ঈদ আৰু ঈদৰ বিধিবিধান

ঈদ আৰু ঈদৰ বিধিবিধান

بسم الله الرحمن الرحيم
الحمد لله والصلاة والسلام على رسول الله وعلى آله وصحبه أجمعين. أما بعد:

ভূমিকা: অশেষ আনন্দৰ বার্তা লৈ যেতিয়া  ঈদৰ কাঁচি জোন  পশ্চিম দিগন্তত ভাহি উঠে তেতিয়া সর্বস্তৰৰ মানুহৰ হৃদয়ত বৈ যায় আনন্দৰ  বন্যা। শিশু-কিশোৰসকল  আনন্দত উৎফুল্লিত হৈ উঠে। এই ঈদ আল্লাহৰ পক্ষৰ পৰা  এটি ডাঙৰ নি’য়ামত।
হাদীছত বর্ণিত হৈছে ,
আনাছ ইবনে মালিক (ৰা.) ৰ পৰা বর্ণিত:
“ৰাছুলুল্লাহ (ছা.) যেতিয়া [মদীনাত়] আহিল, তেতিয়া সিহতৰ দুটা উৎসৱৰ দিন আছিল। তেখেত (ছা.) কৈছিল, ‘এই দুটা দিনৰ তাৎপর্য কি?’ সিহতে কৈছিল, ‘জাহিলিয়াতৰ যুগত আমি এই দুটা দিনত উৎসৱ পালন কৰিছিলো।’ তেতিয়া ৰাছূলুল্লাহ (ছা.) কৈছিল, ‘আল্লাহ তোমালোকৰ কাৰণে ইয়াৰ পৰিবর্তে উত্তম কিছু দিছে: ইয়াওমুল আদহা আৰু ইয়াওমুল ফিতৰ ।’ ”
 (ছূনান আবু দাউদ হাদিছ নং ৯৫৯)

ইছলামী দিক নির্দেশনা অনুযায়ী যদি আমি ঈদ উদযাপন কৰোঁ তেন্তে এফালে যেনেকৈ  ঈদৰ অনাবিল আনন্দত মতলীয়া হৈ উঠিব আমাৰ পার্থিব জীবন অন্য ফালে  আল্লাহৰ সন্তুষ্টি লাভত  ধন্য হব আমালোকৰ  পৰকালিন জিন্দেগী।

ঈদৰ প্রকৃত অর্থ কি:
কেৱল  দামী পোচাক, ৰঙীন কাপোৰ , আৰু বিভিন্ন ধৰণৰ  সুস্বাদু খোৱা আৰু নানা ধৰণৰ  আনন্দ-উৎসবৰ  নাম ঈদ নহয়। ঈদৰ উদ্দেশ্য কি সেইটো  আল্লাহ তা’আলাই  নিন্মোক্ত আয়াতৰ  মাধ্যমত  প্রকাশ কৰিছে :
﴿وَلِتُكْمِلُوا الْعِدَّةَ وَلِتُكَبِّرُوا اللَّهَ عَلَى مَا هَدَاكُمْ وَلَعَلَّكُمْ تَشْكُرُونَ﴾

”আৰু  যেন তোমালোকে  নির্ধাৰিত সংখ্যা পূৰ্ণ কৰা আৰু   তোমালোকক যে হিদায়ত দিছে , সেইবাবে তোমালোকে   আল্লাহৰ মহিমা ঘোষণা কৰা আৰু যাতে তোমালোকে আল্লাহৰ  কৃতজ্ঞতা প্ৰকাশ কৰা  ।”
(ছূৰা  বাকাৰা: ১৮৫)

এই আয়াতৰ পৰা প্রমাণিত হৈছে , ঈদৰ উদ্দেশ্য হল দুটি:
১) আল্লাহৰ মহত্ব  মমত্ব আৰু  শ্রেষ্ঠত্ব ঘোষণা কৰা ।
২) আল্লাহে যি নিয়ামত দান কৰিছে  তাৰ বাবে আল্লাহৰ  কৃতজ্ঞতা আদায় কৰা।

ঈদ সংক্রান্তীয়  কিছু  বিধান আৰু ঈদৰ দিনৰ কিছু বিশেষ আমল ( চুন্নত )

১) ঈদৰ দিন ৰোজা ৰখা নিষেধ:
( বুখাৰী হাদিছ নং ১৮৫৫)

