➡️ যি সকলৰ ইছলাম সম্পৰ্কে নূন্যতমো জ্ঞান নাই তেওঁলোকেহে সাধাৰণতে এনেকুৱা হাস্যকৰ প্ৰশ্ন কৰে । ইছলামৰ ওপৰত জ্ঞান থকা সকলে কেতিয়াও এনেকুৱা প্ৰশ্ন নকৰে ।
যিসকলে এনেধৰণৰ প্ৰশ্ন কৰি ইছলামক বদনাম বা সাধাৰণ মানুহক বিভ্ৰান্ত কৰিব বিছাৰিছে সেই সকলে জনা উচিত, কোৰআনত আল্লাহে মহিলাৰ পৰ্দাতকৈ পুৰুষৰ পৰ্দাৰ কথা আগতেই কৈছে ।
আহক চাওঁ আল্লাহে কোৰআনত পুৰুষৰ পৰ্দাৰ কথা ক’ত কি কৈছেঃ-
“হে নবী, মুমিন পুৰুষসকলক কোৱা তেওঁলোকে যেন নিজৰ দৃষ্টি সংযত কৰি ৰাখে, আৰু নিজৰ যৌন অংগ (অন্যায় যৌন কৰ্মৰ পৰা) যেন ৰক্ষা কৰে । এইটোৱেই তেওঁলোকৰ বাবে পৱিত্ৰতম নীতি । তোমালোকে যি প্ৰকাশ কৰা আৰু যি গোপন কৰা আল্লাহে সকলো জানে ।” (কোৰআন ২৪ঃ৩০)
হে আদম সন্তান ! নিশ্চয় মই তোমালোকৰ বাবে পোছাক অৱতীৰ্ণ কৰিছো, তোমালোকৰ লজ্জাস্থান আবৃত কৰাৰ বাবে আৰু সৌন্দৰ্যৰ বাবে । (কোৰআন ৭ঃ২৬)
মহিলাৰ পৰ্দা সম্পৰ্কেঃ-
আৰু হে নবী মুমিনা নাৰীসকলক কোৱা, তেওঁলোকেও যেন নিজৰ দৃষ্টি সংযত কৰি ৰাখে, আৰু নিজৰ লজ্জাস্থানৰ সুৰক্ষিত কৰে । সাধাৰণভাৱে যিখিনি প্ৰকাশ পায় তাৰ বাহিৰে যেন নিজৰ সৌন্দৰ্য প্ৰদৰ্শন নকৰে আৰু তেওঁলোকৰ বক্ষস্থল যেন চাদৰেৰে আবৰি ৰাখে । (কোৰআন ২৪ঃ৩১)
হে নবী ! তুমি তোমাৰ স্ত্ৰীসকলক, তোমাৰ জীয়ৰীসকলক আৰু মুমিনসকলৰ স্ত্ৰীসকলক কোৱা, তেওঁলোকে যেন তেওঁলোকৰ চাদৰৰ কিছু অংশ নিজৰ ওপৰত টানি লয় । (কোৰআনঃ ৩৩ঃ৫৯)
কোৰআনৰ ৭ নম্বৰ ছুৰা আৰু ২৪ নম্বৰ ছুৰাৰ ৩০ নম্বৰ আয়াতত পুৰুষৰ পৰ্দাৰ কথা আহিছে । আনহাতে ২৪ নম্বৰ ছুৰাৰ ৩১ নম্বৰ আয়াতত আৰু ৩৩ নম্বৰৰ ৫৯ নম্বৰ আয়াতত মহিলাৰ পৰ্দাৰ কথা আহিছে ।
উপৰোক্ত কোৰআনৰ আয়াত কেইটাৰ ষ্পষ্টকৈ বুজা গল যে, মহিলাৰ পৰ্দাতকৈ পুৰুষৰ পৰ্দাৰ কথা কোৰআনত আগতেই আহিছে ।
➡️ এষাৰ কথা আছে “অল্প বিদ্যা ভয়ংকৰ” !
ইছলামক সমালোচনা কৰিবলৈ যোৱাৰ আগতে ইছলামৰ বিষয়ে ভালকৈ অধ্যয়ন কৰি ল’ব লাগে আৰু তাৰ পাছত ইছলামক সমালোচনা কৰি বাহ: বাহ: লওঁক আৰু সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰক ।