ইছলামত কিছু প্রয়োগমূলক শব্দ

_*🌿ইছলামত কিছু প্রয়োগমূলক শব্দ 🌿*_

*#___আলহামদুলিল্লাহ* :

#অর্থ : সকলো প্রশংসা মহান আল্লাহৰ কাৰণে।

যিকোনো সুখবৰ বা ভাল অৱস্থা সম্পর্কিত সংবাদৰ বিপৰীতে সাধাৰণতে এইটো কোৱা হয়। যেনে- ভাই! আপুনি কেনে আছে? উত্তৰত কোৱা উচিত, আলহামদুলিল্লাহ, ভালে আছোঁ।

*#___ইন_শ্বা_আল্লাহ* :

#অর্থ : মহান আল্লাহে যদি বিচাৰে তেনেহ’লে।

ভবিষ্যতত হ’ব, কৰিব বা ঘটিব এনে কোনো বিষয়ত ইন শ্বা আল্লাহ কোৱা ছুন্নাত। যেনে- ইন শ্বা আল্লাহ মই অহাকালি আপোনাৰ কামটো কৰি দিম। পবিত্র কুৰআনত মহান আল্লাহে মুমিনসকলক ইয়াৰ নির্দেশ দিছে।

*#___মা_শ্বা_আল্লাহ* :

#অর্থ : আল্লাহে যেনেকৈ বিচাৰিছে।

এইটো আলহামদুলিল্লাহ শব্দৰ দৰেই ব্যৱহৃত হয়। অর্থাৎ যিকোনো সুন্দৰ আৰু ভাল বিষয়ত এইটো কোৱা হয়। যেনে- মা শ্বা আল্লাহ ইমান ধুনীয়া ল’ৰা! ইমান সুন্দৰ গাড়ী ইত্যাদি।

*#___চুবহানাল্লাহ* :

#অর্থ : আল্লাহ পবিত্র ও সুমহান।

আচৰিতজনক ভাল কিবা কাম হোৱা দেখিলে সাধাৰণতে এইটো কোৱা হয়। যেনে- চুবহানাল্লাহ! জুইত সম্পূৰ্ণ ঘৰ পুৰি যোৱাৰ পিছতো কুৰআন মজিদ অক্ষত আছে।

*#___নাউযুবিল্লাহ* :

#অৰ্থ : আমি মহান আল্লাহৰ ওচৰত ইয়াৰ পৰা আশ্রয় বিচাৰোঁ।

যিকোনো বেয়া ও গুনাহৰ কাম দেখিলে তাৰ পৰা নিজক আত্মৰক্ষার্থে এইটো কোৱা হয়।

*#___আস্তাগফিৰুল্লাহ* :

#অর্থ : মই মহান আল্লাহৰ ওচৰত ক্ষমা বিচাৰিছোঁ।

অনাকাঙ্ক্ষিত কোনো অন্যায় বা গুনাহ হৈ গ’লে আমি এইটো কব লাগে।

*#___ইন্না_লিল্লাহ বা ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰা-জিউন* :

#অর্থ : নিশ্চয় আমি মহান আল্লাহৰ কাৰণে আৰু আমি তেওঁৰ ফালেই উভতি যাম।

যি কোনো দুঃসংবাদ বা বিপদৰ সময়ত আমি এইটো কব লাগে।

*#___✔লা_হাওলা ওৱালা কুওৱাতা ইল্লা বিল্লাহ* :

অর্থ : মহান আল্লাহৰ সাহায্য ও সহায়তা অবিহনে আন কোনো আশ্রয় ও সাহায্য নাই।

শ্বয়তানৰ কোনো ওৱাচওৱাচা বা দূৰ অভিসন্ধিমূলক কোনো প্রতাৰণাৰ পৰা বাচি থকাৰ কাৰণে এইটো পঢ়া উচিত।

👉🏻পাশ্চাত্য সংস্কৃতিৰ নিন্মোক্ত বাক্যসমূহৰ স্থলত আমি কুৰআন ও ছুন্নাহ নির্দেশিত বাক্যসমূহ প্রয়োগ কৰোঁ আঁহক :

কাৰোবাৰ সৈতে দেখা হ’লে- হাই, হ্যালো নকৈ কওঁক-
*আচ্ছালামু ‘আলাইকুম*

= (আপোনাৰ ওপৰত মহান আল্লাহৰ শান্তি বর্ষিত হওঁক)

👉🏻কোনোবাই আপোনাৰ কিবা উপকাৰ কৰিলে- তেওঁক থ্যাংক ইউ নকৈ কওঁক- *জাযাকাল্লাহু খায়ৰান*

= (মহান আল্লাহ আপোনাক সর্বোত্তম প্রতিদান দান কৰক)

                  _🙌 আমীন 🙌_

Leave a comment