২]  ঈদৰ জোন  দেখি তকবীৰ কবলৈ আৰম্ভ কৰা । ( কুতুবী – ৩/ ৪৭৯)
৩] (তকবীৰ )  اللّهُ أكبر اللّهُ أكبر  لا إلَهَ الا اللّه واللّهُ أكبر اللّهُ اكبر و لِلّه الحمدَ
(আল্লাহু আকবাৰ আল্লাহু আকবাৰ লা ইলাহা ইল্লাল্লাহু ওৱা  আল্লাহু আকবাৰ আল্লাহু আকবাৰ ওৱা লিল্লাহিল হাম্দ ) । (ইবনে  আবি শ্বইবা – ৫৬৫২ )
৪] ঈদৰ ছালাত (নামাজ) ৰ আগত ফিৎৰা আদায় কৰা । ( মুছলিম- ৯৮৪)
৫] গোছল কৰা । ( বায়হাকী – ৩/ ২৭৮)
৬] সুন্দৰ পোছাক পিন্ধা । ( বায়হাকী – ৩/২৮১)
৭] সুগন্ধি লগোৱা আৰু মিচৱাক কৰা । ( ইবনে মাযাহ – ১০৯৮)
৮]  ছালাত ( নামাজ ) ত যোৱাৰ আগতে ( ১ , ৩,৫,৭,) অযুগ্ম ( বেযোৰ ) সংখ্যাত খেজুৰ খোৱা ।
৯] ঈদৰ ছালাত (নামাজ) আদায় কৰাৰ  কাৰণে ঈদগাহত যোৱা । ( বুখাৰী – ৯৫৬)
১০] ঈদগাহলৈ খোজকাঢ়ি যোৱা । ( তিৰমিজি -৫৩০)
১১] বন্ধুবৰ্গ আৰু আত্মীয় স্বজনৰ  সৈতে  ঈদগাহলৈ যোৱা । ( ইবনে মাযাহ – ১৪৩১)
১২]  ঘৰৰ পৰা ঈদগাহলৈ যোৱা সময়ত তকবীৰ কোৱা । ( বায়হাকী – ৩/৬৯৯)
১৩ ] ( তকবীৰ ) اللّهُ أكبر اللّهُ أكبر  لا إلَهَ الا اللّه واللّهُ أكبر اللّهُ اكبر و لِلّه الحمدَ
আল্লাহু আকবাৰ আল্লাহু আকবাৰ লা ইলাহা ইল্লাল্লাহু ওৱা  আল্লাহু আকবাৰ আল্লাহু আকবাৰ  ওৱা লিল্লাহিল হাম্দ ) ।(  ইবনে আবি শ্বইবা – ৫৬৫২)
১৪]  ছালাতত যাওঁতে  এটা বাটেৰে  যোৱা আৰু ওভতি আহোঁতে অন্য বাটেৰে আহাঁ । ( বুখাৰী – ৯৮৬)
১৫] ঈদৰ অবিনন্দন জনাবলৈ  এই শব্দ বিলাক কোৱা   ﺗَﻘَﺒَّﻞَ ﺍﻟﻠﻪُ ﻣِﻨَّﺎ ﻭَﻣِﻨْﻚَ – ( আল্লহে মোৰ আৰু আপোনাৰ সৎকৰ্ম বিলাক কবুল কৰক ) । ( ফাতহুল বাৰী – ২/ ৫১৭ )

ঈদৰ  নামাজ

ক. ঈদৰ নামাজত  আযান আৰু  একামত নাই:
(চহীহ মুচলিম: হাদীছ নং ১৪৭০)
খ. ঈদৰ নামাজৰ আগত বা পিছত  নফল নামায পড়া চৰীয়ত সম্মত নহয়।

গ. সর্বপ্রথম ঈদৰ নামাজ হব তাৰপিছত খুতবাঃ
(চহীহ বুখাৰী,হাদীছ নং-৯০৩)

ঘ. ৰাকাত সংখ্যা:
ঈদৰ নামাজ দুই ৰাকাত। (বুখাৰী, হাদীছ নং ১৩৪১)

ঙ. তাকবীৰ সংখ্যা:
 তাকবীৰে  তাহৰীমাৰ উপৰি  প্রথম ৰাকাতত  সাত তকবীৰ আৰু  দ্বিতীয় ৰাকাতত পাঁচ তাকবীৰ।
(আবূদাঊদ হাদীছ নং ৩৭০)

ঈদ ও সামাজিক জীবন:
ঈদৰ আনন্দ নির্মল, পবিত্র আৰু  অত্যন্ত মধুময়। ঈদ উপলক্ষে যেতিয়া  নিজ নিজ গৃহত আত্মীয়-স্বজন -প্রতিবেশী, বন্ধু বান্ধব এজনে আনজনক দাওৱাত বা নিমন্ত্ৰণ দিয়ে , পৰস্পৰে পৰস্পৰক  শুভেচ্ছা বিনিময় কৰে , ইজনে সিজনক উপহাৰ সামগ্রী আদান-প্রদান কৰে তেতিয়া  ঈদৰ  আনন্দ আৰু  মধুময় হৈ উঠে। সুদৃঢ় হয় সামাজিক বন্ধন। মনৰ মাজত ৰৈ থকা হিংসা-বিদ্বেষ, ক্রোধ ও তিক্ততা দূৰ হৈ   পাৰস্পাৰিক ভালপোৱা , বন্ধুত্ব, সহমর্মিতা ও সম্মানবোধ জাগ্রত হয়। জীবনৰ  প্রতিটো অঙ্গনত বৈ  যায় শান্তিৰ সুবাস যিয়ে  প্রভাতৰ  আলোৰ দৰেই  স্বচ্ছ, নির্মল ও নিষ্কলুষ।

কিন্তু আজিকালি কিছু লোক  অজ্ঞতাৰ বশবৰ্তী হৈ ঈদৰ দিনত নানান ধৰণৰ চৰিয়ত বিৰোধী হাৰাম কামত লিপ্ত হোৱা দেখা যায় ।  যেনে নাচ গানৰ অনুষ্ঠান কৰা চিনেমা চোৱা আৰু তেনে  বিভিন্ন অশ্লীল কৰ্ম আৰু হাৰাম খেল-ধেমালিত মগ্ন হোৱা দেখা যায় । যিবিলাক মুঠেই ঠিক নহয় ।

অৱশেষত , আল্লাহৰ ওচৰত কামনা  কৰোঁ  ঈদে  আমালোকৰ  জীবনত ৰামধেনুৰ দৰেই ৰং বিয়পাই বাৰে বাৰে ঘূৰি আহক। আৰু সেই ৰঙত ৰঙীন হৈ উঠক আমালোকৰ জীৱনৰ প্রতিটো  মূহুৰ্ত। ধুই-মুচি পৰিস্কাৰ হৈ যাওঁক আমাৰ সকলো পাপ আৰু পঙ্কিলতা।
 আমীন।

Leave a comment