☞ ফিতৰা আদায় কৰাৰ উত্তম সময় হৈছে ঈদৰ দিনা ঈদৰ নামাযলৈ যোৱাৰ আগমুহূৰ্ত। অর্থাৎ ফিতৰা দি নামায পঢ়িবলৈ যোৱা।
ইবনে ‘উমাৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰ বর্ণিত, নবী চাল্লাল্লাহু ‘আলাইহি অাল্লামে যাকাতুল ফিতৰ আদায় কৰাৰ আদেশ দিয়ে লোকসকলে নামাযলৈ যোৱাৰ পূর্বে ’’। [বুখাৰী, নং ১৫০৯]
☞ কিন্ত ফিতৰা দিয়াৰ সময় আৰম্ভ হয় ৰমযানৰ শেষ দিনত সূর্য ডুবাৰ লগে লগে। [ছৌদী ফাতাওৱা কমিটি ৯/৩৭৩]
☞ কোনোবাই ঈদৰ এক বা দুই দিন পূর্বেও ফিতৰা দিব পাৰে কাৰণ চাহাবিসকলৰ মাজৰ কিছুমানে ঈদৰ এক বা দুই দিন পূর্বে ফিতৰা আদায় কৰিছিল। [বুখাৰী, নং১৫১১]
☞ কোনোবাই ঈদৰ নামাযৰ পিছত ফিতৰা দিলে সেইটো সাধাৰণ দান হিচাবে গণ্য হ’ব আৰু তেওঁ ফিতৰাৰ বিশেষ ফজিলত ও মর্যাদাৰ পৰা বঞ্চিত হ’ব। [আবু দাউদ, অধ্যায়: যাকাত, অনুচ্ছেদ: ফিতৰৰ যাকাত]
✓ফিতৰা নিজে বিতৰণ কৰা :
☞ প্রত্যেক ব্যক্তিয়ে তেওঁৰ ফিতৰা তেওঁ নিজে হকদাৰক পৌঁছাই দিয়া উত্তম। [ছৌদী ফাতাওৱা কমিটি ৯/৩৮৯]
☞ নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ আদেশ:
‘‘আৰু তেওঁ সেইটো (ফিতৰা) লোকসকল নামাযলৈ যোৱাৰ পূর্বে আদায় কৰি দিয়াৰ আদেশ কৰে’’। কথাটো প্রত্যেক ব্যক্তিৰ কাৰণে স্বতন্ত্র আদেশ। এনেকুৱা নহয় যে, সকলোৱেই একেলগে জমা কৰি সেইটো (ফিতৰা) বিতৰণ কৰিব। এই কাৰণে চাহাবী ইবনে ‘উমাৰ ৰাদ্বিয়াল্লাহু ‘আনহুৱে ফিতৰা হকদাৰসকলক এক বা দুই দিন পূর্বে বিতৰণ কৰি দিছিল। [বুখাৰী, নং ১৫১১]
☞ নিয়ম হ’ল প্রত্যেক ব্যক্তিয়ে তেওঁৰ গাওঁ বা চহৰৰ আশে-পাশে যাক ফিতৰা পোৱাৰ হকদাৰ বুলি ভাৱে তাক ফিতৰা দি আহিব।
☞ কিন্তু নির্ভৰযোগ্য কোনো সংস্থা, নেতা বা ইমামকো নিজ ফিতৰা বণ্টনৰ প্রতিনিধি কৰা জায়েজ। [ছৌদী ফাতাওৱা কমিটি ৯/৩৮৯]
এই ক্ষেত্রত সঠিক নিয়ম ও সঠিক সময়ত বণ্টনৰ দায়িত্ব তেওঁলোকৰ ওপৰত বৰ্তাব।
#শাইখ_Abdur_Raquib