহেন বৰষুণৰ ফোটা৷ গ্ৰাম্যাঞ্চলত এই বৰষুণৰ এটা মজাৰ ব্যাখ্যা আছে৷ সিহঁতে কয়, শিয়ালীৰ বিয়া হ’লে এনেকোৱা বৰষুণ পৰে৷ ৰ’দৰ মাজতো বৰষুণ৷ শিয়াল প্ৰজাতিৰ মাজত বিয়াৰ প্ৰচলন সঁচাকৈয়ে আছে নে নাই কোনে জানে৷
বিপ্লৱদাৰ লগত আমি কেন্টিনত সোমালোঁ৷ বৰষুণ কমিলেহে ওলাব পাৰিম৷
ছাজিদে তিনি কাঁপ চাঁহৰ অৰ্ডাৰ দিলে৷ এয়াৰ পিছত বিপ্লৱদাৰ ফালে চাই ক’লে—‘দাদা, চাঁহ খোৱাত অসুবিধা নাই তো?’
—‘নাই নাই, ইটচ্ অ’কে’– বিপ্লৱদাই ক’লে৷
বিপ্লৱদাই আকৌ ক’লে—‘ ছাজিদ, তোমাৰ লগত এটা বিষয়ত কথা পাতিব লাগিছিল৷’
তেতিয়ালৈকে চাঁহ আহি গ’ল৷ এই বৰষুণৰ বতৰত পাইপিন হট্ চাঁহৰ কাপত সোহা দিয়াৰ ফ্লেভাৰটোৱেই বেলেগ৷ ছাজিদে নিজৰ কাঁপত সোহা মাৰি থাকোতে ক’লে—‘হয় দাদা, কওক৷ কোন টপিক?’
বিপ্লৱদাই ক’লে—‘সেই যে, তোমালোকে যে কিতাপ এখনক স্ৰষ্টাৰ বাণী বুলি কোৱা, তাকেই লৈ৷ কোৰআন নে কি নাম?
—‘ আচ্ছা কোৰআন লৈ!! অসুবিধা নাই৷ কওক কি কব?
বিপ্লৱদাই ক’লে—‘কোৰআনত এটা ছুৰা আছে৷ ছুৰাটোৰ নাম বাকৰা৷’
ছাজিদে ক’লে—‘ছুৰাটোৰ নাম বাকৰা নহয়, বাকাৰা৷ বাকাৰৰ অৰ্থ- গাই গৰু৷ ইংৰাজীত-The Cow……
—‘অ’ সেইটোৱেই৷ আচ্ছা,এই ছুৰাৰ ৬-৭ নম্বৰ লাইনবিলাক তুমি পঢ়িছানে?
—‘গোটেই কোৰআন খনকেই আমি মাহত কেইবাবাৰো পঢ়োঁ৷ এইখন মাৰ্ক্স কিংবা প্লেটোৰ ৰচনা নহয় যে এবাৰ পঢ়া হৈ গ’লেই ছেলফত আজীৱনৰ বাবে সজাই ৰাখিম৷
বিপ্লৱদাই ক’লে—‘এই লাইনবোৰত কোৱা হৈছে—
*”Verily those who disbelieve, it is the same to them whether you warn them or do not warn them, they will not believe. Allah has set a seal on their hearts & on their hearings, and on their eyes, there is a covering. Theirs will be a great torment.”* Baqara 6-7……
এইবাৰ বিপ্লৱদাই ইয়াৰ অনুবাদো শুনালে—
*” নিশ্চয় যিসকলে অস্বীকাৰ কৰে, সিহঁতক আপুনি সৱধান কৰক বা নকৰক, সিহঁতে স্বীকাৰ নকৰে৷ আল্লাহে সিহঁতৰ হৃদয়ত আৰু সিহঁতৰ কৰ্ণ কুহৰত মোহৰ লগাই দিছে; সিহঁতৰ দৃষ্টিৰ ওপৰত আৱৰন টানি দিছে৷ সিহঁতৰ বাবে আছে ভয়ানক শাস্তি৷”*
এইখিনিলৈ কৈ বিপ্লৱদা থামিলত ছাজিদে ক’লে—‘whats wrong with these verses?’
বিপ্লৱদাই ক’লে—‘চোৱা, ইয়াত কোৱা হৈছে কাফিৰ সকলৰ হৃদয়ত আৰু কানত তোমালোকৰ আল্লাই মোহৰ আই মিন ছিল মাৰি দিয়ে৷ ছিল মাৰা মানে তলাৱদ্ধ কৰি দিয়া নহয়নে?
