দাহিয়া কালবী (ৰাঃ)ৰ তওবাৰ ঘটনাঃ( অৰ্থাৎ আল্লাহৰ ৰহমতৰ পৰা নিৰাশ নহ’বা)

দাহিয়া কালবী (ৰাঃ)ৰ তওবাৰ ঘটনাঃ
***********************************
কোনে কৈছে আল্লাহৰ ভয়ত আপোনাৰ চকুত চকুলো নাহে! মাত্র এবাৰ পঢ়ক।

দাহিয়া কালবী (ৰাঃ)য়ে যেতিয়া আল্লাহৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ তওবা কৰাৰ কাৰণে হাজিৰ হ’ল আৰু ক’লে-

ইয়া ৰাছুলুল্লাহ! (চাল্লাল্লাহু আলাইহি অছাল্লাম) মই ৭০ জনী জীৱিত শিশুকন্যা নিজ হাতে দাফন কৰিছোঁ। এই গুনাহ জানোঁ আল্লাহে ক্ষমা কৰিব? আল্লাহৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে- হয়, এই গুনাহো আল্লাহে মাফ কৰিব।

দাহিয়া (ৰাঃ)য়ে ক’লে ইয়া ৰাছুলুল্লাহ! (চাল্লাল্লাহু আলাইহি অছাল্লাম) মই এনেকুৱা এটি গুনাহ কৰিছোঁ যিটো আল্লাহে মাফ নকৰিব।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে- কওঁকচোন! সেইটোনো কি?

দাহিয়া (ৰাঃ)য়ে ক’লেঃ তেনেহ’লে শুনক, ইয়া ৰাছুলুল্লাহ! (চাল্লাল্লাহু আলাইহি অছাল্লাম) মোৰ এজনী পূৰ্ণিমাৰ জোনৰ দৰে অপূৰ্ব সুন্দৰী শিশুকন্যাৰ জন্ম হৈছিল। মোৰ স্ত্ৰীয়ে মোৰ ভয়ত শিশুকন্যাটিক গোপনে মোমায়েকৰ ঘৰলৈ পঠিয়াই মোক মৃত কন্যা শিশু জন্ম হোৱা বুলি কৈছিল।

ইয়া ৰাছুলুল্লাহ! (চাল্লাল্লাহু আলাইহি অছাল্লাম) ছোৱালীজনীৰ বয়স যেতিয়া
৫/৬ বছৰ হৈছিল তেতিয়া তাইৰ ৰূপ যেন উপচি পৰিছিল। সময়ত এবাৰ মোৰ পত্নীয়ে ছোৱালীজনীক মোৰ ঘৰলৈ লৈ আহিল। অপূৰ্ব সুন্দৰী ছোৱালীজনীক দেখি প্ৰশ্ন কৰাত জানিব পাৰিলোঁ যে তাই মোৰেই ছোৱালী। জানেনে ইয়া ৰাছুলুল্লাহ! (চাল্লাল্লাহু আলাইহি অছাল্লাম) মোৰ পৰিচয় পোৱাৰ পিছত তাই মিঠা মিঠা সুৰেৰে গোটেই দিন আব্বু আব্বু কৰি মাতিছিল, মোৰ মুখত চুমা দিছিল।

ইয়া ৰাছুলুল্লাহ! (চাল্লাল্লাহু আলাইহি অছাল্লাম) ঠিক সেই সময়তে মোৰ মনৰ শ্বয়তানটোৱে তাইক খুন কৰাৰ কাৰণে মনস্থ কৰে।

ইয়া ৰাছুলুল্লাহ! (চাল্লাল্লাহু আলাইহি অছাল্লাম) এদিনাখন সুযোগ বুজি মই মোৰ স্ত্ৰীক ক’লো- তাইক সাজ-কাচি উলিয়াই দিয়া। তাইক মোমায়েকৰ ঘৰত ফুৰাবলৈ লৈ যাম।

