চাদ্দাদ ইবনু আউছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ছাইয়্যিদুল ইস্তিগফাৰ হৈছে বান্দাৰ এই দু‘আ পাঠ কৰা-
اللهم أنت ربي لا إله إلا أنت خلقتني وأنا عبدك وأنا على عهدك ووعدك ما استطعت أعوذ بك من شر ما صنعت أبوء لك بنعمتك علي وأبوء لك بذنبي فاغفر لي فإنه لا يغفر الذنوب إلا أنت
#অনুবাদ : আল্লাহুম্মা আনতা ৰাব্বী, লা ইলা-হা ইল্লা আনতা খালাক্বতানী, ওৱা আনা আব্দুকা ওৱা আনা আলা আহদিকা, ওৱা অ’দিকা মাছতাতা’তু, আউজুবিকা মিন শ্বাৰ্ৰিমা চানা’তু, আবুউ লাকা বিনিমাতিকা আলাইয়্যা, ওৱা আবুউ লাকা বিজাম্বী, ফাগফিৰলী ফা ইন্নাহু লা ইয়াগফিৰুজ জুনু-বা ইল্লা আনতা৷
#অৰ্থ : ‘‘হে আল্লাহ! তুমি মোৰ প্ৰতিপালক। তুমিয়েই মোক সৃষ্টি কৰিছা। মই তোমাৰেই গোলাম। মই যথাসাধ্য তোমাৰ লগত কৰা প্ৰতিজ্ঞা আৰু অঙ্গীকাৰৰ ওপৰত প্ৰতিষ্ঠিত আছো। মই মোৰ সকলো কৃতকৰ্মৰ কুফলৰ পৰা তোমাৰ ওচৰত আশ্ৰয় বিচাৰিছো। তুমি মোৰ প্ৰতি কৰা অনুগ্ৰহ স্বীকাৰ কৰিছো আৰু মই কৰা গুনাহৰ কথাও স্বীকাৰ কৰিছো। এতেকে তুমি মোক ক্ষমা কৰা। নিশ্চয় তোমাৰ বাহিৰে পাপ মোচনকাৰী আন কোনো নাই।’’
যি ব্যক্তিয়ে পূৱাৰ ভাগত দৃঢ় বিশ্বাসৰ সৈতে এই ইস্তিগফাৰ পঢ়িব আৰু সন্ধিয়া হোৱাৰ আগতেই যদি সি মৃত্যুবৰণ কৰে, তেন্তে সি জান্নাতী হ’ব আৰু যি ব্যক্তিয়ে ৰাতিৰ প্রথম ভাগত দৃঢ় বিশ্বাসৰ সৈতে এই দু‘আ পাঠ কৰিব আৰু সি প্ৰভাত হোৱাৰ আগতেই যদি মৃত্যুবৰণ কৰে তেন্তে সি জান্নাতী হ’ব। (ছহীহ বুখাৰী, কিতাবুদ দাৱাত, পৰিচ্ছেদঃ ২, হাদীছ নং ৬৩০৬)