—‘ও৷’
—-‘এতিয়া কাফিৰ সকলৰ হৃদয় আৰু কাণত যদি ছিল লগোৱা থাকে, সিহঁতেতো সত্যৰ বাণী; আই মিন তোমালোকে যিটোক ধৰ্মৰ বাণী বুলি কোৱা, তাক বুজিব নোৱাৰে৷ উপলব্ধি কৰিব নোৱাৰে৷ আল্লাই যিহেতু সিহঁতৰ হৃদয়ত আৰু কাণত ছিল মাৰি দিছে, সেয়ে সিহঁতে ধৰ্মৰ বাণী সমূহ বুজিব পৰা নাই৷ সেইবাবেই সিহঁত কাফিৰ হৈয়েই আছে, নাস্তিক হৈয়েই আছে৷ সিহঁতৰ দোষ ক’ত কোৱা? আল্লাহেতো ইচ্ছা নকৰে সিহঁত আস্তিক হওক৷ যদি ইচ্ছা কৰিলেহেতেন, তেন্তে নিশ্চয় সিহঁতৰ হৃদয় আৰু কাণত ছিল নামাৰিলেহেতেন৷ আকৌ শেষত কৈ দিছে যে, সিহঁতৰ বাবে শাস্তিয়ে অপেক্ষা কৰি আছে৷ এয়া কেনে ধৰণৰ কথা? এহাতে ছিল মাৰি দি সত্যাপোলব্ধিৰ পৰা দূৰৈত ৰাখিছে, আনহাতে আজাব প্ৰস্তুত কৰিও ৰাখিছে৷ কামটো ঠিক হ’লনে? তুমিয়ে কোৱা?
বিপ্লৱদাৰ কথাবোৰ মোৰ খুওব যৌক্তিক বোধ হ’ল৷ ঠিকেই তো৷ এই আয়াতবোৰ লৈতো এনেকৈ কেতিয়াও ভৱা হোৱা নাই৷ আল্লাহে এফালে কৈছে কাফিৰ সকলৰ অন্তৰত মোহৰ মাৰি দিয়ে, আকৌ সিহঁতৰ বাবে শাস্তিৰ ব্যৱস্থাও কৰি ৰাখিছে৷ স্ববিৰোধী নীতি যেন লাগিছে!!
ছাজিদে এটা মিচিকিয়া হাঁহি মাৰিলে৷ চাঁহৰ কাঁপত সোহা এটা মাৰি ক’লে—‘বিপ্লৱদা, ইছলামৰ ইতিহাস পঢ়িলে আপুনি একশ্ৰেনীৰ মিৰজাফৰ সকলৰ কথা জানিব পাৰিব৷ ইহঁতে কৰিছিল কি জানে? ইহঁত ৰছুল(ছঃ)ৰ ওচৰত আহিছিল৷ হাতৰ মুঠিত শিল লৈ কৈছিল—‘মুহাম্মদ, মোৰ হাতত কি আছে ক’বলৈ পাৰিলে মই এতিয়াই ইছলাম গ্ৰহন কৰিম৷ চাওঁ তুমি কেনুৱা নবী?
ৰছুল(ছঃ) য়ে হাঁহিছিল৷ আৰু হাঁহি হাঁহিয়েই কৈছিল—‘ তোমাৰ হাতত থকা বস্তুৱেই ক’ব, সেইটো কি৷’
তেতিয়া শিলবোৰে কথা কবলৈ ধৰিছিল৷ ইয়াকে চাই সেই মানুহবোৰ আশ্চৰ্য্য হৈছিল৷ অবাক হৈ কৈছিল–ই নিৰ্ঘাত যাদুকৰ৷আৰু পলাই গৈছিল৷ অথচ, সিহতেই কৈছিল হাতত কি আছে ক’ব পাৰিলে ইছলাম কবুল কৰিব৷ কিন্তু ৰছুল (ছঃ) সিহঁতৰ পৰীক্ষাত উত্তীৰ্ণ হৈ গ’লে, সিহঁতে তেওঁক যাদুকৰ, জ্যোতিষী ইত্যাদি বকি গুছি গৈছিল৷ মুনাফিকী কৰিছিল৷
*এইসমূহ আয়াতত প্ৰধানত এইশ্ৰেণীৰ কাফিৰ সকলৰ কথাই কোৱা হৈছে৷ যি সকলৰ সন্মূখত সত্য উদঘাটিত হোৱাৰ পিছতো তাক অস্বীকাৰ কৰিছিল৷*
বিপ্লৱদাই ক’লে—‘কিন্তু অন্তৰত মোহৰ লগাই দি সত্য জনাৰ পৰা বঞ্চিত কৰি, আকৌ সিহঁতক শাস্তি বিহাটো যুক্তিসংগত নেকি?
