অধ্যায়ঃ (৪) ছঊদী আৰবৰ ছাবেক প্রধান মুফতী আব্দুল আযীয ইবনে বায-
*প্রশ্ন:* বিভ্রান্ত দলসমূহৰ ক্ষেত্রত দা‘ঈসকলৰ ভূমিকাৰ বিষয়ে আপোনাৰ নছীহত কি? যিসকল যুৱকে দ্বীনি দল হিচাবে পৰিচিত বিভিন্ন দলত যোগদানৰ মন্ত্রত প্রভাৱিত, তেওঁলোকৰ বিষয়ে আপোনাৰ বিশেষ নছীহত কামনা কৰিছোঁ।
*উত্তৰ:* আমি আমাৰ সকলো ভাইকে প্রজ্ঞা, সদুপদেশ আৰু সদ্ভাৱে তর্কৰ মাধ্যমত আল্লাহ্ৰ পথত দা‘ওৱাতী কার্যক্রম চলাই যোৱাৰ নছীহত কৰিছোঁ। দা‘ওৱাতী এই সার্বজনীন পদ্ধতি বিদ‘আতী আৰু বিভ্রান্ত দলৰ ক্ষেত্রতো প্রযোজ্য হ’ব। গতিকে মুমিন ব্যক্তিয়ে কোনো বিদ‘আত দেখিলে নিশ্চয় তেওঁ সাধ্যানুযায়ী শ্বৰঈ পদ্ধতিত তাৰ বিৰোধিতা কৰিব আৰু দ্বীনৰ ভিতৰত মানুহে যিবোৰ নতুন নতুন বিষয়ৰ সৃষ্টি কৰি দ্বীনৰ সৈতে মিলাই দিয়াৰ চেষ্টা কৰিছে, সেইবোৰেই বিদ‘আত। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
*‘যি ব্যক্তিয়ে আমাৰ দ্বীনৰ মাজত এনেকুৱা কিবা নতুন সৃষ্টি কৰে, যিটো তাৰ মাজত নাই, সেইটো প্রত্যাখ্যাত’।*
তেওঁ আন ঠাইত কৈছে,
*‘যি ব্যক্তিয়ে এনেকুৱা কোনো আমল কৰিলে, যাৰ প্রতি আমাৰ নির্দেশনা নাই, সেইটো প্রত্যাখ্যাত’।*
বিদ‘আতৰ কিছু উদাহৰণ হৈছে: *ৰাফেযী মতবাদ, মু‘তাযিলা মতবাদ, মুৰজিয়া মতবাদ, খাৰেজী মতবাদ, মীলাদুন্নবী অনুষ্ঠান উদযাপন, কবৰৰ ওপৰত ঘৰ-বাৰী-গম্বুজ ইত্যাদি নির্মাণ, কবৰৰ ওপৰত মছজিদ নির্মাণ ইত্যাদি।* যিয়ে নহওঁক, যিসকলে বিদ‘আত কৰিব, তেওঁলোকক নছীহত কৰিব লাগিব, কল্যাণৰ পথত তেওঁলোকক আহ্বান কৰিব লাগিব আৰু শ্বৰ‘ঈ দলীল-প্রমাণৰ দ্বাৰা তেওঁলোকৰ সৃষ্ট বিদ‘আতৰ বিৰোধিতা কৰিব লাগিব। লগতে তেওঁলোকে নজনা হক্কৰ কথাটি তেওঁলোকক *বিনম্রভাৱে, সুন্দৰ পদ্ধতিত আৰু স্পষ্ট প্রমাণাদি*ৰ দ্বাৰা বুজাই দিব লাগিব। তেনে কৰিলে তেওঁলোকে হয়তো হক্ক কবুল কৰিব।
বর্তমানে সৃষ্ট বিভিন্ন নতুন দলত যোগদানৰ বিষয়ে এয়াই হৈছে আমাৰ বক্তব্য।