ইয়া ৰাছুলুল্লাহ! (চাল্লাল্লাহু আলাইহি অছাল্লাম) মই আগে আগে আৰু মোৰ সেই ছোৱালীজনী পিছে পিছে আহি আছিল। কিছুদূৰ যোৱাৰ পিছত তাই ক’লে- আব্বা, এইটোতো মামাৰ ঘৰলৈ যোৱা পথ নহয়। আপুনি মোক ক’লৈ লৈ যাব? ইয়াৰ পিছত তাই বুজিব পাৰিলে যে মই তাইক মাৰি পেলাবলৈ লৈ আহিছোঁ। ছোৱালীজনীক লৈ যেতিয়া এটা গাতৰ কাষলৈ গ’লো, তেতিয়া তাই মোৰ দুয়োখন ভৰিত আকোঁৱালি ধৰি কান্দি কান্দি ক’লে- হে আব্বা! আপুনি মোক মাৰি নেপেলাব, মই আপোনাৰ ঘৰলৈ আৰু কেতিয়াও নাযাওঁ, মই জীৱনত কেতিয়াও আপোনাক আব্বা বুলি পৰিচয় নিদিওঁ। দয়া কৰি আপুনি মোক প্রাণ ভিক্ষা দিয়ক।

ইয়া ৰাছুলুল্লাহ! (চাল্লাল্লাহু আলাইহি অছাল্লাম) মই ইমান ডাঙৰ নিষ্ঠুৰ পাষাণ হৈ গ’লো যে, পূৰ্ণিমাৰ জোনৰ দৰে অপূৰ্ব সুন্দৰী সেই ছোৱালীজনীৰ কান্দোন, অনুনয়-বিনয়েও মোৰ মন অকণো গলাব নোৱাৰিলে।

ইয়া ৰাছুলুল্লাহ! (চাল্লাল্লাহু আলাইহি অছাল্লাম) মই মোৰ মৰমলগা ছোৱালীজনীক ঠেলা মাৰি গাতত পেলাই দিলোঁ। তেতিয়াও ছোৱালীজনীয়ে ক’লে- হে আব্বা! আপুনি মোক প্রাণে নামাৰিব মই চিৰদিনৰ বাবে নিৰুদ্দেশ হৈ যাম আৰু
কেতিয়াও আপোনাৰ ওচৰলৈ উভতি নাহোঁ। শপত আব্বা! মোক পাথৰৰ দ্বাৰা চেপা নিদিবা।

ইয়া ৰাছুলুল্লাহ! (চাল্লাল্লাহু আলাইহি অছাল্লাম) মই সিদিনা মোৰ সোণৰ টুকৰা ছোৱালীজনীক পাথৰেৰে চেপি হত্যা কৰিছিলোঁ।

ইয়া ৰাছুলুল্লাহ! (চাল্লাল্লাহু আলাইহি অছাল্লাম) আল্লাহ তা‘আলাই মোৰ এই গুনাহ মাফ কৰিব নে?

আল্লাহৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে- হে দাহিয়া! তোমাৰ কোনো ভয় নাই, তোমাৰ এই গুনাহো মহান
ৰাব্বুল ‘আলামিনে মাফ কৰি দিব। তুমি পঢ়া “লা- ইলাহা ইল্লাল্লাহু – মুহাম্মাদুৰ ৰাছুলুল্লাহ” (চাল্লাল্লাহু আলাইহি অছাল্লাম)।

হে ভাইসকল, আঁহক! এনেদৰে আমিও সকলো প্ৰকাৰ গুনাহৰ পৰা খাছ অন্তৰেৰে তওবা কৰি আমাৰ ক্কলবৰ চিকিৎসা কৰি গুনাহমুক্ত ক্কলব লৈ কবৰত যোৱাৰ বাবে প্ৰস্তুত হওঁ। নিশ্চয় আল্লাহে আমাকো ক্ষমা কৰিব।

মহান আল্লাহে কৈছেঃ

(লা-তাক্কনাতু মিৰ ৰহিমাতুল্লাহী)

অৰ্থাৎ আল্লাহৰ ৰহমতৰ পৰা নিৰাশ নহ’বা।

Leave a comment