—‘মোহৰ আল্লাহে ইচ্ছা কৰি লগাই নিদিয়ে৷ এইটো ছিষ্টেমেটিকেলি হৈ যায়৷’
বিপ্লৱদাৰ অট্টহাস্যত তত নাইকিয়া অৱস্থা৷ তেওঁ ক’লে—‘ Very Interesting! ছিষ্টেমেটিকেলি ছিল লাগি যায়? হা: হা: হাঃ৷’
ছাজিদৰ এই কথটো মোৰো শিশুসুলভ যেন লাগি৷ ছিষ্টেমেটিকেলি ছিল লাগি যায়? আল্লাহে নলগায়৷ কেনেকোৱা কথা? আয়াতত তো স্পষ্ট আছে–‘আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়ে৷’
ছাজিদে ক’লে—বিপ্লৱদা, ধৰি লওক, মই ক’লোঁ—‘ যি সকলে নাখায় বুলি ইতিমধ্যে সিদ্ধান্ত লৈয়েই লৈছে, সিহঁতক আপুনি খাবলৈ কওক বা নকওক, সিহঁতে কেতিয়াও নাখায়৷ আল্লাহে সিহঁতৰ শৰীৰ শুষ্ক কৰি দিয়ে৷ সিহঁতৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰি দিয়ে৷ সিহঁতৰ বাবে অপেক্ষাত আছে দূৰাৰোগ্য বেমাৰ৷
ভাৱি চাওক, ইয়াত সিহঁত অসুস্থ হৈছে, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গৈছে, কঠিন ব্যাধিত আক্ৰান্ত হৈছে– কিয় হৈছে এইবোৰ? আল্লাহে স্বঃইচ্ছাই এইবোৰ কৰিছেনে? নহয়৷ এইবোৰ সিহঁতৰ কৰ্মফল৷ সিহঁতক যিমানে জোৰ কৰা নহওক কিয়, সিহঁতে যিহেতু কোনোপধ্যেই নাখায় বুলি সিদ্ধান্ত লৈ লৈছে—সেইহেতু ছিষ্টেমেটিকেলি আহাৰ গ্ৰহন নকৰাৰ বাবে সিহঁতৰ দেহ ক্ৰমশঃ শুকাই-ক্ষীণাই যাব, দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাব আৰু শেষত কঠিন ৰোগত আক্ৰান্ত হোৱাটোৱেই স্বাভাৱিক৷ এই সকলোবোৰৰ বাবে সিহঁতেই দায়ী নহয়নে? ইয়াত আল্লাহৰ ইচ্ছা বা অনিচ্ছা বুলি একোৱে নাই৷ কিন্তু ছিষ্টেমটো আল্লাহেই চলাই আছে৷ আল্লাহে এটা ছিষ্টেম ৰেডি কৰি দিছে৷ আপুনি আহাৰ-পানী গ্ৰহন নকৰিলে আল্লাহে আপোনাৰ শৰীৰ শুকাই দিব, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰি দিব আৰু অৱশেষত আপুনাৰ এটা ডাঙৰ বেমাৰ হ’ব৷ এইটো এটা ছিষ্টেম৷ আপুনি এই ছিষ্টেমত তেতিয়াই পৰিব, যেতিয়া আপুনি নিজেই নাখায় বুলি চূড়ান্ত সিদ্ধান্ত লৈ ল’ব৷
ঠিক তেনেকৈয়—যি সকলে চূড়ান্ত সিদ্ধান্ত লৈ থৈছে যে, সিহঁতৰ সন্মূখত যিমান প্ৰমান-দলীলেই নাহক কিয়, সিহঁতে সত্যক গ্ৰহন নকৰিব, অস্বীকাৰ কৰিবই কৰিব, সিহঁতৰ অন্তৰ আৰু কাণত ছিষ্টেমেটিকেলি এটা ছিল লাগি আছে৷ নোখোৱাৰ ফলত আপুনি যেনেকৈ শুকাই যায়, আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় আৰু শেষত আপুনি ব্যাধিত আক্ৰান্ত হয়, ঠিক তেনেকৈ বিশ্বাস নকৰে বুলি যেতিয়া চূড়ান্ত সিদ্ধান্ত লৈ পেলাইছে–তেতিয়া আপোনাৰ অন্তৰত, কৰ্ণকুহৰত ছিল লাগি আছে আৰু সময় শেষত আপোনাৰ বাবে অপেক্ষা কৰি আছে কঠিন বেমাৰে আই মিন আজাবে৷ ইয়া বাবে আল্লাহক কিয় ব্লেইম কৰা হ’ব?’
ছাজিদে একাধাৰে কথাবোৰ কৈ শেষ কৰিলে ৷ বিপ্লৱদাই তেতিয়াও মুখ মেলি ছাজিদৰ ফালে চায়েই থাকিল৷ তেওঁ খুওব সম্ভৱ বিষয়টো বুজিব পাৰিছে৷
মই ক’লোঁ—‘বাপ ৰে বাপ! কিহেৰে কি বুজাই দিলি ৰে ভাই! মই হলেতো……………
ছাজিদে মিচিকিয়াই হাঁহিলে৷
বৰষুণ পৰা কেতিয়াবাই বন্ধ হৈ গৈছে৷ আমি বিপ্লৱদাৰ পৰা বিদায় লৈ বাহিৰলৈ খোঁজ দিলোঁ৷ মনটো সদ্যাস্নাত ধৰিত্ৰীৰ দৰেই বৰ ফৰকাল লাগি আছিল৷